আলি-আই-লৃগাং: মিচিং জনগোষ্ঠীৰ ঐতিহ্যবাহী উৎসৱৰ আনন্দ আৰু সংস্কৃতিৰ এক অনন্য পৰিসৰ।
আলি-আই-লৃগাং | Ali Ai Lrigang Essay in Assamese
(ৰচনা ১)
ভাৰতৰ নুমলী জীয়ৰী অসমখন হৈছে এখন জনজাতি প্ৰধান ৰাজ্য। দূৰ অতীতৰে পৰা অসমৰ পাহাৰে-ভৈয়ামে নানাৰঙী জনগোষ্ঠীসমূহে বসবাস কৰি আহিছে। সকলো জনগোষ্ঠীৰে সুকীয়া সংস্কৃতি, আচাৰ-আচৰণ, উৎসৱ-পাৰ্বন আদি আছে। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত এক উল্লেখনীয় জনগোষ্ঠী হৈছে মিচিংসকল। মিছিংসকলক বিশেষকৈ উজনি অসমৰ ফালে বেছিকৈ দেখা যায়। এওঁলোক মূলতঃ কৃষিজীৱী আৰু সিহঁতৰ উৎসৱ-পাৰ্বণ আদিও কৃষিৰ সৈতেই জড়িত। সিহঁতৰ এক প্ৰধান উৎসৱ হৈছে ‘আলি-আ:য়ে -লৃগাং’। বিহু উৎসৱৰ দৰে ইও এক কৃষিভিত্তিক উৎসৱ।
আলি-আই-লৃগাং কেতিয়া, কেনেকৈ আৰম্ভ হ’ল তাৰ হদিছ পোৱাটো কঠিন। কিছুমান পণ্ডিতে ক’ব খোজে যে মিছিংসকলে ভৈয়ামলৈ আহি নাঙল-যুঁৱলিৰে ধান খেতি কৰিবলৈ লোৱাৰ আগৰে পৰাই এই উৎসৱ পালন কৰিবলৈ লৈছিল। হয়তো সেই সময়ত ইয়াক পালন কৰাৰ ধৰণ বা উপচাৰসমূহ বেলেগ আছিল। তেতিয়াৰে পৰা ই ক্ৰমবিকাশৰ জৰিয়তে বৰ্তমানৰ স্থিতি লাভ কৰিছে।
মিছিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ বা কঠিয়া, ‘আই’ মানে ফল আৰু ‘লৃগাং’ মানে আৰম্ভণি। অর্থাৎ ই হ’ল শস্য ৰোপণৰ আৰম্ভণি উৎসৱ। অন্যান্য জনগোষ্ঠীসমূহৰ দৰেই, মিছিংসকলৰো জীৱন ধাৰণৰ মূল কেন্দ্ৰবিন্দু হৈছে কৃষি আৰু কৃষিভিত্তিক পৰম্পৰা। সেয়ে শস্য ৰোপণৰ আৰম্ভণি হৈছে তেওঁলোকৰ জাতীয় জীৱনৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংশ। সিহঁতে ভগৱানক সন্তুষ্ট কৰি ভাল উৎপাদন কামনা কৰাৰ লগতে ৰং-ধেমালীৰ মাজেৰে এই সময় পাৰ কৰিবলৈ আলি-আই-লৃগাং উৎসৱটো পালন কৰে। এই উৎসৱ পোনতে ফাগুন মাহৰ যিকোনো দিনত পালন কৰা হৈছিল। কিন্তু আজিকালি ইয়াৰ বাবে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ধাৰ্য কৰা হৈছে।
মিছিংসকলৰ আলি-আই-লৃগাং উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী ভাঙি আলু, আদা, ধান আদি ৰোপণ কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই মংগলময় জীৱন আৰু ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়।
মিছিংসকলে গধূলি সময়ৰে পৰা ‘গুমৰাগ’ নৃত্যৰ আয়োজন কৰে। ডেকা-গাভৰুহঁতে নতুন কাপোৰ পিন্ধি গুমৰাগ নাচ নাচি ৰং-ধেমালি কৰে। নাচৰ লগে লগে ডোল, তাল, পেঁপা, গগনা, লেংনং, মাধা, লেনদেন, তাপুং আদি বাদ্যযন্ত্ৰ বজায়।
আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন চলে।
এই উৎসৱৰ সময়ছোৱাত ঘৰলৈ পূজাৰী মতাই আনি ইষ্ট দেৱতাৰ পূজা কৰা হয়। উৎসৱ চলি থকা দিনকেইটাত গছ-বন কটা, মাছ মৰা, মাটি চহোৱা, পথাৰত কোৰ ধৰা আদি কামৰ পৰা বিৰত থকা হয়। ইয়াক কোৱা হয় ‘মদনাম ’ বা কৰ্মবিৰতি। উৎসৱৰ সামৰণিৰ দিনা ভোজ-ভাত খাই মদনামৰ অন্ত পেলোৱা হয়।
মূলতঃ কৃষিপ্ৰধান উৎসৱ হ’লেও, আলি-আই-লৃগাঙৰ পৰিসৰ বিশাল। ইয়াৰ সৈতে জড়িত গীত-মাত, বস্ত্ৰ, বাদ্যযন্ত্ৰ, খাদ্যাভ্যাস, বিশ্বাস, লোক-পৰম্পৰা আদিয়ে মিছিং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় দৃঢ় কৰি তুলিছে। 0 0 0
আলি-আই-লৃগাং
(ৰচনা ২)
আলি-আই-লৃগাং হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। আলি-আই-লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে নানান নৃত্য-গীত কৰে।
উৎসৱৰ আৰম্ভনি
আলি-আই-লৃগাং উৎসৱ প্ৰথমে ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত পালন কৰা হৈছিল। ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে এই উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেতিয়াৰ পৰাই এই দিনত উৎসৱ পালন কৰা হয়।
উৎসৱৰ উদ্দেশ্য
আলি-আই-লৃগাং উৎসৱৰ মূল উদ্দেশ্য হৈছে শস্য সিঁচাৰ আৰম্ভণি। মিচিংসকলে এই দিনত শস্য সিঁচাৰ শুভাৰম্ভ কৰে। এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে।
উৎসৱৰ নিয়ম
আলি-আই-লৃগাং উৎসৱত মিচিংসকলে শস্য সিঁচাৰ পূৰ্বে কিছু নিয়ম পালন কৰে। পুৱাতে ঘৰৰ গৃহস্থই ‘ইগিন’ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে- পঃৰ আপং (পৰম্পৰাগত পানীয়), পুৰাং (তৰা পাতত সিজোৱা টোপোলা ভাত), আদা, আহু ধানৰ বীজ, কপাহ, পিঃৰ (মেগেলা গছ), কপাহী সূতা, কাঠ আলু, কচু, পোৰা বা পাতত দিয়া মাছ, চাকি-তেল আদি ভৰাই লৈ পথাৰলৈ যায়। যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া, পূৰ্বপুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে।
উৎসৱৰ নৃত্য
আলি-আই-লৃগাং উৎসৱত মিচিংসকলে নৃত্য কৰে। এই নৃত্যক ‘পাক্ছ-মনাম্’ বোলা হয়। এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ ছেওৰ অনুকৰণত এই নৃত্যক ‘গুম্ ৰাগ্’ বুলিও কোৱা হয়। বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যৰ ভংগীয়ে ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে।
উৎসৱৰ খাদ্য
আলি-আই-লৃগাং উৎসৱত মিচিংসকলে বিশেষ খাদ্য প্ৰস্তুত কৰে। পুৰাং, আপং, মাছ, গাহৰি মাংস আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং’ আপিন সিজায়। খোৱা-বোৱাৰ অন্তত নৃত্য-গীত কৰা হয়।
উৎসৱৰ লোকবিশ্বাস
আলি-আই-লৃগাং উৎসৱত মিচিংসকলে বিশ্বাস কৰে যে এই নৃত্য নকৰিলে ধানৰ গঁজালি ঠন্ ধৰি নুঠে, থোক লেৰেলি যায় বা পোক-পতংগই ক্ষতি সাধন কৰে। এই উৎসৱত পৰিৱেশন কৰা গীতক ‘লৃগাং-নিঃতম’ নামেৰে জনা যায়।
উপসংহাৰ
আলি-আই-লৃগাং হৈছে মিচিং জনগোষ্ঠীৰ এক বিশেষ উৎসৱ। এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ শুভাৰম্ভ কৰে আৰু নৃত্য-গীতৰ মাধ্যমেৰে আনন্দিত হয়। এই উৎসৱত মিচিংসকলে একত্ৰিত হৈ ভোজ-ভাত খাই আৰু নৃত্য-গীত কৰে। 0 0 0
আলি-আই-লৃগাং: সাৰাংশ
আলি-আই-লৃগাং হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। আলি-আই-লৃগাং শব্দৰ অৰ্থ হৈছে শস্য সিঁচাৰ আৰম্ভণি। “আলি” মানে শস্যৰ বীজ, “আই” মানে ফল আৰু “লৃগাং” মানে সিঁচা।
এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে নৃত্য-গীত আৰু সমূহীয়া ভোজ-ভাত কৰে। পূৰ্বতে এই উৎসৱ পাঁচদিনীয়া আছিল, কিন্তু এতিয়া একেদিনীয়া হৈ পৰিছে। উৎসৱৰ দিনা মিচিংসকলে শস্য সিঁচাৰ পূৰ্বে পূজা-অৰ্চনা কৰে আৰু মাটিত বীজ সিঁচে।
আলি-আই-লৃগাং উৎসৱত মিচিংসকলে পৰম্পৰাগত খাদ্য আৰু পানীয়, যেনে পুৰাং আৰু আপং, প্ৰস্তুত কৰে। এই উৎসৱত মিচিংসকলে গুম্ৰাগ নৃত্য কৰে, যি ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ প্ৰতিফলন কৰে। 0 0 0
আলি-আই-লৃগাং সম্পৰ্কীয় প্ৰশ্ন আৰু উত্তৰ
প্ৰশ্ন ১: আলি-আই-লৃগাং কি?
উত্তৰ: মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। এই উৎসৱত শস্য সিঁচাৰ শুভাৰম্ভ কৰা হয়।
প্ৰশ্ন ২: আলি-আই-লৃগাং কেতিয়া পালন কৰা হয়?
উত্তৰ: প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়।
প্ৰশ্ন ৩: আলি-আই-লৃগাং শব্দৰ অৰ্থ কি?
উত্তৰ: “আলি” মানে শস্যৰ বীজ, “আই” মানে ফল আৰু “লৃগাং” মানে সিঁচা। সেয়া মিলাই “আলি-আই-লৃগাং” মানে শস্য সিঁচাৰ শুভাৰম্ভ।
প্ৰশ্ন ৪: আলি-আই-লৃগাং উৎসৱত কি কি কৰা হয়?
উত্তৰ: এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ, পূজা-অৰ্চনা, নৃত্য-গীত আৰু সমূহীয়া ভোজ-ভাত কৰে।
প্ৰশ্ন ৫: আলি-আই-লৃগাং উৎসৱত কোন নৃত্য কৰা হয়?
উত্তৰ: মিচিংসকলে গুম্ৰাগ নৃত্য কৰে।
প্ৰশ্ন ৬: আলি-আই-লৃগাং উৎসৱৰ খাদ্য কি কি?
উত্তৰ: এই উৎসৱত মিচিংসকলে পুৰাং, আপং, মাছ আৰু গাহৰি মাংস আদি খাদ্য প্ৰস্তুত কৰে।
প্ৰশ্ন ৭: আলি-আই-লৃগাং উৎসৱৰ মূল উদ্দেশ্য কি?
উত্তৰ: মূল উদ্দেশ্য হৈছে শস্য সিঁচাৰ শুভাৰম্ভ কৰা আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা। 0 0 0
নোট: যদি আপুনি উক্ত প্ৰৱন্ধটো পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
You May Consult:
বি. দ্র. উক্ত ‘আলি-আই-লৃগাং | Ali Ai Lrigang Essay in Assamese‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: