Home Literary Criticism আস্থানিক–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Asthanik

আস্থানিক–এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Asthanik

0

আস্থানিক–এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
আস্থানিক--এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Asthanik

 

আস্থানিক–এক সমালোচনাত্মক বিশ্লেষণ

আস্থানিক–এক সমালোচনাত্মক বিশ্লেষণ

ইছমাইল হোছাইনৰ ‘আস্থানিক’ কবিতাটি প্ৰেমৰ কৰুণ কবিতা। কবিয়ে প্ৰেম কৰিব বিচাৰিছে কিন্তু প্ৰেম কৰিবলৈ প্ৰেমৰ পৰিৱেশ আৰু সময় পোৱা নাই। এই কবিতাটি পঢ়াৰ সময়ত আন্দ্রেও মার্ভেল  নামৰ এজন ইংৰাজ কবিৰ এষাৰ উক্তি মনলৈ আহে। কবি মার্ভেলে  প্ৰেম কৰিব বিচাৰিছে, কিন্তু প্ৰেম কৰিবলৈ কোনো নিৰ্জন ঠাই পোৱা নাই য’ত কবিয়ে প্ৰেয়সীক বুকুৰ মাজত আকোৱালি ল’ব পাৰে। মার্ভেলে কৈছে–

“The grave is a secret place

But none,  I think do there embrace.’’

কবিয়ে বাল্যকাল,  কিশোৰ কাল পাৰ হৈ পূৰ্ণ যৌৱন পাইছে। একুৰি পাঁচোটা বসন্ত গচকিছে। তথাপি কবি আৰু কবিৰ প্ৰেয়সীৰ প্ৰাণত উষ্ণ কিম্বা শীতল স্পৰ্শ নাহিল। আচলতে প্ৰেমৰ শিহৰণ আহিছিল, কিন্তু সময়কণহে নাপালে। কবিয়ে কৈছে–

“একুৰি পাঁচটা বসন্তৰ অন্তত অনুভৱ নহ’ল

তোমাৰ-মোৰ প্ৰেমৰ উষ্ণ কিম্বা শীতল স্পৰ্শ;

আচলতে অনুভৱৰ যথোচিত সময়কণেই নোলাল।

–এতিয়াতো প্ৰেমৰ শীৰ্ণ দুৱাৰত নিষিদ্ধ হাত।”

কবিৰ জীৱনটো প্ৰেৰণাৰে ভ’ৰপুৰ; কৰ্ম ব্যস্ত তেওঁৰ জীৱন। তাৰোপৰি কবিয়ে প্ৰেম কৰিবলৈ উপযুক্ত পৰিৱেশ ক’তো নাপালে।  সেয়ে বসন্তৰ  ফুলৰ সুভাস কবিৰ লোৱা নহ’ল। কবিয়ে কৈছে–

“ঋতুৰ ফুলৰ আকলুৱা সুবাসকণো নল’লো

সুবাস ল’বলৈ নিৰ্মল পৰিৱেশই বা ক’ত?

–কেঁচা ঘামৰ গোন্ধত আজিও আমোলমোলায় শৰীৰ।”

সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ দৰে কবিয়ে যৌৱনত আকাশলৈ চাই প্ৰেমৰ বিলাসী কবিতা লিখাৰো সময় নাপালে, এতিয়া লিখাৰ প্ৰয়োজন অনুভৱ কৰা নাই–কিয়নো গীতৰ আকাশত এতিয়া অবৈধ সুৰৰ সংগম। কবিৰ ভাষাত–

“নীলাভ আকাশত তৰাৰ লুকা-ভাকু চাই

তোমালৈ বুলি নীড়মুখী চৰাইৰ এটি গীতো নিলিখিলো

গভীৰ আকাশত এতিয়া অবৈধ সুৰৰ গৰ্ভপাত।”

কবিৰ চাৰিও দিশ মৰিশালীময়। আনকি সেউজ পথাৰত শস্যৰ সুভাস¸কণো নাই। তেনে অৱস্থাত কবিৰ প্ৰেমিকাৰ স’তে প্ৰেমৰ আমোদী তৰ্ক-বিতৰ্কত আন্দোলিত হ’বলৈ কোনো সময়ো নাপালে। সেয়ে কবিয়ে কৈছে–

“সেউজী বননিত, পাহাৰৰ ঢালত কিম্বা মেঘৰ ছাঁয়াত

তোমাৰ স’তে আন্দোলিত নহ’ল এটি বিতৰ্কিত মূহুৰ্ত

–বননিত এতিয়াও আছে জানো শইচৰ সুভাস¸?

চৌদিশে মৰাশৰ বিদ্ৰোহী কুটিল নাচ।”

কবিয়ে প্ৰেমৰ যথোপযুক্ত সময়ৰ অভাৱ দেখুৱাই সমাজৰ অশান্তিময় পৰিৱেশকেই চিত্ৰিত কৰিছে কবিতাটিৰ মাজেৰে। ইয়াত ব্যৱহাৰ হোৱা কল্পচিত্ৰত কোনো অভিনৱত্ব নাই।  এজন সাধাৰণ প্ৰেমিকে বিনা দ্বিধাই আহ্বান কৰা সাধাৰণ কল্পচিত্ৰৰ দৰেই কবিতাটিৰ কল্পচিত্ৰবোৰ  সাধাৰণ আৰু গতানুগতিক। ০ ০ ০ আস্থানিক–এক সমালোচনাত্মক বিশ্লে

আস্থানিক–এক সমালোচনাত্মক বিশ্লে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here