Home Essay আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava |...

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School

0

আপুনি যদি ‘আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা’ । Prize Distribution Day at Our School’ শিৰোনামত এখন ৰচনা বিচাৰি আছে, তেন্তে এই ৰচনাখন আপোনাৰ বাবে। এই ৰচনাখন ছাত্ৰ-ছাত্ৰীসকলে সহজতে আয়ত্ব কৰিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Prize Distribution Day at Our School

তলত ‘আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School’ শিৰোনামেৰে  দুটি ৰচনা দিয়া হ’ল । দুটাৰ পৰা আপোনাৰ  বেছি ভাললগাটো বাচি লওক।

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School

(ৰচনা ১)

আজিকালি প্ৰায় সকলোবোৰ বিদ্যালয়তে বছৰেকীয়া খেল-ধেমালী উৎসৱ অনুষ্ঠিত কৰা হয়। খেল-ধেমালীক শিক্ষাৰ অংগ আৰু  এক সহ-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপ হিচাপে  গুৰুত্ব দি  আমাৰ বিদ্যালয়তো প্ৰতিবছৰ  খেল-ধেমালী অনুষ্ঠিত হয়। এই অনুষ্ঠান প্ৰায় এক সপ্তাহমান চলে আৰু আৰু খেল-ধেমালীৰ উৎসৱৰ শেষৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীসকলৰ অতি আনন্দৰ বিষয়। সকলো ছাত্ৰ-ছাত্ৰীয়ে গোটেই বছৰটো এই অনুষ্ঠানৰ বাবে অতি আগ্ৰহৰে বাট চাই থাকে।  আমাৰ বিদ্যালয়ত সাধাৰণতে প্ৰতিবছৰ চেপ্তেম্বৰ বা অক্টোবৰ  মাহত এই খেল-ধেমালী উৎসৱটো পালন  কৰা হয়। 

যোৱা বছৰ আমাৰ বছৰেকীয়া খেল-ধেমালী অনুষ্ঠানটো অক্টোবৰ মাহৰ দহ তাৰিখত আৰম্ভ হৈছিল আৰু ই ষোল্ল অক্টোবৰলৈ চলিছিল আৰু সোতৰ অক্টোবৰৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছিল। 

সিদিনাখন ৰাতিপুৱা আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল বিদ্যালয়ৰ চোতালত সমবেত হৈছিলো।  স্থানীয় দৰ্শক আৰু অতিথিসকলক আদৰণি জনাবলৈ বিদ্যলয়ৰ দুৱাৰমুখত এখন সুন্দৰ প্ৰৱেশদ্বাৰ সজাইছিলো আৰু বঁটা বিতৰণী সভাখনৰ বাবে আমি এক আহল-বহল পেণ্ডেল আৰু মঞ্চ সজাইছিলো।  দুপৰীয়া ১ বজাত আমাৰ  মুকলি সভা আৰম্ভ হৈছিল।  আমি ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা এক আৰম্ভণী সংগীতৰ দ্বাৰা সভাটো আৰম্ভ হৈছিল। সভাখনলৈ স্থানীয় শিক্ষাবিদ, সমাজকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ লগতে বহুতো গণ্য-মান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল। স্থানীয় বিধায়কজনো আমাৰ অতিথি হৈছিল। অতিথিসকলক আদৰণি জনোৱাৰ পিছত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদকজনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল আৰু প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ বছৰেকীয়া হিচাপ-নিকচৰ খতিয়ান পাঠ কৰি শুনাইছিল।

ইয়াৰ পিছত যিসকল ছাত্ৰ-ছাত্ৰীয়ে¸ সাংস্কৃতিক প্ৰতিযোগীতাসমূহত প্ৰথম হৈছিল সিহঁতক সিহঁতৰ গীত, গজল, চুটি নাটক, মুকাভিনয় আদি  পুনৰ উপস্থাপন কৰিবলৈ কোৱা হৈছিল। দৰ্শক তথা আমন্ত্ৰিত অতিথিসকলে সেইবোৰ উপেভাগ কৰি অতিপাত আনন্দিত হৈছিল। ইয়াৰ পিছত প্ৰধান শিক্ষকজনৰ অনুৰোধক্ৰমে প্ৰধান অতিথিজনে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰিছিল। 

সন্ধিয়া চাৰি বজাত বঁটা বিতৰণ শেষ হৈছিল। ইয়াৰ পিছত প্ৰধান অতিথিজনে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত এক সংক্ষিপ্ত অথচ অতি মূল্যৱান ভাষণ প্ৰদান কৰিছিল।  সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত  বঁটা বিতৰণী সভাখনৰ সভাপতিৰ সংক্ষিপ্ত ভাষণৰ দ্বাৰা সভাখন সমাপ্ত হৈছিল। ০ ০ ০

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School

(ৰচনা ২)

আৰম্ভণি

আমাৰ বিদ্যালয়ত প্ৰতিবছৰ খেল-ধেমালী অনুষ্ঠিত হয়। খেল-ধেমালীক শিক্ষাৰ এটা গুৰুত্বপূর্ণ অংগ বুলি ধৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানৰ বাবে বছৰুৱাকৈ অপেক্ষা কৰে। সাধাৰণতে, আমাৰ বিদ্যালয়ত এই অনুষ্ঠান চেপ্তেম্বৰ বা অক্টোবৰ মাহত হয়।

যোৱা বছৰৰ অনুষ্ঠান

যোৱা বছৰৰ অনুষ্ঠানটো অক্টোবৰ মাহৰ দহ তাৰিখত আৰম্ভ হৈছিল। ই ষোল্লা অক্টোবৰৰ পৰা সোতৰ অক্টোবৰৰ দিনা শেষ হৈছিল। সেইদিনা বঁটা বিতৰণী সভা অনুষ্ঠিত হৈছিল।

প্রস্তুতি

সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল বিদ্যালয়ৰ চোতালত সমবেত হৈছিল। বিদ্যালয়ৰ দুৱাৰমুখত সুন্দৰ প্ৰৱেশদ্বাৰ সজাইছিল। বঁটা বিতৰণী সভাৰ বাবে এক পেণ্ডেল আৰু মঞ্চ সাজিছিল।

সভাৰ আৰম্ভণি

দুপৰীয়া ১ বজাত সভা আৰম্ভ হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভণী সংগীত গাইছিল। স্থানীয় শিক্ষাবিদ, সমাজকৰ্মী, অভিভাৱক আৰু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। স্থানীয় বিধায়ক অতিথি আছিল। অতিথিসকলক আদৰণি জনোৱাৰ পিছত সভাৰ উদ্দেশ্য ব্যাখ্যা হৈছিল। প্রধান শিক্ষকজনে বিদ্যালয়ৰ বছৰৰ খতিয়ান শুনাইছিল।

সাংস্কৃতিক প্ৰতিযোগিতা

সাংস্কৃতিক প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলে গীত, গজল, চুটি নাটক, মুকাভিনয় উপস্থাপন কৰিছিল। দৰ্শক আৰু অতিথিসকল আনন্দিত হৈছিল। বিজয়ী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰস্কাৰ বিতৰণ হৈছিল।

ভাষণ আৰু সমাপ্তি

সন্ধিয়া চাৰিবজাত বঁটা বিতৰণ শেষ হৈছিল। প্ৰধান অতিথিজনে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সম্পৰ্কৰ ওপৰত মূল্যৱান ভাষণ দিছিল। সন্ধিয়া চাৰে চাৰিবজাত সভাপতিৰ সংক্ষিপ্ত ভাষণৰ দ্বাৰা সভাখন সমাপ্ত হৈছিল। ০ ০ ০

 

বি. দ্র. উক্ত ‘আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

নোট: যদি আপুনি এই ‘আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School’ ৰচনা পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক  আদৰণি জনাওঁ ।

 

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা | Amar Bidyalayar Banta Bitaroni Sava | Prize Distribution Day at Our School

(ইংৰাজীত)

Introduction

Every year, our school organizes a sports and games festival. Sports and games are considered an important part of education. Students eagerly wait for this event every year. Usually, this event is held in September or October.

Last Year’s Event

Last year, the event started on October 10th. It lasted from October 16th to October 17th. On the last day, the prize distribution ceremony was held.

Preparations

All the students and teachers gathered in the school courtyard. A beautiful entrance gate was decorated at the school gate. A tent and stage were set up for the prize distribution ceremony.

Starting the Ceremony

The ceremony started at 1 PM. The students sang an opening song. Local educators, social workers, parents, and many notable people attended. The local MLA was a guest. After welcoming the guests, the purpose of the ceremony was explained. The headmaster read the school’s annual report.

Cultural Competitions

Students who won in cultural competitions performed songs, ghazals, short plays, and mime acts. The audience and guests enjoyed these performances. Prizes were then distributed to the winning students.

Speeches and Conclusion

The prize distribution ended at 4 PM. The chief guest gave a valuable speech about the relationship between teachers and students. The ceremony ended at 4:30 PM with a short speech by the president of the event. ০ ০ ০.

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here