আল-শ্বানফাৰা | Al-Shanfara

0

আল-শ্বানফাৰা | Al-Shanfara

 

আল-শ্বানফাৰা | Al-Shanfara
আল-শ্বানফাৰা

আল-শ্বানফাৰা | Al-Shanfara

চমু  পৰিচয়: আল-শ্বানফাৰা আছিল প্ৰাক-ইছলামী যুগৰ এজন প্ৰখ্যাত দস্যু বা যাযাবৰী কবি। ‘দস্যু কবি’ বুলিলে প্ৰাক-ইছলামী যুগৰ সেইসকল কবিক বুজোৱা হয় যিসকল কবিয়ে অন্যায়ভাৱে বা  কিবা অপৰাধৰ বাবে নিজ গোত্ৰৰ পৰা বিতাৰিত হৈ স্বাধীনভাৱে সামাজিক জীৱনৰ পৰা বিচ্ছিন্ন হৈ যাযাবৰী জীৱন যাপন কৰিছিল। এনে কবিসকলে একেজাতীয় আন কিছুমান লোকৰ লগ লাগি মৰুভূমিৰ মাজত ঘূৰি ফুৰিছিল আৰু ডকাইতি কৰি বা মানুহক ভয় দেখুৱাই বয়বস্তু লুটপাট কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইয়াৰ কিছুমানে কবিতা ৰচনা কৰি, কবিতা আবৃতি কৰিও ধন  উপাৰ্জন কৰিছিল। আল শ্বানফাৰা আছিল তেনে কবিসকলৰ মাজৰ এজন অন্যতম কবি।
আল-শ্বানফাৰা | Al-Shanfara
.
আল শ্বানফাৰাই দক্ষিণ আৰবৰ ইয়ামান প্ৰদেশত বসবাস কৰা বিখ্যাত আজদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ আচল নাম আছিল আমৰ বিন ৰাবিয়াহ বিন আল আওয়াছ বিন আল হুজৰ বিন আল আজদ। বহু পণ্ডিতে অনুমান কৰে যে শ্বানফাৰা আছিল তেওঁৰ উপলুঙা নাম। ‘শ্বানফাৰা’ শব্দৰ অৰ্থ  ‘বিশাল ওঁঠযুক্ত’। সম্ভৱতঃ তেওঁৰ ওঁঠযোৰ স্বাভাৱিকতকৈ ডাঙৰ আছিল বাবেই মানুহে তেওঁক ‘শ্বানফাৰা’ বুলি মাতিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আল ৰাবিয়া। তেওঁৰ মাক আছিল এজন হাবশী দাসী। তাই আছিল ফাহম বিন কায়েচ গোত্ৰৰ পালিতা কন্যা।  তেওঁ  পিতৃ বংশৰ পৰা সাহসকিতা আৰু বল-বিক্ৰম লাভ কৰিছিল আৰু মাকৰ ফালৰ পৰা লাভ কৰিছিল কৃষ্ণকায় ছালৰ আৱৰণ। তেওঁৰ দেউতাক এজন দৰিদ্ৰ লোক আছিল আৰু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা অতি কষ্টেৰে আৰু মাজে মাজে লুটপাট কৰি জীৱিকা অৰ্জন কৰিছিল।  দুখ-কষ্টৰ মাজত লালিত-পালিত হোৱা বাবে শ্বানফাৰাই কোনো বিদ্যা শিক্ষাৰ সুযোগ পোৱা নাছিল।
আল-শ্বানফাৰা | Al-Shanfara
.
জনা যায় যে তেওঁ সৰু থাকোতে তেওঁৰ দেউতাকক কোনোবাই হত্যা কৰে। পিতৃ বিয়োগ হোৱাৰ পিছত তেওঁ মাকৰ লগত মোমায়েকৰ ঘৰত থাবিলৈ লয়। কিন্তু  ঘটনাক্ৰমে শাবাবা গোত্ৰৰ এজন লোকে তেওঁক সৰু কালতেই বন্দী কৰি লৈ যায় আৰু মুক্তিপণ হিচাপে দুশ উট দাবী কৰে। কিন্তু শ্বানফাৰাৰ পৰিয়ালৰ লোকে মুক্তিপণ দিব নোৱাৰাত তেওঁক ছালমা গোত্ৰৰ লোকসকলৰ হাতত অৰ্পণ কৰে।  তেতিয়াৰ পৰা তেওঁ ছালমা গোত্ৰত থাকিবলৈ লয়। এবাৰ তেওঁ জ্বৰত আক্ৰান্ত হৈছিল। তেতিয়া তেওঁ পালিত পিতাৰ জীয়েকক ‘ভনী’ বুলি সম্বোধন কৰি তেওঁৰ মূৰত পানী ঢালি দিবলৈ কৈছিল। এই কথাত ছোৱালীজনীয়ে ভীষণ খং কৰে। ইয়াৰ পিছত শ্বানফাৰাই তেওঁৰ পালিত পিতৃৰ ওচৰত নিজৰ আচল পৰিচয় জানিব বিচাৰে। কিয়নো ইয়াৰ আগতে তেওঁ নিজৰ বংশ পৰিচয় সম্পৰ্কে অজ্ঞাত আছিল।  পালিত পিতৃৰ পৰা নিজৰ বংশ পৰিচয় জানিব পাৰি তেওঁ অতিশয় ক্ৰোধান্বিত হয় আৰু ছালমা গোত্ৰৰ লোকসকলে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিশোধ হিচাপে ছালমা গোত্ৰৰ এশজন লোকক হত্যা কৰিব বুলি প্ৰতিজ্ঞা কৰে।
 .
ইয়াৰ পিছত তেওঁ কিবা উপায়ে ছালমা গোত্ৰৰ পৰা মুক্ত হৈ বা পলায়ন কৰি যাযাবৰী জীৱন যাপন কৰিবলৈ লয়। এই সময়ছোৱাত তেওঁ কেইজনমান উদণ্ড যুৱকৰ লগত বন্ধুত্ব স্থাপন কৰি সিহঁতৰ লগলাগি ছালমা গোত্ৰৰ নিৰানব্বৈজন লোকক হত্যা কৰে। কিন্তু ১০০ তম ব্যক্তিক হত্যা কৰিবলৈ যাওঁতে ছালমা গোত্ৰৰ লোকসকলে অতৰ্কিতে আক্ৰমণ কৰি ৫১০ খ্ৰীষ্টাব্দত শ্বানফাৰাক হত্যা কৰি তেওঁৰ মৃতদেহটো মৰুভূমিৰ বালিৰ মাজত পেলাই থয়।
 .
কথিত আছে যে শ্বানফাৰাৰ মৃত্যুৰ বহুদিন পিছত সেই ফালেদি ছালমা গোত্ৰৰ এজন লোক গৈ আছিল আৰু বাটত শ্বানফাৰাৰ কংকাল দেখা পাই ঘৃণাভাৱেৰে লাওখোলাত ভৰিৰে আঘাত কৰে। দুৰ্ভাগ্যবশতঃ লাওখোলৰ এডাল হাড় ব্যক্তিজনৰ ভৰিত সোমাই যায় আৰু সেই আঘাততে পিছত লোকজনৰ মৃত্যু হয়।  এনেদেৰে শ্বানফাৰাই ছালমা গোত্ৰৰ ১০০ জন লোকক হত্যা কৰিব বুলি কৰা প্ৰতিজ্ঞা পূৰণ হয়।
 .
সামাজিক অন্যায় আৰু অত্যাচাৰৰ বলি হোৱা শ্বানফাৰাই এক প্ৰতিশোধপৰায়ণ মানসিকতাৰে দুৰ্দ্দান্ত জীৱন যাপন কৰিছিল।
আল-শ্বানফাৰা | Al-Shanfara
 
কাব্যিক প্ৰতিভাঃ আল-শ্বানফাৰাই যৌৱনৰ প্ৰাৰম্ভিক কালৰ পৰাই কবিতা চৰ্চা আৰম্ভ কৰিছিল। সম্ভৱতঃ তেওঁ বহুত কবিতা ৰচনা কৰিছিল যদিও তাৰ সৰহখিনি কালৰ বুকুত হেৰাই গৈছে আৰু যিখিনি পিছত বিভিন্ন সংকলনত সংৰক্ষিত হৈছিল তাৰ পৰা বুজা যায় তেওঁ অপূৰ্ব কাব্যিক শক্তিৰ অধিকাৰী আছিল। তেওঁৰ সৰহভাগ কবিতাই আছিল সামাজিকি অন্যায়ৰ প্ৰতিবাদস্বৰূপ।
 .
তেওঁ ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ‘লামিয়াতুল আৰব’ শিৰোনামৰ কবিতাটো বিখ্যাত। এই কবিতাটি কাছীদাধৰ্মী।  কবিতাটিত তেওঁ নিজৰ দস্যু জীৱনৰ অভিজ্ঞতা, প্ৰেম প্ৰণয়, ব্যক্তিগত হাঁহি-কান্দোন, হিংসা, প্ৰতিহিংসা, প্ৰতিশোধ, মৰুভূমিৰ জীৱন প্ৰণালী  আদি বিষয় চিত্ৰিত কৰিছে। কবিতাটিৰ এঠাইত তেওঁ লিখিছে-
 
“হে মোৰ মাতৃবংশৰ লোকসকল
নিদ্ৰাৰ পৰা জাগা আৰু জানি লোৱা
তোমালোকে মোক বহুত অসন্মান কৰিছা
মই এতিয়া তোমালোকক এৰি বহু দূৰলৈ গুচি যাম
তোমালোকে জানা মোৰ গুচি যোৱাৰ কাৰণ
জোনাক নিশাৰ দৰে উজ্জ্বল।”
 
তেওঁৰ প্ৰেমমূলক কবিতাবোৰ আছিল ৰোমান্টিকধৰ্মী। কিন্তু তেওঁৰ কবিতাত নাৰীদেহৰ কোনো অশ্লীল বৰ্ণনা পোৱা নাযায়। নাৰীক তেওঁ আদৰ্শৰ প্ৰতীক হিচাপে চিহ্নিত কৰিবলৈ চেষ্টা কৰিছিল।
 
তেওঁৰ কবিতাৰ ভাষা আছিল তেজস্বী আৰু বক্তৃতাধৰ্মী, ছন্দ আছিল অপূৰ্ব আৰু ভাবাবেগত  আছিল বাধাহীন নদীৰ দৰে, কল্পচিত্ৰ আছিল সৰল কিন্তু মনোহৰ।
 
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ কবিসকলৰ ভিতৰত শ্বানফাৰা আছিল এজন অনন্য আবেদনময়ী কবি যিজনে  অকৃত্ৰিমভাৱে নিজৰ জীৱনৰ বাস্তৱ ঘটনাৰাজিক  কাব্যিক ৰূপ দি সামাজিক অন্যায়ৰ বিৰুদ্ধে নিজৰ সজ্ঞানক সগর্বে প্ৰকাশ কৰিছিল। ০ ০ ০.
আল-শ্বানফাৰা | Al-Shanfara 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here