Home Literary Criticism আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব | Importance of Arabic Language & Literature

আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব | Importance of Arabic Language & Literature

0

আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব

আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব  Importance of Arabic Language & Literature

আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব

আৰবী ভাষা আজি অকল আৰবসকলৰ ভাষাই নহয়; ই এতিয়া গোটেই মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ পৰিছে। সেয়ে আৰবী ভাষা শিকা আৰু  আৰবী সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্বও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ আমি কেইবাটাও দিশৰ পৰা আলোচনা কৰিব পাৰি, যেনে – শৈক্ষিক কাৰণ, ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, সাংস্কৃতিক কাৰণ, ধৰ্মীয় কাৰণ আদি। তলত আৰবী ভাষা-সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্বৰ উক্ত কাৰণসমূহ চমুকৈ আলোচনা কৰা হ’ল-

শৈক্ষিক কাৰণ

বৰ্তমান বিশ্বত শিক্ষাৰ এক জাগৰণ আৰম্ভ হৈছে; কিয়নো বিশ্বই আজি উপলব্ধি কৰিছে যে শিক্ষাৰ জৰিয়তেহে জাতি এটা আধুনিকতাৰ পিনে আগবাঢ়ি যাব পাৰে। সেয়ে বিশ্বত স্কুল, কলেজ, বিশ্ববিদ্যালয় আদি শৈক্ষিক প্ৰতিষ্ঠানো যথেষ্ট পৰিমাণে গঢ়ি উঠিছে। সম্প্ৰতি ইন্টাৰনেটৰ প্ৰসাৰে মানৱ জ্ঞানৰো বিষ্ফোৰণ ঘটিছে। সেয়ে জাতি এটাই অকল নিজস্ব জ্ঞান ভাণ্ডাৰক  লৈয়ে সন্তুষ্ট নহয়; ই অন্যান্য দেশ তথা জাতিৰ জ্ঞানো আৰহণ কৰাত গুৰুত্ব আৰোপ কৰিছে। আৰবী ভাষাৰ এক চহকী সাহিত্য ভাণ্ডাৰ থকাৰ বাবে বিশ্বই আৰবী ভাষাক মৰ্যদাৰ চকুৰে চোৱা আৰম্ভ কৰিছে আৰু আৰবী ভাষা বিশ্বৰ বিভিন্ন শিক্ষা-প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অৰ্ন্তভূক্ত হৈছে। সেয়ে আৰবী ভাষাৰ গুৰুত্বও বাঢ়ি গৈছে। সম্প্ৰতি এয়া কোৱা হয় যে গ্ৰীক আৰু লেটিন অনুবাদৰ দ্বাৰা উচ্চ কাব্যিক শক্তিৰ অধিকাৰী প্ৰাক-ইছলামী যুগৰ আৰবী কবিতাৰ দ্বাৰা এলিজােবথীয় যুগৰ ইংৰাজ লেখকসকলো প্ৰভাৱিত হৈছিল। সেয়ে চহকী আৰু উচ্চ ভাষিক শক্তিৰ অধিকাৰী আৰবী ভাষা সাহিত্যৰ সোৱাদ লাভ কৰিবলৈয়ো আৰবী ভাষা শিক্ষা আৰু আৰবী সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্ব আছে। উদাৰহণস্বৰূেপ বিশ্ববিখ্যাত আৰবী উপাখ্যান ‘এহেজাৰ এনিশা’ (One Thousand and One Nights/ The Arabian Nights) গ্ৰন্থখনৰ সোৱাদ লাভ কৰিবলৈয়ো কিছু লোকে আৰবী ভাষা শিকে।
আৰবী ভাষা-সাহিত্যৰ গুৰুত্বত্ব

ৰাজনৈতিক কাৰণ

আৰবী ভাষা শিক্ষাৰ এক ৰাজনৈতিক কাৰণো আছে। কিয়নো বৰ্তমান বিশ্বৰ ৰাজনীতিত আৰব উপদ্বীপৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যই এক বিশেষ গুৰুত্ব লাভ কৰিছে আৰু বিভিন্ন ইউৰোপীয় দেশসমূহে মধ্যপ্ৰাচ্যত সিহঁতৰ ৰাজনৈতিক তথা অৰ্থনৈতিক আধিপত্য বিস্তাৰত মনোযোগী হৈছে। যিহেতু আৰবী ভাষাটো মধ্যপ্ৰাচ্যৰ উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ হয় সেয়ে ইউৰোপীয় দেশসমূহত আৰবী ভাষা শিক্ষাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান বিশ্বৰ ২৬ খন দেশৰ চৰকাৰী ভাষা হিচাপে আৰবী ভাষা ব্যৱহাৰ হয়। সেয়ে আৰ্ন্তজাতিক প্ৰেক্ষাপটতো আৰবী ভাষাৰ গুৰুত্ব যথেষ্ট পৰিমাণে বাঢ়ি গৈছে।
আৰবী ভাষা-সাহিত্যৰ গুৰুত্বত্ব

অৰ্থনৈতিক কাৰণ

বৰ্তমান বিশ্বত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ফলত বৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পূৰণাৰ্থে খাদ্য শস্যৰ লগতে অন্যান্য সামগ্ৰীৰো চাহিদা বৃদ্ধি পাইছে। সম্প্ৰতি আৰব উপদ্বীপৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যত বিশাল তেল তথা অন্যান্য প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে আৰু সেইবোৰ উদ্‌ঘাটনৰ বাবে বহুত জনশক্তিৰ প্ৰয়োজন। সেয়ে ভাৰত, বাংলাদেশ, পাকিস্থান, শ্ৰীলংকা আৰু অন্যান্য এচীয় দেশসমূহৰ পৰা বনুৱা তথা দক্ষ কাৰিকৰী লোক আৰবীয় দেশসমূহত কৰ্ম সংস্থান বিচাৰি আশ্ৰয় লৈছে। সিহঁতে সেই দেশসমূহত স্থানীয় লোকসকলৰ লগত সহজে যোগাযোগ স্থাপনৰ প্ৰয়োজনত আৰবী ভাষা আৰু সাহিত্য অধ্যয়ন কৰিবলৈ লৈছে। ফলত আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব বৃদ্ধি পাই আছে।
আৰবী ভাষা-সাহিত্যৰ গুৰুত্বত্ব

সাংস্কৃতিক কাৰণ

আৰবীয় দেশসমূহৰ এক স্বকীয় আৰু আদৰ্শ সংস্কৃতি আছে। উদাহৰণস্বৰূপে সিহঁতৰ সমাজ ব্যৱস্থা, বিচাৰ  ব্যৱস্থা, ৰাজনৈতিক আদৰ্শ আদিৰ লগত পৰিচয় হ’বলৈ বহুতে আৰবী ভাষা আৰু সাহিত্য অধ্যয়ন কৰাৰ প্ৰয়োজন অনুভৱ কৰে।
আৰবী ভাষা-সাহিত্যৰ গুৰুত্বত্ব

ধৰ্মীয় কাৰণ

আৰবী ভাষা আৰু সাহিত্যৰ গুৰুত্ব বৃদ্ধিৰ আন এক অত্যাৱশ্যকীয় কাৰণ হৈছে ইছলাম ধর্ম । আমি জানো যে  ইছলাম ধৰ্মৰ আৱিৰ্ভাব আৰবত হ’লেও ই অকল আৰবসকলৰ ধৰ্ম হৈ থকা নাই । এই ধৰ্মৰ মহান বাণীয়ে বিশ্বৰ সকলো দেশৰ লোককে আকৰ্ষণ কৰিছে। ফলত ইছলাম ধৰ্মটো বিশ্বৰ সকলোবোৰ দেশতে  বিস্তাৰ লাভ কৰিছে। এই ধৰ্মৰ মূল গ্ৰন্থ ‘কোৰাণ’ৰ লগতে হাদিছ গ্ৰন্থসমূহ মূল আৰবী ভাষাত লিখিত হোৱা বাবে ধৰ্মীয় কাৰণত বহু অনা আৰবী মুছলমান আনকি অমুছলমানসকলেও আৰবী ভাষা শিকাৰ প্ৰয়োজন অনুভৱ কৰে। উল্লেখ্য যে ১৯৭৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইংৰাজী ১৮ ডিচেম্বৰ তাৰিখটোক ‘বিশ্ব আৰবী ভাষা দিৱস’ হিচাপে ঘোষণা কৰিছে।

উক্ত কাৰণসমূহৰ বাবে সাম্প্ৰতিক বিশ্বত আৰবী ভাষা আৰু সাহিত্যৰ গুৰুত্ব অপৰিসীমভাৱে বৃদ্ধি পাইছে। 0 0 0.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here