আৰবী ভাষা-সাহিত্যৰ উৎস
আৰবী ভাষা-সাহিত্যৰ উৎস | Arabi Vasha Sahityor Utsha
পৃথিৱীৰ প্ৰাচীন আৰু মৰ্যদাসম্পন্ন চহকী ভাষাবোৰৰ ভিতৰত আৰবী ভাষাও অন্যতম। এই ভাষাটো ছামী ভাষা পৰিয়ালৰ অন্তৰ্গত আৰু ই খ্ৰীষ্টপূৰ্ব অষ্টম শতিকামানৰ পৰা উদ্ভৱ আৰু বিকাশ হোৱা আৰম্ভ হয় বুলি পণ্ডিতসকলে ঠাৱৰ কৰে। উল্লেখ্য যে ইয়াৰ উদ্ভৱ কালৰ পৰা খ্ৰীষ্টীয় পঞ্চম শতিকালৈ এই ভাষাত কোনো লিখিত সাহিত্য পোৱা নাযায়। কিন্তু অনুমান কৰা হয় যে খ্ৰীষ্টপূৰ্ব কেইবা শতিকাৰ আগৰ পৰাই এই ভাষাত লিপিৰ ব্যৱহাৰ আৰম্ভ হৈছিল আৰু কিছু পৰিমাণে লিখিত সাহিত্যৰো সৃষ্টি হৈছিল। কিন্তু দুখৰ বিষয় যে প্ৰাক-ইছলামী যুগৰ আগৰ আৰবী লিখিত সাহিত্যৰ কোনো নমুনা পোৱা নাযায়। তথাপি আৰবী ভাষাৰ দৰে চহকী আৰু প্ৰভাৱশীল ভাষা এটিৰ ইতিহাস জানিবৰ বাবে পণ্ডিতসকলৰ মনত কৌতুহলৰ অভাৱ নাই। সেয়ে সিহঁতে ইতিহাসৰ পাত খুচুৰি কিছুমান শিলালিপি আৰু মাটিৰ ফলকৰ সন্ধান পাইছে আৰু সেইবোৰৰ পৰা প্ৰাচীন আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে কিছু সিদ্ধান্তত উপনীত হৈছে। উল্লেখ্য যে ইছলামী যুগ অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা আৰবী ভাষা-সাহিত্যৰ উৎসৰ কোনো অভাৱ নাই । কিয়নো ইছলামী যুগৰ পৰা আৰবত নিয়মিতভাৱে লিখিত সাহিত্য সৃষ্টিৰ পৰম্পৰা আৰম্ভ হয়। সেয়ে প্ৰাচীন আৰবী ভাষা-সাহিত্যৰ বিষয়ে জানিবলৈ প্ৰধানকৈ শিলালিপি আৰু মাটিৰ ফলিসমূহৰ আশ্ৰয় লোৱা হয়।
আৰবী ভাষা-সাহিত্যৰ উৎস
প্ৰথমতে, প্ৰত্নতাত্বিকসকলৰ প্ৰচেষ্টাত আৰবৰ বিভিন্ন স্থানত বহুতো প্ৰাচীন ফলি আৱিষ্কাৰ হৈছে। উদাহৰণস্বৰূপে আৰবৰ হিজায প্ৰদেশৰ উত্তৰত কিছুমান লিপি পোৱা গৈছে। এই লিপিসমূহ ছাবায়ী লিপিৰ লগত সাদৃশ্য আছে। অনুমান কৰা হৈছে যে এইবোৰ খ্ৰীষ্টপূৰ্ব ৫০০ শতিকামানত লিখা হৈছিল। এইবোৰ প্ৰধানকৈ প্ৰাচীন ছামুদ জাতিয়ে বসবাস কৰা অঞ্চলত পোৱা গৈছে বাবে ইয়াক ‘ছামুদীয় লিপি’ বুলিও কোৱা হয়।
আৰবী ভাষা-সাহিত্যৰ উৎস
দ্বিতীয়তে বৰ্তমান দামাস্কাছ চহৰৰ ওচৰৰ ‘নামাৰা’ নামে ঠাইত এটি প্ৰাচীন সমাধিৰ গাত কিছু খোদিত বাণী পোৱা গৈছে। এইবোৰ খৃষ্টীয় ৩২৮ চন মানত লিখা হৈছিল বুলি ঠাৱৰ কৰা হৈছে।
তৃতীয়তে, এলেপ্প’ৰ জাবাদ নামে ঠাইত আৰবী, ছিৰীয় আৰু গ্ৰীক ভাষাত লিখা কিছু শিলালিপি আৰু ফলি উদ্ধাৰ হৈছে। এইবোৰ ৫১২ চন মানত লিখা হৈছিল বুলি সাক্ষ্য পোৱা যায়।
চতুৰ্থতে, আৰবৰ হাৰৰান নামে ঠাইত ৫৬৮ খ্ৰীষ্টাব্দত লিখিত আৰবী আৰু গ্ৰীক ভাষাৰ দ্বিভাষিক লিপি উদ্ধাৰ হৈছে। এই লিপিবোৰ দক্ষিণী আৰবী আৰু উত্তৰী আৰবীতকৈ অধিক প্ৰাচীন বুলি ঠাৱৰ কৰা হৈছে।
আৰবী ভাষা-সাহিত্যৰ উৎস
এনেদৰে অন্যান্য ঠাইতো প্ৰাচীন যুগৰ কিছু মাটিৰ ফলক আৱিষ্কাৰ হৈছে। এই ফলকবোৰেই হৈছে প্ৰাচীন যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ প্ৰধান উৎস। এইবোৰ অধ্যয়ন কৰি আৰবী ভাষা-সাহিত্যৰ জন্ম আৰু ক্ৰমবিকাশৰ বিষয়ে বহু কথা জানিব পৰা গৈছে।
আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে জনাৰ দ্বিতীয় স্তৰত প্ৰাক ইছলামী যুগত ৰচিত সাহিত্যৰাজিক বিবেচনা কৰা হয়। প্ৰাক-ইছলামী যুগত অৰ্থাৎ ৫০০ খৃষ্টাব্দৰ পৰা ৬২২ খৃষ্টাব্দৰ ভিতৰত আৰবত দুইশতাধিক কবি-সাহিত্যিক, বক্তা আদিৰ জন্ম হৈছিল আৰু সিহঁতে আৰবী ভাষাত বহুতো কবিতাৰ লগতে গদ্য সাহিত্যৰ জন্ম দিছিল। কিন্তু দুখৰ বিষয় যে সিহঁতৰ বহুতেই মুখে মুখেহে সাহিত্য ৰচনা কৰিছিল আৰু মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰপুৰুষলৈ সেইবোৰৰ কিছু অংশ সংৰক্ষিত হৈ আহিছিল। কিন্তু ইছলামী যুগত আৰবত কাব্য সাহিত্যৰ প্ৰভাৱ হ্রাস পাই আহে আৰু ক্ৰমে প্ৰাক ইছলামী যুগৰ ৰচনাসমূহ মানুহৰ স্মৃতিৰ পৰা হেৰাই যোৱা আৰম্ভ কৰে। কিন্তু সপ্তম শতিকাৰ শেষভাগ আৰু অষ্টম শতিকাৰ আদি ভাগৰ পৰা আৰবত লিখা-পঢ়াৰ আনুষ্ঠানিক পৰম্পৰা আৰম্ভ হয় আৰু সেই সুযোগতে কিছুমান সাহিত্যপ্ৰেমীয়ে হেৰাই যাব ধৰা প্ৰাক- ইছলামী যুগৰ কিছু কবিতা লোকমুখৰ পৰা সংগ্ৰহ কৰি সংৰক্ষণ কৰে। সেই সংকলনসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল- মুৱাল্লাকা (The Muallaqa), মুফাদ্দালিয়াত (The Mufaddaliyat), আবু তামামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam), বুহতুৰিৰ হামাছা (The Hamasa of Buhturi), জামহাৰাত অম্বা’ৰিল আৰব (Jamharat Ambaril Arab), কিতাবুল আঘানি (Kitabul Aghani) আদি।
আৰবী ভাষা-সাহিত্যৰ উৎস
উক্ত সংকলনসমূহেই হৈছে প্ৰাক-ইছলামী যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ প্ৰধান সমল। এই সমলসমূহ অধ্যয়ন কৰি আৰবী ভাষা আৰু সাহিত্যৰ ক্ৰম বিকাশৰ বিষয়ে এক স্পষ্ট ধাৰণা লাভ কৰিব পাৰি। উল্লেখ্য যে প্ৰাক ইছলামী যুগৰ সাহিত্য, বিশেষকৈ কবিতাই আৰবী ভাষা আৰু লিপিসমূহক এক স্পষ্ট আৰু সুনিদ্দিষ্ট গঢ় দিয়ে আৰু আৰবী ভাষাক এক স্বতন্ত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰে।
ইয়াৰ পিছত ইছলামী যুগত কোৰাণ আৰু হাদিছ গ্ৰন্থসমূহে আৰবী ভাষা আৰু সাহিত্যক স্থায়িত্ব আৰু সাৰ্বজনীনতা দান কৰে। 0 0 0.
আৰবী ভাষা-সাহিত্যৰ উৎস
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Additional Searches:
- Arabic-Wikipedia
- The History of Arabic Language
- Learn Arabic Through Assamese
- Arabic Language History