যদি আপুনি ‘অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ‘ৰ বিষয়ে এখন ৰচনা বিচাৰিছে আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে । এই নিবন্ধখন ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে। অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
অলেখ-অপাৰ প্ৰাকৃতিক সম্পদেৰে বিনন্দীতা ভাৰতৰ নুমলী জীয়ৰী অসমখন হ’ল প্ৰকৃতিৰ এক ৰম্যভূমি। অসংখ্য সেউজীয়া গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আদিৰে পৰিবেষ্টিতা প্ৰকৃতিৰ এই ৰম্যভূমিলৈ গতানুগতিক ছন্দৰে প্ৰতি বছৰেই বিভীষিকাময় সংহাৰী ৰূপত নামি আহে এক সহজাত অভিশাপ – অভিশাপটিৰ নাম ‘বানপানী’। ইতিহাস-বিষ্মৃত দিনৰ পৰাই বানপানীয়ে অসমী আইৰ আঁচলৰ ধন: জীৱজন্তু, মানুহ-দুনুহ, গছ-গছনি, শস্য-মৎস্য আদি লুটি নি অসমীয়া জাতিৰ সার্বিক উন্নয়ণ অৱদমিত কৰি ৰাখিছে আৰু আজি বানপানী নামৰ অভিশাপটো হৈ পৰিছে অসমীয়া জাতিক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া মৃত্যুদূত স্বৰূপ।
But no effect without cause- কাৰণ অবিহনে কাৰ্য নহয়। প্ৰতিবছৰে অসমলৈ নামি অহা বানপানী সৃষ্টিৰো কাৰণ আছে, যথা:
প্ৰথমতে, অসম হ’ল মৌচুমী বতাহৰ দেশ। প্ৰতি বছৰে বৰ্ষাকালত মৌচুমী বতাহৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেই বৰষুণৰ পানীয়ে অসমৰ নদ-নদীত অধিক পানী বোৱাই বানপানীৰ সৃষ্টি কৰে।
দ্বিতীয়তে, অসম হ’ল নদী মাতৃক দেশ। ইয়াত অসংখ্য নদ-নদী আছে। মহাবাহু ব্রহ্মপুত্ৰৰ লগতে ইয়াৰ আটাইবোৰ উপ-নৈসমূহ বাৰিষা কালত সূৰ্যৰ পোহৰত হিমগিৰি হিমালয়ৰ গাত জমা হৈ থকা বৰফ গলি নৈসমূহেদি বৈ অহা পানী ধাৰণ কৰিব নোৱাৰি পাৰ ওপচাই বানপানীৰ সৃষ্টি কৰে।
তৃতীয়তে, ইতিহাসে গৰকা ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই ব্রহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকু বহুত ওপৰলৈ দাং খুৱালে। ফলত আগতে যিখিনি পানী এইবোৰে ধাৰণ কৰিব পাৰিছিল, আজি তাতকৈ কম পানী ধাৰণ কৰিব পাৰে। ফলত বাৰিষাৰ লগে লগে নদীবোৰ পানীৰে নধৰা হৈ অতিৰিক্ত পানীখিনি গাওঁ-ভূইলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।
চতুৰ্থতে, অসমত আজি লাগ-বান্ধ নোহোৱাকৈ নিৰ্দ্বিধাই গছ-গছনি কাটি পেলোৱা হৈ আছে। ফলত নদীৰ পাৰত খহনীয়াৰ সৃষ্টি হৈ পাৰৰ মাটি নদ-নদীৰ বুকুলৈ উঠি গৈ নদীবোৰ তৰাং হৈ পৰিছে – যি পৰিস্থিতিত নদীসমূহৰ ধাৰণ ক্ষমতা যথেষ্ট পৰিমাণে কমি আহি বানপানীৰ সৃষ্টিত অৰিহণা যোগাইছে।
পঞ্চমতে, অসমৰ নদ-নদীসমূহ আজিলৈ চৰকাৰী পৰিকল্পনাৰ ছত্ৰ-ছায়াত সোমাব পৰা নাই। চৰকাৰে অপৰিকল্পিতভাবে যি ৰাস্তা-ঘাট বা মাথাউৰি বান্ধিছে সেইবোৰ বাৰিষাৰ প্ৰৱল পানীৰ ঢৌক বাধা দিব নোৱাৰি অসমৰ নদীসমূহৰ পানী সহজে ভিতৰুৱা খেতি-পথাৰলৈ সোমাই আহি বানপানীৰ সৃষ্টি কৰে।
প্ৰতিটো কাৰ্যৰে ফল থকাৰ দৰে অসমৰ প্ৰলয়ংকাৰী বানপানীৰো ইতিবাচক আনকি নেতিবাচক ফলো আছে। কিন্তু অসমৰ বানপানীৰ ক্ষেত্ৰত ইতিবাচক দিশতকৈ নেতিবাচক দিশেই বহুত বেছি, যথা –
প্ৰথমতে, অসমৰ বানপানীয়ে প্ৰতিবছৰে অসমীয়া কৃষক সমাজৰ অবৰ্ণনীয় ক্ষতি কৰে। শস্য, গছ-গছনি, নাদ, পুখুৰী, আদি নষ্ট কৰি অসমীয়া মানুহক দুর্ভিক্ষৰ কবলত পেলায়। মানুহ-দুনুহ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ঘৰ-দুৱাৰ ভাঙি-চিঙি অসংখ্য্য মানুহক অঘৰীৰ পথলৈ ঠেলি দিয়ে। অসমৰ কিছুমান অঞ্চল বানপানী তথা ব্রহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰি চিৰদিনৰ বাবে নিঃশ্চিহ্ন হৈ গৈছে। উদাহৰণ স্বৰূেপ তাৰাবাৰী, পলাশবাৰী, নাওপাৰা আদি ঐতিহ্যমণ্ডিত অঞ্চল ব্রহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
দ্বিতীয়তে, বানপানাীয়ে অসমৰ ৰাস্তা-ঘাট, দলং-সাঁকো, আদিৰ বিস্তৰ ক্ষতি সাধন কৰি অসমৰ যোগাযোগ ব্যৱস্থা স্থবিৰ কৰি ৰাখে। ফলত ব্যৱসায়-বাণিজ্যৰ যথেষ্ট ক্ষতি সাধন হোৱাৰ উপৰিও অসমৰ উদ্যোগিকৰণো অনুন্নত কৰি ৰাখিছে।
তৃতীয়তে, বানপানীৰ সময়ত অলেখ-অপাৰ ক্ষতি হোৱাৰ উপৰিও বানপানীৰ অন্তত কেঁচা ঘাত নেমু টেঙা দিয়াদি দেখা দিয়ে মহামাৰী সদৃশ নানা বেমাৰ-আজাৰ। ইতিমধ্যে বানপানীয়ে ভাঙি থৈ যোৱা ৰাজহাড়ডালৰ যন্ত্ৰণাত ছটফটাই থকা অসমীয়া মানুহে সোণকালেই বেমাৰ -আজাৰত আক্ৰান্ত হৈ জীয়াতু ভূগি অকালতে সিপুৰীলৈ যাত্ৰা কৰে।
মুঠতে বানপানীয়ে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব ক্ৰমান্বয়ে ধূলিসাৎ কৰি প্ৰকৃতিৰ বুকুত জীৱন্ত কংকালত পৰিণত কৰি আছে।
অসমত প্ৰতিবছৰে বানপানী হয় আৰু প্ৰতিবছৰেই অসমৰ সীমাহীন ক্ষতিসাধন কৰে যদিও অসমৰ ইতিহাসত ১৯০৪ চনৰ, ১৯৮৪ চনৰ আৰু ২০০৪ চনৰ বানপানীৰ ক্ষয়-ক্ষতি উদাহৰণযাগ্য। ১৯৩৪ চনত নগাওঁ জিলাত কপিলী নদীৰ প্ৰলয়ংকৰী বানে নজিৰবিহীন ক্ষতি সাধন কৰে। ১৯৮৪ চনত অসমৰ বৰেপটা জিলা, ধেমাজী জিলা, গোৱালপাৰা, বঙাইগাওঁ আদি অঞ্চলত তাণ্ডৱলীলা চলাই সেই অঞ্চলবোৰৰ বাসিন্দাসকলক যি নাৰকীয় যন্ত্ৰণা ভূগালে সেয়া কাৰো অবিদিত নহয়। সেইদৰে যোৱা ২০০৪ চনৰ বানপানীয়ে অসমৰ পশ্চিম অঞ্চলটোত ইমানেই ক্ষতি সাধন কৰিলে যেন এই অঞ্চলটোলৈ ঈশ্বৰৰ প্ৰলয়ৰ দিনহে নামি আহিছিল।
প্ৰতিটো সমস্যাৰে সমাধানৰ উপায় থকাৰ দৰে অসমৰ এই প্ৰলয়ংকৰী বানপানীৰো সমাধান বা প্ৰতিকাৰ নথকা নহয়। কিন্তু ইয়াৰ বাবে লাগে মাথো সদ ইচ্ছা আৰু গঠনমূলক ব্যৱস্থাক কাৰ্যকৰী কৰাৰ মানসিকতা। বানপানী যিহেতু আমাৰ উমৈহতীয়া সমস্যা সেয়ে এই সমস্যা সমাধানত চৰকাৰেই আগভাগ লব লাগিব আৰু ৰাইজেও ইয়াৰ বাবে হাতে হাত মিলাই আগবাঢ়ি আহিব লাগিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ মিলি অসমক এই বানপানীৰ দুৰ্যোগৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰিবলৈ হ্ৰস্ব কালীন আৰু দীৰ্ঘকালীন ব্যৱস্থা অচিৰেই গ্ৰহণ কৰিব লাগিব। দীৰ্ঘকালীন ব্যব্যস্থাবোৰৰ ভিতৰত তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।
প্ৰথম, অসমৰ নদ-নদীসমূহৰ তলি খান্দি সেইবোৰৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে বাৰিষা কালত অতিৰিক্ত পানীখিনি নদ-নদীয়ে সহজে বহন কৰিব পাৰে।
দ্বিতীয়তে, নদ-নদীসমূহক দুয়োফালৰ পৰা শক্তিশালী মাথাউৰীৰ দ্বাৰা বেষ্টন কৰিব লাগিব যাতে নদীৰ বাঢ়নি পানী ভিতৰুৱা অঞ্চললৈ সোমাই আহি গাওঁ-ভূই শস্য-পথাৰ আদি বুৰাই পেলাব নোৱাৰে।তৃতীয়তে, অসমৰ নদীসমূহৰ গঢ়াখহনীয়া ৰোধ কৰাৰ অৰ্থে নদীৰ পাৰত বুৰুজ আদি দিয়াৰ উপৰিও নদীৰ পাৰত গছ-গছনি আদি ৰুই দিব লাগিব।
ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ আজি কেইবা দহক পাৰ হৈ গ’ল যদিও আজিলৈ অসমৰ বানপানীৰ স্থায়ী সমাধান নোহোৱাটো আমাৰ সকলোৰে বাবে মহা লাজৰ কথা। ইতিমধ্যে চৰকাৰে ‘বান নিয়ন্ত্ৰন বোৰ্ড’, ‘ ব্রহ্মপুত্ৰ বোৰ্ড’ আদি গঠন কৰিছে যদিও সেইবোৰৰ কাম-কাজ আজিলৈ বাস্তৱ ৰূপ পোৱা নাই। সেয়ে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে অচিৰেই বিশেষ আঁচনিৰ যোগেদি বাননিয়ন্ত্ৰন আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে স্থায়ী ব্যৱস্থা কাৰ্যকৰী কৰিব লাগে।
অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব পাৰিলে আৰু ইয়াৰ জল সম্পদখিনি উপযুক্তভাবে খটুৱাব পাৰিলে অৰ্থাৎ জলবিদ্যুৎ উৎপাদন, মৎস্য পালন, জলযানৰ যোগাযোগ বৃদ্ধি আদি আঁচনি গ্ৰহণ কৰিব পাৰিলে অসমৰ বানপানী অসমৰ বাবে অভিশাপ নহৈ অসম তথা ভাৰতবৰ্ষৰ বাবে আৰ্শীবাদত পৰিণত হ’ব যেনেদৰে একালৰ আমেৰিকাৰ দুখ ‘টেনিচ‘ নদী আৰু চীনৰ ‘হোৱাংহো’ নদী আজি দুয়োখন দেশৰ বাবে আৰ্শীবাদ স্বৰূপ হৈ পৰিছে। 0 0 0
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
(ৰচনা ২)
ভূমিকা
অলেখ-অপাৰ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ ভাৰতৰ নুমলী জীয়ৰী অসমখন হৈছে এক ৰম্যভূমি। অসংখ্য সেউজীয়া গছ-গছনি, পাহাৰ-পৰ্বত, নদ-নদী আদিৰে পৰিপূৰ্ণ এই ভূমিলৈ প্ৰতি বছৰেই এক অভিশাপৰ ৰূপত নামি আহে বানপানী। বানপানীয়ে অসমৰ জনজীৱন, শস্য, জীৱজন্তু, গছ-গছনি আৰু সম্পদৰ ভয়ংকৰ ক্ষতি সাধন কৰে। বানপানী অসমীয়া জাতিক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে।
বানপানীৰ কাৰণসমূহ
অসমত বানপানী হোৱাৰ কেইবাটাও প্ৰধান কাৰণ আছে:
মৌচুমী বতাহৰ প্ৰভাৱ: অসমত প্ৰতি বছৰে মৌচুমী বতাহৰ প্ৰভাৱত বৰষুণ হয়। এই বৰষুণৰ ফলত নদীসমূহত অধিক পৰিমাণে পানী জমা হৈ বানপানী সৃষ্টি হয়।
নদী মাতৃক ভূমি: অসম হ’ল নদী মাতৃক দেশ, য’ত মহাবাহু ব্রহ্মপুত্ৰৰ সৈতে একাধিক উপনৈ বৈ আছে। নৈসমূহে অতিৰিক্ত পানী ধাৰণ কৰিব নোৱাৰি বানপানীৰ সৃষ্টি হয়।
১৯৫০ চনৰ ভূমিকম্প: ১৯৫০ চনৰ ভূমিকম্পে নদীসমূহৰ তলৰ মাটিৰ স্তৰ ওপৰলৈ উঠি আহে, যাৰ ফলত নদীবোৰে পানী ধাৰণ ক্ষমতা হ্ৰাস কৰে। এই পৰিস্থিতিত প্ৰতি বছৰে বানপানীৰ সৃষ্টি হয়।
বন্যা নিয়ন্ত্ৰণৰ অভাৱ: অসমত নদী পাৰত লাগ-বান্ধ নোহোৱাকৈ গছ-গছনি কাটি পেলোৱা হৈছে। নদীৰ পাৰৰ খহনীয়াৰ ফলত নদীবোৰ তৰাং হৈ পৰিছে আৰু নদীসমূহৰ ধাৰণ ক্ষমতা কমি গৈছে।
চৰকাৰী অপৰিকল্পনা: অসমত সঠিক আৰু পৰিকল্পিত পদক্ষেপৰ অভাৱত বন্যাৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পাব পৰা নাই । অপৰিকল্পিত প্ৰকল্প আৰু ভুল ব্যৱস্থাপনাৰ বাবে প্রতিবছৰবানপানীৰ সৃষ্টি হয়।
বানপানীৰ প্ৰভাৱ
অসমৰ বানপানীয়ে একাধিক ক্ষেত্ৰত গভীৰ ক্ষতি সাধন কৰে:
কৃষিক্ষেত্ৰৰ ক্ষতি: বানপানীয়ে অসমৰ কৃষিক্ষেত্ৰৰ অবৰ্ণনীয় ক্ষতি সাধন কৰে। শস্য-গছ, পথাৰ, পুখুৰী আদিৰ ধ্বংসৰ ফলত খাদ্য সংকট আৰু জীৱনযাত্ৰা কঠিন কৰি তোলে।
যাতায়ত আৰু পূৰ্বাবস্থা: বানপানীয়ে পথ-পুল ধ্বংস কৰি যোগাযোগ ব্যৱস্থা ব্যাহত কৰে, যাৰ ফলত ব্যৱসায়-বাণিজ্যৰ ক্ষতি হয়।
মহামাৰী আৰু বেমাৰ: বানপানীৰ অন্তত অঞ্চলত মহামাৰী সদৃশ বেমাৰৰ সৃষ্টি হয়। এইসময়ত মানুহৰ জীৱন বিপন্ন হয়।
বন্যাৰ ইতিবাচক দিশ:
যদিও বন্যাৰ প্ৰতিকূল প্ৰভাৱ আছে, কিছু ইতিবাচক দিশো আছে, যেনেঃ ই মাটিৰ উৰ্বৰা শক্তি আৰু মৎস্য সম্পদ বৃদ্ধি কৰে ।
প্ৰতিকাৰ আৰু সমাধান
অসমৰ বন্যাৰ প্ৰতিকাৰ আৰু সমাধানৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰা উচিত।
নদীখন খান্দি: অসমৰ নদীসমূহৰ তল খান্দি পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিব লাগিব যাতে বন্যাৰ সম্ভাৱনা হ্ৰাস হয়।
মজবুত মাথাউৰি: নদীবোৰৰ দুয়োফালে মজবুত মাথাউৰী তৈয়াৰ কৰি নদীৰ পানী ভিতৰুৱা অঞ্চললৈ সোমাই যোৱা ৰোধ কৰিব লাগিব।
গছপুলি ৰোৱাৰ প্ৰয়োজন: নদীৰ পাৰত গছপুলি ৰুই দিলে খহনীয়া ৰোধ কৰিব পাৰি।
উপসংহাৰ
অসমৰ বানপানী এক গভীৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ বিচাৰিবলৈ সামূহিক প্ৰয়াসৰ প্ৰয়োজন। ইয়াৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে মিলি বিশেষ উদ্যোগ ল’ব লাগিব।
নোট:যদি আপুনি উক্ত ‘অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ’ ৰচনাটি‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
Read More: অসমীয়া ৰচনা শিক্ষা
বি. দ্র. উক্ত ‘অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: