Home Essay অসমৰ বয়ন শিল্প | Asomar Bayan Shilpa essay

অসমৰ বয়ন শিল্প | Asomar Bayan Shilpa essay

0

অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প Asomar Bayan Shilpa essay

অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প | Asomar Bayan Shilpa essay

সাধাৰণ হাতে গঢ়া সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ  উদ্যোগ স্থাপন কৰা  হয়  সেইবোৰ উদ্যোগকে কুটিৰ উদ্যোগ বা কুটিৰ শিল্প বুলি কোৱা হয়।

প্ৰাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পুর্বাঞ্চলৰ  ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া। আনকি কেইবাটাও ক্ষেত্ৰত ই অন্যান্য ৰাজ্যতকৈয়ো বেছি চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাহঁ-পিতলত শিল্প আদিয়েই প্ৰধান।  ইয়াত অসমৰ বয়ন শিল্পৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে।

বয়ন শিল্পত বিশ্বৰ ভিতৰতে  অসমৰ এক সুকীয়া আসন আছে।  অসমৰ জীয়ৰি-বোৱাঁৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ  ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমীয়া ছোৱালীয়ে নিজে যঁতৰৰ দ্বাৰা সূতা কাটি সেই সূতাত নিজেই থলুৱা পদ্ধতিত ৰং দি কাপোৰ  ব’ব জানে।  অসমৰ পাট-মুগা, এৰি আদি কাপোৰ অকল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া তিৰোতাই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। ইয়াৰ আৰ্হি বিশ্বৰ কেইবাখনো দেশৰ আঠখন যাদুঘৰত সংৰক্ষিত হৈ আছে। অসমীয়া তিৰোতাই আহোম যুগত এক প্ৰকাৰৰ কাপোৰ এৰাতিৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াছিল যাক ‘কবচ’ বোলা  হৈছিল। জন বিশ্বাসত কোৱা হৈছিল যে ঘৈনীয়েকে নিজ হাতে তৈয়াৰ কৰি দিয়া এনে বস্ত্ৰ পৰিধান কৰি গিৰিয়েকে যুদ্ধলৈ গ’লে যুদ্ধত বিজয়ী হয়। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কােপাৰ দেখি  জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত  সপোন  ৰচিব পাৰে।’

এসময়ত অসম বয়ন শিল্পত চহকী আছিল যদিও বৰ্তমান এই শিল্প বহুত প্ৰত্যাহব্বানৰ সন্মুখীন হৈছে। ইয়াৰ ঘাই  কৰাণ হৈছে- আধুনিক  বিজ্ঞানৰ আৱিস্কৃত বৃহৎ যন্ত্ৰ-পাতিৰ সহায়ত তৈয়াৰ হোৱা কাপোৰৰ প্ৰতিপ্রতিযেগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰকানাত উৎপাদিত হোৱা কাপোৰৰ তুলনাত হাতেৰে বোৱা কাপোৰৰ খৰচ বেছি হয়। ফলত ইয়াৰ চাহিদা কমি গৈছে।

বয়ন শিল্প অসমৰ এক আচুতীয়া  শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী পৃষ্ঠাপোষকতাৰ  প্ৰয়োজন। চৰকাৰ আগুয়াই  আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়াসকল সচেতন হ’লে নিশ্চয় এই শিল্প পুনৰ ঠণ ধৰি উঠিব আৰু বিশ্ব দৰবৰত অসমীয়া শিপিনীৰ যশ-কীৰ্তি পুনৰ  প্রতিষ্ঠা   হ’ব। ০ ০ ০

অসমৰ বয়ন শিল্প 

বি. দ্র. উক্ত ‘অসমৰ বয়ন শিল্প | Asomar Bayan Shilpa essay’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

অসমৰ বয়ন শিল্প 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here