Home Literary Criticism আল-আ‘শ্বা | Al-Asha

আল-আ‘শ্বা | Al-Asha

0

আল-আ‘শ্বা | Al-Asha

আল-আ‘শ্বা | Al-Asha

আল-আ‘শ্বা | Al-Asha

আল-আ‘শ্বা: চমু  পৰিচয়:

আল-আ‘শ্বা আছিল প্ৰাক-ইছলামী যুগৰ এজন উল্লেখযোগ্য  কবি। তেওঁৰ আচল নাম আছিল মায়মুন বিন কায়েছ। তেওঁৰ জন্মকাল অজ্ঞাত। কিন্তু অনুমান কৰা হয় যে তেওঁ ষষ্ঠ শকিতাৰ প্ৰথমাৰ্ধত নজদ নামৰ ঠাইত এক সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল কিন্তু কাব্যিক প্ৰতিভাৰ বলত তেওঁ নিজকে এজন সন্মানীয় আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। ‘আল আ‘শ্বা’ শব্দৰ অৰ্থ ‘দুৰ্বল দৃষ্টিসম্পন্ন ব্যক্তি’। ইয়াৰ পৰা অনুমান কৰা হয় যে তেওঁৰ দৃষ্টি দুৰ্বল আছিল।
 
তেওঁৰ কবিতাৰ পৰা জনা যায় যে তৎকালীন হীৰাৰ ৰজা আৰু পাৰস্যৰ চাচানীয় শাসনকৰ্তাসকলৰ লগত তেওঁৰ সু-সম্পৰ্ক আছিল।  তেওঁৰ কবিতাৰ পৰা আৰু জনা যায় যে এবাৰ হীৰাৰ ৰজাই তেওঁৰ গোত্ৰৰ কিছুমান ব্যক্তি আৰু জীৱ-জন্তু আটক কৰিছিল আৰু আল-আ‘শ্বাৰ অনুৰোধত ৰজাই সেইবোৰ মুকলি কৰি দিছিল। আন এটি কবিতাত পোৱা যায় যে এবাৰ ইৰাকত তেওঁৰ গোত্ৰৰ দুজন লোকক  নেতৃস্থানীয় লোক এজনে বন্দী কৰি ৰাখিছিল আৰু আল-আ‘শ্বাৰ মধ্যস্থতাত সিহঁতে মুক্তি পাইছিল। এই ঘটনাৰ পৰা বুজা যায় যে আল-আ‘শ্বা এজন প্ৰভাৱশালী আৰু মৰ্যদাসম্পন্ন ব্যক্তি আছিল।
 
কথিত আছে যে এবাৰ তেওঁ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ক লগ ধৰিবলৈ মদিনালৈ গৈ আছিল আৰু নবীৰ প্ৰশংসা কৰি এটি কবিতা ৰচনা কৰিছিল। কিন্তু আল-আ‘শ্বাৰ দৰে এজন ব্যক্তি হজৰত মহম্মদ (ছাঃ)ক সাক্ষাৎ কৰিলে আৰু ইছলমাত দীক্ষিত হ’লে ইছলামৰ প্ৰভাৱ আৰু শক্তি বহুত বাঢ়ি যাব বুলি ভাবি মক্কাৰ কুৰেইশসকলে তেওঁৰ বাট ভেটি ধৰি তেওঁক এশ উট উপঢৌকন হিচাপে আগবঢ়াই নবীৰ লগত সাক্ষাৎ কৰাৰ পৰা বিৰত ৰাখে।
 
তেওঁ ৬২৯  খ্ৰীষ্টাব্দত নিজ অঞ্চলত মৃত্যু বৰণ কৰে।

আল-আ‘শ্বা: কাব্যিক প্ৰতিভাঃ

আল আ‘শ্বাই সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল। বৰ্তমানে তেওঁৰ কবিতাৰ মাত্ৰ ২০০০ টা শাৰী পোৱা গৈছে।  তেওঁৰ কবিতাৰ সৰহভাগ ব্যঙ্গাত্মক আছিল। তেওঁৰ কিছুমান কবিতা শোকাত্মক। তেওঁৰ প্ৰেম বিষয়ক কবিতাত প্ৰেসয়ীৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনা থকাৰ উপৰিও তেওঁ প্ৰেয়সীৰ মনোজগতৰ বিষয়েও উল্লেখ কৰিছে। গোষ্ঠীগত বিবাদৰ প্ৰসংগও তেওঁৰ কবিতাত বিদ্যমান।
 
কবি হিচাপে তেওঁৰ ভাষা আছিল জটিলতা আৰু সৰলতাৰ সংমিশ্ৰণ। তেওঁৰ কবিতাত ছন্দ ব্যৱহাৰ কৰিছিল যদিও ছন্দৰ সংগতিৰ প্ৰতি তেওঁ সিমান সচেতন নাছিল।
 

সামৰিণত ক’ব পাৰি যে আল-আ‘শ্বাই তেওঁৰ কবিতাৰাজিৰ জৰিয়তে প্ৰাক ইছলামী যুগৰ কাব্য সাহিত্যৰ বিকাশত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ০ ০ ০.

আল-আ‘শ্বা (Al-Asha)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here