Home Amplification আপোন ভালেই জগত ভাল–ভাব সম্প্ৰসাৰণ | Apon Valei Jagat Val

আপোন ভালেই জগত ভাল–ভাব সম্প্ৰসাৰণ | Apon Valei Jagat Val

আপোন ভালেই জগত ভাল

0
আপোন ভালেই জগত ভাল-ভাব সম্প্ৰসাৰণ
আপোন ভালেই জগত ভাল

 

আপোন ভালেই জগত ভাল

আপোন ভালেই জগত ভাল—ভাব সম্প্ৰসাৰণ | Apon Valei Jagat Val

মানুহৰ আচাৰ-আচৰণৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি কোৱা হয়। 

‘আপোন’ বুলিলে নিজক বুজোৱা হয়। আমি জীৱনত বহুত মানুহৰ লগত যোগাযোগ, আত্মীয়তা, লেন-দেন আদি কৰিব লগা হয়। বহু সময়তে আমি এনে কিছুমান লোকক লগ পাওঁ যিসকলৰ আচাৰ-আচৰণক আমি ভাল নাপাই সিহঁতৰ বিৰুদ্ধে সমালোচনা কৰি থাকো। প্ৰকৃততে আমি আনক সমালোচনা কৰাটো যুক্তি সংগত হ’ব নোৱাৰে। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে আমি নিজকে সমালোচনা কৰা উচিত। কাৰণ আমি নিজে যদি ভাল হওঁ  আৰু আমাৰ নিজৰ আচৰণ যদি ভাল হয় তেন্তে আমি আনৰ পৰাও ভাল আচৰণ লাভ কৰিব পাৰো। উদাহৰণ হিচাপে আমি যদি কোনো কৃপণ ব্যক্তিৰ প্ৰতি উদাৰ হওঁ বা কোনো অভাৱী ব্যক্তিৰ প্ৰতি দানশীল হওঁ বা কৰ্কশ ব্যক্তিৰ লগত যদি নম্ৰভাৱে কথা পাতো তেন্তে এটা সময়ত সিও আমাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ শিকিব। কাৰণ আচৰণ ভালেই হওঁক বা বেয়াই হওঁক ই সোঁচৰা বেমাৰৰ দৰে। সেয়ে আমি যদি নিজে ভাল হওঁ তেন্তে  গোটেই পৃথিৱীখনেই আমাৰ বাবে  ভাল বুলি ধৰা দিব। 0 0 0

আপোন ভালেই জগত ভাল — ভাব সম্প্ৰসাৰণ | Apon Valei Jagat Val

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here