Home Quiz আল্লাহ কুইজ | Allah Quiz

আল্লাহ কুইজ | Allah Quiz

0

আল্লাহ কুইজ | Allah Quiz

আল্লাহ কুইজ  Allah Quiz

 

আল্লাহ কুইজ,  Allah Quiz

আল্লাহ কুইজ | Allah Quiz

প্ৰঃ আল্লাহ কি?

উঃ আল্লাহ হৈছে গোটেই বিশ্বব্রহ্মাণ্ডৰ মহাশক্তিমান সৃষ্টিকৰ্তা, পালন কৰ্তা, ৰক্ষাকৰ্তা আৰু সংহাৰকৰ্তা। তেওঁ একক, চিৰন্তন, সৰ্বজান্তা, সৰ্ব প্ৰভাৱী একমাত্ৰ উপাস্য প্ৰভু।

প্ৰঃ ‘আল্লাহ’ শব্দৰ অৰ্থ কি?

উঃ ‘আল্লাহ’ শব্দৰ যথাযথ প্ৰতিশব্দ কোনো ভাষাতে নাই। ‘আল্লাহ’ শব্দটি স্বয়ং আল্লাহই নিজৰ বাবে নিজেই নিৰ্বাচন কৰিছে। ‘আল্লাহ’ শব্দৰ  বাহিৰে অইন কোনো বেলেগ শব্দৰ দ্বাৰা ইয়াৰ অৰ্থ যথাযথভাৱে বুজাব নোৱাৰি। সংক্ষেপে এই শব্দটিয়ে গোটেই বিশ্বব্রহ্মাণ্ডৰ চিৰন্তন মহাশক্তিশালী, মহাপ্ৰভাৱী প্ৰতিদ্বন্দ্বীহীন একক সৃষ্টিকৰ্তাক বুজায়।

প্ৰঃ ‘আল্লাহ’ শব্দটি কি শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়?

উঃ হিব্রূ ভাষাৰ ‘ইলা’ (ইলাহুন) শব্দৰ পৰা।

প্ৰঃ ‘ইছমে আজম’ কি?

উঃ ‘ইছমে আজম’ মানে সর্বশ্রেষ্ঠ নাম। ‘ইছমে আজম’ৰ দ্বাৰা আল্লাহক বুজোৱা হয়।

প্ৰঃ আল্লাহক ফাৰচী ভাষাত কি বুলি কোৱা হয়?

উঃ  খোদা।

প্ৰঃ আল্লাহ  ক’ত আছে?

উঃ সাত স্তৰ আকাশৰ ওপৰ (আৰশে আজীম)ত আছে।

প্ৰঃ আল কোৰানত আল্লাহ শব্দটি কেইবাৰ আছে?

উঃ  2,584 বাৰ।

প্ৰঃ আল্লাহই পোন প্ৰথমতে কি সৃষ্টি কৰিছে?

উঃ শেষ পয়গম্বৰ হজৰত মহম্মদ (ছাঃ)ৰ নূৰ বা জ্যোতি। (কিছুমানৰ মতে কলম)।

প্ৰঃ আল্লাহই নিজ হাতে কি কি বস্তু সৃষ্টি কৰিছে?

উঃ কলম, আৰশ, জান্নাতুল আদন আৰু আদম (আঃ)। বাকী বস্তুবোৰ তেওঁ ‘কুন’ (হোৱা) শব্দৰ দ্বাৰা সৃষ্টি কৰিছে।

আল্লাহ কুইজ,  Allah Quiz

প্ৰঃ  ‘শিৰক’ কি?

উঃ আল্লাহৰ অংশীদাৰ আছে বুলি বিশ্বাস কৰাক শিৰক বোলে। শিৰক মহাপাপ।

প্ৰঃ শিৰক কেই প্ৰকাৰ আৰু কি কি?

উঃ শিৰক দুই প্ৰকাৰ, যেনে– শিৰক জলী (প্ৰকাশ্য শিৰক) আৰু শিৰক খফী (গোপন শিৰক)।

প্ৰঃ ‘বিদয়াত’ কি?

উঃ বিদয়াত‘ মানে মনে গঢ়া কথা বা কাম। যি কাম হজৰত মহম্মদ (ছাঃ) আৰু তেখেতৰ চাহাবীসকলে কৰা নাই তেনে কাম শৰীয়তসন্মত ভাৱি কৰাৰ নামেই বিদয়াত।

প্ৰঃ ‘ক্কিয়াম’ কি?

উঃ ‘ক্বিয়াম’ শব্দৰ অৰ্থ হ’ল থিয় হোৱা। নামাজত ক্কিয়াম কৰা (থিয় হোৱা) ফৰজ (অৱশ্য কৰণীয়) কিন্তু মিলাদ (গুণকীৰ্তন) ত হজৰত মহম্মদৰ নাম শুনি ভক্তিভাৱে থিয় হোৱা (ক্কিয়াম কৰা) বিদয়াত।

প্ৰঃ ঈমান কি?

উঃ  ইছলাম ধৰ্মৰ মৌলিক বিধানসমূহ অন্তৰে বিশ্বাস কৰা, মুখে স্বীকাৰ কৰা আৰু সেইবোৰ পালন কৰাই ঈমান। সংক্ষেপে ঈমান মানে সৰ্বশক্তিমান প্ৰভু আল্লাহৰ একত্বত দৃঢ় বিশ্বাস কৰা।

প্ৰঃ কুফৰ কি?

উঃ আল্লাহ আৰু তেওঁৰ ৰছুলক বিশ্বাস নকৰাক কুফৰ বোলে।

প্ৰঃ পৃথিৱীত ‘আল্লাহৰ ঘৰ’ বুলিলে কোন স্থানক বুজায়?

উঃ আৰব দেশৰ মক্কা নগৰত থকা কাবা শ্বৰীফক বুজায়।

প্ৰঃ আল্লাহই বিশ্ব ব্রহ্মাণ্ড কেইদিনত সৃষ্টি কৰিছে?

উঃ 6 দিনত।

প্ৰঃ আল্লাহৰ সৃষ্টি জীৱ বা বস্তু কিমান?

উঃ 18 হাজাৰ।

প্ৰঃ 18 হাজাৰ মাখলুক (সৃষ্টি জীৱ) ক’ত ক’ত আছে?

উঃ আকাশত 6000, স্থলত 6000 আৰু পানীত 6000।

প্ৰঃ বায়তুল্লাহ শৰিফ কাৰ অনুকৰণত তৈয়াৰী?

উঃ সপ্তম আকাশত থকা ফিৰিস্তাসকলৰ উপাসনা গৃহ বায়তুল মামুৰৰ অনুকৰণত। 0 0 0

আল্লাহ কুইজ,  Allah Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

আল্লাহ কুইজ,  Allah Quiz

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here