Home Literary Criticism আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Birth Development and Characteristics of...

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Birth Development and Characteristics of Arabic Prose

0

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য  Birth Development and Characteristics of Arabic Prose

 

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য | Birth, Development and Characteristics of Arabic Prose

আৰবী গদ্যৰ জন্ম আৰু  বিকাশ

‘গদ্য’ বুলিলে সাধাৰণতে দৈনন্দিন জীৱনত মানুহে ছন্দহীন যি ভাষাত কথা-বতৰা পাতে তাকে বুজোৱা হয়। কথা-বতৰাৰ ভাষা  বহু সময়ত অসংলগ্নও হয় আৰু প্ৰকাশৰ পদ্ধতি, ধাৰা আদি ব্যক্তিভেদে বা অঞ্চলভেদে ভিন ভিন হোৱা দেখা যায়। কিন্তু এই গদ্যময় ভাষাত যেতিয়া কোনো বিষয় বা প্ৰসংগ প্ৰণালীবদ্ধভাৱে  শ্ৰোতাক প্ৰভাৱিত হোৱাকৈ ব্যক্ত কৰা হয় তেতিয়া সি সাহিত্যৰ শ্ৰেণীলৈ উন্নীত হয়। পৃথিৱীৰ সকলোবোৰ ভাষাতে সাহিত্য আছে-সেয়া লিখিতও হ’ব পাৰে বা কথিতও হ’ব পাৰে। কিন্তু দুখৰ বিষয় প্ৰাচীন কালত কাব্য সাহিত্যক যিমান প্ৰাধান্য দিয়া হৈছিল সেইদৰে গদ্য সাহিত্যক সিমান প্ৰাধান্য দিয়া হোৱা নাছিল। সেয়ে গদ্য সাহিত্য লিখিত ৰূপত সংৰক্ষিত হোৱাৰ ব্যৱস্থা কাব্য সাহিত্যৰ তুলনাত বহু পিছতহে আৰম্ভ হৈছিল। বিশ্বৰ প্ৰাচীন ভাষাসমূহৰ অন্যতম আৰবী ভাষা গদ্য আৰু কাব্য দুয়োবিধ শাখাতে চহকী। এই ভাষাৰ সাহিত্যৰ  পৰম্পৰা প্ৰাক-ইছলামী যুগত আৰম্ভ হয় যদিও এই যুগটো কাব্য সাহিত্যৰ বাবেহে ইতিহাসত বিখ্যাত। কিন্তু ইতিহাসৰ পাত খুচৰি চালে দেখা যায় যে আৰবী কাব্য সাহিত্যৰ দৰে গদ্য সাহিত্যৰো গজালি মেলিছিল এই প্ৰাক-ইছলামী যুগতে। দুখৰ বিষয় যে এই যুগৰ গদ্য সাহিত্যই ইতিহাসৰ পাতত কাব্য সাহিত্যৰ দৰে গুৰুত্ব পোৱা নাই। ইয়াৰ কাৰণ প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্য সংৰক্ষণত কোনেও গুৰুত্ব দিয়া নাছিল । ফলত এই যুগত ৰচিত হোৱা গদ্য চিৰদিনৰ বাবে হেৰুৱাই গৈছে। মাথো প্ৰসংগক্ৰমে বা উদাহৰণস্বৰূপে উল্লেখ কৰা কিছু গদ্যৰ নমুনা পিছৰ যুগৰ কিছুমান সংকলনত পোৱা যায়। সেই নমুনাসমূহৰ পৰা প্ৰাক-ইছলামী যুগত যে কাব্য সাহিত্যৰ ওচৰা-ওচৰিকৈ গদ্য সাহিত্যয়ো বিকাশ লাভ কৰিছিল তাৰ কিছু আভাস পাব পাৰি। প্ৰাক-ইছলামী যুগৰ গদ্য সাধাৰণতে যুদ্ধ কাহিনী, প্ৰবাদ বাক্য, আখ্যান–এই তিনিটা ধাৰাত বিকাশ লাভ কৰিছিল। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল–

যুদ্ধ কাহিনী

প্ৰাক-ইছলামী যুগত আৰবৰ উত্তৰ অঞ্চলৰ ঐতিহাসিক সাহিত্য আছিল সাধাৰণতে ‘আয়াম আল-আৰৱ’ অৰ্থাৎ যুদ্ধৰ দিনৰ কাহিনী। সেই সময়ত আৰবত বসবাস কৰা লোকসকল বিভিন্ন গোষ্ঠী বা গোত্ৰত বিভক্ত আছিল আৰু সেইবোৰৰ ভিতৰত প্ৰায়েই কাজিয়া পেচাল, দ্বন্দ্ব-খৰিয়াল, যুদ্ধ আদি চলি আহিছিল আৰু সেই যুদ্ধৰ কাহিনীবোৰ মানুহে মুখেমুখে কৈ ফুৰিছিল। সেই যুদ্ধৰ কাহিনীবোৰৰ লগত কিছুমানে তেওঁলোকৰ দেৱতাৰ ভূমিকাকো যোগ কৰিছিল আৰু  আন কিছুমানে কিছু পৰিমাণে তেওঁলোকৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যকলাপৰ দিশবোৰ কাহিনীবোৰৰ লগত সাঙুৰি দিছিল। সেই কাহিনীবোৰ সাধাৰণতে কথিত গদ্যত সজোৱা হৈছিল আৰু এই কাহিনীবোৰ  বংশানুক্ৰমে চলি আহিছিল। এই বৰ্ণনাবোৰ বংশানুক্ৰমিক তথ্যৰে সমৃদ্ধ আছিল আৰু তেওঁলোকৰ সম্পৰ্কিত জনজাতিৰ বৈশিষ্ট্যবোৰো প্ৰতিফলিত হৈছিল; লগতে তেওঁলোকৰ সামাজিক আচৰণ আৰু ধৰ্মীয়, ৰাজনৈতিক দৃষ্টিভংগীও এই বৰ্ণনাবোৰত প্ৰতিফলিত হৈছিল। আয়াম বৰ্ণনাৰ বিশেষত্ব আছিল নিজ গোত্ৰ বা বংশৰ গৌৰৱধবজাৰ গুণ-কীৰ্তন আৰু প্ৰতিপক্ষ গোত্ৰক নিন্দা কৰা। দৰাচলতে সেই সময়ত জনজাতি এটাৰ  ব্যক্তিগত সদস্যসকলৰ বাবে তেওঁলোকৰ জনজাতিৰ প্ৰাক্তন প্ৰধানসকলৰ ব্যক্তিগত গুণাগুণ আৰু দুঃসাহসিক অভিযানৰ বিষয়ে জানিব লাগিছিল। এই উদ্দেশ্যৰ বাবে জনজাতিৰ প্ৰতিজন সদস্যই সেই যুদ্ধৰ আখ্যানবোৰ ভাল পাইছিল আৰু মনোযোগেৰে শুনিছিল। কিছুমানে জনজাতিৰ দুঃসাহসিক অভিযানসমূহক লৈ কবিতা ৰচনা কৰিছিল আৰু সেই কবিতাসমূহ আবৃতি বা পাঠ কৰাৰ সময়ত কিছুমানে কোনো কোনো বিষয় গদ্যত ব্যাখ্যা কৰিছিল আৰু এনেদৰে সিহঁতে কাহিনী এটাক সজীৱতা প্ৰদান কৰিছিল। এনে গদ্য কাহিনীৰ ভাষা পাৰস্পৰিকভাৱে ইয়াৰ নিজা বিষয়বস্তুৰ সৈতে খাপ খোৱা আছিল। আয়াম বৰ্ণনাবোৰৰ আছিল কাৰ্যকৰী আৰু স্ব-ব্যাখ্যামূলক। এনে কাহিনীৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল এটা নিৰ্দিষ্ট যুদ্ধৰ এটা খণ্ড বা এটা ঘটনাৰ বিস্তাৰিত বৰ্ণনা। এই কাহিনীবোৰ আছিল আৰবৰ স্বকীয় ভাষাৰ  সঁচা প্ৰতিফল কিয়নো এইবোৰ ভাষা আৰু কথন ভংগীৰ ওপৰত অন্য কোনো ভাষাৰ প্ৰভাৱ পৰা নাছিল। প্ৰতিটো জনজাতিৰ নিজা কবি আছিল যিসকলে নিজ নিজ জনজাতিৰ দুঃসাহসিক অভিযান আৰু গৌৰৱময় কৰ্মৰাজিৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ গদ্যত ব্যাখ্যামূলক টোকাৰ সৈতে জনজাতীয় সমাৱেশত আবৃতি কৰা হৈছিল। এটি ঘটনাৰ পিছত তাতোকৈ অধিক সতেজ আৰু অধিক স্মৰণীয় ঘটনা সংঘটিত নোহোৱালৈকে এনে বৰ্ণনাবোৰ জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আছিল। আয়ামৰ কাহিনীবোৰক সামাজিক মনোৰঞ্জন হিচাপে মূল্য দিয়া হৈছিল আৰু সেইবোৰক গোটেই জনজাতিৰ সামূহিক সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। এই কাহিনীবোৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ শতিকাৰ পৰা শতিকা ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিল। কিন্তু দুখৰ বিষয় কাহিনী  বৰ্ণনাকাৰীসকলৰ কোনো ঐতিহাসিক চেতনা নাছিল। সেয়ে সিহঁতে সেইবোৰ লিখিত ৰূপত সংৰক্ষণ কৰাৰ কোনো পদক্ষেপ লোৱা নাছিল।
আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

প্ৰবাদ বাক্য

প্ৰাক-ইছলামী যুগত প্ৰবাদ বাক্যৰ জৰিয়তেও আৰবী গদ্যই বিকাশ আৰু বিস্তাৰ লাভ কৰিছিল। প্ৰবাদ বাক্যবোৰক বিজ্ঞলোকৰ বাস্তৱ অভিজ্ঞতাৰ ফচল হিচাপে গণ্য কৰা হৈছিল কিয়নো এনে বাক্যত জীৱনৰ গভীৰ সত্য লুকাই থাকে । প্ৰবাদ বাক্যৰ অধিকাংশই উপদেশমূলক আছিল আৰু  প্ৰাক-ইছলামী যুগত বক্তা আৰু কবিসকলে সিহঁতৰ ৰচনাত সততে প্ৰবাদ বাক্য ব্যৱহাৰ কৰিছিল। আনকি যুদ্ধক্ষেত্ৰতো কবিসকলে তেওঁলোকৰ সৈনিকসকলক উৎসাহিত কৰিবলৈ উপদেশমূলক প্ৰবাদ বাক্যৰ আশ্ৰয় লৈছিল। প্ৰাৰম্ভিক কালত হিতোপদেশবোৰ মুখে মুখে প্ৰচলিত হৈ আছিল যদিও পিছলৈ সেইবোৰ লিখিত ৰূপত লিপিবদ্ধ কৰা হৈছিল। প্ৰাক-ইছলামী যুগত প্ৰচলিত কিছুমান প্ৰবাদ বাক্য বা হিতোপদেশৰ উদাহৰণ হ’লঃ
 
‘লোৰ বাহিৰে আন একোৱেই লোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।’
 
‘মানুহৰ পতন লোভৰ ফলত হয়।’
 
আমি ইবনে আব্দুৰ ৰাব্বিৰ বিশ্বকোষত প্ৰবাদ বাক্যৰ এটা অধ্যায় দেখিবলৈ পাওঁ। তেওঁ হিতোপদেশসমূহৰ ব্যৱহাৰ বুজিবলৈ  বিশ্বকোষখনত এই অধ্যায়টো যোগ কৰিছিল। আল-মায়দানীয়ে আৰব সমাজত চলি থকা বহুতো প্ৰবাদ বাক্য, ফকৰা-যোজনা, হিতোপদেশ আদি সংগ্ৰহ কৰিছিল আৰু সেইবোৰ সুন্দৰকৈ বৰ্ণনা কৰিছিল। এই প্ৰবাদ বাক্যসমূহৰ জৰিয়তে আমি মূৰ্তিপূজক আৰবসকলৰ জীৱনশৈলী আৰু সাংস্কৃতিক কাৰ্যকলাপৰ বিষয়ে জানিব  পাৰোঁ। বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে হিতোপদেশবোৰ ব্যাখ্যা কৰিছিল। কিছুমান প্ৰবাদ বাক্যৰ ব্যাখ্যা মূল অৰ্থৰ পৰা সম্পূৰ্ণ ভিন্ন হোৱা দেখা যায়। পিছৰ যুগত পণ্ডিতসকলে হিতোপদেশবোৰৰ প্ৰকৃত অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল।
আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আখ্যান, পৰম্পৰ, কিংবদন্তী আদি

প্ৰাক-ইছলামী যুগৰ আৰবসকলৰ দীঘলীয়া আখ্যান, উপাখ্যান, পৰম্পৰা আদি মনত ৰাখিব পৰাকৈ শক্তিশালী স্মৃতি শক্তি আছিল। তেওঁলোকে সেইবোৰ পুৰুষানুক্ৰমে মুখস্থ কৰি ৰাখিছিল। পিছলৈ এই পৰম্পৰাবোৰে আৰবী গদ্যৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাক-ইছলামিক যুগত আৰবী গদ্য সাহিত্যৰ বিকাশৰ বাবে কিংবদন্তীবোৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিংবদন্তীবোৰ আছিল মনে গঢ়া কিছুমান কাহিনী যিবোৰ শ্ৰোতাক আমোদ দিয়াৰ বাবে ৰচনা কৰা হৈছিল। অৱশ্যে কিছুমান বাস্তৱ ঘটনাৰ ভিত্তিতো ৰচিত হৈছিল। সেইবোৰ ‘আব্বাছীয় খিলাফত’ কালত ৰচনা কৰা বিভিন্ন সাহিত্যিক আৰু ঐতিহাসিক ৰচনাত সংৰক্ষণ কৰা হৈছিল, বিশেষকৈ আবুল ফাৰাজ ইছফাহানীৰ ‘কিতাবুল আঘানী’ত এনে বহুতো আখ্যান সংৰক্ষিত হোৱা দেখা যায়। সেই সময়ত কিছুমান পেছাদাৰী কাহিনীকাৰ আছিল। তেওঁলোকে বজাৰ, মেলা বা মানুহ সমাগম হোৱা ঠাইবোৰত বিভিন্ন আখ্যান কৈছিল আৰু জীৱিকাৰ বাবে টকা উপাৰ্জন কৰিছিল।  উদাহৰণস্বৰূপে উকাজৰ মেলাৰ কথা উনুকিয়াব পাৰি। ই আছিল আৰবীয়সকলৰ সামাজিক, ৰাজনৈতিক আৰু সাহিত্যিক জীৱনৰ কেন্দ্ৰবিন্দু। মেলাৰ সময়ত বিভিন্ন জনজাতিৰ লোক তাত একত্ৰিত হৈছিল। উকাজৰ মেলাৰ সময়ত পেছাদাৰী কাহিনীকাৰসকলে বিভিন্ন কাহিনী শুনাইছিল। তেনেকুৱা পেছাধাৰী বক্তাসকলৰ মাজত কুছ বিন ছাইদাহ আল-ইয়াদি, আমৰ বিন মাদিকাৰিব আদিকৈ বহুতৰ নাম পোৱা যায়।
আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য 

কাহ্‌হিনসকলৰ  গদ্য

প্ৰাক ইছলামী যুগত ‘কাহ্‌হিন’ নামৰ এক শ্ৰেণীৰ লোক আছিল যিসকলে নিজৰ মাজত অদৃশ্য জ্ঞান থকাৰ লগতে ভৱিষ্যতৰ বিষয়েও জানে বুলি দাবী কৰিছিল। সিহঁতে মানুহৰ হাত, আকৃতি, মুখাবয়ব চাই সিহঁতৰ ভাগ্য আৰু মঙ্গল-অমঙ্গলৰ বিষয়ে  ভৱিষ্যত বাণী কৰিছিল আৰু এই উপায়ে জনসাধাৰণৰ পৰা উপঢৌকন লাভ কৰি পেট প্ৰৱৰ্তাইছিল। সিহঁত আছিল মূৰ্তিপূজক। সিহঁতে সিহঁতৰ বক্তব্যবোৰ এনেকুৱা ভাষাৰে উপস্থাপন কৰিছিল যি আছিল ছন্দোবদ্ধ, দুর্বোধ্য, দ্ব্যৰ্থক, জটিল আৰু ৰহস্যময়। জাহিলী যুগৰ প্ৰখ্যাত কাহ্‌হিনসকলৰ ভিতৰত সামলা ইবনে হাইয়া, ছাওৱাদ ইবনে কাৰিব, মামুৰ আল-হাৰিছা, গায়তালা আদিৰ নাম পোৱা যায়। সিহঁতেও সিহঁতৰ মৌলিক ৰচনাৰ দ্বাৰা আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল ।
 
উক্ত উপকৰণসমূহৰ উপৰিও ইছলামৰ আবিৰ্ভাৱৰ লগে লগে কোৰাণ আৰু হাদিছৰ ভাষায়ো আৰবী গদ্যৰ বিকাশ আৰু উন্নয়নত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ কাৰণ কোৰাণৰ ভাষা আছিল গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰণ। সেয়ে সৰ্বসাধাৰণ মানুহ কোৰাণৰ ভাষাৰ দ্বাৰা অতি সহজে প্ৰভাৱিত হৈছিল আৰু সাধাৰণ গদ্য সাহিত্যত ইয়াৰ প্ৰভাৱ পৰিছিল। এনেদৰে হাদিছৰ বাণীসমূহওে আৰবী গদ্যত প্ৰাঞ্জলতা, স্পষ্টতা, সৰলতা আৰু সাৰ্বজনীনতা দান কৰিছিল।
 
এনেদৰে উক্ত মাধ্যমসমূহৰ জৰিয়তে প্ৰাক ইছলামী যুগত আৰবী গদ্য সাহিত্যই বিকাশ লাভ কৰিছিল।
আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আৰবী গদ্যৰ বৈশিষ্ট্য

প্ৰাক ইছলামী যুগত কাব্য সাহিত্যৰ যি অভূতপূৰ্ব উন্নতি হৈছিল তাৰ তুলনাত আৰবী গদ্য সাহিত্য অতি চালুকীয়া (আৰম্ভণি) অৱস্থাত আছিল। ইয়াৰ কাৰণ আছিল আৰবত কাব্য সাহিত্যৰ যি সমাদৰ আছিল গদ্য সাহিত্যৰ প্ৰতি সেই সমাদৰ নাছিল । ইয়াৰ আৰু এক প্ৰধান কাৰণ আছিল সেই সময়ত সকলো সাহিত্যই মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ মৌখিকভাৱেহে পৰিৱেশন কৰা হৈছিল। সেয়ে আৰবী কাব্য সাহিত্যই জনসাধাৰণৰ আবেগ অনুভূতিত যি আবেদন সৃষ্টি কৰিব পাৰিছিল সেয়া গদ্য ৰচনাৰ দ্বাৰা সম্ভৱপৰ হোৱা নাছিল। তথাপি প্ৰাক-ইছলামী যুগত গদ্য সাহিত্যৰ সূচনা হৈছিল আৰু ই গঢ়  লোৱা আৰম্ভ কৰিছিল। দুখৰ বিষয় যে সেই সময়ত সামান্য হ’লেও যি গদ্য সাহিত্যৰ জন্ম হৈছিল সেয়াও সংৰক্ষণৰ অভাৱত কালৰ সোঁতত বিলীন হয়। পিছৰ যুগত কেইজনমান সাহিত্যপ্ৰেমীৰ প্ৰচেষ্টাত প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যৰ অতি সামান্য নমুনা সংগ্ৰহিত হয় আৰু সেইবোৰ অধ্যয়ন কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ ওলাই পৰে-
 
(ক) প্ৰাক ইছলামী যুগত গদ্য সাহিত্যৰ পৰিসৰ আছিল অতি ঠেক। ই কিছুমান যুদ্ধ কাহিনী, প্ৰবাদ বাক্য, আখ্যান, কাহেনসকলৰ বানী আদিত সীমাবদ্ধ আছিল।
 
(খ) প্ৰাক-ইছলামী যুগৰ গদ্য আছিল চুটি চুটি বাক্যৰ দ্বাৰা গঠিত। কিছুমানত ছন্দও ব্যৱহৃত হৈছিল।
 
(গ) প্ৰাক-ইছলামী যুগৰ গদ্য ৰচনাৰ সহৰভাগত ৰচনাকাৰীৰ নাম, পৰিচয় আদি উল্লেখ থকাৰ উপৰিও কোনে কাৰ পৰা, কাৰ ওচৰত বৰ্ণনা কৰিলে ইত্যাদি তথ্য স্পষ্টভাৱে উল্লেখ আছিল।
 
(ঘ) প্ৰাক ইছলামী যুগৰ গদ্যত প্ৰবাদ বাক্যৰ আধিক্য আছিল। ৰচনাকাৰীয়ে জ্ঞানগৰ্ভ প্ৰবাদ বাক্যৰ দ্বাৰা নিজৰ ৰচনা সমৃদ্ধ কৰিছিল আৰু শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
 
(ঙ) সাধাৰণ গদ্য ৰচনাৰ ভাষা সহজ আৰু সৰল আছিল যদিও কাহেনসকলৰ গদ্য জটিল আৰু দুর্বোধ্য আছিল।
 
(চ) প্ৰাক-ইছলামী যুগৰ গদ্যত মৌখিক ভাষাৰ প্রাধান্য দেখা যায় যদিও সেয়া ব্যাকৰণসন্মত আছিল।
 
(ছ) প্ৰাক-ইছলামী যুগৰ গদ্য অলংকাৰৰ পৰা মুক্ত আছিল।
 
(জ) প্ৰাক-ইছলামী যুগৰ গদ্য নিজস্ব আৰবী শব্দৰ দ্বাৰা ৰচিত হৈছিল। সেইবোৰত কোনো বিদেশী ভাষা বা অন্য ভাষাৰ প্ৰভাৱ পৰা নাছিল। প্ৰাক-ইছলামী যুগৰ গদ্যৰ নুমান হিচাপে  তলত কেইশাৰীমান উধ্বৃত  কৰা হ’ল-
 
“হে জহাপনা! পৰম ঈশ্বৰে আপোনাক অতি উচ্চ আৰু সন্মানীয় পদত অধিষ্ঠিত কৰিছে। আপোনাক এটি মহান পৰিয়ালত জন্ম দিছে আৰু এটি সম্ভ্ৰান্ত ঘৰ দিছে। আপোনাক আৰবসকলৰ নৃপতি কৰিছে আৰু সিহঁতক আপোনাৰ অনুগত কৰিছে। আপুনি উপযুক্ত উত্তৰাধিকাৰীৰ উপযুক্ত সন্তান, যিসকলৰ স্মৃতিত আপোনাৰ মহৎ কীৰ্তি সদায় সজীৱ হৈ থাকিব আৰু আপোনাৰ উত্তৰাধিকাৰীসকলওে সমানে উপযুক্ত আৰু বিখ্যাত হ’ব।”
 
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ কাব্য সাহিত্যৰ লগত সেই সময়ৰ গদ্য সাহিত্যই ফেৰ মাৰিব নোৱাৰিলেও, প্ৰাক-ইছলামী যুগতেই আৰবী গদ্য সাহিত্যৰ গজালি মেলিছিল যাৰ ওপৰত পিছলৈ ডাল-পাত গজি বিশাল বটবৃক্ষত পৰিণত হৈ আৰবী ভাষাক বৰ্তমান বিশ্বৰ প্ৰধান ভাষাবোৰৰ মাজত এক অন্যতম ভাষাৰ মৰ্যদা পোৱাত সহায় কৰিছে। ০ ০ ০.
আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here