Home Literary Criticism আবিদ বিন আল-আব্রাছ | Abid bin Al-Abras

আবিদ বিন আল-আব্রাছ | Abid bin Al-Abras

0

আবিদ বিন আল-আব্রাছ | Abid bin Al-Abras

আবিদ বিন আল-আব্রাছ  Abid bin Al-Abras

 

আবিদ বিন আল-আব্রাছ

আবিদ বিন আল-আব্রাছ | Abid bin Al-Abras

আবিদ বিন আল-আব্রাছচমু  পৰিচয়:

প্ৰাক-ইছলামী যুগৰ এজন অন্যতম আৰবী কবি আছিল আবিদ বিন আল-আব্রাছ। তেওঁ সম্ভৱতঃ পঞ্চম শতাব্দীৰ শেষ ভাগত আৰবৰ আছাদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল।  এই গোত্ৰটো প্ৰাক-ইছলামী যুগৰ বিখ্যাত কবি ইমৰাউল কাইছৰ দেউতাক হুজৰৰ আধীনস্থ আছিল। আব্রাছৰ দেউতাৰ নাম জনা নাযায়। পৰিয়ালটো অতি দুখীয়া আছিল আৰু দৈন্যতাৰ মাজতে দিন কটাইছিল। জীৱনৰ আদি ভাগত আব্রাছে কোনো কবিতা ৰচনা কৰা নাছিল। তেওঁৰ কাব্যিক শক্তি জাগ্ৰত হোৱাক লৈ এটি প্ৰবাদ প্ৰচলিত আছে। প্ৰবাদ মতে এদিনাখন তেওঁ ‘মাবিয়া’ নামৰ তেওঁৰ এজনী ভনীয়েকক লগত লৈ মৰুভূমিৰ মাজত থকা এটি জলাশয়লৈ ছাগলী এটাক পানী খুৱাবলৈ গৈছিল। কিন্তু অন্য সম্প্ৰদায়ৰ লোক এজনে তেওঁক সেই কাৰ্যত বাধা দিছিল আৰু তেওঁক প্ৰহাৰ কৰি তাৰ পৰা খেদি দিছিল। দুখ আৰু বেজাৰত কিছু দূৰ অহাৰ পিছত ভাগৰত ক্লান্ত হৈ তেওঁ এটি গছৰ তলত বিশ্ৰাম কৰিবলৈ লয় আৰু তাতে টোপনি যায়।  কিছু সময় পিছত তেওঁক অপমান কৰা সেই ব্যক্তিজন সেই ঠাইয়েদি যোৱাৰ সময়ত আব্রাছক দেখি নিজ ভগ্নীৰ লগত ব্যভিচাৰ কৰা বুলি দোষাৰূপ কৰি কেইটিমান অশ্লীল কবিতাৰ কলি আবৃতি কৰে। আব্রাছে এইদৰে অপমানিত হৈ মনত অতি দুখ পায় আৰু দুখন হাত ওপৰলৈ তুলি প্ৰাৰ্থনা কৰে এই বুলি, “হে ঈশ্বৰ তুমি মোক এই অপমানৰ প্ৰতিকাৰ কৰিবলৈ শক্তি দিয়া।”  এই প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ পুনৰ টোপনি যায় আৰু টোপনিত দেখে যে এজন মানুহে একোচা চুলি তেওঁৰ মুখত সুমাই দি তেওঁক টোপনিৰ পৰা সাৰ পাবলৈ কৈছে। ইয়াৰ  পিছৰ পৰাই আব্রাছে কাব্যিক শক্তি লাভ কৰে আৰু সিদিনাৰ পৰা আমৃত্যু (মৃত্যুৰ আগলৈকে) কবিতা ৰচনা কৰি থাকে।
 
পিছলৈ তেওঁ হুজৰৰ ৰাজসভাত এজন কবি, ৰাজউপদেষ্টা আৰু আছাদসকলৰ প্ৰতিনিধি হিচাপে জীৱন কটাইছিল। ৫৫৫ খ্ৰীষ্টাব্দত হুজৰৰ ৰাজসভাত তেওঁৰ মৃত্যু হৈছিল।

আবিদ বিন আল-আব্রাছ: কাব্যিক প্ৰতিভাঃ

আবিদ বিন আল-আব্রাছে বহুত কবিতা ৰচনা কৰিছিল । কিন্তু দুখৰ বিষয় যে এইজন কবিৰ কবিতাৰ মাত্ৰ সামান্য অংশহে পোৱা গৈছে। সেইখিনিৰ পৰা বুজা যায় যে তেওঁ এজন উচ্চ স্তৰৰ কবি আছিল। তেওঁ আৰবসকলৰ অঘৰী জীৱন শৈলী, প্ৰেম, প্ৰশংসা, প্ৰতিপক্ষক নিন্দা, মৰুভূমিৰ ৰুক্ষতা, প্ৰকৃতি  আদিৰ ওপৰত কবিতা ৰচনা কৰিছিল। অন্যান্য প্ৰাক-ইছলামী কবিসকলৰ কবিতাত থকা দৰে তেওঁৰ কবিতাত উটৰ বৰ্ণনাও পোৱা যায়। তেওঁৰ কবিতাৰ কিছু পংক্তিৰ পৰা জনা যায় যে তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল। তেওঁৰ কবিতাৰ ভাষা আছিল উন্নত আৰু তত্ত্বপূৰ্ণ। তেওঁৰ উপমা আছিল আমোদজনক আৰু আকৰ্ষণীয়। তেওঁৰ কবিতাৰ ছন্দসজ্জা আছিল মুক্ত আৰু চমু।
 
সামৰণিত ক’ব পাৰি যে আবিদ বিন আল-আব্রাছ প্ৰাক-ইছলামী যুগৰ এজন অন্যতম জনপ্ৰিয় কবি আছিল আৰু প্ৰাক-ইছলামী যুগত আৰবী কবিতা বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। ০ ০ ০.
আবিদ বিন আল-আব্রাছ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here