Home Essay আমাৰ নগৰখন | Our Town Essay in Assamese

আমাৰ নগৰখন | Our Town Essay in Assamese

0

আমাৰ নগৰখন

আমাৰ নগৰখন Our Town Essay in Assamese

আমাৰ নগৰখন

আমাৰ নগৰখন | Our Town Essay in Assamese

আৰম্ভণি:আমাৰ নগৰখনৰ নাম বৰপেটা ৰোড। ই হৈছে নামনি অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ। ই বৰেপটা জিলাৰ সদৰ ঠাইৰ পৰা প্ৰায় তেৰ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত  ।

বিৱৰণ: নগৰখন ঘন বসতিপূৰ্ণ।  ইয়াত প্ৰায় বিশ হেজাৰ  মানুহে শান্তিৰে বসবাস কৰি আছে। ইয়াত পাঁচখন প্ৰাথমিক বিদ্যালয়, তিনিখন উচ্চ মাধ্যমিক বিদ্যালয়, দুইখন কনিষ্ট মহাবিদ্যালয় আছে। ইয়াত ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সাতখন মচজিদ আৰু ছয়খন মন্দিৰ আছে।  ইয়াত এখন পুথিভঁৰালো আছে।  পুথিভঁৰালখন বিভিন্ন বিষয়ৰ কিতাপেৰে  পৰিপূৰ্ণ। ইয়াত দুখন চৰকাৰী চিকিৎসালয়, এখন ডাকঘৰ আৰু এখন পশু চিকিৎসালয় আছে। নগৰখনৰ কেন্দ্ৰত এটি আৰক্ষী চকী আছে। 

বজাৰখন হ’ল নগৰখনৰ ব্যৱসায়ৰ কেন্দ্ৰ। বজাৰখন শাক-পাঁচলিৰ কাৰণে অসম বিখ্যাত।  অসমৰ চুক-কোণৰ পৰা বহুত বেপাৰী  কেঁচা শাক-পাঁচলি  ক্ৰয় কৰিবলৈ নগৰখনলৈ আহে। সোমবাৰ আৰু বৃহস্পতিবাৰ ইয়াৰ বজাৰৰ দিন।  বজাৰৰ দিনা নগৰখন মানুহেৰে ঠাহ খাই পৰে।বজাৰখনৰ প্ৰধান আকৰ্ষণীয় বস্তুটো হ’ল ইয়াৰ নামঘৰখন। ৰাস মহোৎসৱৰ সময়ত বহুত দূৰ-দূৰণিৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে যোগদান কৰি সিহঁতৰ অন্তৰ পৱিত্ৰ কৰে।

সামৰণি: মই মোৰ নগৰখনক বৰ ভাল পাওঁ। মই ইয়াৰ সর্বাঙ্গীন উন্নয়ন কামনা কৰো। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ‘আমাৰ নগৰখন | Our Town Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here