Home Literary Criticism আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Arabi Kabitar Janma, Bikash Aru...

আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Arabi Kabitar Janma, Bikash Aru Boishishta

0

আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য  Arabi Kabitar Janma, Bikash Aru Boishishta

আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Arabi Kabitar Janma, Bikash Aru Boishishta

কবিতা’ হৈছে সাহিত্যৰ সকলো শাখাৰ ভিতৰত জ্যেষ্ঠ, জটিল, বহুৰূপী, বিতৰ্কিত আৰু বহুলভাৱে সমালোচিত শাখা। গদ্য সাহিত্য প্ৰচলনৰ আগলৈকে বিশ্ব সাহিত্যৰ সাম্ৰাজ্যত কবিতাই যুগ যুগ ধৰি আধিপত্য চলাইছিল। কিন্তু ‘কবিতা’ কি–তাৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে কোনেও উলিয়াব পৰা নাই। বিভিন্ন পণ্ডিতে কবিতাক ভিন ভিন ধৰণে সংজ্ঞায়িত কৰিছে যদিও এটা সংজ্ঞাৰ লগত আনটোৰ মিল নাই। যিয়েই নহওঁক কবিতা বুলিলে আমি এনে এক ৰচনাক বুজো য’ত কোনো ঘটনা, অনুভৱ বা বিষয়ৰ অলংকাৰ পূৰ্ণ আবেগিক বৰ্ণনা থাকে।
 
বিশ্বৰ প্ৰায়বোৰ ভাষাৰে কাব্য সাহিত্য থকাৰ দৰে আৰবী ভাষাৰো এক চহকী কাব্য ভাণ্ডাৰ আছে। আৰবী ভাষাৰ কাব্য সাহিত্যৰ আৰম্ভণি কেতিয়া হৈছিল তাক কোনেও সঠিককৈ ক’ব নোৱাৰি যদিও প্ৰাক- ইছলামী যুগত অৰ্থাৎ পঞ্চম শতিকাৰ পৰা যে আৰবী ভাষাত কাব্য চৰ্চা বহুল পৰিমাণে হৈছিল তাৰ তথ্য পোৱা যায়। সম্ভৱতঃ তাৰো আগতে আৰবী ভাষাত কাব্য চৰ্চা আৰম্ভ হৈছিল যদিও পঞ্চম শতিকাৰ আগৰ কোনো সাহিত্য বৰ্তমানলৈ বৰ্তি থকা নাই বাবে আৰবী কাব্য সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগত আৰম্ভ হৈছিল বুলি ধৰি লোৱা হয়।
 
পণ্ডিতসকলে অনুমান কৰে যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবিৰ জন্ম হৈছিল আৰু সিহঁতেই আৰবী কাব্য সাহিত্যক বিকাশৰ এক উচ্চ পৰ্যায়ত উপনীত কৰাইছিল। সেই সময়খিনত জন্ম লাভ কৰা কবিসকলৰ ভিতৰত ইমৰাউল কাইছ (Imraul Qays), জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma), ত্বাৰফা বিন আল আ‘ব্দ  Tarafa bin al-A’bd),  লাবিদ বিন ৰাবিয়া (Labid bin Rabiya), আন্তাৰা বিন শ্বাদ্দাদ (Antara bin Shaddad), আমৰ বিন কুলছুম (Amar bin Kulthum), হাৰিছ বিন হিল্লিজা (Haris bin Hillija), আল-নাবিঘা (Al-Nabigha), আল-আ‘শ্বা (Al-Asha), হাতিম ত্বাই (Hatim Tai), আবিদ বিন আল-আব্রাছ (Abid bin Al-Abras), আবিদ বিন ছালাত (Abid bin Salat), আল-শ্বানফাৰা (Al-Shanfara), আল-ছামাওৱাল বিন আদিয়া (Al-Shamaul bin Adia) আদিৰ নাম উল্লেখযোগ্য।
 
উল্লেখ্য যে উক্ত কবিসকলৰ লগতে কালৰ বুকুত হেৰাই যোৱা আন বহুতো অনামী কবিয়ে আৰবী কাব্য সাহিত্যক অকল জন্ম দিয়াই নহয়, ইয়াক তুলি-তালি ডাঙৰ-দীঘলো কৰিছিল আৰু ইয়াক সাহিত্যৰ এক মৰ্যদাসম্পন্ন শাখা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। কিন্তু দুখৰ বিষয় সেই সময়ত সকলো সাহিত্য মুখে মুখে ৰচিত হৈছিল আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বৰ্তি আছিল। ইয়াৰ কাৰণ সেই সময়ত আৰবৰ বেদুইনসকলৰ মাজত আনুষ্ঠানিক লিখা-পঢ়া কৰাৰ কোনো পৰিৱেশ নাছিল। সেয়ে সিহঁতে মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। কিন্তু সময়ৰ সোঁতত অকল অতি প্ৰয়োজনীয়খিনি মুখস্থ ৰাখি বাকীখিনি মানুহৰ স্মৃতি পৰা হেৰাই গৈছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ সাহিত্য উপযুক্ত সংৰক্ষণৰ অভাৱত ইতিহাসৰ পাতৰ পৰা বিলীন হয়। ইয়াৰ মাত্ৰ সামান্য অংশহে পিছৰ যুগৰ কেইজনমান সাহিত্য প্ৰেমীৰ তৎপৰতাত সংকলিত হয়। সেই সংকলনসমূহত সংৰক্ষিত কবিতাসমূহ অধ্যয়ন কৰিলে বুজা যায় যে প্ৰাক-ইছলামী যুগৰ কবিতা আছিল সেই যুগৰ কবিসকলৰ পাৰিবাৰিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি সকলো দিশ প্ৰতিফলনৰ আধাৰ স্বৰূপ। সিহঁতৰ কবিতাৰ বিষয়বস্তুও আছিল  বিবিধ, যেনে -প্ৰেম, গোষ্ঠীদ্বন্দ্ব, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি।
 
তলত প্ৰাক-ইছলামী যুগৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্য আৰু বিষয়বস্তুসমূহ আলোচনা কৰা হ’ল-
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

প্ৰেম

প্ৰাক-ইছলামী যুগৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে সৰহ সংখ্যক কবিয়ে প্ৰেমৰ প্ৰসংগৰ দ্বাৰাই সিহঁতৰ কবিতা আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ কবি ইমৰাউল কাইছে তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটো প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ বৰ্ণনাৰে আৰম্ভ কৰিছে। তেনেদৰে কবি জুহাইৰ বিন আবি  ছালমা, লাবিদ বিন ৰাবিয়াহ, আমৰ বিন কুলছুম আদি কবিয়েও সিহঁতৰ মুৱাল্লাকা কবিতা প্ৰেম প্ৰসংগৰ দ্বাৰা আৰম্ভ কৰিছে। সিহঁতৰ বাবে প্ৰেম আছিল জীয়াই থকাৰ প্ৰেৰণা। সিহঁতৰ নিত্য সংগী। সিহঁতে প্ৰেয়সীৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনাত আছিল পূৰ্বদৃষ্টান্তহীন, অভিনৱ আৰু সংবেদনশীল। উদাহৰণস্বৰূেপ ইমৰাউল কাইছৰ মুৱাল্লাকাৰ পৰা কেইটিমান পংক্তি উদ্ধৃত কৰা হ’ল-
 
“কোনো দিনেই পদাৰ্পন হোৱা নাই কোনো পুৰুষ
যি নাৰীৰ কোঠাত
নিৰ্বিঘ্নে সোমাইছো তাত
কৰিছো ক’তনা খেলা।”
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

গোষ্ঠীদ্বন্দ্ব

প্ৰাক-ইছলামী যুগৰ আৰবী কবিতাৰ এক সাধাৰণ বিষয় হৈছে গোষ্ঠীদ্বন্দ্ব। সেই সময়ত আৰবৰ লোকসকল বহুতো গোত্ৰ, বংশ বা গোষ্ঠীত বিভক্ত আছিল আৰু সেইবোৰৰ মাজত সঘনে কলহ-বিবাদ চলি আছিল। এটা গোত্ৰই আন এটা গোত্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছিল। ফলত পুৰুষানুক্ৰমে সেই বিবাদ চলি আছিল। আকৌ প্ৰতিটো গোত্ৰৰে নিজস্ব কবি আছিল আৰু সিহঁতে নিজ গোত্ৰৰ প্ৰতিনিধি বা মুখপাত্ৰ হিচাপে  নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য, বল-বিক্ৰম আৰু গৌৰৱৰ বিষয়সমূহ কবিতাৰ মাজেদি দাঙি ধৰিছিল আৰু প্ৰতিপক্ষৰ লোকসকলক নিন্দা আৰু ভৰ্ৎসনা কৰিছিল। সেয়ে প্ৰাক-ইছলামী  কবিতাৰ জৰিয়তে সেই সময়ৰ যুদ্ধ বিগ্ৰহ, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়েও অৱগত হব পাৰি। উদাহৰণস্বৰূেপ জুহাইৰ বিন ছালামৰ কবিতাত সেই সময়ত আৱচ আৰু জুবিয়ান সম্প্ৰদায়ৰ মাজত দীৰ্ঘ দিন ধৰি চলা কন্দলৰ বিস্তৃত বৰ্ণনা পোৱা যায়। সেইদৰে তাৰাফা বিন আল-আ‘ব্দৰ কবিতাত তেওঁৰ ভায়েকসকলে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ বৰ্ণনা পোৱা যায়।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

পৃষ্ঠপোষকৰ গুণ-কীৰ্তন আৰু স্তুতি

প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক প্ৰধান বিষয়বস্তু আছিল কবিসকলৰ পৃষ্ঠপোষকৰ গুণ বৰ্ণনা। সেই সময়ত কবিসকলৰ সৰহভাগেই সিহঁতৰ পৃষ্ঠপোষক বিচাৰি নেতৃস্থানীয় ব্যক্তি, ৰাজদৰবাৰ, প্ৰভাৱশালী চহকী ব্যক্তি আদিৰ ওচৰ চাপিছিল আৰু সিহঁতৰ দানশীলতা, দয়া, যশ, কীৰ্তি আদি গুণ বৰ্ণনা কৰি কবিতা ৰচনা কৰিছিল। প্ৰতিদানস্বৰূপে সিহঁতে পৃষ্ঠপোষকসকলৰ পৰা দান, বৰঙণি, উপঢৌকন আদি লাভ কৰিছিল আৰু সেইবোৰৰ দ্বাৰা পেট প্ৰৱৰ্তাইছিল। উদাহৰণস্বৰূেপ–আল-নাবিঘাই হীৰা ৰজাৰ যশ-কীৰ্তি বৰ্ণনা কৰি ৰাজ অনুগ্ৰহ লাভ কৰিছিল আৰু তেওঁ জীৱনৰ প্ৰায় ৫০ বছৰ হীৰাৰ ৰজাৰ ৰাজদৰবাৰত কটোৱাৰ সুবিধা আদায় কৰিছিল।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

জীৱ-জন্তু

প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক বিষয়বস্তু হৈছে জীৱ-জন্তু। মুৱাল্লাকা কবিসকলৰ প্ৰতিটো কবিতাতে জীৱ-জন্তুৰ প্ৰসংগ আছে। বিশেষকৈ সিহঁতৰ কবিতাত উট, ঘোঁৰা, সিংহ, বাঘ আদি জন্তুৰ বৰ্ণনা পোৱা যায়। ইমৰাউল কাইছে তেওঁৰ ‘মুৱাল্লাকাত’ত উটৰ এক বিস্তৃত বৰ্ণনা দাঙি ধৰিছে। সেইদৰে তাৰাফা বিন আল-আ’ব্দ নামৰ কবিজনে উটৰ খোজৰ ধৰণ, পিঠি, ভৰি, মূৰ, ডিঙি, উচ্চতা, বুকু,  কান্ধ, উৰু, বৰণ আদিৰ বৰ্ণনা দাঙি ধৰাৰ লগতে জীনৰ ঘঁহনি খাই উটৰ পেটৰ ওপৰত হোৱা দাগৰ বিষয়েও বৰ্ণনা কৰিছে।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

সুৰা আৰু আমোদ-প্ৰমোদ

প্ৰাক-ইছলামী কবিতাৰ আন এক বিষয়বস্তু হৈছে সুৰা আৰু আমোদ-প্ৰমোদ। মুৱাল্লাকা কবিসকলৰ ভিতৰত ইমৰাউল কাইছ, আন্তাৰা বিন ছাদ্দাদ, হিল্লিজা, শ্বানফাৰা আদিৰ কবিতাত সুৰা আৰু আমোদ-প্ৰমোদৰ প্ৰসংগ আছে।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

ধৰ্ম

প্ৰাক-ইছলামী যুগৰ কিছুমান কবিৰ কবিতা অশ্লীলতাৰ দোষত দোষী সাব্যস্ত কৰা হয় যদিও বহুতো কবিৰ কবিতাত নৈতিকতা, মানৱতা, পৰোপকাৰীতা আৰু ধৰ্মীয় বিয়য়ো স্থান পাইছে। উদাহৰণস্বৰূেপ-জুহাইৰ বিন ছালমা, লাবিদ বিন ৰাবিয়াহ, আল-নাবিঘা, হাতিম তাই, উমাইয়াহ বিন আবি ছালাত আদিৰ কবিতাত  মাৱতাবাদী দৰ্শন প্ৰকাশ পোৱাৰ লগতে একেশ্বৰবাদী দৰ্শনো ফুটি উঠিছে। লাবিদ বিন ৰাবিয়াই ইছলাম গ্ৰহণৰ পিছত ৰচনা কৰা কবিতাত আল্লাহৰ শ্ৰেষ্ঠত্বৰ গুণ-গান, মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, শেষ বিচাৰৰ দিন আদি ইছলামী দৰ্শনৰ প্ৰসংগৰ উল্লেখ আছে। উদাহৰণস্বৰূপে লাবিদ বিন ৰাবিয়াৰ কেইশাৰীমান কবিতা তলত উধ্বৃত  কৰা হ’ল-
 
“আল্লাহৰ বাহিৰে সকলো বস্তুয়েই মূল্যহীন
সকলো সুখ, চৰ্তহীনভাৱেই অদৃশ্য হ’ব
……………………………
শেষ বিচাৰৰ দিনাখন উদ্ভাসিত হ’ব 
সকলো কৰ্ম সন্মুখত তোমাৰ
আৰু সৰ্বশক্তিমান আল্লাহই তোমাৰ 
কৰিব বিচাৰ।’
সেইদৰে হাতিম তাইৰ কবিতাতো ধৰ্মীয়  প্ৰসংগ পোৱা যায়-
 
“হে মাৰিয়া, যি ধন সম্পদ মই কৰিছো দান
তাৰ বাবে  পাম মই কৃতজ্ঞতা আৰু পৰজনমত মান।”
 
তেওঁ আন এটি কবিতাত কৈছে,
 
“কিহৰ বাবেনো সঞ্চয় কৰা অৰ্থ প্ৰাণপণে
তোমাৰ মৃত্যুৰ পিছত সকলো লুটিব আত্মীয়-স্বজনে।”
 
এনেদৰে প্ৰাক-ইছলামী যুগৰ কবিসকলে সিহঁতৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো বিষয়বস্তুৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু সিহঁতৰ কবিতা পঢ়ি  আমি সেই যুগৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয়, যুদ্ধ-বিগ্ৰহ আদি সকলো দিশৰ আভাস পাব পাৰি। মুঠতে এই যুগৰ কবিসকলে সিহঁতৰ কবিতাৰ মাজেদি সেই সময়ৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিল আৰু বহু পৰিমাণে সফলো হৈছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবিতাক “আৰবসকলৰ জীৱন পঞ্জী” (Register of the Arabs) বুলি কোৱা হয়।
 
ওপৰত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বিষয়বস্তুৰ উপৰিও আৰবী কবিসকলে প্ৰকৃতিগতভাৱে এক বলিষ্ঠ কাব্যিক শক্তি লৈ কাব্য জগতত প্ৰৱেশ কৰিছিল আৰু সিহঁতৰ কাব্য সাহিত্য কাব্যৰ সকলো গুণেৰে বিভূষিত কৰি কাব্য সাহিত্যক এক শক্তিশালী প্ৰকাশ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছিল। সিহঁতৰ কবিতাত উপমা, ৰূপক, প্ৰতীক আদি সাহিত্যিক অলংকাৰ থকাৰ উপৰিও অভিনৱ কল্পচিত্ৰৰ সন্দালনি প্ৰয়োগ দেখা যায়। তলত আৰবী কবিতাত পোৱা উক্ত শৈলীগত বৈশিষ্ট্য আলোচনা কৰা হ’ল।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

উপমা

উপমা হৈছে এক প্ৰকাৰ সাহিত্যিক অলংকাৰ য’ত কোনো এটি বস্তু বা তাৰ গুণক বিসদৃশ (মিল নথকা) আন কোনো বস্তু বা তাৰ গুণৰ লগত তুলনা কৰি বৰ্ণনা কৰিবলৈ লোৱা বস্তুটিৰ আবেদন বৃদ্ধি কৰা হয়। প্ৰাক-ইছলামী যুগৰ কবিসকলে সঘনে উপমা অলংকাৰ ব্যৱহাৰ কৰিছিল। উদাৰহণস্বৰূপে সিহঁতে নাৰীক পূৰ্ণচন্দ্ৰ, ডিম্ব, পুতলা, গাইগৰু, হৰিণী আদিৰ লগত তুলনা কৰিছে। সেইদৰে মুখাবয়বক স্বৰ্ণমুদ্ৰাৰ লগত, স্তনক হৰিণীৰ নাকৰ লগত, দেহৰ পৰা নিৰ্গত হোৱা ঘামৰ গোন্ধক কস্তুৰীৰ লগত, মুখৰ পৰা ওলোৱা লালটিক মৌৰ লগত তুলনা কৰি অভিনৱ উপমা অলংকাৰৰ সৃষ্টি কৰিছে।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

ৰূপক

ৰূপক হৈছে এনে এক সাহিত্যিক অলংকাৰ য’ত এটা বস্তু বা তাৰ গুণক সম্পূৰ্ণ অন্য এক বস্তু বুলি ধাৰণা কৰা হয়। অৰ্থাৎ এটা বস্তুক অন্য বস্তু বুলি কল্পনা কৰা হয়। আৰবী কবিতাত ৰূপক অলংকাৰৰ ব্যৱহাৰো যথেষ্ট পোৱা যায়। সিহঁতে পুৰুষক বাঘ, সিংহ, হায়েনা আদি বুলি কল্পনা কৰিছে। আনহাতে নাৰীক হৰিনী, দেৱী, চন্দ্ৰ, তাৰকা আদি কল্পনা কৰি ৰূপক অলংকাৰৰ সৃষ্টি   কৰিছে।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

প্ৰতীক

প্ৰাক-ইছলামী যুগৰ কবিসকলে অসচেতনভাৱেই বহুতো বস্তু, প্ৰানী, গ্ৰহ-নক্ষত্ৰ আদিক প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰিছিল। উহাৰণস্বৰূেপ সিহঁতে বাঘ, সিংহ, হায়েনা আদিক হিংস্ৰতা, বল-বীৰ্য, প্ৰভূত্ব আদিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল। সেইদৰে চন্দ্ৰ, তৰা, নক্ষত্ৰ, বৃষ, সাগৰ আদিক নাৰীৰ প্ৰতীক হিচাপে কল্পনা কৰি সিহঁতৰ কাব্যৰ আবেদন যথেষ্ট বৃদ্ধি কৰিছিল।
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

কল্পচিত্ৰ

ওপৰত উল্লেখ কৰা উপমা, ৰূপক আৰু প্ৰতীকসমূহৰ উপৰিও প্ৰাক-ইছলামী যুুগৰ কবিসকলে পূৰ্বদৃষ্টান্তহীন অভিনৱ কল্পচিত্ৰ সৃষ্টিত সুদক্ষ আৰু চতুৰ আছিল। উহাৰণস্বৰূপে  তাৰাফা বিন আল আ’ব্দ নামৰ কবিজনে নিজ প্ৰেয়সীৰ লগত মিলিত হোৱাৰ প্ৰৱল বাসনাৰ কল্পচিত্ৰ অংকন কৰিছে এইদৰে,
 
“মই আৰোহন কৰাই দিওঁ প্ৰেয়সীৰ সতে মোৰ মিলনৰ বাসনা
দিবানিশি ভ্ৰমণৰত কৃষ্ণকায় উটৰ পিঠিত,
যি সাৰ্থক পদাচাৰী, মৰদেহ বহনকাৰী চাংগাড়ীৰ দৰে শকত
লাঠিৰ সাহাৰ্য্যে চালনা কৰো মই, চন্দ্ৰৰ দৰে প্ৰশস্ত পথত।”
 
সেইদৰে আমৰ বিন কুলছুমেও প্ৰেয়সীৰ বিভিন্ন অংগৰ কল্পচিত্ৰ অংকন কৰিছে এনেদৰে-
 
“বাহু দুটা বাজী উটনীৰ দৰে পূৰঠ,
স্তনযুগল উন্নত, স্পৰ্শহীন আৰু সুকোমল
নূপুৰ পিন্ধা ভৰি হাতীৰ দাঁতেৰে নিৰ্মিত নালৰ দৰে উজ্জ্বল
বিচ্ছেদ বেদনাত তেওঁ হৈ পৰিছে পোৱালী হেৰুৱা উটনী 
আৰু সন্তান হেৰুৱা মাতৃৰ দৰে।”
 
মুঠতে প্ৰাক-ইছলামী যুগৰ কবিতা কাব্যিক শক্তিত আছিল পূৰ্বদৃষ্টান্তহীন, অতুলনীয় আৰু অভিনৱ যি যুগ যুগ ধৰি পৰৱৰ্তী কবিসকলৰ বাবে  আৰ্হিত পৰিণত হৈছিল। 
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য
ওপৰত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বিষয়বস্তু আৰু ৰচনা শৈলীৰ  বিষয়ে আলোচনা কৰা হ’ল। এইবোৰৰ উপৰিও আৰবী কবিতাৰ ইতিহাসত বিষয়বস্তু অনুযায়ী আৰবী কবিতাক কেইবাটাও শ্ৰেণীত ভাগ কৰা হৈছে, যেনে- হামাছা, ফকৰ, গজল, মা’দ, ৰিছা, হিজা, ওৱাছফ আদি। তলত এই ভাগেবাৰৰ ধাৰণা দিয়া হ’ল-
 
হামাছাঃ আৰবী কবিতাৰ যিবোৰত বীৰত্ব, কষ্ট সহিষ্ণুতা, প্ৰকৃতিৰ শক্তিৰ বিৰুদ্ধে মনৰ দৃঢ়তা আদি প্ৰকাশ কৰা কৰা হয় সেইবোৰ কবিতাক হামাছা বুলি কোৱা হয়। আবু তাম্মাম আৰু আল-বুহতাৰি নামৰ দুজন পণ্ডিতে আৰবী হামাছাৰ দুখন সংকলন পুথি প্ৰস্তুত কৰিছিল।
 
ফখৰঃ যিবোৰ কবিতাৰ মাজেদি কবিৰ গোত্ৰ, জাতি, বংশ, পৰিয়াল আদিৰ কথা প্ৰকাশ পাইছিল সেইবোৰ কবিতাক ‘ফখৰ’বোলা হৈছিল। এনে কবিতাত কবিসকলৰ বংশ গৌৰৱ, প্ৰতিশোধপৰায়ণতা, দুখীয়াৰ প্ৰতি দানশীলতা, প্ৰতিবেশীৰ প্ৰতি সম্পৰ্ক আদি বিষয়ে স্থান পাইছিল।
 
গজলঃ যিবিলাক কবিতাৰ প্ৰধান বিষয়বস্তু আছিল প্ৰেম তেনে কবিতাক ‘গজল’ বুলি কোৱা হৈছিল। উল্লেখ্য যে আৰবী প্ৰেমমূলক কবিতাসমূহত কোনো কাল্পনিক প্ৰেমৰ কাহিনী পোৱা নাযায়। কবিসকলে নাৰীৰ স’তে থকা বাস্তৱ প্ৰেমৰ প্ৰসংগ সিহঁতৰ কবিতাৰ মাজেদি প্ৰকাশ কৰিছিল।
 
মা’দাহঃ যিবিলাক কবিতাৰ মাজেদি কবিয়ে নিজৰ জাতি, গোত্ৰ, বা বংশৰ কোনো নেতাৰ বীৰত্ব, প্ৰশংসা, গুণ-কীৰ্তন আদি প্ৰকাশ কৰিছিল তেনে কবিতাক মা’দাহ বোলা হৈছিল।
 
ৰিছাঃ পুত্ৰ, কন্যা, ভাতৃ বা কোনো নিকট আত্মীয়ৰ বিয়োগত শোক কৰি যিবিলাক কবিতা ৰচনা কৰা হৈছিল তেনে কবিতাক ‘ৰিছা’ বুলি কোৱা হৈছিল আৰু তেনে কবিক ‘মাৰছিয়া কবি’ বোলা হৈছিল। 
 
হিজাঃ নিন্দা আৰু ব্যঙ্গ ভাৱ প্ৰকাশক কবিতাক ‘হিজা’ বুলি কোৱা হৈছিল।  কোনো ব্যক্তিৰ বা গোত্ৰৰ প্ৰতিপক্ষৰ কোনো দুর্ব্বলতাক বা কোনো গুণক হেয় কৰি এনে কবিতা ৰচনা কৰা হৈছিল।
 
ওৱাছফঃ ওৱাফক আছিল বৰ্ণনাত্মক কবিতা। এনে কবিতাত বৰ্ণনাত্মক চৰিত্ৰ আৰোপ কৰা হৈছিল। এনে কবিতাসমূহ স্বাভাৱিকতে দীৰ্ঘ আছিল আৰু নানা বিষয় যেনে প্ৰেম, যুদ্ধ-বিগ্ৰহ, উট, ঘোঁৰা, প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা দাঙি ধৰা হৈছিল।
 
কাছিদাহ: কাছিদাহ আছিল পঁচিশ বা তাতোধিক শাৰী বিশিষ্ট মিত্ৰাক্ষৰ ছন্দত ৰচিত কবিতা।  এনে কবিতাত গোত্ৰীয় যুদ্ধৰ বর্ণনা  থকাৰ লগতে আৰবসকলৰ সামাজিক জীৱন, বিশ্বাস, সংস্কৃতি, পূৰ্বপুৰুষসকলৰ বংশাৱলী, নাৰীপ্ৰেম আদিৰ বৰ্ণনাই ঠাই পাইছিল। এনে কবিতা সাধাৰণতে কবিৰ প্ৰেয়সীয়ে বসবাস কৰা ঠাইৰ বৰ্ণনাৰে আৰম্ভ হয় আৰু পিছত কবিয়ে প্ৰেয়সীৰ লগত কটোৱা অতীতৰ আনন্দপূৰ্ণ দিনবোৰৰ ৰোমন্থন কৰে। ইয়াৰ পিছত নানা বিষয় বৰ্ণনা কৰি কবিৰ আশ্ৰয়দাতা বা পৃষ্ঠপোষকৰ প্ৰশংসাৰে কবিতাটোৰ সামৰণি মাৰে। 0 0 0.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here