Home Literary Criticism আল-ছামাওৱাল বিন আদিয়া। Al-Shamaul bin Adia

আল-ছামাওৱাল বিন আদিয়া। Al-Shamaul bin Adia

0

আল-ছামাওৱাল বিন আদিয়া। Al-Shamaul bin Adia

আল-ছামাওৱাল বিন আদিয়া। Al-Shamaul bin Adia

 

আল-ছামাওৱাল বিন আদিয়া

আল-ছামাওৱাল বিন আদিয়া । Al-Shamaul bin Adia

চমু  পৰিচয়: আল-ছামাওৱাল বিন আদিয়া আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। ইতিহাসত তেওঁ এজন ধৰ্মভীৰু, দানী, ৰাজ ভক্তিপৰায়ণ, সমাজসেৱক, প্ৰতিজ্ঞা পালনকাৰী, পিতৃভক্ত আৰু সত্যবাদী ব্যক্তি হিচাপে বিখ্যাত হৈ আছে।
.
তেওঁৰ জন্ম হৈছিল আৰবৰ হেজায প্ৰদেশৰ আউস গোত্ৰৰ এক ধৰ্মভীৰু ইহুদী পৰিয়ালত। তেওঁ মদিনাৰ ওচৰৰ আল-টামিয়াত থকা আবালাক নামৰ দুৰ্গত বসবাস কৰিছিল। তেওঁ পথিক আৰু তৃষ্ণাতুৰ লোকক পানী পান কৰোৱাৰ উদ্দেশ্যে মদিনাত এটি নাদ খনন কৰাইছিল। জনসাধাৰণৰ সুবিধাৰ অৰ্থে তেওঁ দুৰ্গৰ ভিতৰত এখন বজাৰ বহুৱাইছিল আৰু তাত জনসাধাৰণতে সহজে পাব পৰাকৈ নানা ধৰণৰ সামগ্ৰী ৰখা হৈছিল।
প্ৰতিজ্ঞা পালনত তেওঁ আছিল অদ্বিতীয়। এবাৰ আবৰী কবি ইমৰাউল কাইছে পিতৃ ৰাজ্য হেৰুৱাই শত্রূ সৈন্যৰ দ্বাৰা বিতাৰিত হোৱাত আল ছামাওৱালে তেওঁক আবলাক দুৰ্গৰ ভিতৰত আশ্ৰয় দিছিল। ইমৰাউল কাইছে তাত কিছুদিন অৱস্থান কৰি তাৰ পৰা গুচি যোৱাৰ সময়ত আল ছামাওৱালৰ ওচৰত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা কেইটামান বৰ্ম ৰাখি গৈছিল। হীৰাৰ ৰজাই  ইমৰাউল কাইছৰ অৱস্থানৰ বিষয়ে জানিব পাৰি হাৰিছ বিন জালিমৰ  নেতৃত্বত এদল সৈন্য পঠায়। কিন্তু তাৰ আগতেই ইমৰাউল কাইছে সেই ঠাই এৰি যোৱাত তেওঁ তাত থৈ যোৱা বৰ্মকেইটা হাৰিছৰ হাতত অৰ্পন কৰিব লাগে বুলি ছামাওৱালক আদেশ দিয়ে। কিন্তু  আল ছামাওৱালে আনৰ গচ্ছিত বস্তু কাকো দিব নোৱাৰে বুলি সেই আদেশ অমান্য কৰিছিল। এদিনাখন আল-ছামাওৱালৰ এজন পুত্ৰ দুৰ্গৰ বাহিৰত হাৰিছৰ সৈন্যৰ হাতত বন্ধী হয়। তেতিয়া হাৰিছে আল-ছামাওৱালৰ ওচৰত চৰ্ত আৰোপ কৰে যে ইমৰাউল কাইছে তেওঁৰ ওচৰত জমা থোৱা বৰ্মকেইটা হাৰিছৰ হাতত অৰ্পণ কৰিলে তেওঁ ছামাওৱালৰ পুত্ৰক এৰি দিব। অন্যথা তেওঁক হত্যা কৰা হ’ব।  তেতিয়া ছামাওৱালে কৈছিল, “তোমালোকে মোৰ পুত্ৰক যি ইচ্ছা তাকে কবিব পৰা, মই মোৰ অতিথি বন্ধুৰ সম্পত্তি তোমালোকৰ হাতত গতাই দিব নোৱাৰো।” ইয়াৰ পিছত হাৰিছে আল-ছালাওৱালৰ পুত্ৰক কাটি দুছেৱা কৰিছিল। উক্ত ঘটনাৰ পৰা জনা যায় যে আল-ছামাওৱাল এজন সৎ আৰু সত্যবাদী লোক আছিল। তেওঁৰ সত্যবাদীতা আৰু অতিথিপৰায়ণতাৰ কাহিনীৰ বাবে ইতিহাসত আজিও অমৰ হৈ আছে।
 
৫৬০ খ্ৰীষ্টাব্দত মদিনাত তেওঁৰ মৃত্যু হয়।
আল-ছামাওৱাল বিন আদিয়া
 
কাব্যিক প্ৰতিভাঃ আল-ছামাওৱাল বিন আদিয়াই বহুত কবিতা ৰচনা কৰিছিল বুলি অনুমান কৰা হয়। কিন্তু দুখৰ বিষয় যে তেওঁৰ কবিতাৰাজিৰ মাত্ৰ কেইশাৰীমান কবিতাহে সংৰক্ষিত অৱস্থাত পোৱা গৈছে। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল গোষ্ঠীদ্বন্দ্ব, বংশেগৗৰৱ আৰু শত্রূৰ প্ৰতি নিন্দা। তেওঁৰ কবিতাত সত্যবাদিতা, কৰ্তব্যপৰায়ণতা, ৰাজভক্তি, দয়া, মানৱতা আদিৰ প্ৰসংগও আছে। তেওঁৰ কিছু কবিতাত ইছলামী দৰ্শন প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে তলত তেওঁৰ কেইশাৰীমান কবিতা উদ্ধৃত কৰা হ’ল-
 
“যেতিয়া এজন ব্যক্তিৰ সন্মান নীচতাৰ দ্বাৰা কলুষিত নহয়,
তেতিয়া তেওঁ যি পোছাকেই পৰিধান কৰে তাতেই সুন্দৰ দেখায়।
যদি তেওঁ কেতিয়াও নিজকে সহ্য কৰিবলৈ বাধা দিয়া নাই,
তেন্তে তাৰ বাহিৰে ভাল প্ৰশংসা পোৱাৰ কোনো পথ নাই।”
 
তেওঁৰ কবিতা আছিল সৰলতা আৰু জটিলতাৰ এক সংমিশ্ৰণ। তেওঁৰ কবিতাৰ কিছুমান পংক্তি আছিল অতি সহজে বোধগম্য আৰু কিছুমান পংক্তি আছিল জটিল আৰু আওপকীয়া। তেওঁৰ নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য প্ৰকাশ কৰিবলৈ মতা ঘোঁৰা, বৰষুণ, তাৰোৱাল আদি নানা কল্পচিত্ৰৰ আশ্ৰয় লৈছিল। উদাহৰণস্বৰূেপ তলত ছামাওৱালৰ কেইশাৰীমান কবিতাৰ উদ্ধৃতি দিয়া হ’ল-
 
“আমাৰ এটা পৰ্বত আছে য’ত বাস কৰিবলৈ অহা লোকক আমি সুৰক্ষা দিও,
ই অভেদ্য, চকুঘূৰাই যোৱা আৰু শক্তিশালী;
ইয়াৰ শিপা মাটিৰ তলত আৰু ইয়াৰ ডাল
ওপৰলৈ বাঢ়ি গৈ তৰাবোৰক স্পৰ্শ কৰে, 
ই ঢুকি পাব নোৱাৰাকৈ ওখ।”
 
সামৰণিত ক’ব পাৰি যে প্ৰাক ইছলামী যুগত আবৰী কবিতাৰ বিকাশত যিসকল কবিয়ে অৱদান আগবঢ়াইছিল সেইসকলৰ মাজত কবি আল-ছামাওৱাল বিন আদিয়াৰো এক বিশিষ্ট স্থান আছে। ০ ০ ০.
আল-ছামাওৱাল বিন আদিয়া
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here