Home Quiz আবু বক্কৰ ছিদ্দিক কুইজ

আবু বক্কৰ ছিদ্দিক কুইজ

0

আবু বক্কৰ ছিদ্দিক কুইজ

আবু বক্কৰ ছিদ্দিক কুইজ

আবু বক্কৰ ছিদ্দিক কুইজ

আবু বক্কৰ ছিদ্দিক কুইজ 

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ) ৰ বাল্য নাম কি আছিল?

উঃ আব্দুল্লাহ।

প্ৰঃ আবু বক্কৰ শব্দৰ অৰ্থ কি?

উঃ তৰুণ উটৰ মালিক।

প্ৰঃ আবু বক্কৰ ছিদ্দিক (ৰাঃ)ৰ পিতা-মাতাৰ নাম কি আছিল?

উঃ পিতাৰ নাম আবু কাহাফা উছমান আৰু মাতাৰ নাম ছালমা।

প্ৰঃ ‘ছিদ্দিক’ উপাধিৰ বাহিৰে আবু বক্কৰৰ আন কি কি উপাধি আছে?

উঃ আতীক, ইয়াৰেগাৰ, খলিফাতুৰ ৰাছুল।

প্ৰঃ কোনে কেতিয়া আবু বক্কৰ (ৰাঃ)ক ‘ছিদ্দিক’ উপাধি প্ৰদান কৰিছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ) য়ে। ৰাছুলুল্লাহ (ছাঃ)ৰ মিৰাজৰ ঘটনা শুনি কাফেৰসকলে যেতিয়া বিদ্ৰূপ কৰিছিল তেতিয়া হজৰত আবু বক্কৰ (ৰাঃ) বিনা দ্বিধাই মিৰাজৰ ঘটনাৰ সত্যতা স্বীকাৰ কৰি লৈছিল। তেতিয়া হজৰত মুহাম্মদ (ছাঃ)য়ে তেওঁক ‘ছিদ্দিক’ (বিশ্বাসী, সত্যবাদী) উপাধি প্ৰদান কৰিছিল।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) জীৱিত অৱস্থাত আবু বক্কৰ (ৰাঃ) য়ে কিমান ৰাকাত নামাজ পঢ়াইছিল?

উঃ 17 ৰাকাত।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পুত্ৰ কেইজন আছিল আৰু সিহঁতৰ নাম কি কি?

উঃ তিন জন, যথাক্ৰমে– আব্দুল্লাহ, আব্দুৰ ৰহমান আৰু মুহাম্মদ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ কিমানজনী কন্যা সন্তান আছিল আৰু সিহঁতৰ নাম কি কি ?

উঃ 3 জনী, যথাক্ৰমে– আছমা, আছিয়াহ আৰু উম্মে কুলছুম (ৰাঃ)। 

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)কি ব্যৱসায় কৰিছিল?

উঃ কাপোৰৰ ব্যৱসায়।

প্ৰঃ মুছলমান হোৱাৰ সময়ত আবু বক্কৰ (ৰাঃ)ৰ হাতত কিমান নগদ অৰ্থ আছিল?

উঃ  40 হাজাৰ দিৰহাম।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মত (অনুগামী)সকলৰ ভিতৰত কোনে সৰ্বপ্ৰথম বিহিস্তত প্ৰৱেশ কৰিব?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ খিলাফতকালৰ ডাঙৰ কীৰ্তি কি ?

উঃ কোৰাণ একত্ৰিতকৰণ, ধৰ্মত্যাগীসকলৰ বিৰুদ্ধে জিহাদ আৰু ভণ্ডনবী মুছায়লামা কাজ্জাবক হত্যা।

প্ৰঃ কোন পৰিয়ালৰ চাৰি পুৰুষ হজৰত মুহাম্মদৰ চাহাবা হোৱাৰ সৌভাগ্য হৈছিল?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ। আবু বক্কৰৰ পিতা আবু কাহাফা (ৰাঃ), হজৰত আবু বক্কৰ (ৰাঃ) নিজে, তাৰ পুত্ৰ আব্দুৰ ৰহমান (ৰাঃ) আৰু আব্দুৰ ৰহমানৰ পুত্ৰ মুহাম্মদ (ৰাঃ)।

প্ৰঃ আবু কাহাফা কিমান বছৰ বয়সত ইন্তেকাল কৰে?

উঃ  97 বছৰ। আবু বক্কৰ ছিদ্দিক কুইজ

প্ৰঃ  ইছলামৰ প্ৰথম খলিফা হজৰত আবু বক্কৰ (ৰাঃ) কিমান বছৰ ইছলামী সম্ৰাজ্য শাসন কৰে?

উঃ মুঠ 2 বছৰ, 3 মাহ (632- 643 খ্ৰীঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ)ৰ খিলাফত কালত কোন কি দপ্তৰত আছিল?

উঃ স্বৰাষ্ট্ৰ– হজৰত ওমৰ (ৰাঃ), অৰ্থ– আবু উবাইদা (ৰাঃ), যোগাযোগ– উছমান গণি (ৰাঃ) আৰু বিচাৰ বিভাগ– হজৰত আলি (ৰাঃ)।

প্ৰঃ কোন ব্যক্তি কোন ধৰণৰ যুক্তিতৰ্ক অবিহনেই ইছলাম কবুল (গ্ৰহণ) কৰিছিল?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কোনে খিলাফায়ে ৰাশিদীনৰ মৃত্যুত মক্কা কঁপি উঠিছিল?

উঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)।

প্ৰঃ আবু বক্কৰ (ৰাঃ) কিমান বছৰ বয়সত কোন সময় ইন্তেকাল কৰে?

উঃ 63 বছৰ বয়সত, সোমবাৰ সূৰ্যোদয়ৰ পিছত (22 আগষ্ট 643 খ্ৰীঃ)

প্ৰঃ হজৰত আবু বক্কৰ ছিদ্দিক (ৰাঃ)ৰ কবৰ কোন ঠাইত?

উঃ মদিনাত হুজুৰ (ছাঃ)ৰ কবৰৰ সোঁকাষত।

প্ৰঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ জানাজাৰ নামাজ কোনে পঢ়াইছিল?

উঃ হজৰত ওমৰ ফাৰুক (ৰাঃ)। 0 0 0

আবু বক্কৰ ছিদ্দিক কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here