Home Essay অসমৰ প্রাকৃতিক সৌন্দৰ্য | The Natural Beauty of Assam

অসমৰ প্রাকৃতিক সৌন্দৰ্য | The Natural Beauty of Assam

1

অসমৰ প্রাকৃতিক  সৌন্দৰ্য

অসমৰ প্রাকৃতিক সৌন্দৰ্য  The Natural Beauty of Assam

অসমৰ প্রাকৃতিক সৌন্দৰ্য

অসমৰ প্রাকৃতিক সৌন্দৰ্য | The Natural Beauty of Assam

আৰম্ভণি: উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ভাৰতৰ অংগৰাজ্য অসমখন ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত ঈৰ্ষাজনকভাৱে চহকী। ইয়াৰ পৰ্বত, পাহাৰ, ভৈয়াম, নদ-নদী, গিৰি গুহা, নামনি, উজনি, সকলোতে প্ৰকৃতিদেৱীয়ে সৌন্দৰ্যৰ অভিনৱ ৰূপ ঢালি ন-কইনাৰ সাজেৰে ভূষিত কৰি ৰাখিছে। 

পাহাৰ-পৰ্বতৰ সৌন্দৰ্য: অসমৰ উত্তৰে সৌন্দৰ্যৰ ৰূপ-মাধুৰী পৰিহিতা হিমগিৰি হিমালয় পৰ্বতশ্ৰেণী। ইয়াত  সৰু-বৰ সকলো পাহাৰত সৌন্দৰ্য সিচঁৰতি হৈ আছে। ৰাতিপুৱাৰ কোমল ৰ’দ পাহাৰ- পৰ্বতৰ ওপৰত পৰি এক স্বৰ্গীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। শীতকালত বৰফে ঢকা পাহাৰ-পৰ্বত যেন বগা চাদেৰে আটোমটোকাৰিকৈ মেৰিয়াই ৰাখিছে। অসমৰ সোঁমাজত থকা কার্বি -আংলং পাহাৰবোৰেও  সৌন্দৰ্যময়ী অসমী আইক এক অপৰূপ দৃশ্যৰ চানেকি প্ৰদান কৰিছে। সেইদৰে অসমৰ ৰাজধানী গুৱাহাটী মহানগৰখনো চাৰিওদিশৰ পৰা পাহাৰে আগুৰা। পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী মহানগৰখন চালে চকু থৰ হোৱা পোহৰৰ  ফিটাৰ দৰে দেখাই মনত অপাৰ আনন্দৰ জোঁৱাৰ তোলে। 

ভৈয়ামৰ সৌন্দৰ্য: অসমখন পাহাৰীয়া ৰাজ্য যদিও অসমৰ ব্রহ্মপুত্র  আৰু বৰাক নৈ দুখনৰ উপত্যকা অতিকৈ সাৰুৱা। ইয়াত নানান ধৰণৰ শস্য উৎপন্ন হয়। আঘোণৰ পকা ধানৰ পথাৰৰ যেন  সৌন্দৰ্যৰ আঁকৰ। আঘোণ মাহৰ চটফটীয়া বতাহত নাচি ফুৰা পথাৰৰ সোণালী ধানৰ সৌন্দৰ্যই মন-প্ৰাণ হৰি নি অসমবাসীক মুগ্ধ কৰে। 

নদ-নদীৰ সৌন্দৰ্য: অসম হৈছে নদী মাতৃকা দেশ। ইয়াত অসংখ্য ন’দ-নদী আছে। ইয়াৰ ব্রহ্মপুত্র  আৰু উপনৈসমূহে বাৰিষা কালত পানীৰে উপচি পৰি গাওঁ-ভুই বুৰাই পেলায়। বানপানীৰো সৃষ্টি কৰে। বানপনীয়ে যথেষ্ট ক্ষতি কৰে যদিও বাৰিষা কালত অসমৰ সৌন্দৰ্যই এক ৰহস্যময় অনিৰ্বচনীয় ৰূপ লয়। পানীৰ কুল কুল শব্দই  কাণত অমিয়া হৈ বাজে। অসমৰ নদ-নদীসমূহত নাওখেল অনুষ্ঠিত হয়। নাৱৰীয়াসকলে নানান গীতমাত গাই আনন্দ-স্ফূর্তি  কৰি সৌন্দৰ্যত সুৰৰ সমন্বয় ঘটায়। । 

অসমৰ হাবি বননিৰ সৌন্দৰ্য: অসম হৈছে হাবি-বননিৰ দেশ। ইয়াৰ ৩০ শতাংশ ভূমি হাবি-বননিয়ে দখল কৰি আছে। অসমৰ হাবিত নানান প্ৰজাতিৰ গছ-গছনি, তৰু-লতা, নল-খাগৰি আদিৰে ঠাহ   খাই আছে। এই গছ-গছনিবোৰে  প্ৰাকৃতিক সম্পদত অসমখনক চহকী কৰাৰ লগতে অসমৰ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ অকৃপণ অৱদান আগবঢ়াইছে । অসমৰ উত্তৰ দিশত হিমালয় পৰ্বতৰ নামনি অঞ্চলত শাৰী শাৰী বিভিন্ন প্ৰজাতিৰ গছ, যেনে: গমেৰী, সোনাৰু, চেগুণ, শিশু, শিমলু  আদিৰ লানিয়ে মনত অপাৰ আনন্দৰ খলকনি তোলে। সেইদৰে অসমৰ ব্রহ্মপুত্র  ন’দৰ দক্ষিণ পাৰৰ সমভূমি অঞ্চলত বিস্তৃত হৈ থকা শাল গছৰ শাৰীয়ে সৌন্দৰ্য পিপাসু পৰ্যটকসকলক হাউ বাউলি  মাতে।

বিভিন্ন ঋতুৰ সৌন্দৰ্যঃ অসমত ছয়টা ঋতু  দেখা যায়: গ্ৰীষ্ম,  বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই ঋতুসমূহ স্বকীয় সৌন্দৰ্যৰে বৈশিষ্ট্যমণ্ডিত। গ্ৰীষ্ম আৰু বৰ্ষা কালৰ অসমৰ সৌন্দৰ্য অতুলনীয় যদিও শৰত ঋতুয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যলৈ এক নতুনত্ব কঢ়িয়াই আনে। এই সময়ত আকাশ ফৰকাল হৈ নীল বৰণ ধাৰণ কৰি থাকে। গছ-গছনি নানান ধৰণৰ ফল-মূল যেনে: আম, কঁঠাল, মাধুৰী আম, কলমা, সুমথিৰা, লেটুকা, নাৰিকল, আপেল  আদিয়ে অসমবাসীৰ অন্তৰত জীয়াই থকাৰ নতুন উদ্যম প্ৰদান কৰে। অসমৰ বসন্তকালৰ সৌন্দৰ্য সোণত সোৱগা চ’ৰাৰ দৰে। এই ঋতুত  গছ-গছনিয়ে  নৱ নৱ পল্লবেৰে   জাতিষ্কাৰ হৈ উঠে। গোলাপ, তগৰ, নাৰ্জী, কপৌ  আদি ফুল ফুলি  সৌন্দৰ্যৰ খনি অসমী আইক ন-কইনাৰ সাজ পিন্ধায়। এই সময়ত অসমী আইৰ কোলাত কুলি, কেতেকী আদি  চৰাইৰ আবিৰ্ভাৱ হয়। এইবোৰে  স্বকীয় গীত মাতেৰে অসমৰ সৌন্দৰ্যত নতুন ৰাগিনীৰ সংযোজন ঘটায়। 

অসমত প্রাকৃতিক সৌন্দৰ্যৰ বিশেষ স্থানসমূহ: অসমৰ য’তে ত’তে সৌন্দৰ্যই লীলা কৰি আছে যদিও অসমৰ এনে কিছুমান স্থান আছে যিবোৰৰ  প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মোহনীয় যে অসমৰ বাহিৰৰ পৰাও বহুত পৰ্যটক সেই সৌন্দৰ্যৰ অমীয়া পান কৰিবলৈ ঢাপলি মেলি আহে। তেনে কেইটামান স্থান হৈছে: গুৱাহটীৰ কামখ্যাধাম, বশিষ্ঠাশ্রম, তেজপুৰৰ অগ্নিগড়, হাজোৰ পোৱামক্কা, গোৱালপাৰৰ দৰগাহ শ্বৰীপ  আদি । এইবোৰৰ  চাৰিওফালৰ প্ৰাকৃতিক পৰিবেশ  আৰু সৌন্দৰ্য ইমান  মোহনীয় যে স্থানবোৰ  দৰ্শন কৰিলে  গতানুগতিক জীৱনৰ বিষাদ আৰু ক্লান্তি নিমিষতে দূৰ হৈ যায়। 

অসমৰ প্রাকৃতিক সৌন্দৰ্যৰ প্রতি  ভাবুকি: অসমৰ অপৰূপ প্ৰাকৃতিক  সৌন্দৰ্য আৰু সম্পদৰ  লোভত মোহিত হৈ যুগে যুগে  নানান জাতি আৰু  গোষ্ঠীৰ  লোক অসমলৈ প্রব্রজন কৰি আহিছে। ফলত অসমৰ জনসংখ্যা দ্ৰুত গতিত বাঢ়ি আছে। জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ বাসস্থান আৰু খাদ্যৰ বাবে  প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্থানসমূহ মানুহৰ বাসভূমি আৰু কৃষিভূমিলৈ সলনি হ’ব ধৰিছে। ফলত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত কুঠাৰাঘাত পৰি আছে। আমি অসবাসীয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে  যদি এতিয়াই সচেতন নহওঁ তেন্তে সন্নিকট ভৱিষ্যতত  অসমৰ প্ৰাকৃতিক সৌন্দৰ্য লোপ পাব আৰু মোহময়ী বিনন্দীয়া অসমৰ নামো ইতিহাসৰ পৃষ্ঠা  এলাগী হৈ পৰিব। 0 0 0. অসমৰ প্রাকৃতিক সৌন্দৰ্য

Read More: অসমীয়া ৰচনা শিক্ষা

অসমৰ প্রাকৃতিক সৌন্দৰ্য

বি. দ্র. উক্ত ‘অসমৰ প্রাকৃতিক সৌন্দৰ্য | The Natural Beauty of Assam ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত। অসমৰ প্রাকৃতিক সৌন্দৰ্য

অসমৰ প্রাকৃতিক সৌন্দৰ্য

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here