Home Literary Criticism আৰবী ভাষাৰ জন্ম আৰু বিকাশ | Birth & Development of Arabic Language...

আৰবী ভাষাৰ জন্ম আৰু বিকাশ | Birth & Development of Arabic Language in Assamese

0

আৰবী ভাষাৰ জন্ম আৰু বিকাশ

আৰবী ভাষাৰ জন্ম আৰু বিকাশ Birth & Development of Arabic Language in Assamese

 

আৰবী ভাষাৰ জন্ম আৰু বিকাশ

আৰবী ভাষাৰ জন্ম আৰু বিকাশ

‘ভাষা’ হৈছে যোগাযোগৰ এক মৌলিক মাধ্যম। ভাষাৰ জৰিয়তে এজনে আনজনৰ লগত মনৰ ভাৱ, অনুভৱ, চিন্তা, আবেগ, অনুভূতি আদি ব্যক্ত কৰে। সমীক্ষা মতে পৃথিৱীত প্ৰায় 6,০০০ টা ভাষা আছে। কিন্তু ইমানবোৰ ভাষা কেতিয়া, কিদৰে অস্তিত্বলৈ আহিল তাৰ কোনো সঠিক উত্তৰ নাই। সেয়ে ভাষা মানৱ জাতিৰ ওপৰত প্ৰকৃতিৰ এক স্বতঃস্ফূর্ত আশীৰ্বাদ বুলি গ্ৰহণ কৰা হয়। বৈশিষ্ট্য অনুসৰি পণ্ডিতসকলে পৃথিৱীৰ ভাষাসমূহক কেইবাটাও গোষ্ঠীত ভাগ কৰিছে, যথাঃ আৰ্য ভাষাগোষ্ঠী (Aryan Group of Language), তুৰানী ভাষাগোষ্ঠী (Teutonic Group of Languages) আৰু ছামী ভাষাগোষ্ঠী (Semitic Group of Languages)। এই ভাষাগোষ্ঠীৰ ভিতৰত থকা ভাষাবোৰৰ মাজত থকা সাদৃশ্য আৰু বৈশাসদৃশ্য অনুসৰি প্ৰতিটো ভাষাগোষ্ঠীৰ ভাষাসমূহক আকৌ কেইবাটাও সৰু সৰু গোটত ভাগ কৰা হৈছে। অৱশ্যে পণ্ডিতভেদে এই শ্ৰেণীবিভাগ ভিন ভিন হোৱা দেখা যায়। এই ভাষাগোষ্ঠীবোৰৰ ভিতৰত আটাইতকৈ বিস্তৃত আৰু ডাঙৰ ভাষাগোষ্ঠীটো হৈছে আৰ্য ভাষাগোষ্ঠী। বিশ্বৰ প্ৰায় ৪৬ শতাংশ লোক এই ভাষাগোষ্ঠীৰ অন্তৰ্গত।
আৰবী ভাষাৰ জন্ম আৰু বিকাশ
 
আৰবী ভাষাটো হৈছে ছেমীয় ভাষাগোষ্ঠীৰ এক অন্যতম ভাষা। ছামী ভাষাগোষ্ঠীটোৰ উদ্ভৱ হজৰত নূহ নবীৰ পুত্ৰ ‘শ্বাম’ৰ নাম অনুসাৰে হয় বুলি কোৱা হয়। কিন্তু ‘আৰবী’ ভাষাটো ঠিক কেতিয়াৰ পৰা উদ্ভৱ হোৱা আৰম্ভ হয় সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য পোৱা নাযায়। অৱশ্যে পণ্ডিতসকলে অনুমান কৰে যে সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব অষ্টম শতিকামানৰ পৰা আৰবী ভাষাটো অস্তিত্বলৈ আহে। কিন্তু দুখৰ বিষয় যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আগৰ কোনো আৰবী সাহিত্যৰ নমুনা পোৱা হোৱা নাই। অৱশ্যে প্ৰাচীন কিছু শিলালিপিৰ পৰা জনা যায় যে আৰবী ভাষাটো খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আগতেই বিকাশ লাভ কৰিছিল আৰু এই ভাষাত কথিত ৰূপত সাহিত্যও ৰচিত হৈছিল।
আৰবী ভাষাৰ জন্ম আৰু বিকাশ
 
পণ্ডিতসকলে আৰবী ভাষা আৰু সাহিত্যৰ ইতিহাসক প্ৰধানকৈ তিনিটা যুগত ভাগ কৰিছে, যথাঃ হিমাৰাইট যুগ (Himarait Period), প্ৰাক-ইছলামী যুগ (Pre-Islamic Period) আৰু ইছলামী যুগ (Islamic Period)। হিমাৰাইট যুগৰ কোনো লিখিত সাহিত্য পোৱা হোৱা নাই বাবে এই যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে আৰবী সাহিত্যৰ বুৰঞ্জী নিমাত। অৰ্থাৎ আৰবী ভাষাৰ হিমাৰাইট যুগটো অন্ধকাৰত ডুব গৈ আছে। এই যুগটোৰ পিছত আৰবী ভাষাৰ দ্বিতীয় যুগ অৰ্থাৎ আৰবী সাহিত্যৰ যুগ আৰম্ভ হয়। এই যুগটোক প্ৰাক-ইছলামী যুগ (Pre-Islamic Period) বুলি কোৱা হয়। প্ৰাক-ইছলামী যুগৰ সময়কাল খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পৰা হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা সময়লৈকে অৰ্থাৎ ৬২২ খ্ৰীষ্টীব্দলৈকে ধ’ৰা হয়। এই প্ৰাক-ইছলামী যুগত আৰবী সাহিত্যৰ প্ৰকৃত ধাৰা আৰম্ভ হয। এই যুগত অৰ্থাৎ ইছলামী যুগ আৰম্ভ হোৱাৰ আগৰ দেৰ শ বছৰৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবি-সাহিত্যিকৰ জন্ম হৈছিল বুলি ঠাৱৰ কৰা হয়। সিহঁতে আৰবী কবিতা আৰু কিছু গদ্য সাহিত্য ৰচনাৰে আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।
আৰবী ভাষাৰ জন্ম আৰু বিকাশ
 
প্ৰাচীন আৰবী ভাষাটো কেইবাটাও ঠাল বা উপভাষাত বিভক্ত আছিল। সেইবোৰৰ ভিতৰত দুটা উপভাষা বৰ প্ৰভাৱশালী আছিল- ইয়াৰ এটা দক্ষিণী উপভাষা (Southern Dialect) আৰু আনটো উত্তৰী উপভাষা (Northern Dialect)। দুয়োটা উপভাষাৰ মাজত শব্দগত আৰু ধ্বনিগত পাৰ্থক্য আছিল বুলি বৰ্তমানলৈ আবিষ্কৃত হোৱা শিলালিপিসমূহে প্ৰমাণ দিয়ে। কিন্তু কালৰ সোঁতত দক্ষিণী উপভাষাৰ তুলনাত উত্তৰী উপভাষাটো অধিক প্ৰভাৱশালী হৈ উঠে আৰু দক্ষিণী উপভাষাটো ক্ৰমান্বয়ে স্তমিত হয়। পিছত উত্তৰৰ আৰবী উপভাষাটো ব্যৱসায়-বাণিজ্যৰ ভাষাত পৰিণত হয় আৰু ই গোটেই মধ্য প্ৰাচ্যৰ লগতে দক্ষিণে আফ্রিকা আৰু উত্তৰ-পূৱে ৰাছিয়াৰ কিছু অংশলৈ বিস্তাৰ লাভ কৰে। প্ৰাক-ইছলামী যুগৰ আৰবী কবি-সাহিত্যিকসকলে আৰবী ভাষাত সাহিত্য ৰচনা কৰি এই ভাষাটোৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিলেও ইছলামী যুগতহে এই ভাষাটো এক গোলকীয় পৰ্যায়ৰ ভাষালৈ উন্নীত হয়। এই ক্ষেত্ৰত কোৰান আৰু হাদিছ গ্ৰন্থসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰে। এই ইছলামী গ্ৰন্থসমূহে আৰবী ভাষা আৰু সাহিত্যক এক স্থিৰতা আৰু সাৰ্বজনীনতা প্ৰদান কৰে। বৰ্তমান আৰবী ভাষা আৰু সাহিত্য বুলিলে উত্তৰী অৰ্থাৎ আৰবৰ উত্তৰাংশত চলি থকা উপভাষাটোক বুজোৱা হয়। আৰবী ভাষা-সাহিত্যৰ ইছলামী যুগৰ ভিন ভিন সময়ত আৰবী সাহিত্য ভিন ভিন শাখাত শক্তিশালী হৈ উঠে। বিশেষকৈ উমাইয়া যুগৰ শেষ সময়ছোৱাৰ পৰা আৰম্ভ কৰি আব্বাছী যুগত আৰবী ভাষা অধিক বিস্তৃত হয় আৰু এই ভাষাটো সাহিত্যৰ ভাষাৰ লগতে দৰ্শন, বিজ্ঞান, ভূগোল, বুৰঞ্জী, ৰাজনীতি, কূটনীতি, ব্যৱসায়-বাণিজ্য আদিৰ প্ৰধান ভাষাত পৰিণত হয়। ইয়াতে উল্লেখ্য যে আৰবী ভাষাই ইয়াৰ বিস্তাৰৰ যুগত বিশ্বৰ ভিন ভিন ভাষাৰ সংস্পৰ্শলৈ আহিলেও ই ইয়াৰ মৌলিকত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে দীৰ্ঘ ইছলামী যুগত ই অন্যান্য ভাষাৰ কিছু উপাদান গ্ৰহণ কৰিছে যদিও সেইবোৰ আৰবীকৰণ হৈছে। বৰ্তমান আৰবী ভাষাটো পৃথিৱীৰ মৰ্যদাসম্পন্ন প্ৰধান ভাষাবোৰৰ ভিতৰত এক অন্যতম চহকী ভাষা। ০ ০ ০.
আৰবী ভাষাৰ জন্ম আৰু বিকাশ
আৰবী ভাষাৰ জন্ম আৰু বিকাশ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here