Home Essay আমাৰ শ্ৰেণী কোঠা | Our Classroom An Essay in Assamese

আমাৰ শ্ৰেণী কোঠা | Our Classroom An Essay in Assamese

0

:আপুনি যদি ‘আমাৰ শ্ৰেণী কোঠা শিৰোনামত এখন ৰচনা / নিবন্ধ (article) বিচাৰি আছে, আৰু ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে, তেন্তে এইখন ৰচনা / নিবন্ধ আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

আমাৰ শ্ৰেণী কোঠা Our Classroom An Essay in Assamese

আমাৰ শ্ৰেণী কোঠা

আমাৰ শ্ৰেণী কোঠা

(ৰচনা ১ )

আৰম্ভণি:

মই জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ। মই অষ্টম শ্ৰেণীত পঢ়ো । আমাৰ স্কুলত চাৰিখন বিল্ডিং আছে। ইয়াৰ এটা লাইব্রেৰী আৰু শিক্ষকসকলৰ বাবে  ব্যৱহাৰ কৰা হয়। আমাৰ শ্ৰেণীকোঠাটো নতুন বিল্ডিঙৰ অন্তৰ্গত এটি সুন্দৰ কোঠালী।

বিৱৰণ:

আমাৰ শ্ৰেণী কোঠাটো বৰ পৰিপাটি। এইটোত প্ৰায় পঁচিশযোৰ ডেক্স-বেঞ্চ  আছে। এইবোৰ সৰল কাঠেৰে তৈয়াৰী। কোঠাটোৰ সন্মুখৰ এটা চুকত প্লেটফৰ্ম আৰু তাৰ ওপৰত শিক্ষক বহিবলৈ এটি চিয়াৰ আৰু এটি টেবিল আছে। চিঁয়াৰখনৰ কাষতে বেৰত  এটি ডাঙৰ ব্লাকবোর্ড  আছে। 

কোঠাটোত মুঠতে ছয়টা খিড়িকী আৰু দুটা দৰজা আছে। কোঠাটোৰ ওপৰত এটি চিলিং আছে। ই বাঁহেৰে তৈয়াৰী । আমি আটায়ে আমাৰ শ্ৰেণীকোঠাটোৰ যত্ন লও। আমি ইয়াক পৰিস্কাৰ আৰু পৰিপাটিকৈ ৰাখো।  আমি সকলোৱে অনুশাসন মানি চলো। আমি প্ৰতিদিন পাল পাতি কোঠালীটো ঝাড়ু দিও। আমাৰ শ্ৰেণী প্ৰতিনিধিজন   বৰ সক্ৰিয় আৰু সচেতন । আমি কেতিয়াও ডেক্স-বেঞ্চৰ  ওপৰত নিলিখো। 

সামৰণি:

আমি সকলোৱে আমাৰ শ্ৰেণী কোঠাটো পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ  চেষ্টা কৰো। এনেকুৱা আহল-বহল সুন্দৰ শ্ৰেণীকোঠাটোক লৈ আমি গৌৰৱ কৰো। 0 0 0

আমাৰ শ্ৰেণী কোঠা

(ৰচনা )

প্ৰাৰম্ভিকা:

আমাৰ শ্ৰেণী কোঠা হৈছে আমাৰ শিক্ষাৰ মূল স্থান। ইয়াত আমি নতুন নতুন কথা শিকো আৰু আমাৰ জ্ঞান বৃদ্ধি কৰো। শ্ৰেণী কোঠা হৈছে আমাৰ দ্বিতীয় ঘৰ।

শ্ৰেণী কোঠাৰ পৰিৱেশ:

আমাৰ শ্ৰেণী কোঠা খুব পৰিষ্কাৰ আৰু সু-সজ্জিত। ইয়াত আছে বেঞ্চ আৰু ডেস্ক। বেঞ্চত আমি বহো আৰু ডেস্কত লিখো। শ্ৰেণী কোঠাৰ মজিয়াত আছে চাফা মেট। দেওয়ালত আছে বিভিন্ন শিক্ষামূলক পোষ্টাৰ। ইয়াত আছে ব্লেকবোর্ড আৰু চক। শিক্ষক-শিক্ষিকাই ব্লেকবোর্ডত লিখি আমাক শিকায়।

শ্ৰেণী কোঠাৰ নিয়ম:

আমাৰ শ্ৰেণী কোঠাত কিছু নিয়ম আছে। আমি এই নিয়মবোৰ মানি চলো। শিক্ষক-শিক্ষিকাৰ কথা মন দি শুনো। কোনোবাই কথা পাতিলে শিক্ষক-শিক্ষিকাই বেয়া পায়। আমি শ্ৰেণী কোঠাত পৰিষ্কাৰ-পরিচ্ছন্নতা ৰক্ষা কৰো।

শিক্ষক-শিক্ষিকা:

শিক্ষক-শিক্ষিকা আমাক আমাৰ শ্ৰেণী কোঠাত শিকায়। তেওঁলোকে খুব ধৈৰ্য্যৰে আমি যদি কোনো কথা নুবুজো, তেওঁলোকে বাৰে বাৰে বুজাই দিয়ে। শিক্ষক-শিক্ষিকা আমাৰ বাবে খুব আদৰণীয়।

বন্ধুবোৰ:

আমাৰ শ্ৰেণী কোঠাত আমাৰ বন্ধুবোৰ থাকে। আমি একেলগে পঢ়ো আৰু খেলো। বন্ধুবোৰৰ সৈতে পঢ়া খুব মজাদাৰ। আমি একেলগে শিকো আৰু একেলগে আনন্দ কৰো।

শিক্ষামূলক কার্যকলাপ:

আমাৰ শ্ৰেণী কোঠাত বিভিন্ন শিক্ষামূলক কার্যকলাপ হয়। আমি ছবি আঁকো, গান গাওঁ আৰু নাটক কৰো। এই কার্যকলাপবোৰে আমাৰ মনৰ বিকাশ কৰে। আমি নতুন নতুন কথা শিকো আৰু আমাৰ প্ৰতিভা বিকাশ কৰো।

উপসংহাৰ:

আমাৰ শ্ৰেণী কোঠা হৈছে আমাৰ শিক্ষাৰ মূল স্থান। ইয়াত আমি নতুন নতুন কথা শিকো আৰু আমাৰ জ্ঞান বৃদ্ধি কৰো। শ্ৰেণী কোঠাৰ পৰিৱেশ, নিয়ম, শিক্ষক-শিক্ষিকা আৰু বন্ধুবোৰৰ সৈতে আমি এক সুন্দৰ সময় কটাও। শ্ৰেণী কোঠা আমাৰ জীৱনৰ এক গুৰুত্বপূর্ণ অংশ।

নোট: যদি আপুনি উক্ত আমাৰ শ্ৰেণী কোঠাপ্ৰৱন্ধটো পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

আমাৰ শ্ৰেণী কোঠা (Our Classroom Essay in Enlish)

Introduction:

I am a student of Gyanodaya National School. I study in the 8th grade. Our school has four buildings, one of which is used as a library and for teachers. Our classroom is a beautiful room located in the new building.

Description:

Our classroom is very neat and tidy. It has around 25 pairs of desks and benches, all made of simple wood. In the front corner of the room, there is a platform with a chair and a table for the teacher to sit on. Next to the chair, there is a large blackboard on the wall.

The classroom has a total of six windows and two doors. There is a ceiling made of bamboo. We all take good care of our classroom, keeping it clean and organized. We all follow the rules. Every day, we take turns sweeping the classroom. Our class representative is very active and responsible. We never write on the desks or benches.

Conclusion:

We all make an effort to keep our classroom clean and tidy. We take pride in our spacious and beautiful classroom. 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ‘আমাৰ শ্ৰেণী কোঠা | Our Classroom ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here