Home Essay আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library Essay in Assamese

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library Essay in Assamese

0

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল Our School Library Essay in Assamese

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল

আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library Essay in Assamese

আৰম্ভণি: পুথিভঁৰাল হৈছে এখন কোঠালী  বা ঘৰ য’ত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে  ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে। 

বিৱৰণ:আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত।  ই হৈছে এটি ডাঙৰ কোঠালী য’ত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে।  আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে।  আমাৰ পুথিভঁৰালখন পৰিচালনা কৰিবলৈ কিছুমান ধ’ৰা-বন্ধা নীতি-নিয়ম আছে। 

আমাৰ পুথিভঁৰালখনত  কেইবা হাজৰ কিতাপ আছে।  পাঠ্যপুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰালখনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয় কতৃপক্ষই আমাৰ অধ্যয়নৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনীও যোগান ধৰে। 

ছাত্ৰ-ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কতৃপক্ষই এবাৰতে পাঁচোখনকৈ কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনৰ নিয়মীয়া পঢ়োৱৈ। মই মোৰ জিৰণিৰ সময়খিনি পুথিভঁৰালখনত বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি  কটাওঁ।

সামৰণি: আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে আৰু এনেদৰে ই জ্ঞান বিস্তাৰত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে। 0 0 0

বি. দ্র. উক্ত ‘আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here