Home Kabita আমাৰ এদল শিল্পীৰ প্ৰয়োজন | Amar Edol Shilpir Proyojan

আমাৰ এদল শিল্পীৰ প্ৰয়োজন | Amar Edol Shilpir Proyojan

0

আমাৰ এদল শিল্পীৰ প্ৰয়োজন | Amar Edol Shilpir Proyojan

আমাৰ এদল শিল্পীৰ প্ৰয়োজন  Amar Edol Shilpir Proyojan

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

ৰাব্বি মছৰুৰ

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

হৃদয়ত শুভ্ৰ পোছাক পৰিহিতা এদল সঁচা শিল্পী

চিৰা-চৰিত ৰুদ্ধদ্বাৰ চিৰদিনৰ বাবে উন্মুক্ত কৰিবলে’।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতে মহা মাতঙ্গৰ শৌৰ্য-বীৰ্যৰে বলীয়ান হৈ 

ওলাই আহিব সন্ত্ৰাসৰ বিৰুদ্ধে

স্পৰ্ধাময় দুবাহু দাঙি

শান্তিন্মোত্ত ৰণ শৃঙ্খল সজাবলে’।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতৰ চকুলোৰ দুকোল ঢকা বান

চিৰ তিমিৰাচ্ছন্ন অন্ধকাৰৰ বিৰুদ্ধে গৰ্জি উঠিব।

 

আমাৰ সেইদল শিল্পীৰ প্ৰয়োজন

ভণ্ড তপস্যীহঁতৰ দুৰ্দ্দান্ত মুণ্ড

সহস্ৰ চূড়ান্ততাত কৰিব পণ্ড

শোষণকাৰী, সন্ত্ৰাসী, সুযোগ সন্ধানী, 

ধৰ্ষণকাৰী, নৰৰক্ত খাদকৰ বিৰুদ্ধে 

স্পৰ্ধাময় কণ্ঠত চিঞৰি উঠিব।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিসকল শিল্পীয়ে সাগৰ যেন বিশাল

আকাশ যেন উদাৰ শুভ্ৰ নীলাভ হৃদয়েৰে

উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি

সমতাৰ শান্তি বাণীৰে পতিতৰ ত্ৰাণকৰ্তা হ’ব।

 

আমাক সেইসকল শিল্পীৰ প্ৰয়োজন

যিসকল শিল্পীয়ে 

‘সত্যম, শিৱম, সুন্দৰম’ মহামন্ত্ৰৰে

আমাক ক’ব–

সোণোৱালী ৰাতিপুৱাৰ কথা

ফুলেৰে দোৰোল খাই পৰা 

নীলাভ দুপৰীয়াৰ কথা

শান্তি শ্লোকেৰে ৰজনজনাই যোৱা দিৱসৰ কথা

জোনাক ভ’ৰা ৰূপালীম নিশাৰ কথা।

 

আমাৰ সেইসকল শিল্পীৰ প্ৰয়োজন

যিহঁতৰ অপাপবিদ্ধ হৃদয়

ছিন্ন-বিচ্ছিন্ন প্ৰোত্থিত সময়ৰ কৰাল গ্ৰাসৰ পৰা মুক্ত। ০ ০ ০

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

Read More: পৃথিৱীৰ আৰু মোৰ

আমাৰ এদল শিল্পীৰ প্ৰয়োজন

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here