Home All আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ | Arabi Sahityor Etihas Prak-Islami Yug

আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ | Arabi Sahityor Etihas Prak-Islami Yug

আৰবী সাহিত্যৰ ইতিহাস

0

 

আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ  Arabi Sahityor Etihas Prak-Islami Yug 

আৰবী সাহিত্যৰ ইতিহাস
প্ৰাক-ইছলামী যুগ

আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ | Arabi Sahityor Etihas Prak-Islami Yug 
 
 

ৰাব্বি   মছৰুৰ

 

 

 

গ্রূহিলচ  পাব্লিশিং 

 

Arabi Sahityor Etihas-Prak-Islamic Yug ( A History of Arabic Literature (Pre-Islamic Period) is originally written by Menonim Menonimus in English and translated into Assamese by Rabbi Masrur.
 
Internet Edition.
 
 
All rights reserved with the author.
 
 
Price:
 
 
 
DTP by Adid Shahriar
 
 
আগকথা 
 
(মূল লিখকৰ)
 
মই পঢ়ি আৰু লিখি ভাল পাওঁ আৰু সেয়েহে এবাৰ মই কিছুমান আৰবী কিতাপ পঢ়িবলৈ লৈছিলো, বিশেষকৈ ইংৰাজী অনুবাদৰ জৰিয়তে (কাৰণ আৰবী ভাষাৰ ওপৰত মোৰ দখল অতি সামান্য)  যিহেতু লিখা কামটো মোৰ অনুভৱ আৰু ধাৰণা প্ৰকাশৰ মাধ্যম, সেয়েহে মই অতি কম সময়ৰ ভিতৰতে “এ হিষ্ট্ৰী অৱ এৰাবিক  লিটাৰেচাৰ, প্ৰাক-ইছলামিক পেৰিয়ড” কিতাপখন লিখি উলিয়ালোঁ। ইয়াত মই স্পষ্টভাৱে মোৰ দুৰ্বলতা স্বীকাৰ কৰিছো যে এই কিতাপখন কোনো পধ্যেই বিস্তৃত নহয়, ই এক সংক্ষিপ্ত ধাৰনাহে। আৰু যদিও ই সংক্ষিপ্ত,  কিতাপখনে বিভিন্ন আৰবী কিতাপ পঢ়ি থাকোতে আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত মই গঠন কৰা মোৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। 
 
আশা কৰোঁ যে এই কিতাপখন তেওঁলোকৰ বাবে সহায়ক হ’ব যিসকলে খৰখেদাকৈ আৰৱী সাহিত্যৰ সৈতে পৰিচিত হ’ব বিচাৰে। অৰ্থাৎ, এই কিতাপখন এক সুৰুঙা  হ’ব পাৰে যাৰ জৰিয়তে পঢ়ুৱৈসকলে আৰৱী সাহিত্যৰ ৰত্নবোৰত উঁকি মাৰিব পাৰিব পাৰে।
মেনোনিম মেনোনিমাছ
শান্তি কানন
 
 
 
অসমীয়া অনুবাদৰ আগকথা 
 
আজিকালি আৰবী সাহিত্যৰ সমাদৰ বৃদ্ধি পাইছে আৰু বিভিন্ন দেশৰ স্কুল-কলেজৰ পাঠ্যক্ৰমত আৰবী ভাষা-সাহিত্য অৰ্ন্তভূক্ত হৈছে। আমাৰ অসমৰ শিক্ষানুষ্ঠানসমূহতো আৰবী ভাষা-সাহিত্যই স্থান পাইছে। কিন্তু আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত অসমীয়া ভাষাত কিতাপ প্ৰায় নাই বুলিব পাৰি। সেয়ে  মেনোনিম মেনোনিমাচে ৰচনা কৰা মূল ইংৰাজী ‘A History of Arabic Literature, Pre-Islamic Period’ কিতাপখন “আৰবী সাহিত্যৰ ইতিহাস, প্রাক ইছলামী যুগ” শিৰোনামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা হ’ল। মই আশাবাদী যে কিতাপখন আৰবী ভাষা সাহিত্যৰ প্ৰতি কৌতুহল থকা পাঠকসকলৰ লগতে অসমীয়া ভাষী আৰবী সাহিত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰো উপকাৰত আহিব।
ইয়াতে উল্লেখ্য যে কিতাপখন সম্পূৰ্ণ মোৰ অনুবাদ যদিও  গুৱাহাটীৰ পূৰ্বায়ন প্ৰকাশনে আবুল কাছিম, ইনামূল হক আৰু আব্দুৰ ৰহিম-এই তিনিজন লিখকৰ নামত প্ৰকাশ কৰিছে। অৱশ্যে ইয়াত মোৰো কোনো আপত্তি নাই। ইতি
ৰাব্বি  মছৰুৰ
কমলপুৰ।
 
অৰ্পণ
 
কিতাপ পঢ়ি ভালেপাৱা 
মোৰ জীয়ৰী 
মিছ ছামিমাৰ হাতত
মৰমেৰে
ৰাব্বি  মছৰুৰ
 
 
সূচীপত্র
 
 
অধ্যায়-১
আৰবী ভাষাৰ জন্ম আৰু বিকাশ
 
অধ্যায়-২
আৰবী ভাষাৰ বৈশিষ্ট্য 
 
অধ্যায়-৩
আৰবী ভাষা-সাহিত্যৰ উৎস
আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব
বৰ্তমান বিশ্বত আৰবী ভাষাৰ স্থান
 
অধ্যায়-৪
আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য
 
অধ্যায়-৫
আৰবী গদ্যৰ জন্ম  বিকাশ আৰু বৈশিষ্ট্য
 
অধ্যায়-৬
প্ৰাক-ইছলামিক আৰবী গদ্যৰ বিশিষ্ট লেখকসকল:
শ্বাহবান বিন ওৱাইল
কুছ ছাইদাহ আল-আইয়াদি
হাতীম ত্বাঈ
 
অধ্যায়-৭
কেইজনমান প্ৰাক-ইছলামী কবি আৰু সিহঁতৰ কবিতা
ইমৰাউল কাইছ (Imraul Qays)
জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma)
ত্বাৰফা বিন আল আ‘ব্দ  Tarafa bin al-A’bd) 
লাবিদ বিন ৰাবিয়া (Labid bin Rabiya)
আন্তাৰা বিন শ্বাদ্দাদ (Antara bin Shaddad)
আমৰ বিন কুলছুম (Amar bin Kulthum)
হাৰিছ বিন হিল্লিজা (Haris bin Hillija)
আল-নাবিঘা (Al-Nabigha)
আল-আ‘শ্বা (Al-Asha)
হাতিম ত্বাই (Hatim Tai)
আবিদ বিন আল-আব্রাছ (Abid bin Al-Abras)
উমাইয়া বিন আবি ছালাত (Umayya Bin Abi Salat)
আল-শ্বানফাৰা (Al-Shanfara)
আল-ছামাওৱাল বিন আদিয়া (Al-Shamaul bin Adia)
 
অধ্যায়-৮
প্ৰাক-ইছলামী যুগৰ কবিতাৰ সংকলনসমূহ
মুৱাল্লাকা (The Muallaqa)
মুফাদ্দালিয়াত (The Mufaddaliyat)
আবু তামামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam)
বুহতুৰিৰ হামাছা (The Hamasa of Buhturi)
জামহাৰাত অম্বা’ৰিল আৰব (Jamharat Ambaril Arab)
কিতাবুল আঘানি (Kitabul Aghani)
 

Table of Contents

আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ

অধ্যায়-১

আৰবী ভাষাৰ জন্ম আৰু বিকাশ

‘ভাষা’ হৈছে যোগাযোগৰ এক মৌলিক মাধ্যম। ভাষাৰ জৰিয়তে এজনে আনজনৰ লগত মনৰ ভাৱ, অনুভৱ, চিন্তা, আবেগ, অনুভূতি আদি ব্যক্ত কৰে। সমীক্ষা মতে পৃথিৱীত প্ৰায় ৬,০০০ টা ভাষা আছে। কিন্তু ইমানবোৰ ভাষা কেতিয়া, কিদৰে অস্তিত্বলৈ আহিল তাৰ কোনো সঠিক উত্তৰ নাই। সেয়ে ভাষা মানৱ জাতিৰ ওপৰত প্ৰকৃতিৰ এক স্বতঃস্ফূর্ত আশীৰ্বাদ বুলি গ্ৰহণ কৰা হয়। বৈশিষ্ট্য অনুসৰি পণ্ডিতসকলে পৃথিৱীৰ ভাষাসমূহক কেইবাটাও গোষ্ঠীত ভাগ কৰিছে, যথাঃ আৰ্য ভাষাগোষ্ঠী (Aryan Group of Language), তুৰানী ভাষাগোষ্ঠী (Teutonic Group of Languages) আৰু ছামী ভাষাগোষ্ঠী (Semitic Group of Languages)। এই ভাষাগোষ্ঠীৰ ভিতৰত থকা ভাষাবোৰৰ মাজত থকা সাদৃশ্য আৰু বৈশাসদৃশ্য অনুসৰি প্ৰতিটো ভাষাগোষ্ঠীৰ ভাষাসমূহক আকৌ কেইবাটাও সৰু সৰু গোটত ভাগ কৰা হৈছে। অৱশ্যে পণ্ডিতভেদে এই শ্ৰেণীবিভাগ ভিন ভিন হোৱা দেখা যায়। এই ভাষাগোষ্ঠীবোৰৰ ভিতৰত আটাইতকৈ বিস্তৃত আৰু ডাঙৰ ভাষাগোষ্ঠীটো হৈছে আৰ্য ভাষাগোষ্ঠী। বিশ্বৰ প্ৰায় ৪৬ শতাংশ লোক এই ভাষাগোষ্ঠীৰ অন্তৰ্গত।
.
আৰবী ভাষাটো হৈছে ছেমীয় ভাষাগোষ্ঠীৰ এক অন্যতম ভাষা। ছামী ভাষাগোষ্ঠীটোৰ উদ্ভৱ হজৰত নূহ নবীৰ পুত্ৰ ‘শ্বাম’ৰ নাম অনুসাৰে হয় বুলি কোৱা হয়। কিন্তু ‘আৰবী’ ভাষাটো ঠিক কেতিয়াৰ পৰা উদ্ভৱ হোৱা আৰম্ভ হয় সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য পোৱা নাযায়। অৱশ্যে পণ্ডিতসকলে অনুমান কৰে যে সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব অষ্টম শতিকামানৰ পৰা আৰবী ভাষাটো অস্তিত্বলৈ আহে। কিন্তু দুখৰ বিষয় যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আগৰ কোনো আৰবী সাহিত্যৰ নমুনা পোৱা হোৱা নাই। অৱশ্যে প্ৰাচীন কিছু শিলালিপিৰ পৰা জনা যায় যে আৰবী ভাষাটো খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আগতেই বিকাশ লাভ কৰিছিল আৰু এই ভাষাত কথিত ৰূপত সাহিত্যও ৰচিত হৈছিল।
.
পণ্ডিতসকলে আৰবী ভাষা আৰু সাহিত্যৰ ইতিহাসক প্ৰধানকৈ তিনিটা যুগত ভাগ কৰিছে, যথাঃ হিমাৰাইট যুগ (Himarait Period), প্ৰাক-ইছলামী যুগ (Pre-Islamic Period) আৰু ইছলামী যুগ (Islamic Period)। হিমাৰাইট যুগৰ কোনো লিখিত সাহিত্য পোৱা হোৱা নাই বাবে এই যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে আৰবী সাহিত্যৰ বুৰঞ্জী নিমাত। অৰ্থাৎ আৰবী ভাষাৰ হিমাৰাইট যুগটো অন্ধকাৰত ডুব গৈ আছে। এই যুগটোৰ পিছত আৰবী ভাষাৰ দ্বিতীয় যুগ অৰ্থাৎ আৰবী সাহিত্যৰ যুগ আৰম্ভ হয়। এই যুগটোক প্ৰাক-ইছলামী যুগ (Pre-Islamic Period) বুলি কোৱা হয়। প্ৰাক-ইছলামী যুগৰ সময়কাল খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পৰা হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা সময়লৈকে অৰ্থাৎ ৬২২ খ্ৰীষ্টীব্দলৈকে ধ’ৰা হয়। এই প্ৰাক-ইছলামী যুগত আৰবী সাহিত্যৰ প্ৰকৃত ধাৰা আৰম্ভ হয। এই যুগত অৰ্থাৎ ইছলামী যুগ আৰম্ভ হোৱাৰ আগৰ দেৰ শ বছৰৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবি-সাহিত্যিকৰ জন্ম হৈছিল বুলি ঠাৱৰ কৰা হয়। সিহঁতে আৰবী কবিতা আৰু কিছু গদ্য সাহিত্য ৰচনাৰে আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।
.
প্ৰাচীন আৰবী ভাষাটো কেইবাটাও ঠাল বা উপভাষাত বিভক্ত আছিল। সেইবোৰৰ ভিতৰত দুটা উপভাষা বৰ প্ৰভাৱশালী আছিল- ইয়াৰ এটা দক্ষিণী উপভাষা (Southern Dialect) আৰু আনটো উত্তৰী উপভাষা (Northern Dialect)। দুয়োটা উপভাষাৰ মাজত শব্দগত আৰু ধ্বনিগত পাৰ্থক্য আছিল বুলি বৰ্তমানলৈ আবিষ্কৃত হোৱা শিলালিপিসমূহে প্ৰমাণ দিয়ে। কিন্তু কালৰ সোঁতত দক্ষিণী উপভাষাৰ তুলনাত উত্তৰী উপভাষাটো অধিক প্ৰভাৱশালী হৈ উঠে আৰু দক্ষিণী উপভাষাটো ক্ৰমান্বয়ে স্তমিত হয়। পিছত উত্তৰৰ আৰবী উপভাষাটো ব্যৱসায়-বাণিজ্যৰ ভাষাত পৰিণত হয় আৰু ই গোটেই মধ্য প্ৰাচ্যৰ লগতে দক্ষিণে আফ্রিকা আৰু উত্তৰ-পূৱে ৰাছিয়াৰ কিছু অংশলৈ বিস্তাৰ লাভ কৰে। প্ৰাক-ইছলামী যুগৰ আৰবী কবি-সাহিত্যিকসকলে আৰবী ভাষাত সাহিত্য ৰচনা কৰি এই ভাষাটোৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিলেও ইছলামী যুগতহে এই ভাষাটো এক গোলকীয় পৰ্যায়ৰ ভাষালৈ উন্নীত হয়। এই ক্ষেত্ৰত কোৰান আৰু হাদিছ গ্ৰন্থসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰে। এই ইছলামী গ্ৰন্থসমূহে আৰবী ভাষা আৰু সাহিত্যক এক স্থিৰতা আৰু সাৰ্বজনীনতা প্ৰদান কৰে। বৰ্তমান আৰবী ভাষা আৰু সাহিত্য বুলিলে উত্তৰী অৰ্থাৎ আৰবৰ উত্তৰাংশত চলি থকা উপভাষাটোক বুজোৱা হয়। আৰবী ভাষা-সাহিত্যৰ ইছলামী যুগৰ ভিন ভিন সময়ত আৰবী সাহিত্য ভিন ভিন শাখাত শক্তিশালী হৈ উঠে। বিশেষকৈ উমাইয়া যুগৰ শেষ সময়ছোৱাৰ পৰা আৰম্ভ কৰি আব্বাছী যুগত আৰবী ভাষা অধিক বিস্তৃত হয় আৰু এই ভাষাটো সাহিত্যৰ ভাষাৰ লগতে দৰ্শন, বিজ্ঞান, ভূগোল, বুৰঞ্জী, ৰাজনীতি, কূটনীতি, ব্যৱসায়-বাণিজ্য আদিৰ প্ৰধান ভাষাত পৰিণত হয়। ইয়াতে উল্লেখ্য যে আৰবী ভাষাই ইয়াৰ বিস্তাৰৰ যুগত বিশ্বৰ ভিন ভিন ভাষাৰ সংস্পৰ্শলৈ আহিলেও ই ইয়াৰ মৌলিকত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে দীৰ্ঘ ইছলামী যুগত ই অন্যান্য ভাষাৰ কিছু উপাদান গ্ৰহণ কৰিছে যদিও সেইবোৰ আৰবীকৰণ হৈছে। বৰ্তমান আৰবী ভাষাটো পৃথিৱীৰ মৰ্যদাসম্পন্ন প্ৰধান ভাষাবোৰৰ ভিতৰত এক অন্যতম চহকী ভাষা। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ | Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-২

আৰবী ভাষাৰ বৈশিষ্ট্য

আৰবী ভাষা হৈছে ছেমিটিক ভাষাগোষ্ঠীৰ এক অন্যতম চহকী ভাষা। এই ভাষাটো খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ পৰা উদ্ভৱ হোৱা বুলি পণ্ডিতসকলে অনুমান কৰে আৰু ই প্ৰায় এহেজাৰ বছৰৰো অধিক কাল বিৱৰ্তনৰ মাজেদি আহি ইছলামী যুগত ই এক সুস্থিৰ, সাৰ্বজনীন আৰু মৰ্যাদাসম্পন্ন ভাষাৰ স্থিতি লাভ কৰে। এই ভাষাটো ইংৰাজী বা ইউৰোপৰ অন্যান্য ভাষাৰ পৰা সম্পূৰ্ণৰূপে পৃথক এক স্বতন্ত্ৰ বৈশিষ্ট্যযুক্ত ভাষা। এই ভাষাৰ বৈশিষ্ট্যসমূহ আমি তলত উল্লেখ কৰা ধৰণে কেইবাটাও দিশৰ পৰা আলোচনা কৰিব পাৰি।
.
ধ্বনিতত্ব(Phonology): আৰৱী ভাষাৰ ধ্বনিতত্ব সম্পূৰ্ণ সুকীয়া। ইয়াত আছে বিশেষভাৱে ইংৰাজী ভাষী লোকৰ বাবে কঠিন ছয়টা কণ্ঠ ব্যঞ্জনবৰ্ণ (Kh-gh-h-h) আৰু স্বৰবৰ্ণৰ উচ্চাৰণ শক্তিশালীভাৱে প্ৰভাৱিত কৰা জোৰদাৰ ব্যঞ্জনবৰ্ণ (t – d – s – z) ৰ শৃংখলা। ইয়াত তিনিটা চুটি আৰু তিনিটা দীঘল স্বৰবৰ্ণ আছে যেনে- (a – i – u )। আৰবী শব্দবোৰ এটা ব্যঞ্জনবৰ্ণৰ সৈতে আৰম্ভ হয় আৰু তাৰ পিছত এটা স্বৰবৰ্ণ থাকে। কিন্তু দীঘল স্বৰবৰ্ণৰ পিছত কাচিৎহে এটাতকৈ বেছি ব্যঞ্জনবৰ্ণ থাকে আৰু একেলগে কেতিয়াও দুটাতকৈ বেছি ব্যঞ্জনবৰ্ণ নাথাকে। 
.
ৰূপতত্ত্ব(Morphology): এটা আৰবী শব্দত দুটা অংশ থাকে —- (১) মূল অংশ য’ত সাধাৰণতে ব্যঞ্জনবৰ্ণ থাকে আৰু শব্দটোৰ মৌলিক আভিধানিক অৰ্থ প্ৰদান কৰে আৰু (২) গাঁথনিক অংশ য’ত সাধাৰণতে মূল ব্যঞ্জনবৰ্ণৰ সৈতে আন্তঃসংযোগ কৰা স্বৰবৰ্ণ থাকে আৰু শব্দটোৰ অধিক নিৰ্দিষ্ট ব্যাকৰণগত অৰ্থ প্ৰদান কৰে। এনেদৰে ‘Kitab’ শব্দটোত মূল (K-t-b) থাকে যি লিখনি বা লিখিত বস্তুক বুজায়। আনহাতে (Katib)ৰ সৈতে সম্পৰ্কিত শব্দটোৰ অৰ্থ হৈছে – যি জনে লিখে অৰ্থাৎ এজন ‘কেৰাণী’।
.
ধাতুৰূপ(Conjugation): আৰবী ধাতুৰূপ সদায় নিয়মীয়া হয় আৰু ইয়াৰ দুটা কাল থাকে। ইয়াত প্ৰত্যয় যোগ কৰি কাৰ্য সম্পূৰ্ণ হোৱা বুজোৱা হয় অৰ্থাৎ অতীত কাল গঠন কৰা হয়। আকৌ উপসৰ্গ যোগ কৰি অসম্পূৰ্ণ কাৰ্য বুজোৱা হয়। কেতিয়াবা সংখ্যা আৰু লিংগ সূচিত কৰা প্ৰত্যয় যোগ কৰি বৰ্তমান বা ভৱিষ্যতৰ সময় প্ৰকাশ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। আৰবী ভাষাত দুটা কাল থকাৰ উপৰিও ইয়াত আছে ইমপাৰেটি ৰূপ, এক্টিভ পাৰটিচিপল, পেচিভ পাৰটিচিপল আৰু ক্ৰিয়াৰ পৰা গঠন হোৱা বিশেষ্য। আৰবী ক্ৰিয়াবোৰৰ বচন তিনিটা হয় যেনে-একবচন, দ্বিবচন আৰু বহুবচন আৰু লিংগ দুটা হয় যেনে- পুংলিঙ্গ আৰু স্ত্ৰীলিংগ। উল্লেখ্য যে ধ্ৰুপদী আৰবী ভাষাত প্ৰথম ব্যক্তিৰ কোনো দ্বৈত ৰূপ নাই আৰু কোনো লিংগ পাৰ্থক্য নাই কিন্তু আধুনিক আৰবী ভাষাই পৰোক্ষ উক্তিৰ বাবে সকলো দ্বৈত ৰূপ হেৰুৱাইছে।
.
সৰ্বনাম(Pronouns): ধ্ৰুপদী আৰবী বিশেষ্যৰ ৰূপ প্ৰণালী (declension) ত তিনিটা কাৰক যথা-নমিনিটিভ, জেনিটিভ আৰু একিউজিটিভ আছিল। কিন্তু আধুনিক আৰবী ভাষাত বিশেষ্যবোৰ অৱনমিত নহয়।  সৰ্বনামবোৰ প্ৰত্যয় আৰু স্বতন্ত্ৰ শব্দ হিচাপে ব্যৱহৃত হয়।
.
বাক্যবিন্যাস(Syntax): কাৰক আৰু প্ৰকাশ ধৰণ (Case  and mood) ত আৰবী ভাষাই দ্বিধাবিভাজন মানি চলে। এই বাবেই আৰবী ভাষা অন্যান্য ছেমিটিক ভাষাৰ তুলনাত অধিক নমনীয়।  এই ভাষাত বাক্যবোৰ সাধাৰণতে চুটি চুটি হয় যদিও অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত শক্তিশালী। আৰবী বাক্যবোৰত শব্দৰ যৌক্তিক সজ্জা আৰু ৰূপগত আৱিষ্কাৰত বিমূৰ্ত বিশেষ্য গঠন আৰু চিন্তাৰ সাধাৰণীকৰণৰ অৱদান আছে। আৰবী ভাষাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল, সকলো সমৃদ্ধিৰ সৈতে, ই তুলনামূলকভাৱে অন্যান্য ভাষাৰ পৰা  মিশ্ৰণমুক্ত। ধ্ৰুপদী আৰবীত অন্যান্য ভাষাৰ পৰা কিছু শব্দ সোমাইছিল যদিও সেইবোৰ আৰবীকৰণ কৰা হৈছিল। অৱশ্যে অতি কম পৰিমাণে এই ধাৰা আজিও চলি আছে।
.
চহকী শব্দভাণ্ডাৰ(Rich Vocabulary): আৰবী ভাষাৰ এক বিশাল শব্দভাণ্ডাৰ আছে। ইয়াত বিভিন্ন ধৰণৰ শব্দৰ অত্যাধিক প্ৰাচুৰ্যতা আছে আৰু ইয়াৰ প্ৰতিটো ক্ৰিয়া এক ডজনতকৈও অধিক ৰূপত গঢ় ল’ব পাৰে। আৰবী ভাষাত ‘চন্দ্ৰ’ বুজাবলৈ ষোল্লটা শব্দ, বৰষুণৰ বাবে ত্ৰিশটা শব্দ, ভ্ৰমণ আৰু পোহৰ বুজোৱাৰ বাবে একৈশটাকৈ শব্দ, অন্ধকাৰৰ বাবে বাৱান্নটা শব্দ, মেঘৰ বাবে পঞ্চাশটা, ৰ্দ্ঘৈ বুজাবলৈ একানব্বৈটা আৰু ‘চুটি’ বুজাবলৈ এশ ষাঠিটা শব্দ পোৱা যায়। ইয়াত নিশাৰ প্ৰতি ঘণ্টাক বুজাবলৈ পৃথক পৃথক শব্দ আছে আৰু ধনুৰ কাঁড় বুজাবলৈ এক ডজনৰো অধিক শব্দ আছে। এইদৰে আৰবী ভাষাৰ শব্দ ভাণ্ডাৰ বিশ্বৰ অন্যান্য ভাষাতকৈ ঈৰ্ষনীয়ভাৱে চহকী।
.
আৰবী ভাষাৰ উক্ত বৈশিষ্ট্যবোৰৰ বাবে ই বিশ্বৰ মৰ্যদাসম্পন্ন ভাষাৰ এক অন্যতম ভাষাৰ স্বীকৃতি পাইছে। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৩

আৰবী ভাষা-সাহিত্যৰ উৎস, গুৰুত্ব আৰু স্থান

আৰবী ভাষা-সাহিত্যৰ উৎসঃ

পৃথিৱীৰ প্ৰাচীন আৰু মৰ্যদাসম্পন্ন চহকী ভাষাবোৰৰ ভিতৰত আৰবী ভাষাও অন্যতম। এই ভাষাটো ছামী ভাষা পৰিয়ালৰ অন্তৰ্গত আৰু ই খ্ৰীষ্টপূৰ্ব অষ্টম শতিকামানৰ পৰা উদ্ভৱ আৰু বিকাশ হোৱা আৰম্ভ হয় বুলি পণ্ডিতসকলে ঠাৱৰ কৰে। উল্লেখ্য যে ইয়াৰ উদ্ভৱ কালৰ পৰা খ্ৰীষ্টীয় পঞ্চম শতিকালৈ এই ভাষাত কোনো লিখিত সাহিত্য পোৱা নাযায়। কিন্তু অনুমান কৰা হয় যে খ্ৰীষ্টপূৰ্ব কেইবা শতিকাৰ আগৰ পৰাই এই ভাষাত লিপিৰ ব্যৱহাৰ আৰম্ভ হৈছিল আৰু কিছু পৰিমাণে লিখিত সাহিত্যৰো সৃষ্টি হৈছিল। কিন্তু দুখৰ বিষয় যে প্ৰাক-ইছলামী যুগৰ আগৰ আৰবী লিখিত সাহিত্যৰ কোনো নমুনা পোৱা নাযায়। তথাপি আৰবী ভাষাৰ দৰে চহকী আৰু প্ৰভাৱশীল ভাষা এটিৰ ইতিহাস জানিবৰ বাবে পণ্ডিতসকলৰ মনত কৌতুহলৰ অভাৱ নাই। সেয়ে সিহঁতে ইতিহাসৰ পাত খুচুৰি  কিছুমান শিলালিপি আৰু মাটিৰ ফলকৰ সন্ধান পাইছে আৰু সেইবোৰৰ পৰা প্ৰাচীন আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে কিছু সিদ্ধান্তত উপনীত হৈছে। উল্লেখ্য যে ইছলামী যুগ অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা আৰবী ভাষা-সাহিত্যৰ উৎসৰ কোনো অভাৱ নাই । কিয়নো ইছলামী যুগৰ পৰা আৰবত নিয়মিতভাৱে লিখিত সাহিত্য সৃষ্টিৰ পৰম্পৰা আৰম্ভ হয়। সেয়ে প্ৰাচীন আৰবী ভাষা-সাহিত্যৰ বিষয়ে জানিবলৈ প্ৰধানকৈ শিলালিপি আৰু মাটিৰ ফলিসমূহৰ আশ্ৰয় লোৱা হয়।
.
প্ৰথমতে, প্ৰত্নতাত্বিকসকলৰ প্ৰচেষ্টাত আৰবৰ বিভিন্ন স্থানত বহুতো প্ৰাচীন ফলি আৱিষ্কাৰ হৈছে। উদাহৰণস্বৰূপে আৰবৰ হিজায প্ৰদেশৰ উত্তৰত কিছুমান লিপি পোৱা গৈছে। এই লিপিসমূহ ছাবায়ী লিপিৰ লগত সাদৃশ্য আছে। অনুমান কৰা হৈছে যে এইবোৰ খ্ৰীষ্টপূৰ্ব ৫০০ শতিকামানত লিখা হৈছিল।  এইবোৰ প্ৰধানকৈ প্ৰাচীন ছামুদ জাতিয়ে বসবাস কৰা অঞ্চলত পোৱা গৈছে বাবে ইয়াক ‘ছামুদীয় লিপি’ বুলিও কোৱা হয়।
.
দ্বিতীয়তে বৰ্তমান দামাস্কাছ চহৰৰ ওচৰৰ ‘নামাৰা’ নামে ঠাইত এটি প্ৰাচীন সমাধিৰ গাত কিছু খোদিত বাণী পোৱা গৈছে। এইবোৰ খৃষ্টীয় ৩২৮ চন মানত লিখা হৈছিল বুলি ঠাৱৰ কৰা হৈছে।
.
তৃতীয়তে, এলেপ্প’ৰ জাবাদ নামে ঠাইত আৰবী, ছিৰীয় আৰু গ্ৰীক ভাষাত লিখা কিছু শিলালিপি আৰু ফলি উদ্ধাৰ হৈছে। এইবোৰ ৫১২ চন মানত লিখা হৈছিল বুলি সাক্ষ্য পোৱা যায়।
.
চতুৰ্থতে, আৰবৰ হাৰৰান নামে ঠাইত ৫৬৮ খ্ৰীষ্টাব্দত লিখিত আৰবী আৰু গ্ৰীক ভাষাৰ দ্বিভাষিক লিপি উদ্ধাৰ হৈছে। এই লিপিবোৰ দক্ষিণী আৰবী আৰু উত্তৰী আৰবীতকৈ অধিক প্ৰাচীন বুলি ঠাৱৰ কৰা হৈছে।
.
এনেদৰে অন্যান্য ঠাইতো প্ৰাচীন যুগৰ কিছু মাটিৰ ফলক আৱিষ্কাৰ হৈছে। এই ফলকবোৰেই হৈছে প্ৰাচীন যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ প্ৰধান উৎস। এইবোৰ অধ্যয়ন কৰি আৰবী ভাষা-সাহিত্যৰ জন্ম আৰু ক্ৰমবিকাশৰ বিষয়ে বহু কথা জানিব পৰা গৈছে। 
.
আৰবী ভাষা আৰু সাহিত্যৰ বিষয়ে জনাৰ দ্বিতীয় স্তৰত প্ৰাক ইছলামী যুগত ৰচিত সাহিত্যৰাজিক বিবেচনা কৰা হয়। প্ৰাক-ইছলামী যুগত অৰ্থাৎ ৫০০ খৃষ্টাব্দৰ পৰা ৬২২ খৃষ্টাব্দৰ ভিতৰত আৰবত দুইশতাধিক কবি-সাহিত্যিক, বক্তা আদিৰ জন্ম হৈছিল আৰু সিহঁতে আৰবী ভাষাত বহুতো কবিতাৰ লগতে গদ্য সাহিত্যৰ জন্ম দিছিল। কিন্তু দুখৰ বিষয় যে সিহঁতৰ বহুতেই মুখে মুখেহে সাহিত্য ৰচনা কৰিছিল আৰু মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰপুৰুষলৈ সেইবোৰৰ কিছু অংশ সংৰক্ষিত হৈ আহিছিল। কিন্তু ইছলামী যুগত আৰবত কাব্য সাহিত্যৰ প্ৰভাৱ হ্রাস পাই আহে আৰু ক্ৰমে প্ৰাক ইছলামী যুগৰ ৰচনাসমূহ মানুহৰ স্মৃতিৰ পৰা হেৰাই যোৱা আৰম্ভ কৰে। কিন্তু সপ্তম শতিকাৰ শেষভাগ আৰু অষ্টম শতিকাৰ আদি ভাগৰ পৰা আৰবত লিখা-পঢ়াৰ আনুষ্ঠানিক পৰম্পৰা আৰম্ভ হয় আৰু সেই সুযোগতে কিছুমান সাহিত্যপ্ৰেমীয়ে হেৰাই যাব ধৰা প্ৰাক- ইছলামী যুগৰ কিছু কবিতা লোকমুখৰ পৰা সংগ্ৰহ কৰি সংৰক্ষণ কৰে। সেই সংকলনসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল- মুৱাল্লাকা (The Muallaqa), মুফাদ্দালিয়াত (The Mufaddaliyat), আবু তামামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam), বুহতুৰিৰ হামাছা (The Hamasa of Buhturi), জামহাৰাত অম্বা’ৰিল আৰব (Jamharat Ambaril Arab), কিতাবুল আঘানি (Kitabul Aghani) আদি। 
.
উক্ত সংকলনসমূহেই হৈছে প্ৰাক-ইছলামী যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ প্ৰধান সমল। এই সমলসমূহ অধ্যয়ন কৰি আৰবী ভাষা আৰু সাহিত্যৰ ক্ৰম বিকাশৰ বিষয়ে এক স্পষ্ট ধাৰণা লাভ কৰিব পাৰি। উল্লেখ্য যে প্ৰাক ইছলামী যুগৰ সাহিত্য, বিশেষকৈ কবিতাই আৰবী ভাষা আৰু লিপিসমূহক এক স্পষ্ট আৰু সুনিদ্দিষ্ট গঢ় দিয়ে আৰু আৰবী ভাষাক এক স্বতন্ত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰে। 
.
ইয়াৰ পিছত ইছলামী যুগত কোৰাণ আৰু হাদিছ গ্ৰন্থসমূহে আৰবী ভাষা আৰু সাহিত্যক স্থায়িত্ব আৰু সাৰ্বজনীনতা দান কৰে। 

আৰবী ভাষা-সাহিত্যৰ গুৰুত্বঃ

আৰবী ভাষা আজি অকল আৰবসকলৰ ভাষাই নহয়; ই এতিয়া গোটেই মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ পৰিছে। সেয়ে আৰবী ভাষা শিকা আৰু  আৰবী সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্বও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ কাৰণ আমি কেইবাটাও দিশৰ পৰা আলোচনা কৰিব পাৰি, যেনে – শৈক্ষিক কাৰণ, ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, সাংস্কৃতিক কাৰণ, ধৰ্মীয় কাৰণ আদি। তলত আৰবী ভাষা-সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্বৰ উক্ত কাৰণসমূহ চমুকৈ আলোচনা কৰা হ’ল-
.
(ক) শৈক্ষিক কাৰণঃ বৰ্তমান বিশ্বত শিক্ষাৰ এক জাগৰণ আৰম্ভ হৈছে; কিয়নো বিশ্বই আজি উপলব্ধি কৰিছে যে শিক্ষাৰ জৰিয়তেহে জাতি এটা আধুনিকতাৰ পিনে আগবাঢ়ি যাব পাৰে। সেয়ে বিশ্বত স্কুল, কলেজ, বিশ্ববিদ্যালয় আদি শৈক্ষিক প্ৰতিষ্ঠানো যথেষ্ট পৰিমাণে গঢ়ি উঠিছে। সম্প্ৰতি ইন্টাৰনেটৰ প্ৰসাৰে মানৱ জ্ঞানৰো বিষ্ফোৰণ ঘটিছে। সেয়ে জাতি এটাই অকল নিজস্ব জ্ঞান ভাণ্ডাৰক লৈয়ে সন্তুষ্ট নহয়; ই অন্যান্য দেশ তথা জাতিৰ জ্ঞানো আৰহণ কৰাত গুৰুত্ব আৰোপ কৰিছে। আৰবী ভাষাৰ এক চহকী সাহিত্য ভাণ্ডাৰ থকাৰ বাবে বিশ্বই আৰবী ভাষাক মৰ্যদাৰ চকুৰে চোৱা আৰম্ভ কৰিছে আৰু আৰবী ভাষা বিশ্বৰ বিভিন্ন শিক্ষা-প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অৰ্ন্তভূক্ত হৈছে। সেয়ে আৰবী ভাষাৰ গুৰুত্বও বাঢ়ি গৈছে। সম্প্ৰতি এয়া কোৱা হয় যে গ্ৰীক আৰু লেটিন অনুবাদৰ দ্বাৰা উচ্চ কাব্যিক শক্তিৰ অধিকাৰী প্ৰাক-ইছলামী যুগৰ আৰবী কবিতাৰ দ্বাৰা এলিজােবথীয় যুগৰ ইংৰাজ লেখকসকলো প্ৰভাৱিত হৈছিল। সেয়ে চহকী আৰু উচ্চ ভাষিক শক্তিৰ অধিকাৰী আৰবী ভাষা সাহিত্যৰ সোৱাদ লাভ কৰিবলৈয়ো আৰবী ভাষা শিক্ষা আৰু আৰবী সাহিত্য অধ্যয়ন কৰাৰ গুৰুত্ব আছে। উদাৰহণস্বৰূেপ বিশ্ববিখ্যাত আৰবী উপাখ্যান ‘এহেজাৰ এনিশা’ (One Thousand and One Nights/ The Arabian Nights) গ্ৰন্থখনৰ সোৱাদ লাভ কৰিবলৈয়ো কিছু লোকে আৰবী ভাষা শিকে।
.
ৰাজনৈতিক কাৰণঃ আৰবী ভাষা শিক্ষাৰ এক ৰাজনৈতিক কাৰণো আছে। কিয়নো বৰ্তমান বিশ্বৰ ৰাজনীতিত আৰব উপদ্বীপৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যই এক বিশেষ গুৰুত্ব লাভ কৰিছে আৰু বিভিন্ন ইউৰোপীয় দেশসমূহে মধ্যপ্ৰাচ্যত সিহঁতৰ ৰাজনৈতিক তথা অৰ্থনৈতিক আধিপত্য বিস্তাৰত মনোযোগী হৈছে। যিহেতু আৰবী ভাষাটো মধ্যপ্ৰাচ্যৰ উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ হয় সেয়ে ইউৰোপীয় দেশসমূহত আৰবী ভাষা শিক্ষাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান বিশ্বৰ ২৬ খন দেশৰ চৰকাৰী ভাষা হিচাপে আৰবী ভাষা ব্যৱহাৰ হয়। সেয়ে আৰ্ন্তজাতিক প্ৰেক্ষাপটতো আৰবী ভাষাৰ গুৰুত্ব যথেষ্ট পৰিমাণে বাঢ়ি গৈছে।
.
অৰ্থনৈতিক কাৰণঃ বৰ্তমান বিশ্বত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ফলত বৰ্দ্ধিত জনসংখ্যাৰ চাহিদা পূৰণাৰ্থে খাদ্য শস্যৰ লগতে অন্যান্য সামগ্ৰীৰো চাহিদা বৃদ্ধি পাইছে। সম্প্ৰতি আৰব উপদ্বীপৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যত বিশাল তেল তথা অন্যান্য প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে আৰু সেইবোৰ উদ্‌ঘাটনৰ বাবে বহুত জনশক্তিৰ প্ৰয়োজন। সেয়ে ভাৰত, বাংলাদেশ, পাকিস্থান, শ্ৰীলংকা আৰু অন্যান্য এচীয় দেশসমূহৰ পৰা বনুৱা তথা দক্ষ কাৰিকৰী লোক আৰবীয় দেশসমূহত কৰ্ম সংস্থান বিচাৰি আশ্ৰয় লৈছে। সিহঁতে সেই দেশসমূহত স্থানীয় লোকসকলৰ লগত সহজে যোগাযোগ স্থাপনৰ প্ৰয়োজনত আৰবী ভাষা আৰু সাহিত্য অধ্যয়ন কৰিবলৈ লৈছে। ফলত আৰবী ভাষা-সাহিত্যৰ গুৰুত্ব বৃদ্ধি পাই আছে।
.
সাংস্কৃতিক কাৰণঃ আৰবীয় দেশসমূহৰ এক স্বকীয় আৰু আদৰ্শ সংস্কৃতি আছে। উদাহৰণস্বৰূপে সিহঁতৰ সমাজ ব্যৱস্থা, বিচাৰ  ব্যৱস্থা, ৰাজনৈতিক আদৰ্শ আদিৰ লগত পৰিচয় হ’বলৈ বহুতে আৰবী ভাষা আৰু সাহিত্য অধ্যয়ন কৰাৰ প্ৰয়োজন অনুভৱ কৰে।
.
ধৰ্মীয় কাৰণঃ আৰবী ভাষা আৰু সাহিত্যৰ গুৰুত্ব বৃদ্ধিৰ আন এক অত্যাৱশ্যকীয় কাৰণ হৈছে ইছলাম ধর্ম । আমি জানো যে  ইছলাম ধৰ্মৰ আৱিৰ্ভাব আৰবত হ’লেও ই অকল আৰবসকলৰ ধৰ্ম হৈ থকা নাই । এই ধৰ্মৰ মহান বাণীয়ে বিশ্বৰ সকলো দেশৰ লোককে আকৰ্ষণ কৰিছে। ফলত ইছলাম ধৰ্মটো বিশ্বৰ সকলোবোৰ দেশতে  বিস্তাৰ লাভ কৰিছে। এই ধৰ্মৰ মূল গ্ৰন্থ ‘কোৰাণ’ৰ লগতে হাদিছ গ্ৰন্থসমূহ মূল আৰবী ভাষাত লিখিত হোৱা বাবে ধৰ্মীয় কাৰণত বহু অনা আৰবী মুছলমান আনকি অমুছলমানসকলেও আৰবী ভাষা শিকাৰ প্ৰয়োজন অনুভৱ কৰে। উল্লেখ্য যে ১৯৭৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ইংৰাজী ১৮ ডিচেম্বৰ তাৰিখটোক ‘বিশ্ব আৰবী ভাষা দিৱস’ হিচাপে ঘোষণা কৰিছে।
.
উক্ত কাৰণসমূহৰ বাবে সাম্প্ৰতিক বিশ্বত আৰবী ভাষা আৰু সাহিত্যৰ গুৰুত্ব অপৰিসীমভাৱে বৃদ্ধি পাইছে।

বৰ্তমান বিশ্বত আৰবী ভাষাৰ স্থান

আৰবী ভাষাটো বৰ্তমান ২৭৪ মিলিয়ন লোকৰ মাতৃভাষা। বিশ্বৰ ভাষাসমূহৰ ভিতৰত জনসংখ্যাৰ দিশত ইয়াৰ স্থান পঞ্চম। আদিতে আৰবী ভাষাটো মাত্ৰ আৰবতে সীমাবদ্ধ আছিল যদিও খ্ৰীষ্টীয় ষষ্ট শতিকাৰ পৰা এই ভাষাটো বিশ্বজুৰি বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰে আৰু বৰ্তমানেও এই সোঁত চলি আছে। ফলত বৰ্তমান বিশ্বত আৰবী ভাষাই এক মৰ্যদাশীল স্থানত উপনীত হৈছে। আনকি  ৰাষ্ট্ৰসংঘইয়ো ১৯৭৩ চনত আৰবী ভাষাক ইয়াৰ ষষ্টতম কাৰ্যালয়ৰ ভাষা হিচাপে গ্ৰহণ কৰিছে। আৰবী ভাষাই এই মৰ্যদা এদিনতে পোৱা নাই। এই মৰ্যদা পোৱাৰ বাবে এই ভাষাৰ প্ৰায় দেৰহাজাৰ বছৰৰ সময় গ্ৰহণ কৰিছে। অৱশ্যে আৰবী ভাষাটোক এনে মৰ্যদাশীল ভাষাত পৰিণত কৰাত কেইবাটাও কাৰকে অৱদান যোগাইছে। তলত  এই কাৰকবোৰ আলোচনা কৰা হ’ল।
.
(ক) খ্ৰীষ্ট্ৰীয় পঞ্চম শতাব্দীৰ আগলৈকে আৰবী ভাষাটো ছামী ভাষাৰ এক ঠাল হিচাপে অকল আৰবতহে সীমাবদ্ধ আছিল। কিন্তু পঞ্চম শতিকাৰ পৰা ষষ্ঠ শতিকাৰ ভিতৰত আৰবত বহুতো কবি আৰু বক্তাৰ জন্ম হয়। সিহঁতে স্বকীয় প্ৰতিভাৰে বহুতো কবিতাৰ জন্ম দিয়ে যিবোৰ কাব্যিক শক্তিত আছিল অতুলনীয় আৰু পূৰ্বদৃষ্টান্তহীন। ফলত আৰবী ভাষাই যথেষ্ট বিস্তাৰ আৰু জনপ্ৰিয়তা লাভ কৰে। পৰৱৰ্তী সময়ত সেই কবিতাসমূহ বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হয় আৰু অন্যান্য ভাষায়ো এই ভাষাৰ দ্বাৰা প্ৰভাৱিত হয়। ফলত আৰবী ভাষা আৰু সাহিত্যৰ মৰ্যদা বাঢ়ি যায়। 
.
(খ) আৰবী ভাষাই বৰ্তমান বিশ্বত মৰ্যদাশীল ভাষাৰ  স্থান লাভ কৰাৰ আন এক শক্তিশালী কাৰণ হ’ল- ই হৈছে ইছলাম ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ কোৰান আৰু হাদিছৰ ভাষা। বিশ্বৰ মূছলমানসকলে ইছলাম  ধৰ্মৰ মূলতত্ব বুজিবলৈ আৰবী ভাষা শিকে আৰু আৰবী সাহিত্য চৰ্চা কৰে। ফলত আৰবী ভাষাৰ মৰ্যদা বৃদ্ধিৰ লগতে ইয়াৰ স্থানো উচ্চতৰ হৈছে।
.
(গ) আৰবী ভাষাই বৰ্তমানৰ মৰ্যদা লাভ কৰাৰ আন এক কাৰণ হৈছে ইছলামী যুগত বিশেষকৈ আব্বাচীয় শাসন কালত আৰবী ভাষাত বহুতো গৱেষণামূলক গ্ৰন্থ ৰচিত হয়। উদাহৰণস্বৰূপে অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ইছলামী দেশসমূহত গণিত, ভূগোল, জ্যোতির্বিদ্যা,  ৰসায়ন, পদাৰ্থ বিদ্যা, আইন, দৰ্শন, ভাষা, অৰ্থনীতি, সংগীত আদিৰ ওপৰত বিস্তৰ গৱেষণা হয় আৰু বহুতো মূল্যৱান গ্ৰন্থ ৰচিত হয়। মুঠতে সমগ্ৰ ইউৰোপ যেতিয়া অন্ধকাৰত ডুব গৈ আছিল তেতিয়া আৰবীয়সকলে জ্ঞান-বিজ্ঞানৰ দিশত উচ্চতম স্তৰত উপনীত হৈছিল। উক্ত গ্ৰন্থসমূহ পিছলৈ ইউৰোপৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছিল। বহুতে মূল আৰবী ভাষাত সেই জ্ঞানৰ সোৱাদ লাভ কৰিবলৈ আৰবী ভাষা শিকিছিল। ফলত আৰবী ভাষাই বিশেষ মৰ্যদাৰ আসন লাভ কৰিছিল।
.
(ঘ) মধ্য যুগৰ ৰাজনীতিত মুছলমানসকলে একচ্ছত্ৰী আসন দখল কৰিছিল। উদাহৰণস্বৰূেপ ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ)য়ে তেওঁৰ  দহ বছৰৰ শাসনকালৰ ভিতৰত সমগ্ৰ পাৰস্য সাম্ৰাজ্য আৰু ৰোমান সাম্ৰাজ্য ইছলামৰ বহতীয়া কৰিছিল। ইয়াৰ পিছত ভাৰত উপমহাদেশলৈয়ো মুছলমানসকলৰ ৰাজনৈতিক আধিপত্য স্থাপন হয়। সেইসময়ত ৰাজনীতি তথা কূটনীতিৰ ভাষা হিচাপে আৰবী ভাষা ব্যৱহাৰ হৈছিল । ফলত আৰবী ভাষা আৰব উপদ্বীপৰ বাহিৰেও গোটেই মধ্যপ্ৰাচ্য, এচিয়া, ৰাছিয়া আৰু আফ্রিকালৈকো বিস্তাৰ লাভ কৰে। এনেদৰে ৰাজনৈতিক কাৰণেও আৰবী ভাষাক এক সুকীয়া মৰ্যদাশীল ভাষাৰ স্থানত উপনীত কৰিছে।
.
(ঙ) আৰবী ভাষাই এক বিশিষ্ট আসন লাভ কৰাত ইয়াৰ ভাষিক বৈশিষ্ট্যয়ো যথেষ্ট অৱদান আগবঢ়াইছে। কাৰণ আৰবী ভাষাটো হৈছে ছেমীয় ভাষা পৰিয়ালৰ লগতে ইউৰোপৰ ভাষাবোৰৰ ভিতৰত এক অন্যতম চহকী, সুন্দৰ, সুমধুৰ আৰু যুক্তিসংগত ভাষা। এই ভাষাৰ এটা শব্দক সামান্য গাঁঠনিক পৰিবৰ্তনৰ দ্বাৰা বহুতো অৰ্থ প্ৰদান কৰিব পাৰি। উহাৰণস্বৰূেপ ইয়াৰ প্ৰতিটো ক্ৰিয়া এক ডজনতকৈও অধিক ৰূপত গঢ় ল’ব পাৰে। ইয়াৰ উপৰিও আৰবী ভাষাত এটা বস্তুক বুজাবলৈ বহুতো শব্দ আছে, যেনে- ‘চন্দ্ৰ’ বুজাবলৈ ষোল্লটা শব্দ, বৰষুণৰ বাবে ত্ৰিশটা শব্দ, ভ্ৰমণ আৰু পোহৰ বুজোৱাৰ বাবে একৈশটাকৈ শব্দ, অন্ধকাৰৰ বাবে বাৱান্নটা শব্দ, মেঘৰ বাবে পঞ্চাশটা, ৰ্দ্ঘৈ বুজাবলৈ একানব্বৈটা আৰু ‘চুটি’ বুজাবলৈ এশ ষাঠিটা শব্দ পোৱা যায়। ইয়াত নিশাৰ প্ৰতিটো ঘণ্টাক বুজাবলৈ পৃথক পৃথক শব্দ আছে আৰু ধনুৰ কাঁড় বুজাবলৈ এক ডজনৰো অধিক শব্দ আছে। ফলত আৰবী ভাষাই অতি সহজে এক আন্তৰ্জাতিক ভাষাৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে।
.
(চ) অতি সম্প্ৰতি অৰ্থনৈতিক আৰু আন্তৰ্জাতিক ব্যৱসায়-বাণিজ্যিক কাৰণেও আৰবী ভাষাৰ গুৰুত্ব আৰু মৰ্যাদা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। বিংশ শতাব্দীৰ আশীৰ দহকৰ পৰা আৰব উপদ্বীপৰ লগতে আৰবী ভাষী মধ্য প্ৰাচ্যত বহুতো প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে। ইয়াৰ ভিতৰত খাৰুৱা তেল অন্যতম। ইউৰোপৰ প্ৰায় সকলোবোৰ দেশেই খাৰুৱা তেলৰ বাবে এই আৰবীয় দেশসমূহৰ ওপৰত নিৰ্ভৰশীল। সেয়ে সিহঁতে ব্যৱসায়িক সা-সুবিধা লাভ কৰিবলৈয়ো আৰবী ভাষা শিকিবলৈ লৈছে। ফলত আৰবী ভাষাই  অধিক গুৰুত্ব লাভ কৰিছে।
এনেদৰে উক্ত কাৰকসমূহে আৰবী ভাষাক বিশ্বৰ এক অন্যতম মৰ্যদাশীল স্থানত অধিষ্ঠিত কৰিছে।  ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৪

আৰবী কবিতাৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

কবিতা’ হৈছে সাহিত্যৰ সকলো শাখাৰ ভিতৰত জ্যেষ্ঠ, জটিল, বহুৰূপী, বিতৰ্কিত আৰু বহুলভাৱে সমালোচিত শাখা। গদ্য সাহিত্য প্ৰচলনৰ আগলৈকে বিশ্ব সাহিত্যৰ সাম্ৰাজ্যত কবিতাই যুগ যুগ ধৰি আধিপত্য চলাইছিল। কিন্তু ‘কবিতা’ কি–তাৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে কোনেও উলিয়াব পৰা নাই। বিভিন্ন পণ্ডিতে কবিতাক ভিন ভিন ধৰণে সংজ্ঞায়িত কৰিছে যদিও এটা সংজ্ঞাৰ লগত আনটোৰ মিল নাই। যিয়েই নহওঁক কবিতা বুলিলে আমি এনে এক ৰচনাক বুজো য’ত কোনো ঘটনা, অনুভৱ বা বিষয়ৰ অলংকাৰ পূৰ্ণ আবেগিক বৰ্ণনা থাকে।
.
বিশ্বৰ প্ৰায়বোৰ ভাষাৰে কাব্য সাহিত্য থকাৰ দৰে আৰবী ভাষাৰো এক চহকী কাব্য ভাণ্ডাৰ আছে। আৰবী ভাষাৰ কাব্য সাহিত্যৰ আৰম্ভণি কেতিয়া হৈছিল তাক কোনেও সঠিককৈ ক’ব নোৱাৰি যদিও প্ৰাক- ইছলামী যুগত অৰ্থাৎ পঞ্চম শতিকাৰ পৰা যে আৰবী ভাষাত কাব্য চৰ্চা বহুল পৰিমাণে হৈছিল তাৰ তথ্য পোৱা যায়। সম্ভৱতঃ তাৰো আগতে আৰবী ভাষাত কাব্য চৰ্চা আৰম্ভ হৈছিল যদিও পঞ্চম শতিকাৰ আগৰ কোনো সাহিত্য বৰ্তমানলৈ বৰ্তি থকা নাই বাবে আৰবী কাব্য সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগত আৰম্ভ হৈছিল বুলি ধৰি লোৱা হয়।
.
পণ্ডিতসকলে অনুমান কৰে যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবিৰ জন্ম হৈছিল আৰু সিহঁতেই আৰবী কাব্য সাহিত্যক বিকাশৰ এক উচ্চ পৰ্যায়ত উপনীত কৰাইছিল। সেই সময়খিনত জন্ম লাভ কৰা কবিসকলৰ ভিতৰত ইমৰাউল কাইছ (Imraul Qays), জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma), ত্বাৰফা বিন আল আ‘ব্দ  Tarafa bin al-A’bd),  লাবিদ বিন ৰাবিয়া (Labid bin Rabiya), আন্তাৰা বিন শ্বাদ্দাদ (Antara bin Shaddad), আমৰ বিন কুলছুম (Amar bin Kulthum), হাৰিছ বিন হিল্লিজা (Haris bin Hillija), আল-নাবিঘা (Al-Nabigha), আল-আ‘শ্বা (Al-Asha), হাতিম ত্বাই (Hatim Tai), আবিদ বিন আল-আব্রাছ (Abid bin Al-Abras), আবিদ বিন ছালাত (Abid bin Salat), আল-শ্বানফাৰা (Al-Shanfara), আল-ছামাওৱাল বিন আদিয়া (Al-Shamaul bin Adia) আদিৰ নাম উল্লেখযোগ্য।
.
উল্লেখ্য যে উক্ত কবিসকলৰ লগতে কালৰ বুকুত হেৰাই যোৱা আন বহুতো অনামী কবিয়ে আৰবী কাব্য সাহিত্যক অকল জন্ম দিয়াই নহয়, ইয়াক তুলি-তালি ডাঙৰ-দীঘলো কৰিছিল আৰু ইয়াক সাহিত্যৰ এক মৰ্যদাসম্পন্ন শাখা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। কিন্তু দুখৰ বিষয় সেই সময়ত সকলো সাহিত্য মুখে মুখে ৰচিত হৈছিল আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে বৰ্তি আছিল। ইয়াৰ কাৰণ সেই সময়ত আৰবৰ বেদুইনসকলৰ মাজত আনুষ্ঠানিক লিখা-পঢ়া কৰাৰ কোনো পৰিৱেশ নাছিল। সেয়ে সিহঁতে মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। কিন্তু সময়ৰ সোঁতত অকল অতি প্ৰয়োজনীয়খিনি মুখস্থ ৰাখি বাকীখিনি মানুহৰ স্মৃতি পৰা হেৰাই গৈছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ সাহিত্য উপযুক্ত সংৰক্ষণৰ অভাৱত ইতিহাসৰ পাতৰ পৰা বিলীন হয়। ইয়াৰ মাত্ৰ সামান্য অংশহে পিছৰ যুগৰ কেইজনমান সাহিত্য প্ৰেমীৰ তৎপৰতাত সংকলিত হয়। সেই সংকলনসমূহত সংৰক্ষিত কবিতাসমূহ অধ্যয়ন কৰিলে বুজা যায় যে প্ৰাক-ইছলামী যুগৰ কবিতা আছিল সেই যুগৰ কবিসকলৰ পাৰিবাৰিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি সকলো দিশ প্ৰতিফলনৰ আধাৰ স্বৰূপ। সিহঁতৰ কবিতাৰ বিষয়বস্তুও আছিল  বিবিধ, যেনে -প্ৰেম, গোষ্ঠীদ্বন্দ্ব, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি।
.
তলত প্ৰাক-ইছলামী যুগৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্য আৰু বিষয়বস্তুসমূহ আলোচনা কৰা হ’ল-
.
প্ৰেমঃ প্ৰাক-ইছলামী যুগৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে সৰহ সংখ্যক কবিয়ে প্ৰেমৰ প্ৰসংগৰ দ্বাৰাই সিহঁতৰ কবিতা আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ কবি ইমৰাউল কাইছে তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটো প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ বৰ্ণনাৰে আৰম্ভ কৰিছে। তেনেদৰে কবি জুহাইৰ বিন আবি  ছালমা, লাবিদ বিন ৰাবিয়াহ, আমৰ বিন কুলছুম আদি কবিয়েও সিহঁতৰ মুৱাল্লাকা কবিতা প্ৰেম প্ৰসংগৰ দ্বাৰা আৰম্ভ কৰিছে। সিহঁতৰ বাবে প্ৰেম আছিল জীয়াই থকাৰ প্ৰেৰণা। সিহঁতৰ নিত্য সংগী। সিহঁতে প্ৰেয়সীৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনাত আছিল পূৰ্বদৃষ্টান্তহীন, অভিনৱ আৰু সংবেদনশীল। উদাহৰণস্বৰূেপ ইমৰাউল কাইছৰ মুৱাল্লাকাৰ পৰা কেইটিমান পংক্তি উদ্ধৃত কৰা হ’ল-
.
“কোনো দিনেই পদাৰ্পন হোৱা নাই কোনো পুৰুষ
যি নাৰীৰ কোঠাত
নিৰ্বিঘ্নে সোমাইছো তাত
কৰিছো ক’তনা খেলা।”
.
গোষ্ঠীদ্বন্দ্বঃ প্ৰাক-ইছলামী যুগৰ আৰবী কবিতাৰ এক সাধাৰণ বিষয় হৈছে গোষ্ঠীদ্বন্দ্ব। সেই সময়ত আৰবৰ লোকসকল বহুতো গোত্ৰ, বংশ বা গোষ্ঠীত বিভক্ত আছিল আৰু সেইবোৰৰ মাজত সঘনে কলহ-বিবাদ চলি আছিল। এটা গোত্ৰই আন এটা গোত্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছিল। ফলত পুৰুষানুক্ৰমে সেই বিবাদ চলি আছিল। আকৌ প্ৰতিটো গোত্ৰৰে নিজস্ব কবি আছিল আৰু সিহঁতে নিজ গোত্ৰৰ প্ৰতিনিধি বা মুখপাত্ৰ হিচাপে  নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য, বল-বিক্ৰম আৰু গৌৰৱৰ বিষয়সমূহ কবিতাৰ মাজেদি দাঙি ধৰিছিল আৰু প্ৰতিপক্ষৰ লোকসকলক নিন্দা আৰু ভৰ্ৎসনা কৰিছিল। সেয়ে প্ৰাক-ইছলামী  কবিতাৰ জৰিয়তে সেই সময়ৰ যুদ্ধ বিগ্ৰহ, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়েও অৱগত হব পাৰি। উদাহৰণস্বৰূেপ জুহাইৰ বিন ছালামৰ কবিতাত সেই সময়ত আৱচ আৰু জুবিয়ান সম্প্ৰদায়ৰ মাজত দীৰ্ঘ দিন ধৰি চলা কন্দলৰ বিস্তৃত বৰ্ণনা পোৱা যায়। সেইদৰে তাৰাফা বিন আল-আ‘ব্দৰ কবিতাত তেওঁৰ ভায়েকসকলে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ বৰ্ণনা পোৱা যায়।
.
পৃষ্ঠপোষকৰ গুণ-কীৰ্তন আৰু স্তুতিঃ প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক প্ৰধান বিষয়বস্তু আছিল কবিসকলৰ পৃষ্ঠপোষকৰ গুণ বৰ্ণনা। সেই সময়ত কবিসকলৰ সৰহভাগেই সিহঁতৰ পৃষ্ঠপোষক বিচাৰি নেতৃস্থানীয় ব্যক্তি, ৰাজদৰবাৰ, প্ৰভাৱশালী চহকী ব্যক্তি আদিৰ ওচৰ চাপিছিল আৰু সিহঁতৰ দানশীলতা, দয়া, যশ, কীৰ্তি আদি গুণ বৰ্ণনা কৰি কবিতা ৰচনা কৰিছিল। প্ৰতিদানস্বৰূপে সিহঁতে পৃষ্ঠপোষকসকলৰ পৰা দান, বৰঙণি, উপঢৌকন আদি লাভ কৰিছিল আৰু সেইবোৰৰ দ্বাৰা পেট প্ৰৱৰ্তাইছিল। উদাহৰণস্বৰূেপ–আল-নাবিঘাই হীৰা ৰজাৰ যশ-কীৰ্তি বৰ্ণনা কৰি ৰাজ অনুগ্ৰহ লাভ কৰিছিল আৰু তেওঁ জীৱনৰ প্ৰায় ৫০ বছৰ হীৰাৰ ৰজাৰ ৰাজদৰবাৰত কটোৱাৰ সুবিধা আদায় কৰিছিল।
.
জীৱ-জন্তুঃ প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক বিষয়বস্তু হৈছে জীৱ-জন্তু। মুৱাল্লাকা কবিসকলৰ প্ৰতিটো কবিতাতে জীৱ-জন্তুৰ প্ৰসংগ আছে। বিশেষকৈ সিহঁতৰ কবিতাত উট, ঘোঁৰা, সিংহ, বাঘ আদি জন্তুৰ বৰ্ণনা পোৱা যায়। ইমৰাউল কাইছে তেওঁৰ ‘মুৱাল্লাকাত’ত উটৰ এক বিস্তৃত বৰ্ণনা দাঙি ধৰিছে। সেইদৰে তাৰাফা বিন আল-আ’ব্দ নামৰ কবিজনে উটৰ খোজৰ ধৰণ, পিঠি, ভৰি, মূৰ, ডিঙি, উচ্চতা, বুকু,  কান্ধ, উৰু, বৰণ আদিৰ বৰ্ণনা দাঙি ধৰাৰ লগতে জীনৰ ঘঁহনি খাই উটৰ পেটৰ ওপৰত হোৱা দাগৰ বিষয়েও বৰ্ণনা কৰিছে।
.
সুৰা আৰু আমোদ-প্ৰমোদঃ প্ৰাক-ইছলামী কবিতাৰ আন এক বিষয়বস্তু হৈছে সুৰা আৰু আমোদ-প্ৰমোদ। মুৱাল্লাকা কবিসকলৰ ভিতৰত ইমৰাউল কাইছ, আন্তাৰা বিন ছাদ্দাদ, হিল্লিজা, শ্বানফাৰা আদিৰ কবিতাত সুৰা আৰু আমোদ-প্ৰমোদৰ প্ৰসংগ আছে।
.
ধৰ্মঃ প্ৰাক-ইছলামী যুগৰ কিছুমান কবিৰ কবিতা অশ্লীলতাৰ দোষত দোষী সাব্যস্ত কৰা হয় যদিও বহুতো কবিৰ কবিতাত নৈতিকতা, মানৱতা, পৰোপকাৰীতা আৰু ধৰ্মীয় বিয়য়ো স্থান পাইছে। উদাহৰণস্বৰূেপ-জুহাইৰ বিন ছালমা, লাবিদ বিন ৰাবিয়াহ, আল-নাবিঘা, হাতিম তাই, উমাইয়াহ বিন আবি ছালাত আদিৰ কবিতাত  মাৱতাবাদী দৰ্শন প্ৰকাশ পোৱাৰ লগতে একেশ্বৰবাদী দৰ্শনো ফুটি উঠিছে। লাবিদ বিন ৰাবিয়াই ইছলাম গ্ৰহণৰ পিছত ৰচনা কৰা কবিতাত আল্লাহৰ শ্ৰেষ্ঠত্বৰ গুণ-গান, মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, শেষ বিচাৰৰ দিন আদি ইছলামী দৰ্শনৰ প্ৰসংগৰ উল্লেখ আছে। উদাহৰণস্বৰূপে লাবিদ বিন ৰাবিয়াৰ কেইশাৰীমান কবিতা তলত উধ্বৃত  কৰা হ’ল-
.
“আল্লাহৰ বাহিৰে সকলো বস্তুয়েই মূল্যহীন
সকলো সুখ, চৰ্তহীনভাৱেই অদৃশ্য হ’ব
……………………………
শেষ বিচাৰৰ দিনাখন উদ্ভাসিত হ’ব 
সকলো কৰ্ম সন্মুখত তোমাৰ
আৰু সৰ্বশক্তিমান আল্লাহই তোমাৰ 
কৰিব বিচাৰ।’
.
সেইদৰে হাতিম তাইৰ কবিতাতো ধৰ্মীয়  প্ৰসংগ পোৱা যায়-
“হে মাৰিয়া, যি ধন সম্পদ মই কৰিছো দান
তাৰ বাবে  পাম মই কৃতজ্ঞতা আৰু পৰজনমত মান।”
তেওঁ আন এটি কবিতাত কৈছে,
“কিহৰ বাবেনো সঞ্চয় কৰা অৰ্থ প্ৰাণপণে
তোমাৰ মৃত্যুৰ পিছত সকলো লুটিব আত্মীয়-স্বজনে।”
.
এনেদৰে প্ৰাক-ইছলামী যুগৰ কবিসকলে সিহঁতৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো বিষয়বস্তুৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু সিহঁতৰ কবিতা পঢ়ি  আমি সেই যুগৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধৰ্মীয়, যুদ্ধ-বিগ্ৰহ আদি সকলো দিশৰ আভাস পাব পাৰি। মুঠতে এই যুগৰ কবিসকলে সিহঁতৰ কবিতাৰ মাজেদি সেই সময়ৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিল আৰু বহু পৰিমাণে সফলো হৈছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবিতাক “আৰবসকলৰ জীৱন পঞ্জী” (Register of the Arabs) বুলি কোৱা হয়।
.
ওপৰত উল্লেখিত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বিষয়বস্তুসমূহৰ উপৰিও আৰবী কবিসকলে প্ৰকৃতিগতভাৱে এক বলিষ্ঠ কাব্যিক শক্তি লৈ কাব্য জগতত প্ৰৱেশ কৰিছিল আৰু সিহঁতৰ কাব্য সাহিত্য কাব্যৰ সকলো গুণেৰে বিভূষিত কৰি কাব্য সাহিত্যক এক শক্তিশালী প্ৰকাশ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিছিল। সিহঁতৰ কবিতাত উপমা, ৰূপক, প্ৰতীক আদি সাহিত্যিক অলংকাৰ থকাৰ উপৰিও অভিনৱ কল্পচিত্ৰৰ সন্দালনি প্ৰয়োগ দেখা যায়। আৰবী কবিতাত পোৱা উক্ত শৈলীগত বৈশিষ্ট্যসমূহ তলত  আলোচনা কৰা হ’ল।
.
উপমাঃ উপমা হৈছে এক প্ৰকাৰ সাহিত্যিক অলংকাৰ য’ত কোনো এটি বস্তু বা তাৰ গুণক বিসদৃশ (মিল নথকা) আন কোনো বস্তু বা তাৰ গুণৰ লগত তুলনা কৰি বৰ্ণনা কৰিবলৈ লোৱা বস্তুটিৰ আবেদন বৃদ্ধি কৰা হয়। প্ৰাক-ইছলামী যুগৰ কবিসকলে সঘনে উপমা অলংকাৰ ব্যৱহাৰ কৰিছিল। উদাৰহণস্বৰূপে সিহঁতে নাৰীক পূৰ্ণচন্দ্ৰ, ডিম্ব, পুতলা, গাইগৰু, হৰিণী আদিৰ লগত তুলনা কৰিছে। সেইদৰে মুখাবয়বক স্বৰ্ণমুদ্ৰাৰ লগত, স্তনক হৰিণীৰ নাকৰ লগত, দেহৰ পৰা নিৰ্গত হোৱা ঘামৰ গোন্ধক কস্তুৰীৰ লগত, মুখৰ পৰা ওলোৱা লালটিক মৌৰ লগত তুলনা কৰি অভিনৱ উপমা অলংকাৰৰ সৃষ্টি কৰিছে।
.
ৰূপকঃ ৰূপক হৈছে এনে এক সাহিত্যিক অলংকাৰ য’ত এটা বস্তু বা তাৰ গুণক সম্পূৰ্ণ অন্য এক বস্তু বুলি ধাৰণা কৰা হয়। অৰ্থাৎ এটা বস্তুক অন্য বস্তু বুলি কল্পনা কৰা হয়। আৰবী কবিতাত ৰূপক অলংকাৰৰ ব্যৱহাৰো যথেষ্ট পোৱা যায়। সিহঁতে পুৰুষক বাঘ, সিংহ, হায়েনা আদি বুলি কল্পনা কৰিছে। আনহাতে নাৰীক হৰিনী, দেৱী, চন্দ্ৰ, তাৰকা আদি কল্পনা কৰি ৰূপক অলংকাৰৰ সৃষ্টি   কৰিছে।
.
প্ৰতীকঃ প্ৰাক-ইছলামী যুগৰ কবিসকলে অসচেতনভাৱেই বহুতো বস্তু, প্ৰানী, গ্ৰহ-নক্ষত্ৰ আদিক প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰিছিল। উহাৰণস্বৰূেপ সিহঁতে বাঘ, সিংহ, হায়েনা আদিক হিংস্ৰতা, বল-বীৰ্য, প্ৰভূত্ব আদিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল। সেইদৰে চন্দ্ৰ, তৰা, নক্ষত্ৰ, বৃষ, সাগৰ আদিক নাৰীৰ প্ৰতীক হিচাপে কল্পনা কৰি সিহঁতৰ কাব্যৰ আবেদন যথেষ্ট বৃদ্ধি কৰিছিল।
.
কল্পচিত্ৰঃ ওপৰত উল্লেখ কৰা উপমা, ৰূপক আৰু প্ৰতীকসমূহৰ উপৰিও প্ৰাক-ইছলামী যুুগৰ কবিসকলে পূৰ্বদৃষ্টান্তহীন অভিনৱ কল্পচিত্ৰ সৃষ্টিত সুদক্ষ আৰু চতুৰ আছিল। উহাৰণস্বৰূপে  তাৰাফা বিন আল আ’ব্দ নামৰ কবিজনে নিজ প্ৰেয়সীৰ লগত মিলিত হোৱাৰ প্ৰৱল বাসনাৰ কল্পচিত্ৰ অংকন কৰিছে এইদৰে,
.
“মই আৰোহন কৰাই দিওঁ প্ৰেয়সীৰ সতে মোৰ মিলনৰ বাসনা
দিবানিশি ভ্ৰমণৰত কৃষ্ণকায় উটৰ পিঠিত,
যি সাৰ্থক পদাচাৰী, মৰদেহ বহনকাৰী চাংগাড়ীৰ দৰে শকত
লাঠিৰ সাহাৰ্য্যে চালনা কৰো মই, চন্দ্ৰৰ দৰে প্ৰশস্ত পথত।”
.
সেইদৰে আমৰ বিন কুলছুমেও প্ৰেয়সীৰ বিভিন্ন অংগৰ কল্পচিত্ৰ অংকন কৰিছে এনেদৰে-
.
“বাহু দুটা বাজী উটনীৰ দৰে পূৰঠ,
স্তনযুগল উন্নত, স্পৰ্শহীন আৰু সুকোমল
নূপুৰ পিন্ধা ভৰি হাতীৰ দাঁতেৰে নিৰ্মিত নালৰ দৰে উজ্জ্বল
বিচ্ছেদ বেদনাত তেওঁ হৈ পৰিছে পোৱালী হেৰুৱা উটনী 
আৰু সন্তান হেৰুৱা মাতৃৰ দৰে।”
.
মুঠতে প্ৰাক-ইছলামী যুগৰ কবিতা কাব্যিক শক্তিত আছিল পূৰ্বদৃষ্টান্তহীন, অতুলনীয় আৰু অভিনৱ যি যুগ যুগ ধৰি পৰৱৰ্তী কবিসকলৰ বাবে  আৰ্হিত পৰিণত হৈছিল। 
.
ওপৰত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বিষয়বস্তু আৰু ৰচনা শৈলীৰ  বিষয়ে আলোচনা কৰা হ’ল। এইবোৰৰ উপৰিও আৰবী কবিতাৰ ইতিহাসত বিষয়বস্তু অনুযায়ী আৰবী কবিতাক কেইবাটাও শ্ৰেণীত ভাগ কৰা হৈছে, যেনে- হামাছা, ফকৰ, গজল, মা’দ, ৰিছা, হিজা, ওৱাছফ আদি। তলত এই ভাগেবাৰৰ ধাৰণা দিয়া হ’ল-
.
হামাছাঃ আৰবী কবিতাৰ যিবোৰত বীৰত্ব, কষ্ট সহিষ্ণুতা, প্ৰকৃতিৰ শক্তিৰ বিৰুদ্ধে মনৰ দৃঢ়তা আদি প্ৰকাশ কৰা কৰা হয় সেইবোৰ কবিতাক হামাছা বুলি কোৱা হয়। আবু তাম্মাম আৰু আল-বুহতাৰি নামৰ দুজন পণ্ডিতে আৰবী হামাছাৰ দুখন সংকলন পুথি প্ৰস্তুত কৰিছিল।
.
ফখৰঃ যিবোৰ কবিতাৰ মাজেদি কবিৰ গোত্ৰ, জাতি, বংশ, পৰিয়াল আদিৰ কথা প্ৰকাশ পাইছিল সেইবোৰ কবিতাক ‘ফখৰ’বোলা হৈছিল। এনে কবিতাত কবিসকলৰ বংশ গৌৰৱ, প্ৰতিশোধপৰায়ণতা, দুখীয়াৰ প্ৰতি দানশীলতা, প্ৰতিবেশীৰ প্ৰতি সম্পৰ্ক আদি বিষয়ে স্থান পাইছিল।
.
গজলঃ যিবিলাক কবিতাৰ প্ৰধান বিষয়বস্তু আছিল প্ৰেম তেনে কবিতাক ‘গজল’ বুলি কোৱা হৈছিল। উল্লেখ্য যে আৰবী প্ৰেমমূলক কবিতাসমূহত কোনো কাল্পনিক প্ৰেমৰ কাহিনী পোৱা নাযায়। কবিসকলে নাৰীৰ স’তে থকা বাস্তৱ প্ৰেমৰ প্ৰসংগ সিহঁতৰ কবিতাৰ মাজেদি প্ৰকাশ কৰিছিল।
.
মা’দাহঃ যিবিলাক কবিতাৰ মাজেদি কবিয়ে নিজৰ জাতি, গোত্ৰ, বা বংশৰ কোনো নেতাৰ বীৰত্ব, প্ৰশংসা, গুণ-কীৰ্তন আদি প্ৰকাশ কৰিছিল তেনে কবিতাক মা’দাহ বোলা হৈছিল।
.
ৰিছাঃ পুত্ৰ, কন্যা, ভাতৃ বা কোনো নিকট আত্মীয়ৰ বিয়োগত শোক কৰি যিবিলাক কবিতা ৰচনা কৰা হৈছিল তেনে কবিতাক ‘ৰিছা’ বুলি কোৱা হৈছিল আৰু তেনে কবিক ‘মাৰছিয়া কবি’ বোলা হৈছিল। 
.
হিজাঃ নিন্দা আৰু ব্যঙ্গ ভাৱ প্ৰকাশক কবিতাক ‘হিজা’ বুলি কোৱা হৈছিল।  কোনো ব্যক্তিৰ বা গোত্ৰৰ প্ৰতিপক্ষৰ কোনো দুর্ব্বলতাক বা কোনো গুণক হেয় কৰি এনে কবিতা ৰচনা কৰা হৈছিল।
.
ওৱাছফঃ ওৱাছফ আছিল বৰ্ণনাত্মক কবিতা। এনে কবিতাত বৰ্ণনাত্মক চৰিত্ৰ আৰোপ কৰা হৈছিল। এনে কবিতাসমূহ স্বাভাৱিকতে দীৰ্ঘ আছিল আৰু নানা বিষয় যেনে প্ৰেম, যুদ্ধ-বিগ্ৰহ, উট, ঘোঁৰা, প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা দাঙি ধৰা হৈছিল।
.
কাছিদাহ: কাছিদাহ আছিল পঁচিশ বা তাতোধিক শাৰী বিশিষ্ট মিত্ৰাক্ষৰ ছন্দত ৰচিত কবিতা।  এনে কবিতাত গোত্ৰীয় যুদ্ধৰ বর্ণনা  থকাৰ লগতে আৰবসকলৰ সামাজিক জীৱন, বিশ্বাস, সংস্কৃতি, পূৰ্বপুৰুষসকলৰ বংশাৱলী, নাৰীপ্ৰেম আদিৰ বৰ্ণনাই ঠাই পাইছিল। এনে কবিতা সাধাৰণতে কবিৰ প্ৰেয়সীয়ে বসবাস কৰা ঠাইৰ বৰ্ণনাৰে আৰম্ভ হয় আৰু পিছত কবিয়ে প্ৰেয়সীৰ লগত কটোৱা অতীতৰ আনন্দপূৰ্ণ দিনবোৰৰ ৰোমন্থন কৰে। ইয়াৰ পিছত নানা বিষয় বৰ্ণনা কৰি কবিৰ আশ্ৰয়দাতা বা পৃষ্ঠপোষকৰ প্ৰশংসাৰে কবিতাটোৰ সামৰণি মাৰে।
.
টোকাঃ  প্ৰাক-ইছলামী কবিতাৰ আলোচনাত ‘মুৱাল্লাকা’ শব্দটো প্ৰায়ে ব্যৱহাৰ হোৱা দেখা যায়। পণ্ডিতসকলৰ মতে ‘মুৱাল্লাকা’ শব্দটো আৰবী ‘ইলক্ক’ বা ‘আলকুন’ শব্দৰ পৰা আহিছে।  ইয়াৰ অৰ্থ হৈছে মূল্যৱান বস্তু বা অতি শ্ৰদ্ধাৰ বস্তু যাক সৰ্বসাধাৰণৰ চকুত পৰাকৈ ওলোমাই ৰখা হয়। এই সম্পৰ্কে আবু জাফৰ আন্নোহাছে বৰ্ণনা কৰিছে যে প্ৰাক-ইছলামী যুগত এক নিয়ম আছিল যে প্ৰত্যেক বছৰে আৰবৰ কবিসকল, বক্তাসকল আৰু বিজ্ঞলোকসকল মক্কাৰ ওচৰৰ ‘উকাজ’ নামে বজাৰত সমবেত হৈছিল আৰু নিজৰ নিজৰ উৎকৃষ্ট ৰচনাৰাজি বিশেষকৈ কবিতা (কাছিদা) পাঠ কৰিছিল। ‘উকাজ’ বজাৰটো মক্কাৰ পৰা ৪০ মাইল পূৱফালে থকা নাখলা আৰু তাঈফৰ মাজভাগত অৱস্থিত আছিল। বিচাৰকসকলে সেই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা কবিক সন্মান জনাই পুৰস্কৃত কৰিছিল আৰু উৎকৃষ্ট কবিতাটো জনসাধাৰণে যাতে সহজে চাব পাৰে বা পঢ়িব পাৰে সেই উদ্দেশ্যে কাবা ঘৰৰ বেৰত ওলোমাই ৰাখিছিল। উল্লেখ্য যে কাবা ঘৰৰ বেৰত ওলোমাই ৰখাৰ পূর্বে বাদশাহৰ আগত পেশ কৰি তেওঁৰ হুকুম মতে সোনালী আখৰেৰে লিখা হৈছিল। ওলোমাই থোৱা বাবে এনেবোৰ কবিতাক ‘মুৱাল্লাকা’ বুলি কোৱা হৈছিল আৰু সোনৰ আখৰেৰে লিখা বাবে  ইয়াক ‘জাহবিয়াহ’ (সোনালী কবিতা) ও কোৱা হয়। সাধাৰণতে  ‘মুৱাল্লাকা’ বুলি বিবেচিত কবিতাৰ সংখ্যা আছিল সাত। প্ৰাক-ইছলামী যুগৰ প্ৰসিদ্ধ মুৱাল্লাকা কবিসকল আছিল-ইমৰাউল কাইছ, লাবিদ বিন ৰাবিয়াহ, জুহাইৰ বিন আবি ছালমা, তাৰাফা বিন আল-আ‘ব্দ, হাৰিচ বিন হিল্লিজা, আনতাৰা বিন শ্বাদ্দাদ আৰু আমৰ বিন কুলছুম। এই সাতজন কবিৰ সাতোটা কবিতা দীৰ্ঘ হোৱা বাবে ইয়াক ‘আল-ছাবউ আল-তিৱাল’ (সাতটা দীঘলীয়া কবিতা) বুলিও কোৱা হৈছিল। আববাচী যুগৰ খলিফা মেহদীৰ ৰাজত্বকালত হাম্মাদ আল-ৰাবীয়ে পোন প্ৰথমতে এই প্ৰসিদ্ধ সাতটা (‘ছাবআ মুৱাল্লাকা’) কবিতা গ্ৰন্থ আকাৰে সংকলন কৰে। ইয়াৰ উপৰিও কিছুমান সংকলকে আল-আ’শ্বা, আল-নাবিঘা আৰু উমাইয়া বিন আবি ছালাতৰ কাছিদা তিনিটাও মুৱাল্লাকা কবিতাৰ তালিকাত স্থান দিছে। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৫

আৰবী গদ্যৰ জন্ম, বিকাশ আৰু বৈশিষ্ট্য

আৰবী গদ্যৰ জন্ম আৰু বিকাশ

‘গদ্য’ বুলিলে সাধাৰণতে দৈনন্দিন জীৱনত মানুহে ছন্দহীন যি ভাষাত কথা-বতৰা পাতে তাকে বুজোৱা হয়। কথা-বতৰাৰ ভাষা  বহু সময়ত অসংলগ্নও হয় আৰু প্ৰকাশৰ পদ্ধতি, ধাৰা আদি ব্যক্তিভেদে বা অঞ্চলভেদে ভিন ভিন হোৱা দেখা যায়। কিন্তু এই গদ্যময় ভাষাত যেতিয়া কোনো বিষয় বা প্ৰসংগ প্ৰণালীবদ্ধভাৱে  শ্ৰোতাক প্ৰভাৱিত হোৱাকৈ ব্যক্ত কৰা হয় তেতিয়া সি সাহিত্যৰ শ্ৰেণীলৈ উন্নীত হয়। পৃথিৱীৰ সকলোবোৰ ভাষাতে সাহিত্য আছে-সেয়া লিখিতও হ’ব পাৰে বা কথিতও হ’ব পাৰে। কিন্তু দুখৰ বিষয় প্ৰাচীন কালত কাব্য সাহিত্যক যিমান প্ৰাধান্য দিয়া হৈছিল সেইদৰে গদ্য সাহিত্যক সিমান প্ৰাধান্য দিয়া হোৱা নাছিল। সেয়ে গদ্য সাহিত্য লিখিত ৰূপত সংৰক্ষিত হোৱাৰ ব্যৱস্থা কাব্য সাহিত্যৰ তুলনাত বহু পিছতহে আৰম্ভ হৈছিল। বিশ্বৰ প্ৰাচীন ভাষাসমূহৰ অন্যতম আৰবী ভাষা গদ্য আৰু কাব্য দুয়োবিধ শাখাতে চহকী। এই ভাষাৰ সাহিত্যৰ  পৰম্পৰা প্ৰাক-ইছলামী যুগত আৰম্ভ হয় যদিও এই যুগটো কাব্য সাহিত্যৰ বাবেহে ইতিহাসত বিখ্যাত। কিন্তু ইতিহাসৰ পাত খুচৰি চালে দেখা যায় যে আৰবী কাব্য সাহিত্যৰ দৰে গদ্য সাহিত্যৰো গজালি মেলিছিল এই প্ৰাক-ইছলামী যুগতে। দুখৰ বিষয় যে এই যুগৰ গদ্য সাহিত্যই ইতিহাসৰ পাতত কাব্য সাহিত্যৰ দৰে গুৰুত্ব পোৱা নাই। ইয়াৰ কাৰণ প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্য সংৰক্ষণত কোনেও গুৰুত্ব দিয়া নাছিল । ফলত এই যুগত ৰচিত হোৱা গদ্য চিৰদিনৰ বাবে হেৰুৱাই গৈছে। মাথো প্ৰসংগক্ৰমে বা উদাহৰণস্বৰূপে উল্লেখ কৰা কিছু গদ্যৰ নমুনা পিছৰ যুগৰ কিছুমান সংকলনত পোৱা যায়। সেই নমুনাসমূহৰ পৰা প্ৰাক-ইছলামী যুগত যে কাব্য সাহিত্যৰ ওচৰা-ওচৰিকৈ গদ্য সাহিত্যয়ো বিকাশ লাভ কৰিছিল তাৰ কিছু আভাস পাব পাৰি। প্ৰাক-ইছলামী যুগৰ গদ্য সাধাৰণতে যুদ্ধ কাহিনী, প্ৰবাদ বাক্য, আখ্যান–এই তিনিটা ধাৰাত বিকাশ লাভ কৰিছিল। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল–
.
যুদ্ধ কাহিনীঃ প্ৰাক-ইছলামী যুগত আৰবৰ উত্তৰ অঞ্চলৰ ঐতিহাসিক সাহিত্য আছিল সাধাৰণতে ‘আয়াম আল-আৰৱ’ অৰ্থাৎ যুদ্ধৰ দিনৰ কাহিনী। সেই সময়ত আৰবত বসবাস কৰা লোকসকল বিভিন্ন গোষ্ঠী বা গোত্ৰত বিভক্ত আছিল আৰু সেইবোৰৰ ভিতৰত প্ৰায়েই কাজিয়া পেচাল, দ্বন্দ্ব-খৰিয়াল, যুদ্ধ আদি চলি আহিছিল আৰু সেই যুদ্ধৰ কাহিনীবোৰ মানুহে মুখেমুখে কৈ ফুৰিছিল। সেই যুদ্ধৰ কাহিনীবোৰৰ লগত কিছুমানে তেওঁলোকৰ দেৱতাৰ ভূমিকাকো যোগ কৰিছিল আৰু  আন কিছুমানে কিছু পৰিমাণে তেওঁলোকৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যকলাপৰ দিশবোৰ কাহিনীবোৰৰ লগত সাঙুৰি দিছিল। সেই কাহিনীবোৰ সাধাৰণতে কথিত গদ্যত সজোৱা হৈছিল আৰু এই কাহিনীবোৰ  বংশানুক্ৰমে চলি আহিছিল। এই বৰ্ণনাবোৰ বংশানুক্ৰমিক তথ্যৰে সমৃদ্ধ আছিল আৰু তেওঁলোকৰ সম্পৰ্কিত জনজাতিৰ বৈশিষ্ট্যবোৰো প্ৰতিফলিত হৈছিল; লগতে তেওঁলোকৰ সামাজিক আচৰণ আৰু ধৰ্মীয়, ৰাজনৈতিক দৃষ্টিভংগীও এই বৰ্ণনাবোৰত প্ৰতিফলিত হৈছিল। আয়াম বৰ্ণনাৰ বিশেষত্ব আছিল নিজ গোত্ৰ বা বংশৰ গৌৰৱধবজাৰ গুণ-কীৰ্তন আৰু প্ৰতিপক্ষ গোত্ৰক নিন্দা কৰা। দৰাচলতে সেই সময়ত জনজাতি এটাৰ  ব্যক্তিগত সদস্যসকলৰ বাবে তেওঁলোকৰ জনজাতিৰ প্ৰাক্তন প্ৰধানসকলৰ ব্যক্তিগত গুণাগুণ আৰু দুঃসাহসিক অভিযানৰ বিষয়ে জানিব লাগিছিল। এই উদ্দেশ্যৰ বাবে জনজাতিৰ প্ৰতিজন সদস্যই সেই যুদ্ধৰ আখ্যানবোৰ ভাল পাইছিল আৰু মনোযোগেৰে শুনিছিল। কিছুমানে জনজাতিৰ দুঃসাহসিক অভিযানসমূহক লৈ কবিতা ৰচনা কৰিছিল আৰু সেই কবিতাসমূহ আবৃতি বা পাঠ কৰাৰ সময়ত কিছুমানে কোনো কোনো বিষয় গদ্যত ব্যাখ্যা কৰিছিল আৰু এনেদৰে সিহঁতে কাহিনী এটাক সজীৱতা প্ৰদান কৰিছিল। এনে গদ্য কাহিনীৰ ভাষা পাৰস্পৰিকভাৱে ইয়াৰ নিজা বিষয়বস্তুৰ সৈতে খাপ খোৱা আছিল। আয়াম বৰ্ণনাবোৰৰ আছিল কাৰ্যকৰী আৰু স্ব-ব্যাখ্যামূলক। এনে কাহিনীৰ কেন্দ্ৰীয় বিষয়বস্তু আছিল এটা নিৰ্দিষ্ট যুদ্ধৰ এটা খণ্ড বা এটা ঘটনাৰ বিস্তাৰিত বৰ্ণনা। এই কাহিনীবোৰ আছিল আৰবৰ স্বকীয় ভাষাৰ  সঁচা প্ৰতিফল কিয়নো এইবোৰ ভাষা আৰু কথন ভংগীৰ ওপৰত অন্য কোনো ভাষাৰ প্ৰভাৱ পৰা নাছিল। প্ৰতিটো জনজাতিৰ নিজা কবি আছিল যিসকলে নিজ নিজ জনজাতিৰ দুঃসাহসিক অভিযান আৰু গৌৰৱময় কৰ্মৰাজিৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ গদ্যত ব্যাখ্যামূলক টোকাৰ সৈতে জনজাতীয় সমাৱেশত আবৃতি কৰা হৈছিল। এটি ঘটনাৰ পিছত তাতোকৈ অধিক সতেজ আৰু অধিক স্মৰণীয় ঘটনা সংঘটিত নোহোৱালৈকে এনে বৰ্ণনাবোৰ জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আছিল। আয়ামৰ কাহিনীবোৰক সামাজিক মনোৰঞ্জন হিচাপে মূল্য দিয়া হৈছিল আৰু সেইবোৰক গোটেই জনজাতিৰ সামূহিক সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। এই কাহিনীবোৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ শতিকাৰ পৰা শতিকা ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিল। কিন্তু দুখৰ বিষয় কাহিনী  বৰ্ণনাকাৰীসকলৰ কোনো ঐতিহাসিক চেতনা নাছিল। সেয়ে সিহঁতে সেইবোৰ লিখিত ৰূপত সংৰক্ষণ কৰাৰ কোনো পদক্ষেপ লোৱা নাছিল।
.
প্ৰবাদ বাক্যঃ প্ৰাক-ইছলামী যুগত প্ৰবাদ বাক্যৰ জৰিয়তেও আৰবী গদ্যই বিকাশ আৰু বিস্তাৰ লাভ কৰিছিল। প্ৰবাদ বাক্যবোৰক বিজ্ঞলোকৰ বাস্তৱ অভিজ্ঞতাৰ ফচল হিচাপে গণ্য কৰা হৈছিল কিয়নো এনে বাক্যত জীৱনৰ গভীৰ সত্য লুকাই থাকে । প্ৰবাদ বাক্যৰ অধিকাংশই উপদেশমূলক আছিল আৰু  প্ৰাক-ইছলামী যুগত বক্তা আৰু কবিসকলে সিহঁতৰ ৰচনাত সততে প্ৰবাদ বাক্য ব্যৱহাৰ কৰিছিল। আনকি যুদ্ধক্ষেত্ৰতো কবিসকলে তেওঁলোকৰ সৈনিকসকলক উৎসাহিত কৰিবলৈ উপদেশমূলক প্ৰবাদ বাক্যৰ আশ্ৰয় লৈছিল। প্ৰাৰম্ভিক কালত হিতোপদেশবোৰ মুখে মুখে প্ৰচলিত হৈ আছিল যদিও পিছলৈ সেইবোৰ লিখিত ৰূপত লিপিবদ্ধ কৰা হৈছিল। প্ৰাক-ইছলামী যুগত প্ৰচলিত কিছুমান প্ৰবাদ বাক্য বা হিতোপদেশৰ উদাহৰণ হ’লঃ
.
‘লোৰ বাহিৰে আন একোৱেই লোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।’
.
‘মানুহৰ পতন লোভৰ ফলত হয়।’
.
আমি ইবনে আব্দুৰ ৰাব্বিৰ বিশ্বকোষত প্ৰবাদ বাক্যৰ এটা অধ্যায় দেখিবলৈ পাওঁ। তেওঁ হিতোপদেশসমূহৰ ব্যৱহাৰ বুজিবলৈ  বিশ্বকোষখনত এই অধ্যায়টো যোগ কৰিছিল। আল-মায়দানীয়ে আৰব সমাজত চলি থকা বহুতো প্ৰবাদ বাক্য, ফকৰা-যোজনা, হিতোপদেশ আদি সংগ্ৰহ কৰিছিল আৰু সেইবোৰ সুন্দৰকৈ বৰ্ণনা কৰিছিল। এই প্ৰবাদ বাক্যসমূহৰ জৰিয়তে আমি মূৰ্তিপূজক আৰবসকলৰ জীৱনশৈলী আৰু সাংস্কৃতিক কাৰ্যকলাপৰ বিষয়ে জানিব  পাৰোঁ। বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে হিতোপদেশবোৰ ব্যাখ্যা কৰিছিল। কিছুমান প্ৰবাদ বাক্যৰ ব্যাখ্যা মূল অৰ্থৰ পৰা সম্পূৰ্ণ ভিন্ন হোৱা দেখা যায়। পিছৰ যুগত পণ্ডিতসকলে হিতোপদেশবোৰৰ প্ৰকৃত অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল। 
.
আখ্যান, পৰম্পৰ, কিংবদন্তী আদিঃ প্ৰাক-ইছলামী যুগৰ আৰবসকলৰ দীঘলীয়া আখ্যান, উপাখ্যান, পৰম্পৰা আদি মনত ৰাখিব পৰাকৈ শক্তিশালী স্মৃতি শক্তি আছিল। তেওঁলোকে সেইবোৰ পুৰুষানুক্ৰমে মুখস্থ কৰি ৰাখিছিল। পিছলৈ এই পৰম্পৰাবোৰে আৰবী গদ্যৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাক-ইছলামিক যুগত আৰবী গদ্য সাহিত্যৰ বিকাশৰ বাবে কিংবদন্তীবোৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিংবদন্তীবোৰ আছিল মনে গঢ়া কিছুমান কাহিনী যিবোৰ শ্ৰোতাক আমোদ দিয়াৰ বাবে ৰচনা কৰা হৈছিল। অৱশ্যে কিছুমান বাস্তৱ ঘটনাৰ ভিত্তিতো ৰচিত হৈছিল। সেইবোৰ ‘আব্বাছীয় খিলাফত’ কালত ৰচনা কৰা বিভিন্ন সাহিত্যিক আৰু ঐতিহাসিক ৰচনাত সংৰক্ষণ কৰা হৈছিল, বিশেষকৈ আবুল ফাৰাজ ইছফাহানীৰ ‘কিতাবুল আঘানী’ত এনে বহুতো আখ্যান সংৰক্ষিত হোৱা দেখা যায়। সেই সময়ত কিছুমান পেছাদাৰী কাহিনীকাৰ আছিল। তেওঁলোকে বজাৰ, মেলা বা মানুহ সমাগম হোৱা ঠাইবোৰত বিভিন্ন আখ্যান কৈছিল আৰু জীৱিকাৰ বাবে টকা উপাৰ্জন কৰিছিল।  উদাহৰণস্বৰূপে উকাজৰ মেলাৰ কথা উনুকিয়াব পাৰি। ই আছিল আৰবীয়সকলৰ সামাজিক, ৰাজনৈতিক আৰু সাহিত্যিক জীৱনৰ কেন্দ্ৰবিন্দু। মেলাৰ সময়ত বিভিন্ন জনজাতিৰ লোক তাত একত্ৰিত হৈছিল। উকাজৰ মেলাৰ সময়ত পেছাদাৰী কাহিনীকাৰসকলে বিভিন্ন কাহিনী শুনাইছিল। তেনেকুৱা পেছাধাৰী বক্তাসকলৰ মাজত কুছ বিন ছাইদাহ আল-ইয়াদি, আমৰ বিন মাদিকাৰিব আদিকৈ বহুতৰ নাম পোৱা যায়। 
.
কাহ্‌হিনসকলৰ  গদ্যঃ প্ৰাক ইছলামী যুগত ‘কাহ্‌হিন’ নামৰ এক শ্ৰেণীৰ লোক আছিল যিসকলে নিজৰ মাজত অদৃশ্য জ্ঞান থকাৰ লগতে ভৱিষ্যতৰ বিষয়েও জানে বুলি দাবী কৰিছিল। সিহঁতে মানুহৰ হাত, আকৃতি, মুখাবয়ব চাই সিহঁতৰ ভাগ্য আৰু মঙ্গল-অমঙ্গলৰ বিষয়ে  ভৱিষ্যত বাণী কৰিছিল আৰু এই উপায়ে জনসাধাৰণৰ পৰা উপঢৌকন লাভ কৰি পেট প্ৰৱৰ্তাইছিল। সিহঁত আছিল মূৰ্তিপূজক। সিহঁতে সিহঁতৰ বক্তব্যবোৰ এনেকুৱা ভাষাৰে উপস্থাপন কৰিছিল যি আছিল ছন্দোবদ্ধ, দুর্বোধ্য, দ্ব্যৰ্থক, জটিল আৰু ৰহস্যময়। জাহিলী যুগৰ প্ৰখ্যাত কাহ্‌হিনসকলৰ ভিতৰত সামলা ইবনে হাইয়া, ছাওৱাদ ইবনে কাৰিব, মামুৰ আল-হাৰিছা, গায়তালা আদিৰ নাম পোৱা যায়। সিহঁতেও সিহঁতৰ মৌলিক ৰচনাৰ দ্বাৰা আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল ।
.
উক্ত উপকৰণসমূহৰ উপৰিও ইছলামৰ আবিৰ্ভাৱৰ লগে লগে কোৰাণ আৰু হাদিছৰ ভাষায়ো আৰবী গদ্যৰ বিকাশ আৰু উন্নয়নত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ কাৰণ কোৰাণৰ ভাষা আছিল গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰণ। সেয়ে সৰ্বসাধাৰণ মানুহ কোৰাণৰ ভাষাৰ দ্বাৰা অতি সহজে প্ৰভাৱিত হৈছিল আৰু সাধাৰণ গদ্য সাহিত্যত ইয়াৰ প্ৰভাৱ পৰিছিল। এনেদৰে হাদিছৰ বাণীসমূহওে আৰবী গদ্যত প্ৰাঞ্জলতা, স্পষ্টতা, সৰলতা আৰু সাৰ্বজনীনতা দান কৰিছিল।
.
এনেদৰে উক্ত মাধ্যমসমূহৰ জৰিয়তে প্ৰাক ইছলামী যুগত আৰবী গদ্য সাহিত্যই বিকাশ লাভ কৰিছিল।

আৰবী গদ্যৰ বৈশিষ্ট্য

প্ৰাক ইছলামী যুগত কাব্য সাহিত্যৰ যি অভূতপূৰ্ব উন্নতি হৈছিল তাৰ তুলনাত আৰবী গদ্য সাহিত্য অতি চালুকীয়া (আৰম্ভণি) অৱস্থাত আছিল। ইয়াৰ কাৰণ আছিল আৰবত কাব্য সাহিত্যৰ যি সমাদৰ আছিল গদ্য সাহিত্যৰ প্ৰতি সেই সমাদৰ নাছিল । ইয়াৰ আৰু এক প্ৰধান কাৰণ আছিল সেই সময়ত সকলো সাহিত্যই মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ মৌখিকভাৱেহে পৰিৱেশন কৰা হৈছিল। সেয়ে আৰবী কাব্য সাহিত্যই জনসাধাৰণৰ আবেগ অনুভূতিত যি আবেদন সৃষ্টি কৰিব পাৰিছিল সেয়া গদ্য ৰচনাৰ দ্বাৰা সম্ভৱপৰ হোৱা নাছিল। তথাপি প্ৰাক-ইছলামী যুগত গদ্য সাহিত্যৰ সূচনা হৈছিল আৰু ই গঢ়  লোৱা আৰম্ভ কৰিছিল। দুখৰ বিষয় যে সেই সময়ত সামান্য হ’লেও যি গদ্য সাহিত্যৰ জন্ম হৈছিল সেয়াও সংৰক্ষণৰ অভাৱত কালৰ সোঁতত বিলীন হয়। পিছৰ যুগত কেইজনমান সাহিত্যপ্ৰেমীৰ প্ৰচেষ্টাত প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যৰ অতি সামান্য নমুনা সংগ্ৰহিত হয় আৰু সেইবোৰ অধ্যয়ন কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ ওলাই পৰে-
.
(ক) প্ৰাক ইছলামী যুগত গদ্য সাহিত্যৰ পৰিসৰ আছিল অতি ঠেক। ই কিছুমান যুদ্ধ কাহিনী, প্ৰবাদ বাক্য, আখ্যান, কাহেনসকলৰ বানী আদিত সীমাবদ্ধ আছিল।
.
(খ) প্ৰাক-ইছলামী যুগৰ গদ্য আছিল চুটি চুটি বাক্যৰ দ্বাৰা গঠিত। কিছুমানত ছন্দও ব্যৱহৃত হৈছিল।
.
(গ) প্ৰাক-ইছলামী যুগৰ গদ্য ৰচনাৰ সহৰভাগত ৰচনাকাৰীৰ নাম, পৰিচয় আদি উল্লেখ থকাৰ উপৰিও কোনে কাৰ পৰা, কাৰ ওচৰত বৰ্ণনা কৰিলে ইত্যাদি তথ্য স্পষ্টভাৱে উল্লেখ আছিল।
.
(ঘ) প্ৰাক ইছলামী যুগৰ গদ্যত প্ৰবাদ বাক্যৰ আধিক্য আছিল। ৰচনাকাৰীয়ে জ্ঞানগৰ্ভ প্ৰবাদ বাক্যৰ দ্বাৰা নিজৰ ৰচনা সমৃদ্ধ কৰিছিল আৰু শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
.
(ঙ) সাধাৰণ গদ্য ৰচনাৰ ভাষা সহজ আৰু সৰল আছিল যদিও কাহেনসকলৰ গদ্য জটিল আৰু দুর্বোধ্য আছিল।
.
(চ) প্ৰাক-ইছলামী যুগৰ গদ্যত মৌখিক ভাষাৰ প্রাধান্য দেখা যায় যদিও সেয়া ব্যাকৰণসন্মত আছিল।
.
(ছ) প্ৰাক-ইছলামী যুগৰ গদ্য অলংকাৰৰ পৰা মুক্ত আছিল।
.
(জ) প্ৰাক-ইছলামী যুগৰ গদ্য নিজস্ব আৰবী শব্দৰ দ্বাৰা ৰচিত হৈছিল। সেইবোৰত কোনো বিদেশী ভাষা বা অন্য ভাষাৰ প্ৰভাৱ পৰা নাছিল। প্ৰাক-ইছলামী যুগৰ গদ্যৰ নুমান হিচাপে  তলত কেইশাৰীমান উধ্বৃত  কৰা হ’ল-
.
“হে জহাপনা! পৰম ঈশ্বৰে আপোনাক অতি উচ্চ আৰু সন্মানীয় পদত অধিষ্ঠিত কৰিছে। আপোনাক এটি মহান পৰিয়ালত জন্ম দিছে আৰু এটি সম্ভ্ৰান্ত ঘৰ দিছে। আপোনাক আৰবসকলৰ নৃপতি কৰিছে আৰু সিহঁতক আপোনাৰ অনুগত কৰিছে। আপুনি উপযুক্ত উত্তৰাধিকাৰীৰ উপযুক্ত সন্তান, যিসকলৰ স্মৃতিত আপোনাৰ মহৎ কীৰ্তি সদায় সজীৱ হৈ থাকিব আৰু আপোনাৰ উত্তৰাধিকাৰীসকলওে সমানে উপযুক্ত আৰু বিখ্যাত হ’ব।”
.
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ কাব্য সাহিত্যৰ লগত সেই সময়ৰ গদ্য সাহিত্যই ফেৰ মাৰিব নোৱাৰিলেও, প্ৰাক-ইছলামী যুগতেই আৰবী গদ্য সাহিত্যৰ গজালি মেলিছিল যাৰ ওপৰত পিছলৈ ডাল-পাত গজি বিশাল বটবৃক্ষত পৰিণত হৈ আৰবী ভাষাক বৰ্তমান বিশ্বৰ প্ৰধান ভাষাবোৰৰ মাজত এক অন্যতম ভাষাৰ মৰ্যদা পোৱাত সহায় কৰিছে। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৬

চাহবান বিন ৱাইল, কুছ বিন চৈদাহ আল আইয়াদি, হাতীম ত্বাঈ আদিৰ দৰে প্ৰাক-ইছলামিক আৰবী গদ্যৰ বিশিষ্ট ৰচয়িতাসকল

প্ৰাক-ইছলামী যুগ বুলিলে ৫০০ খ্ৰীষ্টাব্দৰ আৰম্ভণিৰ পৰা ৬২২  খ্ৰীষ্টাব্দলৈ ধৰা হয়। এইসময়ছোৱাত আৰবী কাব্য সাহিত্যৰ অভাৱনীয় আৰু পূৰ্বদৃষ্টান্তহীন বিকাশ সাধন হয়। কিন্তু দুখৰ বিষয় কাব্য সাহিত্যৰ তুলনাত গদ্য সাহিত্যৰ বিকাশ আছিল অতি নগন্য আৰু প্ৰাথমিক পৰ্যায়ৰ। তথাপি সেই যুগত যে গদ্য সাহিত্যৰ চৰ্চা নহৈছিল সেয়া নহয়। সংখ্যাত কম হ’লেও কিছু সংখক সাহিত্যিকে জীৱনৰ প্ৰয়োজনৰ তাগিদাত কিছু গদ্য সাহিত্য সৃষ্টি কৰিছিল। দুখৰ বিষয় যে সেই সময়ত সামান্য হ’লেও যি গদ্য সাহিত্যৰ জন্ম হৈছিল সেয়াও সংৰক্ষণৰ অভাৱত কালৰ সোঁতত বিলীন হয়। পিছৰ যুগত কেইজনমান সাহিত্যপ্ৰেমীৰ প্ৰচেষ্টাত প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যৰ অতি সামান্য নমুনা সংগ্ৰহিত হয়। এই যুগত যি কেইজন সাহিত্যিকে আৰবী গদ্য সাহিত্যৰ চৰ্চা কৰিছিল সেইসকলৰ ভিতৰত চাহবান বিন ওৱাইল, কুছ বিন চৈদাহ আল আইয়াদি, হাতিম ত্বাই, আমেৰ ইবনে আজ জাৰব, ৰাবিয়াহ ইবনে হোজাৰ, হানযালা ইবনে দ্বেৰাৰ, আমৰ ইবনে কুলছুম, জোহায়িৰ ইবনে জনাব আদিৰ নাম উল্লেখযোগ্য। তলত কেইজনমান প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যিকৰ চমু পৰিচয় আৰু সিহঁতৰ সাহিত্যিক প্ৰতিভাৰ আভাস দিয়া হ’ল-

চাহবান বিন ওৱাইল

চাহবান বিন ওৱাইল (Sahban bin Wael) আছিল প্ৰাক ইছলামী যুগ আৰু ইছলামী যুগ-উভয় যুগৰে এজন কবি, গদ্য ৰচয়িতা আৰু বক্তা। তেওঁ আৰবৰ বিখ্যাত ওৱাইল গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্মকাল সঠিককৈ জনা নাযায়। কথিত আছে যে তেওঁ দেৰশ বছৰৰো অধিককাল আয়ু লাভ কৰিছিল আৰু ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ জন্মৰ বহু আগতেই তেওঁৰ জন্ম হৈছিল। তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল যদিও হজৰত মহম্মদ (ছাঃ)ৰ লগত তেওঁৰ সাক্ষাৎ হোৱা নাছিল। তেওঁ কিছুদিন মুয়াবিয়া বিন আবু ছুফিয়ানৰ লগত দামাচকাছত আছিল। তেওঁ এজন শিক্ষিত ব্যক্তি আছিল আৰু লিখিব-পঢ়িব পাৰিছিল। তেওঁ সৰু কালৰ পৰাই  জ্ঞান পিপাসু আছিল আৰু জ্ঞান লাভৰ বাবে বহু ঠাই ভ্ৰমণ কৰিছিল।  তেওঁ কিছু কবিতাও ৰচনা কৰিছিল যদিও তেওঁ বক্তা হিচাপেহে বিখ্যাত হৈছিল।
.
ইছলাম গ্ৰহণৰ পিছত তেওঁ ইছলাম প্ৰচাৰত নিজকে নিয়োজিত কৰিছিল আৰু বিভিন্ন স্থানত ধৰ্মীয় বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ ভাষণ আছিল উদ্বাত্ত আৰু প্ৰভাৱশীল। তেওঁৰ ভাষা আছিল সহজ কিন্তু আবেদনময়ী। প্ৰবাদ আছে যে তেওঁ যেতিয়া ভাষণ দিবলৈ থিয় হৈছিল তেতিয়া তেওঁ এডাল লাখুটিৰ ওপৰত ভৰ দি থিয় দিছিল। তেওঁ বহু দীৰ্ঘ সময় ধৰি একেৰাহে বক্তৃতা দিব পাৰিছিল।  কথিত আছে যে ভাষণ দিয়া সময়ছোৱাত তেওঁ অলপ সময়ৰ বাবেও থমকি ৰোৱা নাছিল, কেতিয়াও মূৰ নত কৰা নাছিল, শৰীৰৰ পৰা টোপাটোপে ঘাম ওলাইছিল, কোনো কথাতে খোকোজা লগা নাছিল,  তেওঁৰ সুদীৰ্ঘ ভাষণৰ কালছোৱাত এটা শব্দ দুনাই ব্যৱহাৰ কৰা নাছিল। তেওঁৰ ভাষণ শুনিবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহি সমবেত হৈছিল। তেওঁৰ ভাষণৰ প্ৰধান বিষয় বস্তু আছিল ধৰ্ম, বিশেষকৈ ইছলামৰ নীতি-নিয়ম আৰু ছুন্নাহ। উদাহৰণৰূপে তেওঁৰ ভাষণৰ কিয়দাংশ তলত উদ্ধৃত কৰা হ’ল–
.
“পৃথিৱীখন হৈছে বাকপটুতাৰ বাসস্থান আৰু ইয়াৰ পিছৰখনেই হৈছে সংকল্পৰ বাসস্থান। হে মানুহ, আপোনাৰ যাত্ৰাৰ ঘৰৰ পৰা আপোনাৰ বাসস্থানলৈ যাওঁক আৰু তেওঁৰ বাবে আপোনাৰ ঘৰৰ পৰ্দা দাঙি নিদিব যাৰ পৰা আপোনাৰ গোপনীয়তা লুকাই নাথাকে, আৰু ইয়াৰ পৰা আপোনাৰ শৰীৰ ওলাই অহাৰ আগতে পৃথিৱীৰ পৰা আপোনাৰ হৃদয় আঁতৰ কৰক, কিয়নো ইয়াত আপুনি জীয়াই থাকে কিন্তু আনৰ বাবে আপোনাক সৃষ্টি কৰা হৈছিল। যদি এজন মানুহ ধ্বংস হয়, তেন্তে মানুহে কয়, ‘তেওঁ কি এৰি গ’ল?’ আৰু স্বৰ্গদূতসকলে কয়, ‘তেওঁ কি কৰিছিল? আৰু অলপ দিয়ক আৰু হয় আপোনাৰ হ’ব, আৰু ইয়াক এৰি নিদিব, ই আপোনাৰ ওচৰত থাকিব।”
.
ওপৰৰ উদ্ধৃত কথাফাকিৰ জৰিয়তে তেওঁ মানুহক ইহলৌকিক জীৱনৰ পৰা পাৰলৌকিক জগতৰ পিনে আহ্বান কৰিছে।
ছাহবান বিন ওৱাইলে জীৱনত বহুত ভাষণ প্ৰদান কৰিছিল আৰু তেওঁৰ ভাষণৰ দ্বাৰা তেওঁ আৰবী গদ্যৰ বিকাশ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগবঢ়াইছিল। কিন্তু দুখৰ বিষয় যে তেওঁৰ ভাষণসমূহ সংৰক্ষণৰ অভাৱত চিৰদিনৰ বাবে হেৰাই গৈছে। আৰবী ভাষা আৰু সাহিত্যৰ বাবে  ই অপূৰণীয় ক্ষতি। 

কুছ  বিন চৈদাহ আল আইয়াদী

কুছ বিন চৈদাহ আল আইয়াদী (Qus bin Saidah al-Iyadi) আছিল প্ৰাক ইছলামী যুগৰ এজন প্ৰখ্যাত কবি, গদ্য ৰচয়িতা আৰু বক্তা। তেওঁ আৰবৰ নাজৰান নামে ঠাইত আইয়াদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম জনা নাযায়। তেওঁ সৰু কালৰ পৰাই জ্ঞান পিপাসু আছিল আৰু খ্ৰীষ্টান আৰু ইহুদী ধৰ্ম সম্পৰ্কে জ্ঞান লাভ কৰিছিল।
.
তেওঁ যৌৱন কালত ৰোমান সম্ৰাট কাইছাৰৰ ৰাজ দৰবাৰত কটাইছিল আৰু তেওঁৰ সৎ গুণাৱলী, জীৱন দৰ্শন আৰু প্ৰজ্ঞাৰ দ্বাৰা সম্ৰাটৰ প্ৰিয় পাত্ৰ হৈছিল।  এদিন সম্ৰাটে তেওঁক প্ৰশ্ন কৰিছিল, “সর্বোত্তম বুদ্ধিৰ কৰ্ম কি?” উত্তৰত তেওঁ কৈছিল, “মানুহৰ স্বকীয় জ্ঞানৰ সীমাত স্থিৰ থকা।” তেওঁ কাইছাৰৰ ৰাজসভাত বহু বছৰ কটায় আৰু বহুতো কাব্য ৰচনা কৰে আৰু বিভিন্ন প্ৰসংগত বক্তৃতা প্ৰদান কৰে। জনা যায় তেওঁ সেই যুগৰ এজন শ্ৰেষ্ঠ জ্ঞানী ব্যক্তি আছিল আৰু বহু লোকে বিবাদৰ মীমাংসা বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল।  ”কোনো বিবাদৰ মীমাংসাৰ সময়ত বাদীয়ে দোষৰ প্ৰমাণ দিব লাগিব আৰু বিবাদীয়ে সেয়া অস্বীকাৰ কৰিলে শপত গ্ৰহণ কৰিব লাগিব”– এই প্ৰথা কুছ বিন চাইদা আল আইয়াদীয়ে প্ৰৱৰ্তন কৰে। তেওঁ আৰবী ভাষাত বহু প্ৰচলিত ”আম্মা বাদ” (ইয়াৰ পিছত) কথাফাকিৰ প্ৰচলন কৰে। বৰ্তমানেও তেওঁৰ এই নিয়ম মানি চলা হয়।
.
জনা যায় প্রৌঢ় (পঞ্চাশ বছৰৰ ওচৰা-ওচৰি) বয়সত  তেওঁৰ দুজন সহোদৰ ভায়েকক হেৰুৱায় আৰু সিহঁতৰ শোকত তেওঁ মুহ্যমান হৈ পৰে। ইতিহাসত পোৱা যায় যে তেওঁ বুঢ়া বসয়ত সংসাৰিক মায়ামোহ ত্যাগ কৰি  ঈশ্বৰৰ উপাসনাত কটায়। এইজন মহান ব্যক্তিয়ে ৬০১ খ্ৰীষ্টাব্দত পৰলোক গমন কৰে।
.
সাহিত্যিক প্ৰতিভাঃ  কুছ বিন  চৈদাহ আল আইয়াদী আছিল একেধাৰে এজন দাৰ্শনিক, কবি, গদ্য ৰচয়িতা আৰু তেজস্বী বক্তা। ইয়াত তেওঁৰ  গদ্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হ’ল।
.
তেওঁ জনসাধাৰণক মানৱীয়, নৈতিক, ন্যায়  আৰু ধৰ্মীয় শিক্ষা প্ৰদান কৰিবলৈ বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ বক্তৃতা আছিল অতিশয় তেজস্বী আৰু আবেদনময়ী। তেওঁ বিভিন্ন জনসমাবেশত বক্তৃতা প্ৰদান কৰিছিল  আৰু উকাজ মেলাতো তেওঁক বক্তৃতা দিয়াৰ বাবে আহ্বান কৰা হৈছিল। এবাৰ উকাজৰ মেলাত হজৰত মুহাম্মদ (ছাঃ)ৰ উপস্থিতিত তেওঁ এক দাৰ্শনিক বক্তব্য প্ৰদান কৰিছিল। নবীজীয়ে তেওঁৰ বক্তব্য শ্ৰৱণ কৰি মুগ্ধ হৈছিল আৰু তেওঁক প্ৰশংসা কৰাৰ উপৰিও তেওঁৰ হকে প্ৰাণ খুলি আল্লাহৰ ওচৰত দোৱা কৰিছিল বুলি জনা যায়।
.
তেওঁৰ জীৱনৰ বাবে প্ৰয়োজনীয় বহু বিষয়ৰ ওপৰত গদ্যত বক্তৃতা প্ৰস্তুত কৰিছিল আৰু সেইবোৰ  জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। কিন্তু দুখৰ বিষয় তেওঁৰ বক্তৃতাসমূহ সংৰক্ষণৰ অভাৱত চিৰদিনৰ বাবে হেৰাই গৈছে। তেওঁৰ মৃত্যুৰ এক-দেৰ শতিকাৰ পিছত তেওঁৰ বক্তৃতাৰ কিয়দাংশ লোক মুখৰ পৰা উদ্ধাৰ কৰি সংৰক্ষণ কৰা হৈছিল। উকাজত দিয়া তেওঁৰ এক ভাষণৰ সামান্য অংশ তলত নমুনা হিচাপে উদ্ধৃত কৰা হ’ল-
.
“হে মানৱ সম্প্ৰদায়! তোমালোক একত্ৰিত হোৱা, শ্ৰৱণ কৰা আৰু স্মৰণ কৰা, যিজনে জন্ম গ্ৰহণ কৰিছে তেওঁ মৃত্যু বৰণ কৰিবই। যিজনে মৃত্যুৰ স্বাদ গ্ৰহণ কৰিব তেওঁ প্ৰস্থান কৰিব। যি সংঘটিত হোৱাৰ সি হ’বই। এই অন্ধকাৰ ৰজনী, এই আলোকস্নাত দিৱস, এই কক্ষ শোভিত নভোমণ্ডল, এই প্ৰদীপ্ত নক্ষত্ৰৰাজি, এই তৰঙ্গ বিক্ষুব্ধ মহাসমুদ্ৰ, এই দৃঢ় পাহাৰ-পৰ্বত, এই বিশাল বিস্তৃত সমতলভূমি, এই নিত্য প্ৰবাহমান নদ-নদী, এই কথাৰ সাক্ষ্য প্ৰদান কৰে যে অৱশ্যই মহাশূন্যত কেনো এক বিশেষ শক্তি আছে। পৃথিৱীত তাৰেই নিদৰ্শন বিদ্যমান। কোৱা এই মানুহসকল ক’ত যায় য’ৰ পৰা কোনো দিন উভতি নাহে।”
.
উদ্ধৃত গদ্য ফাকিয়ে প্ৰমাণ দিয়ে যে কুছৰ গদ্য আছিল আবেগময়  আৰু প্ৰভাৱশালী। তেওঁ সাধাৰণ সহজ সৰল শব্দ প্ৰয়োগ কৰিছে যদিও সেইবোৰৰ বিন্যাস এনেভাৱে কৰিছে যেন শ্ৰোতাৰ আবেগ অনুভূতিক জোকাৰি যায়।
.
প্ৰাক-ইছলামী যুগৰ দৰে এক অন্ধকাৰ যুগত এইজন বক্তাৰ বক্তব্য নিশ্চয় প্ৰশংসাৰ যোগ্য। কালৰ সোঁতত তেওঁৰ গদ্য ৰচনাসমূহ হেৰাই গৈছে যদিও আৰবীয় গদ্য সাহিত্যৰ বিকাশত যে তেওঁৰ গদ্যৰ বিশেষ ভূমিকা আছে সেয়া অনস্বীকাৰ্য।

হাতিম ত্বাঈ (Hatim Tai)

প্ৰাক-ইছলামী যুগৰ সাহিত্যিকসকলৰ মাজৰ এজন ব্যতিক্ৰমধৰ্মী সাহিত্যিক আছিল হাতিম ত্বাঈ। তেওঁ এজন কবি আৰু বক্তা আছিল। তেওঁ মানৱতা আৰু মহৎ মানৱীয় গুণৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ জন্ম হৈছিল মদিনাৰ উত্তৰ-পূৱত অৱস্থিত নজদ নামৰ ঠাইত। তেওঁৰ জন্মকাল সম্পৰ্কে ইতিহাস নিমাত। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতাব্দীৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আব্দুল্লা ইবনে ছা‘দ। সম্ভৱতঃ তেওঁ এটি খ্ৰীষ্টান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ মাকৰ নাম আছিল  ইনাবা। তাই এজনী ধৰ্মপৰায়ণা, সহানুভূতিশীল আৰু দানশীল মহিলা আছিল। হাতিম ত্বাঈয়ে মাকৰ পৰা মহৎ মানৱীয় গুণৰ অধিকাৰী হৈছিল। তেওঁৰ জন্ম সৰ্ম্পকে এটি লোক কাহিনী প্ৰচলিত আছে যে যেতিয়া তেওঁৰ মাক গৰ্ভৱতী হৈছিল তেতিয়া সপোনত তাইক কোনোৱাই কৈছিল, “তুমি কি পছন্দ কৰা- এজন দানশীল সন্তান, নে সিংহৰ দৰে যোদ্ধা সন্তান, নে দহজন শক্তিশালী  পুত্ৰ সন্তান।” তেওঁৰ মাকে কৈছিল, “এজন দানশীল সন্তান।” এই সপোন দেখাৰ পিছত যিজন সন্তানৰ জন্ম হৈছিল মাকে তেওঁৰ নাম ৰাখিছিল ‘হাতিম’ অৰ্থাৎ দানশীল সন্তান।
.
কথিত আছে যে হাতিম ত্বাঈ সৰু কালৰ পৰাই ধাৰ্মিক, পৰোপকাৰী আৰু অতি দানশীল আছিল আৰু প্ৰতিদিনৰ প্ৰতিটো সাজতে তেওঁ অতিথি লগত লৈহে আহাৰ গ্ৰহণ কৰিছিল। তেওঁৰ বিষয়ে আন এক কাহিনী প্ৰচলিত আছে যে এদিনাখন তেওঁৰ ককাদেউতাই হাতিমক  উট চৰাবলৈ পঠিয়াইছিল। হাতিমে তিনিশ উটৰ আটাইকেইটাই দান কৰি দিছিল।  এই ঘটনাৰ পিছত ককাদেউতাকে হাতিম ত্বাঈক এৰি বেলেগ স্থানত বসবাস কৰিবলৈ লৈছিল। কথিত আছে যে হাতিম ত্বাইয়ে প্ৰতি বছৰ ৰজব মাজত দহোটাকৈ উট জবেহ কৰি মানুহক খুৱাইছিল। তেওঁ নাৱাৰ নামে এগৰাকী মহিলাক বিয়া কৰাইছিল আৰু তিনিজন সন্তানৰ পিতৃ হৈছিল। সিহঁতৰ দুইজনে পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হাতিম ত্বাঈয়ে গোটেই জীৱন আনৰ সেৱাত নিয়োগ কৰি ৬০৩ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।
.
তেওঁ সম্পূৰ্ণ মানৱতাবাদী বিষয়ৰ ওপৰত কবিতা ৰচনা কৰিছিল আৰু বক্তৃতা প্ৰদান কৰিছিল। অতিথিপৰায়ণতা, পৰোপকাৰীতা, বদান্যতা, সাহসিকতা, প্রতিবেশীৰ লগত সদ্ভাৱ আদি আছিল তেওঁৰ বক্তব্যৰ বিষয়বস্তু। অৰ্থাৎ তেওঁৰ কবিতা আৰু গদ্য ৰচনা আছিল সম্পূৰ্ণৰূপে মানৱতাবাদী। উল্লেখ্য যে তেওঁৰ ৰচনাত প্ৰেম, নাৰীৰ দেহৰ বৰ্ণনা, সুৰা, আমোদ-প্ৰমোদ আদিৰ কোনো স্থান নাই।
.
তেওঁৰ কবিতা আৰু গদ্য উভয়তে একেশ্বৰবাদী ধৰ্মৰ প্ৰভাৱ স্পষ্ট। তেওঁ ইহকাল, পৰকাল, স্বৰ্গ, নৰক আদিত বিশ্বাসী আছিল আৰু এইবোৰ দৰ্শনো তেওঁৰ ভাষণত প্ৰকাশ পাইছিল। 
.
জাহিলী যুগত তেওঁৰ ৰচনাৰাজি আছিল পোহৰ স্বৰূপ। তেওঁ কবিতা আৰু গদ্যত প্ৰদান কৰা বক্তব্যৰ জৰিয়তে মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰি এক সুন্দৰ মানৱতাবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যেন লাগে।
.
তেওঁৰ ভাষা আছিল সৰল, মাৰ্জিত আৰু মনোৰম। তেওঁ জীৱনৰ সৰল সত্য সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ পক্ষপাতী আছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবি আৰু বক্তা হিচাপে তেওঁ আছিল অনন্য আৰু মৌলিক। 
.
এইদৰে হাতিম ত্বাঈয়ে আৰবী কাব্য আৰু গদ্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি যোগাইছিল। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৭

কেইজনমান প্ৰাক-ইছলামী কবি আৰু সিহঁতৰ কাব্যিক প্ৰতিভা

প্ৰাক-ইছলামী যুগ বুলিলে সাধাৰণতে ৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ হজৰত মহম্মদ (ছাঃ) য়ে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা সময়লৈকে ধৰা হয়। এই সময়খিনিৰ ভিতৰত আৰবত ভালেমান কবি আৰু বক্তাৰ জন্ম হৈছিল আৰু সিহঁতে বহুত কবিতা ৰচনা কৰি আৰবী কাব্য সাহিত্যৰ বিকাশ সাধনত উল্লেখযোগ্য অৰিহনা আগবঢ়াইছিল। সেই কবিসকলৰ ভিতৰত উল্লেখযোগ্য কেইজনমান কবি হৈছে ইমৰাউল কাইছ (Imraul Qays), জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma), ত্বাৰফা বিন আল আ‘ব্দ  Tarafa bin al-A’bd),  লাবিদ বিন ৰাবিয়া (Labid bin Rabiya), আন্তাৰা বিন শ্বাদ্দাদ (Antara bin Shaddad), আমৰ বিন কুলছুম (Amar bin Kulthum), হাৰিছ বিন হিল্লিজা (Haris bin Hillija), আল-নাবিঘা (Al-Nabigha), আল-আ‘শ্বা (Al-Asha), হাতিম ত্বাই (Hatim Tai), আবিদ বিন আল-আব্রাছ (Abid bin Al-Abras), আবিদ বিন ছালাত (Abid bin Salat), আল-শ্বানফাৰা (Al-Shanfara), আল-ছামাওৱাল বিন আদিয়া (Al-Shamaul bin Adia) আদিৰ নাম উল্লেখযোগ্য। তলত এইসকল কবিৰ চমু পৰিচয়ৰ লগতে সিহঁতৰ কাব্যিক  প্ৰতিভাৰ চমু আভাস দাঙি ধৰা হ’ল।

ইমৰাউল কাইছ (Imraul Qays)

চমু পৰিচয়: ইমৰাউল কাইছ আছিল প্ৰাক-ইছলামী (জাহেলী) যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ, প্ৰৱীন আৰু প্ৰভাৱশালী কবি।
.
তেওঁৰ জন্ম কেতিয়া হৈছিল তাক সঠিককৈ জনা নাযায় যদিও তেওঁ পঞ্চম শতিকাৰ মাজভাগত দক্ষিণ আৰবৰ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম আছিল হুজৰ বিন হাৰিচ। ইমৰাউল কাইছ হুজৰৰ নুমলীয়া পুতেক আছিল। তেওঁৰ মাতৃ আছিল বিখ্যাত তাঘলিব বংশৰ নেতা মুহালহালৰ ভনীয়েক।
ইমৰাউল কাইছ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰি সৰুৰে পৰাই স্বাধীনতা ভোগ কৰিছিল আৰু এটা সময়ত তেওঁ উতনুৱা স্বভাৱৰ হৈ মদ আৰু নাৰীৰ প্ৰতি আসক্ত হৈ পৰে। যৌৱনত তেওঁ ‘ফাতিমা’ নামৰ এগৰাকী নাৰীৰ প্ৰেমত পৰে আৰু সেই প্ৰেমৰ কাহিনীকলৈ কবিতা ৰচনা কৰি মুকলিকৈ গাই ফুৰিবলৈ আৰম্ভ কৰে। পুতেকৰ এনে কাৰ্যত দেউতাকে অতিপাত ৰাগাম্বিত হৈ তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। ইমৰাউল কাইছে ঘৰৰ পৰা খেদা খাই আনকেইজনমান অঘৰী অঘাইতং ডেকা ল’ৰাৰ লগলাগি মৰুভূমিৰ মাজত অনাই-বনাই ঘূৰি ফুৰিবলৈ লয়। মাজে মাজে মৰুদ্যানত আশ্ৰয় লৈ চিকাৰ কৰি, কবিতা গাই পেট প্ৰৱৰ্তায়। এনেতে হঠাৎ তেওঁ ঘৰৰ খবৰ পায় যে আগৰে পৰা শত্রূতা থকা আছাদ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ দেউতাকক হত্যা কৰিছে। এই খবৰ পোৱা মাত্ৰেই তেওঁ `কৈছিল —
.
“মই যেতিয়া যুৱক আছিলো তেতিয়া দেউতাকে মোক নষ্ট কৰিলে। এতিয়া মই ডাঙৰ হৈছো আৰু দেউতাকে মোক প্ৰতিশোধ ল’বলৈ এৰি গ’ল। আজি সুৰা পানৰ দিন, কাইলৈ প্ৰতিশোধ।”
.
এই বুলি প্ৰতিজ্ঞা কৰি কাইছে সাত দিন সাত ৰাতি মদ খাই কটায় আৰু পুনৰ কয়, “মই পিতৃৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত মদ-মাংস নাখাওঁ, চুলি নোধোঁও, তেল ব্যৱহাৰ নকৰো আৰু কোনো সুন্দৰী নাৰীদেহ স্পৰ্শ নকৰো।”
.
প্ৰতিজ্ঞা পালনাৰ্থে তেওঁ যাযাবৰী জীৱন ত্যাগ কৰি ঘৰমুৱা হয়। কিন্তু তেওঁৰ   প্ৰতিজ্ঞা পূৰণ কৰিবলৈ তেওঁৰ ফৈদৰ কাৰো সমৰ্থন নাপাই বাইজানটাইনৰ সম্ৰাট জাষ্টিনিয়ানৰ ৰাজদৰবাৰলৈ যায়।  তাত তেওঁ দহবছৰ কাল কটায় আৰু কাব্য চৰ্চা কৰে। উল্লেখ্য যে এই সময়ছোৱাত সম্ৰাট জাষ্টিনিয়ানৰ জীয়েকৰ লগত তেওঁৰ গোপন প্ৰণয় হয়। পিছত সম্ৰাটে কথাটো গম পাই মনত দুখ পায় আৰু ইমৰাউল কাইছক ৰাজদৰবাৰৰ পৰা বিদায় দিয়ে। বিদায় দিয়াৰ সময়ত সম্ৰাটে কাইছক এযোৰ বিষ মিহলোৱা পোছাক উপহাৰ দিয়ে। কাইছে অতি আনন্দৰে পোছাকযোৰ পৰিধান কৰাত কেইদিনমানৰ ভিতৰতে তেওঁৰ সৰ্বশৰীৰ ঘাঁ আৰু ফোঁহাৰে ভৰি পৰে। এই বেমাৰতে তেওঁ ৫৪০ খ্ৰীষ্টাব্দত আঙ্কাৰা নামৰ ঠাইত মৃত্যু বৰণ কৰে। ফোঁহাত আক্ৰান্ত হোৱা বাবে তেওঁক ‘জুলকুৰুহ’ (ফোঁহাপীড়িত লোক) বুলি কোৱা হৈছিল। ইয়াতে উল্লেখ্য যে ইমৰাউল কাইছে সমগ্ৰ আৰব মৰুভূমি ভ্ৰমণ কৰি ফুৰিছিল বাবে তেওঁক ‘মৰুভূমিৰ অঘৰী ৰজা’ বুলিও কোৱা হৈছিল।
.
ইমৰাউল কাইছৰ কাব্য প্ৰতিভাঃ ইমৰাউল কাইছে সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল যদিও তেওঁৰ ৰচনাৰাজিৰ মাত্ৰ সামান্য অংশহে পোৱা যায়। ‘মুৱাল্লাকা’ হৈছে তেওঁৰ বিখ্যাত কবিতা। এইটো হৈছে এটি আখ্যানমূলক কবিতা। কবিতাটিৰ একাশীটামান শাৰী পোৱা গৈছে। সম্ভৱতঃ কবিতাটো অধিক দীঘল আছিল বুলি অনুমান কৰা হয়। তেওঁৰ প্ৰাপ্ত কবিতা অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল নাৰীপ্ৰেম, দুঃসাহসিকতা, বীৰত্বৰ গুণগান, শত্রূৰ প্ৰতি নিন্দা আৰু নৈসৰ্গিক বৰ্ণনা।
.
তেওঁৰ ‘মুৱাল্লাকা’ কবিতাটি  নাৰীপ্ৰেমৰ কাহিনীৰে আৰম্ভ হৈছে। নাৰীদেহৰ বৰ্ণনাত তেওঁ আছিল অতি দক্ষ, সুকৌশলী আৰু স্পৰ্শকাতৰ। নাৰীৰ দৈহিক বৰ্ণনা দিবলৈ যাওঁতে তেওঁ বিভিন্ন অভিনৱ কল্পচিত্ৰৰ আশ্ৰয় লৈছে। নাৰীদেহৰ স্তন, নিতম্ব, বক্ষ, মুখমণ্ডল, চুলি, ছালৰ বৰণ, শৰীৰ তথা মুখৰ গোন্ধ আদিৰ কোনো অংগই তেওঁৰ বৰ্ণনাৰ পৰা বাদ পৰা নাই। তেওঁ নাৰীক হৰিণী, চন্দ্ৰ, পাখী আদিৰ লগত তুলনা কৰি কাব্যিক শক্তিৰ অতুলনীয় পৰিচয় দাঙি ধৰিছে। তেওঁ তেওঁৰ প্ৰেমিকাৰ মুখাবয়ক স্বৰ্ণমু্‌দ্ৰাৰ লগত, স্তনক মাইকী হৰিণীৰ নাকৰ লগত, দেহৰ পৰা নিসৃত গোন্ধক মৃগনাভীৰ লগত, মুখৰ লালটিক মৌৰ লগত তুলনা কৰি তেওঁৰ কবিতাক কালজয়ী কৰিছে।  নাৰীদেহৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল দৃষ্টান্তহীন। তেওঁৰ কবিতাৰ ভিন ভিন পংক্তিত পোৱা যায় নাৰীদেহৰ বৰ্ণনাত তেওঁৰ কাব্যিক জ্ঞান কিমান শক্তিশালী আছিল! উদাহৰণস্বৰূেপ তলত কেইশাৰীমান কবিতা উদ্ধৃত কৰা হ’ল-
.
(ক) কোনো দিনেই পদাৰ্পন হোৱা নাই কোনো পুৰুষ
যি নাৰীৰ কোঠাত
নির্বিঘ্নে  সোমাইছো তাত
কৰিছো ক’তনা খেলা।
.
(খ) তোমাৰ পোছাক খুলিলেই ওলাই আহে সৌন্দৰ্যৰ আধাৰ
ক’ত যে মণি-মকুিতা ভৰাই লওঁ দুহাত।
.
(গ) তুমি যে দেখুৱালা মোক
তোমাৰ দুগালৰ স্নিগ্ধতা লাজ ভৰা চাৱনিৰে
বনৰ হৰিনীও হাৰ মানে কি যে মনোহৰ!
.
নাৰীপ্ৰেমৰ পিছত তেওঁৰ কবিতাত ঠাই পোৱা প্ৰসংগটি হৈছে বীৰ পুৰুষসকলৰ গুণ-কীৰ্তন আৰু শত্রূৰ প্ৰতি নিন্দা। আনহাতে উটৰ লগতে মৰুভমিৰ বণৰীয়া জন্তুৰ বৰ্ণনাও তেওঁৰ কবিতাত স্থান পাইছে। তেওঁ ঘোঁৰাৰ বৰ্ণনা দিছে এইদৰে-
.
“দোকমোকালিতে ওলাই যাওঁ ঘৰৰ পৰা
বনৰ চৰাই তেতিয়াও আপোন বাঁহত
চুটি নোমধাৰী, ক্ষিপ্ৰগতিৰ, সুন্দৰ সুঠাম, 
চিকাৰত পাকৈত ঘোঁৰাৰ পিঠিত।
আগত, পিছত, সোঁফালে, বাওঁফালে সকলোতে
তীব্র তাৰ গতি।”
.
তেওঁৰ কবিতাত প্ৰকৃতিৰ নৈসৰ্গিক বৰ্ণনাও পোৱা যায়। তেওঁৰ ‘মুৱাল্লাকা’ কবিতাৰ আঠটামান শাৰীত তেওঁ মেঘ, মুষলধাৰ বৰষুণ, ধুমুহা আদিৰ চিত্ৰ ফুটাই তুলিছে।
.
মুঠতে কাব্যিক শক্তিত ইমৰাউল কাইছৰ কবিতা উৰ্বৰ হ’লেও আৰু প্ৰশংসা লাভ কৰিলেও তেওঁৰ কবিতাত নাৰীদেহৰ অবাদ বৰ্ণনা, নাৰীদেহৰ প্ৰতি তেওঁৰ লোভ আৰু সংযমহীনতাৰ বাবে হজৰত মহম্মদ (ছাঃ) তেওঁক ‘নৰকাগ্নিৰ নেতা’ বুলি অভিহিত কৰিছিল। আনহাতে অশ্লীলতা থাকিলেও হজৰত ওমৰ (ৰাঃ) আৰু হজৰত আলী (ৰাঃ) য়ে তেওঁৰ কাব্যিক শক্তিক প্ৰশংসা নকৰি নোৱাৰিছিল।
.
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ আৰবী কবিসকলৰ ভিতৰত নিঃসন্দেহে ইমৰাউল কাইছ আছিল সকলোৰে উৰ্দ্ধত। সম্ভৱতঃ তেওঁৰ কবিতাৰ বাবেই জাহিলী যুগৰ কবিতাই শতাব্দীৰ পৰা শতাব্দীলৈ সমালোচকসকলৰ আলোচনাৰ বিষয়বস্তু হৈ আছে। ০ ০০.

জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma)

চমু পৰিচয়: জুহাইৰ বিন আবি ছালমা আছিল প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ কবিসকলৰ মাজৰ এজন। তেওঁ কেতিয়া জন্ম গ্ৰহণ কৰিছিল সেয়া সঠিককৈ জনা নাযায়। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতিকাৰ প্ৰথম ভাগত নজদ নামৰ ঠাইত মুৰ্ৰা সম্প্ৰদায়ৰ এটি শিক্ষিত আৰু চহকী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আবি ছালমা। তেওঁ এজন কবি আছিল। সৰু কালৰ পৰা জুহাইৰে তেওঁৰ মোমায়েক বাশ্বামা আল গাদিৰৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। বাশ্বামা নিঃসন্তান আছিল যদিও অতি চহকী ব্যক্তি আছিল। তেওঁ এজন কবিও আছিল। উল্লেখ্য যে বাশ্বামাৰ পৰিয়ালৰ প্ৰায় সকলো সদস্যৰে কাব্যিক প্ৰতিভা আছিল। তেওঁৰ দেউতাকৰ দুই ভনী যথাক্ৰমে ছালমা আৰু  আল-খানচা দুয়োজনী সেই যুগৰ বিখ্যাত মহিলা কবি আছিল। মুঠতে জুহাইৰে এক কাব্যিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈ সৰুৰে পৰাই কাব্য চৰ্চাৰ প্ৰেৰণা লাভ কৰিছিল।
.
সেই সময়ত আবচ আৰু জুবিয়ান সম্প্ৰদায়ৰ মাজত দীৰ্ঘ দিন ধৰি ঘৰুৱা কন্দল চলি আছিল। কন্দলত দুয়ো পক্ষৰে বহুতো লোক নিহত হৈছিল। পিছত মুম্‌ৰা সম্প্ৰদায়ৰ হাৰিম বিন ছিনান আৰু হাৰিচ বিন আউফ নামৰ নেতা দুজনে দীৰ্ঘদিনীয়া এই কন্দলৰ মীমাংসা কৰি দুয়ো সম্প্ৰদায়ৰ মাজত শান্তি স্থাপন কৰে। শান্তিপ্ৰিয় জুহাইৰে  এই কাৰ্যত অতি সন্তুষ্ট হৈ হাৰিম বিন ছিনানক প্ৰশংসা কৰি এটি দীৰ্ঘ কবিতা ৰচনা কৰে। কবিতাটি পঢ়ি ছিনানে ভাল পাই জুহাইৰৰ কাব্যিক শক্তিক প্ৰশংসা কৰি বহুত ধন-সোন পুৰস্কাৰ দিয়ে আৰু ঘোষণা কৰে যে জুহাইৰে ৰচনা কৰা প্ৰতিটো কবিতাৰ পুৰস্কাৰ হিচাপে তেওঁ জুহাইৰক এজন চাকৰ আৰু এটাকৈ ঘোঁৰা উপহাৰ দিব। এনেদৰে উৎসাহিত হৈ জুহাইৰে বহুত কবিতা ৰচনা কৰে। কিন্তু দুখৰ বিষয় যে জুহাইৰ বিন আবি ছালমাই ৰচনা কৰা কবিতাৰ অতি সামান্য অংশৰ বাহিৰে সকলোখিনি কালৰ বুকুত জাহ গৈছে।
.
জুহাইৰে প্ৰায় এশ বছৰ-কাল জীয়াই আছিল। তেওঁ আছিল ধৰ্মপ্ৰাণ, দানশীল আৰু উদাৰ প্ৰকৃতিৰ লোক। তেওঁৰ বিচাৰ-বুদ্ধি আছিল উচ্চ পৰ্যায়ৰ। সম্ভৱতঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ লগত তেওঁৰ সাক্ষাৎ হৈছিল। কিন্তু মহম্মদ (ছাঃ) ৰ নবুৱত প্ৰাপ্তিৰ কেইবছৰমান আগতে তেওঁৰ মৃত্যু হয়।
.
কাব্যিক প্ৰতিভাঃ জুহাইৰ বিন আবি ছালমা জাহিলী যুগৰ তিনিজন শ্ৰেষ্ঠ কবিৰ এজন বুলি কোৱা হয়। বাকী দুজন আছিল ইমৰাউল কাইছ আৰু আল-নাবিঘা।  জুহাইৰে প্ৰশংসামূলক কবিতাৰ ৰচক হিচাপে বিখ্যাত হৈছিল। তেওঁৰ কবিতাত তেওঁৰ পৃষ্ঠপোষক আৰু মানৱীয় গুণধাৰী ব্যক্তিসকলৰ বৰ্ণনা থকাৰ লগতে শৌৰ্য-বীৰ্যৰ বৰ্ণনা পোৱা যায়। ইমৰাউল কাইছৰ কবিতাত থকা দৰে তেওঁৰ কবিতাত উটৰ কাব্যিক বৰ্ণনা আছে। উল্লেখ্য যে তেওঁৰ কবিতাত তেওঁৰ পূৰ্ব কবি ইমৰাউল কাইছৰ কবিতাত থকা দৰে নাৰীদেহৰ কোনো বৰ্ণনা নাই। তেওঁৰ কবিতাত মদ, ৰং-তামাচা, শত্রূতা আদিৰ কোনো বৰ্ণনা নাই। তাৰ বিপৰীতে তেওঁৰ কবিতাত মানৱীয় গুণ, নৈতিকতা, ন্যায়, সাধুতা আদিৰ বৰ্ণনা পোৱা যায়। তেওঁৰ এটি কবিতাত আল্লাহৰ একত্ব, শেষ বিচাৰৰ দিনৰ প্ৰতি বিশ্বাস আদি ধৰ্মমূলক কথাই স্থান পাইছে।  মুঠতে তেওঁৰ কবিতা আছিল অশ্লীলতামুক্ত আৰু মানৱীয় গুণসম্পন্ন। সেয়ে হজৰত ওমৰ (ৰাঃ)য়ে তেওঁৰ কবিতাৰ প্ৰশংসা কৰিছিল।
.
কাব্যিক শৈলীৰ পিনৰ পৰা তেওঁৰ কবিতা আছিল সৰল আৰু কাঠিন্য বৰ্জিত। তেওঁ কবিতাত সহজ আৰু পৰিচিত শব্দ ব্যৱহাৰ কৰি বক্তব্যৰ বিষয় সাৱলীল কৰি তুলিছিল।
.
সামৰণিত ক’ব পাৰি যে জুহাইৰ বিন আবি ছালমাৰ কবিতা কাব্যিক শক্তিত ইমৰাউল কাইছৰ কবিতাৰ দৰে শক্তিশালী নহয় যদিও মানৱীয় আদৰ্শৰ কবি হিচাপে  জুহাইৰ বিন আবি ছালমা জাহিলী যুগৰ শ্ৰেষ্ঠ কবিসকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug

ত্বাৰফা বিন আল আ‘ব্দ  (Tarfa bin al-A’bd)

চমু পৰিচয়: প্ৰাক-ইছলামী যুগৰ মুখ্য কবিসকলৰ অন্যতম এজন আছিল ত্বাৰফা বিন আল আ‘ব্দ। আৰবী কাব্য সাহিত্যত তেওঁ এজন ব্যঙ্গাত্মক কবি হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ জন্মৰ সঠিক সময় জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ দ্বিতীয় দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়।  তেওঁৰ জন্ম হৈছিল আৰবৰ বিখ্যাত ‘বকৰ’ গোত্ৰত। তেওঁৰ পিতাকৰ নাম আছিল আল-আ’ব্দ। সৰুতে তেওঁ পিতৃ-মাতৃহীন হয় আৰু খুড়ায়েকৰ তত্বাৱধানত থাকিবলৈ লয়। কিন্তু খুড়ায়েকে তেওঁৰ প্ৰতি উদাসীনতা দেখুৱাই পিতৃ সম্পত্তিৰ পৰা তেওঁক বঞ্চিত কৰাৰ চেষ্টা কৰে। ফলত তাৰাফাই সুশিক্ষাৰ পৰা বঞ্চিত হৈ দুৰ্নীতিপৰায়ণ, অত্যাচাৰী আৰু সুৰাসক্ত হৈ পৰে।
যৌৱনৰ প্ৰাৰম্ভিক কালতে তেওঁ তামীম গোত্ৰৰ ‘খাওলা’ নামৰ এজনী যুৱতীৰ প্ৰেমত পৰে। তাৰাফাই তাইক সৰ্বস্ব দি ভাল পালেও তাই তাৰাফাৰ প্ৰেমৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল। প্ৰেমত বিফল হৈ তেওঁ ঘৰৰ পৰা ওলাই গৈ অঘৰীভাৱে ঘূৰি-ফুৰিবলৈ লয় আৰু মনৰ দুখ-শোক প্ৰকাশৰ বাহক হিচাপে কাব্য চৰ্চা আৰম্ভ কৰে।
.
নিজ পিতৃ সম্পত্তিৰ পৰা বঞ্চিত হোৱা তাৰাফাই আৰ্থিক দৈন্যতা লাঘৱ কৰিবলৈ এবাৰ হীৰাৰ ৰজা আমৰৰ ৰাজসভালৈ যায়। তাত আগৰে পৰা মুতালাম্মিছ নামৰ তেওঁৰ এজন দদায়েক হীৰাৰ ৰজাৰ ৰাজকবি হিচাপে আছিল। তাত তেওঁ এটি কবিতা ৰচনা কৰি ৰজাৰ প্ৰশংসা লাভ কৰে আৰু ৰজাই তেওঁক মুতালাম্মিছৰ সহায়কাৰী কবি হিচাপে নিয়োগ কৰে।
.
ত্বাৰফা আছিল স্বাধীনচেতীয়া আৰু তেওঁৰ প্ৰতিপক্ষৰ যিকোনো ব্যক্তিক কেন্দ্ৰ কৰি ব্যঙ্গ কবিতা ৰচনা কৰাত পটু আছিল। সেয়ে তেওঁ ৰাজসভাৰ সভাষদ আনকি ৰজাৰ বিষয়েও ব্যঙ্গাত্মক কাব্য ৰচনা কৰিছিল। এদিন ত্বাৰফাই ৰজা আমৰৰ লগত ৰাজপ্ৰসাদত মদ পান কৰি আছিল। এনেতে ৰজা আমৰৰ ভনীয়েক এজনীৰ ওপৰত ত্বাৰফাৰ চকু পৰে। ইয়াৰ লগে লগে তেওঁৰ কবিত্ব শক্তি জাগ্ৰত হয় আৰু গাবলৈ ধৰে-
.
“সোণৰ জুনুকা পৰিহিতা, ৰূপৰ হৰিণী
দিলেহি দেখা মোক আজি
যদি নাথাকিলেহেঁতেন নৃপতি
তাইৰ ওঁঠ দুটি মোৰ ওঁঠত ধৰিলোহেঁতেন চেপি।”
.
উক্ত কবিতাফাকি শ্ৰৱণ কৰি ত্বাৰফাৰ প্ৰতি ৰজা আমৰ  ইমানেই ক্ৰোধান্বিত হয় যে তেওঁ ত্বাৰফাৰ লগতে তেওঁৰ ককায়েক মুতালাম্মিছকো  অতি সুকৌশলে মৃত্যুদণ্ড দিব বুলি মনস্থ কৰে। কিন্তু নিজ ৰাজ্যত সিহঁতক মৃত্যু দিলে প্ৰজাই বিদ্ৰোহ কৰিব পাৰে বুলি ভাবি সিহঁতক বেলেগ ৰাজ্যত হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই উদ্দেশ্য আগত ৰাখি ৰজাই মুতালাম্মিছ আৰু ত্বাৰফাক ছুটি দি নিজ নিজ ঘৰলৈ যোৱাৰ আদেশ দিয়ে। সিহঁতৰ হাতত বাহৰাইন আৰু ওমানৰ শাসনকৰ্তালৈ লিখা দুখন চিঠিও দি দিয়ে।
চিঠি দুখন লৈ দুয়োজন ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। উল্লেখ্য যে মুতালাম্মিছ আৰু ত্বাৰফা দুয়োজনেই আছিল নিৰক্ষৰ কবি। সিহঁতে লিখা-পঢ়া জনা নাছিল। বাটত মুতালাম্মিছে চিঠিখনৰ ভিতৰত কিনো লিখা আছে বুলি কৌতুহল হোৱাত এজন লিখা-পঢ়া জনা যুৱকক চিঠিটো পঢ়িবলৈ দিলে। চিঠিখন পঢ়ি জানিব পাৰিলে যে চিঠিখনত তেওঁক জীয়াই জীয়াই পুতি হত্যা কৰাৰ নিৰ্দেশ দিয়া আছে। তেতিয়া মুতালাম্মিছে চিঠিখন নদীত পেলাই দি ত্বাৰফাকো তেওঁৰ হাতত দিয়া চিঠিটো খুলি পঢ়িবলৈ নিৰ্দেশ দিলে। কিন্তু ত্বাৰফাই ৰাজ আজ্ঞা অৱহেলা নকৰি বাহৰাইনৰ শাসনকৰ্তাৰ হাতত চিঠিটো প্ৰদান কৰে।  বাহৰাইনৰ শাসনকৰ্তাই  ত্বাৰফাক হত্যা নকৰি বন্দী কৰি হীৰাৰ ৰজাৰ ওচৰলৈ পঠাই দিয়ে। হীৰাৰ ৰজাই তেওঁক  ৫৬৪ খ্ৰীষ্টাব্দত ঘাতকৰ হতুৱাই হত্যা কৰে।
.
কাব্যিক প্ৰতিভাঃ ত্বাৰফা বিন আল আ‘ব্দ মূলত এজন ব্যঙ্গ কবি হিচাপে বিখ্যাত আছিল যদিও তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল প্ৰেম, যুদ্ধ, বীৰত্ব, দুখীয়াৰ প্ৰতি উদাৰ মনোভাৱ আদি। তেওঁ বহুতো কবিতা ৰচনা কৰিছিল যদিও সেইবোৰৰ মাজৰ পৰা মাত্ৰ ২৫০ শাৰীমান কবিতা বৰ্তমানে পোৱা যায়। তেওঁ ৰচনা কৰা কবিতাবোৰৰ ভিতৰত তেওঁৰ মুৱাল্লাকা কবিতাটো বিখ্যাত। এই কবিতাটোত সংক্ষেপে তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথা প্ৰকাশ কৰিছে। প্ৰথমতে তেওঁৰ ভাতৃয়ে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ বৰ্ণনা দি তেওঁ বাহন হিচাপে ব্যৱহাৰ কৰা উটৰ বৰ্ণনা দিছে। উটৰ বৰ্ণনা কৰাত তেওঁ ২৮ টা মান শাৰী ৰচনা কৰে। উটৰ বৰ্ণনাত তেওঁ তেওঁৰ সমসাময়িক কবি ইমৰাউল কাইছৰ দৰে সাৰুৱা কল্পচিত্ৰৰ ব্যৱহাৰ কৰিছে। এই বৰ্ণনা অতি নিখুঁত, যথাযথ আৰু সুক্ষ্মদৰ্শী। তেওঁ উটৰ খোজৰ ধৰণ, পিঠি, ভৰি, মূৰ, ডিঙি, উচ্চতা, বুকু,  কান্ধ, উৰু, বৰণ আদিৰ বৰ্ণনা দাঙি ধৰাৰ লগতে জীনৰ ঘঁহনি খাই উটৰ পেটৰ ওপৰত হোৱা দাগৰ বিষয়েও বৰ্ণনা কৰিছে।
.
উটৰ বৰ্ণনা দাঙি ধৰাৰ পিছত তেওঁৰ প্ৰেয়সী খাওলাৰ লগত তেওঁৰ প্ৰেম প্ৰসংগৰ বৰ্ণনা দিছে। এই বৰ্ণনাৰ মাজে মাজে তেওঁ যুদ্ধ, যুদ্ধত দেখুওৱা কৌশল, সাহস, বীৰত্ব আদিৰ বিষয়েও কৈছে।
.
তাৰাফাৰ কবিতাৰ ভাষা আছিল সৰল কিন্তু আমোদজনক। তেওঁৰ ব্যঙ্গাত্মক কবিতসমূহত তেওঁৰ প্ৰতিপক্ষৰ অন্যায় আৰু দোষ-ত্রূটিৰ সমালোচনা প্ৰকাশ পাইছে। 
.
সামৰণিত ক’ব পাৰি যে ত্বাৰফা বিন আল আ‘ব্দ প্ৰাক-ইছলামী যুগৰ এজন দুঃসাহসিক প্ৰতিভাধাৰী কবি আছিল যিজনে নিজৰ পৃষ্ঠপোষকৰো সমালোচনা কৰি ব্যঙ্গ  কবিতা ৰচনা কৰিছিল।

লাবিদ বিন ৰাবিয়াহ (Labid bin Rabiyah)

চমু পৰিচয়: লাবিদ বিন ৰাবিয়াহ আছিল প্ৰাক-ইছলামী আৰু ইছলামী-দুয়ো যুগৰ এজন প্ৰখ্যাত আৰবী কবি। তেওঁক আৰবী মুৱাল্লাকা কবিসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ কবি বুলি কোৱা হয়। তেওঁৰ আচল নাম আছিল আবু আ’কিল লাবিদ বিন ৰাবিয়াহ বিন মালিক বিন জাফৰ।  তেওঁ ৫১৪ খ্ৰীষ্টাব্দত আৰবৰ বিখ্যাত আমিৰ বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল ৰাবিয়াহ বিন মালিক।  তেওঁ আছিল এজন দানশীল নেতা। লাবিদ বিন ৰাবিয়াহই বংশানুক্ৰমে কিছুমান মহান গুণ যেনে-দানশীলতা, ক্ষমা, পৰোপকাৰীতা, নৈতিকতা আদিৰ অধিকাৰী হৈছিল। বাল্যকালৰ পৰাই লাবিদ কবিতাৰ প্ৰতি আকৰ্ষিত হয়। কথিত আছে যে লাবিদৰ কবিত্ব শক্তি পৰীক্ষা কৰাৰ কাৰণে এবাৰ তেওঁৰ দদায়েকে তেওঁৰ সন্মুখত পৰি থকা ঘাঁহ এটুকুৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ কোৱাত তেওঁ তলত উদ্ধৃত কৰা কবিতাফাকি ৰচনা কৰিছিল-
.
“জ্বলাব নোৱাৰি কোনো জুই 
এই ঘাঁহৰ দ্বাৰা, নোৱাৰি ঘৰ সাজিবও
ই কাৰো নহয় আনন্দৰ আহিলা
ইয়াৰ কোনো কাঠো নহয়
পাতৰো ব্যৱহাৰ হয় অতি নগন্য
ডালবোৰ হয় কোমল
ই তৃণভূমিৰ নিকৃষ্ট ফচল।”
.
এনেদৰে লাবিদ বিন ৰাবিয়াই কবিতা ৰচনা কৰি কবি হিচাপে গৌৰৱৰ আসনত প্ৰতিষ্ঠিত হোৱাৰ পিছত তেওঁৰ ওচৰলৈ হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰস্তাৱ আহে। তেতিয়া তেওঁৰ বয়স এশ বছৰৰো অধিক হৈছিল। ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰস্তাৱ পাই তেওঁ তেওঁৰ গোত্ৰৰ কেইজনমান লোকক লগতলৈ মদিনালৈ গৈ হজৰত মহম্মদ (ছাঃ)ক সাক্ষাৎ কৰে আৰু নবীৰ মুখৰ পৰা ছুুৰা ‘আল বাকাৰা’ৰ কেইটিমান আয়াত শুনি বিমুগ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে। ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ কাব্য ৰচনা এৰি দিয়ে। ইয়াৰ কাৰণ সুধাত তেওঁ কৈছিল, “কবিতাৰ পৰিৱৰ্তে আল্লাহই মোক কোৰাণ দিছে।” জনা যায় যে তেওঁ বুঢ়া বসয়তে গোটেই কোৰাণখন মুখস্থ কৰিছিল। অৱশ্যে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁ কাচিৎহে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ আছিল সম্পূৰ্ণ ইছলামী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।
.
তেওঁ সুদীৰ্ঘ ১৪৫ বছৰ জীয়াই থাকি প্ৰশাসক মুৱাবিয়াৰ ৰাজত্বকালত ৬৬১ খৃঃত মৃত্যু বৰণ কৰে।
.
কাব্য প্ৰতিভাঃ লাবিদ আছিল প্ৰাক ইছলামী আৰু ইছলামী যুগৰ এজন মহান কবি। তেওঁৰ কবিতাত দুয়োটা যুগৰে প্ৰভাৱ স্পষ্ট। তেওঁ ৰচনা কৰা বহু কবিতাৰ ভিতৰত যি সামান্য অংশ সংৰক্ষিত অৱস্থাত পোৱা যায় সেইখিনি অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল যুদ্ধ, আৰবীয় গ্ৰাম্য জীৱন, প্ৰেম, মৰুভূমিৰ দৃশ্য, জীৱ-জন্তু, মানৱীয় গুণ আদি।
.
তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটি অন্যান্য মুৱাল্লাকা কবিতাৰ দৰে প্ৰেম প্ৰসংগৰ দ্বাৰা আৰম্ভ হৈছে। এই বৰ্ণনাত প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ দৃশ্য অংকিত হৈছে আৰু পৰিত্যক্ত স্থানৰ নিৰ্জনতাক তেওঁ অতি সাৱলীলতাৰে বৰ্ণনা কৰাত দক্ষতা দেখুৱাইছে। উল্লেখ্য যে প্ৰেয়সীৰ শাৰীৰিক সৌন্দৰ্যৰ কোনো কামাতুৰ বৰ্ণনা তেওঁৰ কবিতাত পৰিলক্ষিত নহয়।
.
প্ৰেয়সীৰ পৰিত্যক্ত বাসস্থানৰ বৰ্ণনা দাঙি ধৰি কবি লাবিদে তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে আৰু ইয়াক বনৰীয়া গাধৰ লগত তুলনা কৰি উটৰ বৰ্ণনা শেষ কৰিছে। 
.
ইয়াৰ পিছত পোৱালি হেৰুৱা এজনী গাই গৰুৰ বৰ্ণনা দি ধুমুহা বতাহ, মেঘ, বৰষুণ আদিৰ বৰ্ণনা কৰি তেওঁৰ যাত্ৰা পথত সন্মুখীন হোৱা কষ্টৰ এক বাস্তৱিক চিত্ৰ অংকন কৰিছে।
.
মুঠতে কবি লাবিদৰ মুৱাল্লাকা কবিতাটো হৈছে মৰুভূমিৰ মাজেৰে কৰা তেওঁৰ ভ্ৰমণৰ এক কাব্যিক বৰ্ণনা।
.
লাবিদ বিন ৰাবিয়াহ প্ৰাক ইছলামী যুগৰ কবি যদিও সেই যুগৰ কবিতাত সততে পোৱা নাৰীদেহৰ অশ্লীল বৰ্ণনাৰ পৰা তেওঁৰ কবিতা সম্পূৰ্ণ মুক্ত। ইয়াৰ বিপৰীতে তেওঁৰ কবিতাত মানৱীয়তা, ধৈৰ্য, ক্ষমা, প্ৰাকৃতিক সৌন্দৰ্য, মৰুভূমিৰ কঠোৰ জীৱন সংগ্ৰাম আদিৰ সাৱলীল বৰ্ণনা পোৱা যায়।
.
কাব্যিক অলংকাৰৰ দিশৰ পৰা তেওঁৰ কবিতা ইমৰাউল কাইছৰ কবিতাৰ দৰে সংবেদনশীল নহয় যদিও বৰ্ণনাৰ চাতুৰ্য, সৰল আৰু জটিল শব্দৰ সমাহাৰ তেওঁৰ কবিতাত বিদ্যমান।
.
লাবিদ বিন ৰাবিয়াই ইছলাম গ্ৰহণৰ পিছত ৰচনা কৰা কবিতাত আল্লাহৰ শ্ৰেষ্ঠত্বৰ গুণ-গান, মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, শেষ বিচাৰৰ দিন আদি ইছলামী দৰ্শনৰ প্ৰসংগ আছে। উদাহৰণস্বৰূপে তলত কেইশাৰীমান কবিতা উধ্বৃত  কৰা হ’ল-
“আল্লাহৰ বাহিৰে সকলো বস্তুয়েই মূল্যহীন
সকলো সুখ, চৰ্তহীনভাৱেই অদৃশ্য হ’ব
……………………………
শেষ বিচাৰৰ দিনাখন উদ্ভাসিত হ’ব 
সকলো কৰ্ম সন্মুখত তোমাৰ
আৰু সৰ্বশক্তিমান আল্লাহই তোমাৰ 
কৰিব বিচাৰ।’
.
লাবিদ বিন ৰাবিয়াহৰ কবিতাৰ উক্ত পংক্তিসমূহ শ্ৰৱণ কৰি হজৰত মহম্মদ (ছাঃ)য়ে প্ৰশংসা কৰি কৈছিল, “এজন কবিয়ে ৰচনা কৰিব পৰা শ্ৰেষ্ঠ পংক্তি।
সামৰণিত ক’ব পাৰি যে লাবিদ বিন ৰাবিয়াহ আছিল প্ৰাক-ইছলামী যুগৰ এজন ব্যতিক্ৰমধৰ্মী কবি যিজনৰ কবিতাত কোনো অমানৱীয়তা বা অশ্লীলতাৰ গুণ-গান নাই। ০ ০ ০.

আন্তাৰা বিন শ্বাদ্দাদ (Antara bin Shaddad)

চমু পৰিচয়: আন্তাৰা বিন শ্বাদ্দাদ আছিল প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ মুৱাল্লাকা কবিসকলৰ মাজৰ এজন। তেওঁ জীৱনত বহুতো যুদ্ধত অংশ গ্ৰহণ কৰি বীৰত্ব প্ৰদৰ্শন কৰা বাবে তেওঁক ‘সৈনিক কবি’ বুলিও কোৱা হয়।
.
আন্তাৰা বিন শ্বাদ্দাদ ৫২৫ খ্ৰীষ্টাব্দত বিখ্যাত আবচ গোত্ৰত নজদ নামৰ ঠাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাৰ নাম আছিল শ্বাদ্দাদ আৰু মাক আছিল এজনী আবিচিনিয়াৰ দাসী। দাসীৰ গৰ্ভত জন্ম হোৱা বাবে দেউতাকে তেওঁক প্ৰথমতে পুত্ৰ হিচাপে স্বীকৃতি দিয়া নাছিল। কিন্তু আন্তাৰা আছিল অতি সাহসী, আত্মসন্মান সচেতন, বীৰ স্বভাৱৰ আৰু তেওঁ যিকোনো প্ৰকাৰে দেউতাকৰ পৰা পুত্ৰৰ স্বীকৃতি আদায় কৰাৰ বাবে দৃঢ় সংকল্প লৈছিল। উল্লেখ্য যে সেই সময়ৰ আৰবত এজনী দাসীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সন্তানে যেতিয়ালৈকে কোনো উল্লেখযোগ্য সন্মানৰ কাম কৰিব নোৱাৰিছিল তেতিয়ালৈকে তেওঁ পুত্ৰৰ স্বীকৃতি পোৱা নাছিল আৰু দাস হিচাপে  জীৱন যাপন কৰিব লাগিছিল। পিতৃৰ পৰা পুত্ৰৰ স্বীকৃতি পোৱা আৰু দাসৰ পৰা স্বাধীন হোৱাৰ আশাৰে আন্তাৰাই সৰু কালৰ পৰাই বৰ্শা চালনা, অশ্ব চালনা আৰু তৰোৱালেৰে যুদ্ধ কৰা বিদ্যাত পাৰ্গত হৈ উঠিছিল।
.
কথিত আছে যে এদিনাখন প্রতিবেশী গোত্ৰৰ লোক কিছুমানে আবচ গোত্ৰৰ উট আৰু ভেড়াৰ পাল বলপূৰ্বকভাৱে সিহঁতৰ পৰা কাঢ়ি লয়। আন্তাৰাৰ দেউতাকে প্ৰতি আক্ৰমণ কৰি জন্তুবোৰ উদ্ধাৰ কৰাৰ বাবে আন্তাৰাক নিৰ্দেশ দিয়ে। কিন্তু আন্তাৰাই কয়, “মই এজন দাসহে। দাস এজনে যুদ্ধ কৰিব নোৱাৰে।” তেতিয়া দেউতাকে তেওঁক কৈছিল, “আজিৰ পৰা তুমি স্বাধীন। তুমি যুদ্ধ কৰা।” এই কথাত উদ্বুদ্ধ হৈ আন্তাৰাই হাতত তৰোৱাললৈ বীৰ বিক্ৰমেৰে আক্ৰমণকাৰীসকলৰ ওপৰত জঁপিয়াই পৰে আৰু সিহঁতৰ হাতৰ পৰা আটাইকেইটা জন্তু উদ্ধাৰ কৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক স্বাধীন বুলি ঘোষণা কৰাৰ লগতে তেওঁক পুত্ৰ বুলি স্বীকৃতি দিয়ে।
.
জনা যায় যে আন্তাৰাই তেওঁৰ সম্বন্ধীয় খুড়ায়েকৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছিল। ছোৱালীজনীৰ নাম আছিল ‘আবলা’। কিন্তু আন্তাৰা এজন দাসীৰ পুত্ৰ হোৱা বাবে আবলাই তেওঁৰ প্ৰেমৰ প্ৰতি কোনো সঁহাৰি নিদিলে। প্ৰেমত প্ৰত্যাখিত হৈ আন্তাৰাই  মনত দুখ পালে যদিও তেওঁ দাসৰ পৰা স্বাধীন হোৱাৰ আনন্দত কবিতা ৰচনা কৰিবলৈ লয়।
.
তেওঁ ৯০ বছৰকাল আয়ু ভোগ কৰি ৬১৫ খৃঃত মৃত্যু বৰণ কৰে।
কাব্য প্ৰতিভাঃ আন্তাৰা বিন শ্বাদ্দাদে সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল যদিও সেইবোৰৰ মাজৰ মাত্ৰ ১৬০০ টামান শাৰীহে বৰ্তমানলৈ সংৰক্ষিত হৈ আছে।  আন্তাৰা বিন ছাদ্দাদৰ কবিতা আছিল তেওঁৰ ব্যক্তিগত জীৱনৰ আশা-নিৰাশা, প্ৰেম-প্ৰণয়, সাহসীকতা, বীৰত্ব, আভিজাত্যৰ বিৰুদ্ধে বিদ্ৰোহ আদিৰ প্ৰতিফলন।
.
আন্তাৰাৰ মুৱাল্লাকা কবিতাখন ৯২ শাৰীৰ এক বৰ্ণনামূলক কবিতা। এই কবিতাটি তেওঁ ইতিহাস বিখ্যাত বাছুচ যুদ্ধৰ অৱসানৰ পটভূমিত ৰচনা কৰিছিল। অন্যান্য প্ৰাক-ইছলামী মুৱাল্লাকা কবিৰ দৰে আন্তাৰাইও তেওঁৰ মুৱাল্লাকা কবিতাটো প্ৰেমৰ কাহিনীৰে আৰম্ভ কৰিছে। ইয়াত প্ৰেয়সীৰ লগত হোৱা তেওঁৰ বিচ্ছেদ বেদনা, প্ৰেয়সীৰ ৰূপ-লাৱণ্য আদিৰ বৰ্ণনা কৰি কবিয়ে যুদ্ধ, সুৰাপানৰ আনন্দ, উটনীৰ সৌন্দৰ্য, ধৈৰ্য আদিৰ বৰ্ণনা দিছে। মুৱাল্লাকা কবিতাটিৰ বাকীছোৱাত কবিৰ মানৱীয় গুণ যেনে- সৎ ব্যক্তিৰ প্ৰতি কোমল মনোভাৱ, নিৰ্দয় ব্যক্তিৰ প্ৰতি কঠোৰ মনোভাৱ, দানশীলতা আদিৰ বাস্তৱসন্মত বৰ্ণনা দাঙি ধৰি কবিতাটি শেষ কৰিছে।
.
আন্তাৰাৰ বৰ্ণনা আছিল বিচিত্ৰ আৰু বাস্তৱধৰ্মী। তেওঁৰ ভাষা আছিল সৰল, ছন্দময় আৰু লালিত্যপূৰ্ণ। তেওঁৰ কল্পচিত্ৰ আছিল অপূৰ্ব আৰু উপমা অলংকাৰৰ দ্বাৰা চহকী। তেওঁৰ বৰ্ণনা আছিল সংযমী আৰু শালীন। কোনো অশ্লীলতা তেওঁৰ কবিতাত পোৱা নাযায়।
.
সামৰণিত ক’ব পাৰি যে আন্তাৰা বিন শ্বাদ্দাদৰ মুৱাল্লাকা কবিতাটি তেওঁৰ সমসাময়িক ইমৰাউল কাইচৰ মুৱাল্লাকাৰ আৰ্হিত ৰচিত যদিও ইয়াত ইমৰাউল কাইছৰ দৰে অশ্লীল বৰ্ণনা নাই। ০ ০ ০.

আমৰ বিন কুলছুম (Amar bin Kulthum)

চমু পৰিচয়: প্ৰাক-ইছলামী যুগৰ প্ৰধান মুৱাল্লাকা কবিসকলৰ মাজৰ এজন আছিল আমৰ বিন কুলছুম। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু আব্বাছ আমৰ বিন কুলছুম। তেওঁ আৰবৰ বিখ্যাত তাঘলিব গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্মকাল সম্পৰ্কে সঠিককৈ জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ প্ৰথম দহকত বা পঞ্চম শতিকাৰ শেষ দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল কুলছুম বিন মালিক। তেওঁ আছিল মেচোপটেমিয়াৰ এজন অশ্বাৰোহী সৈনিক। তেওঁৰ মাকৰ নাম আছিল লায়লা। তাই আছিল বিখ্যাত বাছুচ যুদ্ধৰ নায়ক বিখ্যাত মুহালহালৰ কন্যা। এই মুহালহাল আছিল এজন প্ৰখ্যাত বীৰ আৰু কবি। তেওঁক আৰবী কাছিদাৰ জন্মদাতা বুলি কোৱা হয়।  কথিত আছে যে আল মুহালহালৰ কাছিদাক কেন্দ্ৰ কৰিয়েই বিখ্যাত বাছুচ যুদ্ধৰ সূচনা হৈছিল।
আমৰ বিন কুলছুম সৰুৰে পৰা যুদ্ধ আৰু গোত্ৰীয় বিবাদময় পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল। সেয়ে তেওঁ সৰুকালৰ পৰাই  যুদ্ধ বিদ্যাত পাৰ্গত হৈ উঠে আৰু তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ বাবে নিজ গোত্ৰই মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁক দলনেতা নিৰ্বাচন কৰে। মাক-বাপেকৰ পৰা তেওঁ আত্মমৰ্যদাবোধ আৰু স্বাধীনচেতীয়া গুণ লাভ কৰিছিল। কথিত আছে যে তাঘলিব গোত্ৰৰ লোকসকল ইমানেই আত্মমৰ্যদাশালী আছিল যে সিহঁতে অসন্মানজনক যিকোনো ব্যৱহাৰৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় দিছিল। এই কথা জানিব পাৰি এবাৰ হীৰাৰ ৰজা আমৰ বিন হিন্দে আমৰ বিন কুলছুমৰ মাতৃ লায়লাক ৰাজসভালৈ মাতি পঠায় আৰু ৰাণীক আলপৈচান ধৰিবলৈ লগাই দিয়ে। কিন্তু আত্মমৰ্যদাবোধ থকা লায়লাই সেয়া অস্বীকাৰ কৰে আৰু মৰ্যাদা ৰক্ষাৰ বাবে আমৰ বিন কুলছুমক চিঞৰি মাতে। ইয়াতে আমৰ বিন কুলছুমে খোলা তৰোৱাল হাতত লৈ নিজৰ মাতৃক তাৰ পৰা উদ্ধাৰ কৰি উভতি আহে। এই ঘটনাৰ পিছত আমৰ বিন কুলছুমৰ বীৰত্ব চাৰিওদিশে বিয়পি পৰে।
.
তেওঁ এশ বছৰৰো অধিক কাল জীয়াই থাকি ৬৬১ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰে।
.
কাব্যিক প্ৰতিভাঃ আমৰ বিন কুলছুম আছিল বিখ্যাত মুৱাল্লাকা কবিসকলৰ মাজৰ এজন। তেওঁ কিমান কবিতা ৰচনা কৰিছিল জনা নাযায়। কিন্তু এয়া সত্য যে তেওঁ কোনো বৃত্তিধাৰী কবি নাছিল। তেওঁ কদাচিতহে কবিতা ৰচনা কৰিছিল। তেওঁৰ ৰচনাৰ মাত্ৰ সামান্য অংশহে সংৰক্ষিত আছে।  প্ৰেম, বংশ গৌৰৱ, যুদ্ধ আদি তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল। তেওঁৰ কবিতাসমূহৰ ভিতৰত মুৱাল্লাকা কবিতাটো বিখ্যাত। কবিতাটোত এহেজাৰতকৈও অধিক শাৰী আছিল বুলি ধাৰণা কৰা হয়। এই কবিতাটোৰ জৰিয়তেই কবি হিচাপে তেওঁৰ নাম ৰৈ বৈ গৈছিল। তেওঁৰ গোত্ৰৰ লোকসকলে কবিতাটো অতি শ্ৰদ্ধাৰ সৈতে জাতীয় বীৰত্বৰ প্ৰতীক হিচাপে বিবেচনা কৰি মুখস্থ কৰি ৰাখিছিল।
.
আমৰ বিন কুলছুমে তেওঁৰ বিখ্যাত মুৱাল্লাকা কবিতাটো পৰম্পৰাগত নীতিমতে প্ৰেমৰ কাহিনীৰে আৰম্ভ কৰিছে। ইয়াত প্ৰেয়সীৰ সতে কবিৰ বিচ্ছেদ-বেদনা মূৰ্ত হৈ উঠিছে। কবিতাটি আৰম্ভ হৈছে এইদৰে, “হে মোৰ প্ৰেয়সী বিদায়ৰ সময়ত তুমি মোক উত্তম সুৰা পান কৰাই যোৱা যাতে পাহৰিব পাৰো তোমাৰ সতে মোৰ বিৰহৰ বেদনা।” ইয়াৰ পিছত কবিয়ে প্ৰেয়সীৰ শাৰীৰিক সৌন্দৰ্য বৰ্ণনা দিছে। এই বৰ্ণনা অতিকৈ কাব্যিক আৰু আবেদনময়ী। তেওঁ প্ৰেয়সীৰ বিভিন্ন অংগৰ বৰ্ণনা দিছে এনেদৰে-
.
“বাহু দুটা বাঁজী উটনীৰ দৰে পূৰঠ,
স্তনযুগল উন্নত, স্পৰ্শহীন আৰু সুকোমল
নূপুৰ পিন্ধা ভৰি, হাতীৰ দাঁতেৰে নিৰ্মিত নালৰ দৰে উজ্জ্বল
বিচ্ছেদ-বেদনাত তেওঁ হৈ পৰিছে পোৱালী হেৰুৱা উটনী 
আৰু সন্তান হেৰুৱা মাতৃৰ দৰে।”
.
ইয়াৰ পিছত কবিয়ে হীৰাৰ ৰজা আমৰ বিন হিন্দৰ বীৰত্ব, শৌৰ্য-বীৰ্যৰ বৰ্ণনা দাঙি ধৰি নিজ গোত্ৰৰ বল-বিক্ৰম  আৰু  বীৰ যোদ্ধাসকলৰ প্ৰশংসা কীৰ্তন কৰিছে।
.
কবিতাটিৰ শেষাংশত তেওঁৰ গোত্ৰই যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাৰ বিৱৰণ দিছে আৰু কৈছে যে সিহঁতে কম নোম থকা ঘোঁৰাহে পছন্দ কৰে যিবোৰে যুদ্ধ জয় কৰি শত্রূ পক্ষৰ ঘোঁৰা, তৰোৱাল আৰু বন্দীসকলকলৈ উভতি আহে। সিহঁতৰ বীৰ যোদ্ধাসকল ইমানেই শক্তিশালী যে সিহঁতে সকলো শক্তিকে প্ৰতিহত কৰিব পাৰে আৰু য’তেই ইচ্ছা ত’তেই প্ৰভূত্ব বিস্তাৰ কৰিব পাৰে।
.
এনদৰে কবি আমৰ বিন কুলছুমে তেওঁৰ মুৱাল্লাকা কবিতাত প্ৰেম প্ৰণয়ৰ বিৰহ-বেদনা, হীৰাৰ ৰজাৰ গুণ-গান, নিজ বংশৰ শৌৰ্য-বীৰ্য আদিৰ বিস্তাৰিত বৰ্ণনা  অতি নিপুনতাৰ সৈতে ফুটাই তুলিছে।
.
তেওঁৰ মুৱাল্লাকাৰ ভাষা অতিকৈ মনোগ্ৰাহী, সুৱলা, অৰ্থব্যঞ্জক আৰু বৈচিত্ৰময় কল্পচিত্ৰৰে সজ্জিত।
সামৰিণত ক’ব পাৰি যে কবি হিচাপে আমৰ বিন কুলছুম আছিল এক শক্তিশালী কাব্যিক শক্তিৰ অধিকাৰী যি শক্তি তেওঁৰ মুৱাল্লাকা কবিতাত মূৰ্ত (স্পষ্ট) হৈ উঠিছে। এই কবিতাটোৰ বাবেই তেওঁ যুগ যুগ ধৰি কাব্যপ্ৰেমী পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি আছে। ০ ০ ০.

হাৰিছ বিন হিল্লিজা  (Haris bin Hillija)

চমু  পৰিচয়: প্ৰাক-ইছলামী যুগৰ কবিসকলৰ মাজৰ এজন অন্যতম মুৱাল্লাকা কবি আছিল হাৰিছ বিন হিল্লিজা। তেওঁ বনু বকৰ গোত্ৰত খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ প্ৰাক কালত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু জালীম আল হাৰিছ বিন হিল্লিজা। তেওঁ শৈশৱৰ পৰাই বনু বকৰ গোত্ৰ আৰু তাঘলিব গোত্ৰৰ মাজত সময়ে সময়ে চলি থকা যুদ্ধ প্ৰত্যক্ষ কৰিছিল আৰু নিজকে মানসিকভাৱে শক্তিশালী আৰু সাহসী কৰি তুলিছিল। জনা যায় যে তেওঁ হেনো সৰুকালতে কুষ্ঠ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল। কিন্তু এই বেমাৰেও তেওঁৰ মানসিকতাক দুৰ্বল কৰিব পৰা নাছিল। তেওঁ কুষ্ঠ ৰোগী হোৱা সত্বেও কেইবাটাও যুদ্ধত অংশ গ্ৰহণ কৰিছিল আৰু বৃদ্ধ বয়সত তেওঁ নিজ গোত্ৰৰ যুদ্ধৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই সময়ত বনুবকৰ আৰু তাঘলিব গোত্ৰৰ মাজত চলি থকা যুদ্ধৰ ফলত দুয়োপক্ষৰে যথেষ্ট ক্ষয়-ক্ষতি হৈছিল। বনু বকৰ গোত্ৰৰ হৈ হাৰিচ বিন হিল্লিজা আৰু তাঘলিব গোত্ৰৰ প্ৰতিনিধিস্বৰূপ আমৰ বিন কুলছুমে কবিতা ৰচনা কৰিছিল। আমৰ বিন কুলছুমৰ দৰে হাৰিছো আত্মমৰ্যাদা সচেতন ব্যক্তি আছিল আৰু কোনো দিন কাৰো ওচৰত মূৰ নত কৰা নাছিল। ৰাজকীয় বিষয়তো তেওঁ প্ৰচুৰ অভিজ্ঞতা আৰু দক্ষতা আছিল । সেয়ে তেওঁ জীৱনৰ শেষ বয়সত হীৰাৰ ৰজাৰ ৰাজসভাত স্থান পাইছিল।
.
কাব্য প্ৰতিভাঃ হাৰিচ বিন হিল্লিজা আছিল প্ৰাক ইছলামী যুগৰ কবি আৰু তেওঁৰ কবিতাত তেওঁৰ পূৰ্বৱৰ্তী আৰু সমসাময়িক কবিৰ প্ৰভাৱ স্পষ্ট। তেওঁ ৰচনা কৰা কবিতাৰ সংখ্যা কিমান আছিল সেয়া অজ্ঞাত। মাত্ৰ তেওঁৰ মুৱাল্লাকা কবিতাটো কালৰ হাতৰ পৰা ৰক্ষা পাই বৰ্তি আছে। এই কবিতাটো এটি কাছিদা আৰু ই ৮২ টা শাৰীত সমাপ্ত হৈছে।
.
কবিতাটো পৰম্পৰাগত কাচিদা শৈলীত ৰচিত হৈছে। কবিয়ে তেওঁৰ প্ৰেয়সী  আছমাৰ বিদায়ৰ প্ৰসঙ্গৰে কবিতাটি আৰম্ভ কৰিছে। তেওঁ প্ৰেয়সীৰ বিৰহত বেদনাহত। তেওঁ প্ৰেয়সীৰ লগত বিগত দিনত কটোৱা ঠাইসমূহৰ বিষয়ে ৰোমন্থন কৰিছে আৰু কৈছে যে তেওঁৰ এই বিৰহ বেদনা সহ্য হোৱা নাই। তেওঁৰ দুচকুৱেদি চকুলো বৈ আহিছে। সম্ভৱতঃ তেওঁৰ প্ৰেয়সীয়ে তেওঁক পাহৰি কোনো এক পাহাৰৰ শিখৰত অগৰু কাঠেৰে জুই জ্বলাইছে আৰু সেই জুইৰ পোহৰে তেওঁৰ প্ৰেয়সীৰ অংগ-প্ৰত্যঙ্গ জিলিকি উঠিছে। কবিয়ে তেওঁৰ প্ৰেয়সীক লগ পাবলৈ ব্যাকুল হৈছে আৰু উটপক্ষীৰ দৰে দীঘল দ্ৰুতগামী উটৰ পিঠিত উঠি প্ৰেয়সীক বিচাৰি গৈছে।
.
এইদৰে বিৰহ বেদনাৰ বৰ্ণনা দাঙি ধৰি কবিয়ে প্ৰতিপক্ষৰ লগত হোৱা নিজ গোত্ৰৰ যুদ্ধৰ বৰ্ণনা দিছে। বৰ্ণনাটোত বনু বকৰ গোত্ৰ আৰু তাঘলিব গোত্ৰৰ মাজত চলা যুদ্ধৰ কাহিনী আছে।  এই বৰ্ণনাৰ মাজত নিজ গোত্ৰৰ গৌৰৱগাঁথা উল্লেখ কৰি হীৰাৰ ৰজাৰ লগত বকৰসকলৰ বন্ধুত্বৰ বিষয়ে উল্লেখ কৰিছে। পিছত নিজ গোত্ৰৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰতিপক্ষ তাঘলিব গোত্ৰৰ নিন্দাৰে কবিতাটি সামৰণি মাৰিছে।
.
কবিতাটি যদিও পৰম্পৰাগত কাছিদা শৈলীত ৰচিত তথাপি অন্যান্য কবিৰ কাছিদাৰ দৰে হিল্লিজাৰ এই কবিতাটো কাব্যিক শক্তিত দুৰ্বল।  ইয়াত বৰ্ণনাৰ চাতুৰ্য আৰু চমৎকাৰিত্বৰ অভাৱ পৰিলক্ষিত হয়। তেওঁৰ কল্পচিত্ৰও গতানুগতিক আৰু অভিনৱত্বহীন। তেওঁৰ ভাষা সৰল কিন্তু ছন্দোময়। ০ ০ ০.

আল-নাবিঘা (Al-Nabigha)

চমু  পৰিচয়: আল-নাবিঘা আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। তেওঁৰ প্ৰকৃত নাম আছিল জিয়াদ বিন মুৱাবিয়াহ আৰু তেওঁৰ উপনাম আবু ওমামাহ। তেওঁৰ জন্ম সময় জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁ আৰবৰ বিখ্যাত বানু জুবিয়ান গোত্ৰত জন্ম গ্ৰহণ কৰে। তেওঁ মহৎ ব্যক্তিত্বৰ অধিকাৰী আছিল আৰু কবি হিচাপেও মহৎ আছিল বাবে তেওঁক ‘আল-নাবিঘা’ বুলি কোৱা হৈছিল।  তেওঁ জন্ম গ্ৰহণ কৰা গোত্ৰটো মদিনাৰ উত্তৰে নজদ প্ৰদেশত বসবাস কৰিছিল।  বহু প্ৰাক-ইছলামী কবিৰ লগত তেওঁৰ পৰিচয় আছিল আৰু সিহঁতৰ পৰা কাব্য সাধনাৰ প্ৰেৰণা লাভ কৰিছিল। পিছত তেওঁ হীৰাৰ ৰজাৰ ৰাজদৰবাৰলৈ যায় আৰু ৰাজপৰিয়ালৰ লগত অন্তৰঙ্গতা গঢ়ি  উঠে।  তেওঁৰ কবিতাৰ পৰা জনা যায় যে তেওঁ হীৰাৰ ৰজাৰ হকে তেওঁৰ নিজ গোত্ৰক হীৰা ৰাজ্যৰ উত্তৰ অংশত উৎপীড়ন নকৰাৰ বাবে আবেদন কৰিছিল।  তেওঁ প্ৰায় ৫০ বছৰ হীৰাৰ ৰজাৰ ৰাজদৰবাৰত কটায় আৰু তিনিজন হীৰাৰ ৰজা যেনে-তৃতীয় নু‘মান, তেওঁৰ পিতৃ আৰু তেওঁৰ ককাদেউতাৰ ৰাজকবি হৈছিল।
.
নাবিঘাই হীৰাৰ ৰজাৰ ৰাজসভাত এক মৰ্যদাসম্পন্ন জীৱন যাপন কৰিছিল। সেই সময়ত ৰাজসভাত থকা মুনাখখান নামৰ আন এজন কনিষ্ঠ কবিয়ে নাবিঘাৰ ৰাজকীয় পৃষ্ঠষকতাত ঈৰ্ষান্বিত হৈ তেওঁৰ ওপৰত বদনাম জাঁপি দিবলৈ চেষ্টা কৰিছিল। কথিত আছে যে এবাৰ হীৰাৰ ৰজাই সুন্দৰী ৰাণীৰ সৌন্দৰ্য বৰ্ণনা কৰি এটি কবিতা ৰচনা কৰিবলৈ আদেশ কৰে। আল নাবিঘাই ৰজাৰ আদেশত এটি সুন্দৰ কবিতা ৰচনা কৰে। কবিতাটিত ৰাণীৰ সৌন্দৰ্য ইমান সজীৱ আৰু জীৱন্ত ৰূপত বৰ্ণনা কৰিছিল যে সেই বৰ্ণনাৰ পৰা ৰাণীৰ গোপন অংগও বাদ পৰা নাছিল। আগৰে পৰা ঈৰ্ষা কৰা কবি মুনাখখানে কবিতাটি পঢ়ি ৰজাৰ ওচৰত আল-নাবিঘাৰ বিৰুদ্ধে অভিযোগ আনে যে আল-নাবিঘাৰ লগত ৰাণীৰ অবৈধ সম্পৰ্ক আছে। ফলত হীৰাৰ ৰজাৰ লগত তেওঁৰ সম্পৰ্কৰ অৱনতি হয় আৰু তেওঁ হীৰাৰ ৰজাৰ ৰাজসভা ত্যাগ কৰি  চিৰিয়াৰ ৰাজসভালৈ যায়।
.
ছিৰিয়াৰ ৰাজদৰবাৰত তেওঁ কেইবাটাও বছৰ কটায় আৰু ৰাজকুমাৰসকলৰ গুণ-কীৰ্তন কৰি কবিতা ৰচনা কৰে।  জনা যায় পিছলৈ হীৰাৰ ৰজাই পুনৰ আল-নাবিঘাক হীৰালৈ মাতি নিয়ে আৰু তাতে ৬০৪ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।
.
কাব্যিক প্ৰতিভাঃ আল নাবিঘা তেওঁৰ সমসাময়িক কবিসকলতকৈ ব্যতিক্ৰমধৰ্মী কবি আছিল। তেওঁৰ কবিতাত তেওঁৰ পূৰ্বৰ কবিসকলৰ কবিতাত থকাৰ দৰে কোনো দুঃসাহসিক অভিযান, প্ৰাকৃতিক দৃশ্য, সুৰা, আমোদ-প্ৰমোদ আদিৰ বৰ্ণনা নাই। তাৰ পৰিৱৰ্তে তেওঁৰ কবিতাত পোৱা যায় মানৱীয় গুণ যেনে-বদান্যতা, মহত্ব, সাহস আদিৰ প্ৰশংসা আৰু গুন-কীৰ্তন। তেওঁৰ কিছুমান পংক্তি ব্যঙ্গাত্মক আছিল যদিও সেয়া আছিল সৰল আৰু মৃদু। তেওঁৰ কবিতাত কিছু পৰিমাণে স্থানীয় ঘটনাৰ বিৱৰণ পোৱা যায়। তেওঁৰ ভাষা আছিল সৰল, ছন্দোবদ্ধ আৰু জ্ঞানপূৰ্ণ বক্তব্যৰে সমৃদ্ধ।
.
তেওঁৰ কবিতা অধ্যয়ন কৰি উমাইয়া বংশৰ খলিফা আব্দুল মালিকে তেওঁক সেই যুগৰ শ্ৰেষ্ঠ কবি বুলি প্ৰশংসা কৰিছিল। আৰবী ব্যাকৰণ প্ৰণেতা আল-দোৱালিয়ে আল-নাবিঘাক প্ৰাক-ইছলামী যুগৰ সকলোতকৈ উত্তম কবি বুলি মন্তব্য কৰিছিল।
সামৰণিত ক’ব পাৰি যে ব্যক্তি হিচাপে আল-নাবিঘা আছিল মহৎ আৰু প্ৰশংসনীয় গুণৰ অধিকাৰী আৰু কবি হিচাপে আছিল নৈতিক আৰু সংযমী।

আল-আ‘শ্বা (Al-Asha)

চমু  পৰিচয়: আল-আ‘শ্বা আছিল প্ৰাক-ইছলামী যুগৰ এজন উল্লেখযোগ্য  কবি। তেওঁৰ আচল নাম আছিল মায়মুন বিন কায়েছ। তেওঁৰ জন্মকাল অজ্ঞাত। কিন্তু অনুমান কৰা হয় যে তেওঁ ষষ্ঠ শকিতাৰ প্ৰথমাৰ্ধত নজদ নামৰ ঠাইত এক সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল কিন্তু কাব্যিক প্ৰতিভাৰ বলত তেওঁ নিজকে এজন সন্মানীয় আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। ‘আল আ‘শ্বা’ শব্দৰ অৰ্থ ‘দুৰ্বল দৃষ্টিসম্পন্ন ব্যক্তি’। ইয়াৰ পৰা অনুমান কৰা হয় যে তেওঁৰ দৃষ্টি দুৰ্বল আছিল।
.
তেওঁৰ কবিতাৰ পৰা জনা যায় যে তৎকালীন হীৰাৰ ৰজা আৰু পাৰস্যৰ চাচানীয় শাসনকৰ্তাসকলৰ লগত তেওঁৰ সু-সম্পৰ্ক আছিল।  তেওঁৰ কবিতাৰ পৰা আৰু জনা যায় যে এবাৰ হীৰাৰ ৰজাই তেওঁৰ গোত্ৰৰ কিছুমান ব্যক্তি আৰু জীৱ-জন্তু আটক কৰিছিল আৰু আল-আ‘শ্বাৰ অনুৰোধত ৰজাই সেইবোৰ মুকলি কৰি দিছিল। আন এটি কবিতাত পোৱা যায় যে এবাৰ ইৰাকত তেওঁৰ গোত্ৰৰ দুজন লোকক  নেতৃস্থানীয় লোক এজনে বন্দী কৰি ৰাখিছিল আৰু আল-আ‘শ্বাৰ মধ্যস্থতাত সিহঁতে মুক্তি পাইছিল। এই ঘটনাৰ পৰা বুজা যায় যে আল-আ‘শ্বা এজন প্ৰভাৱশালী আৰু মৰ্যদাসম্পন্ন ব্যক্তি আছিল।
.
কথিত আছে যে এবাৰ তেওঁ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ক লগ ধৰিবলৈ মদিনালৈ গৈ আছিল আৰু নবীৰ প্ৰশংসা কৰি এটি কবিতা ৰচনা কৰিছিল। কিন্তু আল-আ‘শ্বাৰ দৰে এজন ব্যক্তি হজৰত মহম্মদ (ছাঃ)ক সাক্ষাৎ কৰিলে আৰু ইছলমাত দীক্ষিত হ’লে ইছলামৰ প্ৰভাৱ আৰু শক্তি বহুত বাঢ়ি যাব বুলি ভাবি মক্কাৰ কুৰেইশসকলে তেওঁৰ বাট ভেটি ধৰি তেওঁক এশ উট উপঢৌকন হিচাপে আগবঢ়াই নবীৰ লগত সাক্ষাৎ কৰাৰ পৰা বিৰত ৰাখে।
.
তেওঁ ৬২৯  খ্ৰীষ্টাব্দত নিজ অঞ্চলত মৃত্যু বৰণ কৰে।
.
কাব্যিক প্ৰতিভাঃ আল আ‘শ্বাই সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল। বৰ্তমানে তেওঁৰ কবিতাৰ মাত্ৰ ২০০০ টা শাৰী পোৱা গৈছে।  তেওঁৰ কবিতাৰ সৰহভাগ ব্যঙ্গাত্মক আছিল। তেওঁৰ কিছুমান কবিতা শোকাত্মক। তেওঁৰ প্ৰেম বিষয়ক কবিতাত প্ৰেসয়ীৰ দৈহিক সৌন্দৰ্যৰ বৰ্ণনা থকাৰ উপৰিও তেওঁ প্ৰেয়সীৰ মনোজগতৰ বিষয়েও উল্লেখ কৰিছে। গোষ্ঠীগত বিবাদৰ প্ৰসংগও তেওঁৰ কবিতাত বিদ্যমান।
.
কবি হিচাপে তেওঁৰ ভাষা আছিল জটিলতা আৰু সৰলতাৰ সংমিশ্ৰণ। তেওঁৰ কবিতাত ছন্দ ব্যৱহাৰ কৰিছিল যদিও ছন্দৰ সংগতিৰ প্ৰতি তেওঁ সিমান সচেতন নাছিল।
.
সামৰিণত ক’ব পাৰি যে আল-আ‘শ্বাই তেওঁৰ কবিতাৰাজিৰ জৰিয়তে প্ৰাক ইছলামী যুগৰ কাব্য সাহিত্যৰ বিকাশত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ০ ০ ০.

হাতিম ত্বাঈ (Hatim Tai)

চমু  পৰিচয়: প্ৰাক-ইছলামী যুগৰ কবিসকলৰ মাজৰ এজন ব্যতিক্ৰমধৰ্মী কবি আছিল হাতিম ত্বাঈ। তেওঁ মানৱতা আৰু মহৎ মানৱীয় গুণৰ ওপৰত কবিতা ৰচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল মদিনাৰ উত্তৰ-পূৱত অৱস্থিত নজদ নামৰ ঠাইত। তেওঁৰ জন্মকাল সম্পৰ্কে ইতিহাস নিমাত। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতাব্দীৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আব্দুল্লা ইবনে ছা‘দ। তেওঁ এটি খ্ৰীষ্টান পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ মাকৰ নাম আছিল  ইনাবা। তাই এজনী ধৰ্মপৰায়না, সহানুভূতিশীল আৰু দানশীল মহিলা আছিল। হাতিম ত্বাঈয়ে মাকৰ পৰা মহৎ মানৱীয় গুণৰ অধিকাৰী হৈছিল। তেওঁৰ জন্ম সৰ্ম্পকে এটি লোক-কাহিনী প্ৰচলিত আছে যে যেতিয়া তেওঁৰ মাক গৰ্ভৱতী হৈছিল তেতিয়া সপোনত তাইক কোনোবাই কৈছিল, “তুমি কি পছন্দ কৰা- এজন দানশীল সন্তান, নে সিংহৰ দৰে যোদ্ধা সন্তান, নে দহজন শক্তিশালী  পুত্ৰ সন্তান।” তেওঁৰ মাকে কৈছিল, “এজন দানশীল সন্তান।” এই সপোন দেখাৰ পিছত যিজন সন্তানৰ জন্ম হৈছিল মাকে তেওঁৰ নাম ৰাখিছিল ‘হাতিম’ অৰ্থাৎ দানশীল সন্তান।
.
কথিত আছে যে হাতিম ত্বাঈ সৰু কালৰ পৰাই ধাৰ্মিক, পৰোপকাৰী আৰু অতি দানশীল আছিল আৰু প্ৰতিদিনৰ প্ৰতিটো সাজতে তেওঁ অতিথি লগত লৈহে আহাৰ গ্ৰহণ কৰিছিল। তেওঁৰ বিষয়ে আন এক কাহিনী প্ৰচলিত আছে যে এদিনাখন তেওঁৰ ককাদেউতাই হাতিমক  উট চৰাবলৈ পঠিয়াইছিল। হাতিমে তিনিশ উটৰ আটাইকেইটাই দান কৰি দিছিল।  এই ঘটনাৰ পিছত ককাদেউতাকে হাতিম তাইক এৰি বেলেগ স্থানত বসবাস কৰিবলৈ লৈছিল।  কথিত আছে যে হাতিম তাইয়ে প্ৰতি বছৰ ৰজব মাজত দহোটাকৈ উট জবেহ কৰি মানুহক খুৱাইছিল। তেওঁ নাৱাৰ নামে এগৰাকী মহিলাক বিয়া কৰাইছিল আৰু তিনিজন সন্তানৰ পিতৃ হৈছিল। সিহঁতৰ দুইজনে পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। হাতিম ত্বাইয়ে গোটেই জীৱন আনৰ সেৱাত নিয়োগ কৰি ৬০৫ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।
.
কাব্যিক প্ৰতিভাঃ হাতিম ত্বাঈ আছিল প্ৰাক-ইছলামী যুগৰ এজন ব্যতিক্ৰমধৰ্মী কবি। তেওঁৰ কবিতাৰ ওপৰত তেওঁৰ পূৰ্বৰ বা সমসাময়িক কবিসকলৰ প্ৰভাৱ দেখা নাযায়। কিয়নো তেওঁ সম্পূৰ্ণ মানৱতাবাদী বিষয়ৰ ওপৰত কবিতা ৰচনা কৰিছিল। অতিথিপৰায়ণতা, পৰোপকাৰীতা, বদান্যতা, সাহসিকতা, প্রতিবেশীৰ লগত সদ্ভাৱ আদি আছিল তেওঁৰ কবিতাৰ বিষয়বস্তু। অৰ্থাৎ তেওঁৰ কবিতা আছিল সম্পূৰ্ণৰূপে মানৱতাবাদী। উল্লেখ্য যে তেওঁৰ কবিতাত প্ৰেম, নাৰীৰ দেহৰ বৰ্ণনা, সুৰা, আমোদ-প্ৰমোদ আদিৰ কোনো স্থান নাই।
.
তেওঁৰ কবিতাত একেশ্বৰবাদী ধৰ্মৰ প্ৰভাৱ স্পষ্ট। তেওঁ ইহকাল, পৰকাল, স্বৰ্গ, নৰক আদিত বিশ্বাসী আছিল আৰু এইবোৰ দৰ্শনো তেওঁৰ কবিতাত প্ৰকাশ পাইছিল। এটি কবিতাত পোৱা যায়-
.
”হে মাৰিয়া, যি ধন সম্পদ মই কৰিছো দান
তাৰ বাবে পাম মই কৃতজ্ঞতা আৰু পৰজনমত মান।”
আন এটি কবিতাত কৈছে,
“কিহৰ বাবেনো সঞ্চয় কৰা অৰ্থ প্ৰাণপণে
তোমাৰ মৃত্যুৰ পিছত সকলো লুটিব আত্মীয়-স্বজনে।
.
জাহেলী যুগত তেওঁৰ কবিতা আছিল পোহৰ স্বৰূপ। তেওঁ কবিতাৰ জৰিয়তে মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰি এক সুন্দৰ মানৱতাবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যেন লাগে।
তেওঁৰ কবিতাৰ ভাষা আছিল সৰল, মাৰ্জিত আৰু মনোৰম। তেওঁ জীৱনৰ সৰল সত্য সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ পক্ষপাতী আছিল। সেয়ে প্ৰাক-ইছলামী যুগৰ কবি হিচাপে তেওঁ আছিল অনন্য আৰু মৌলিক। ০ ০ ০

আবিদ বিন আল-আব্রাছ (Abid bin Al-Abras)

চমু  পৰিচয়: প্ৰাক-ইছলামী যুগৰ এজন অন্যতম আৰবী কবি আছিল আবিদ বিন আল-আব্রাছ। তেওঁ সম্ভৱতঃ পঞ্চম শতাব্দীৰ শেষ ভাগত আৰবৰ আছাদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল।  এই গোত্ৰটো প্ৰাক-ইছলামী যুগৰ বিখ্যাত কবি ইমৰাউল কাইছৰ দেউতাক হুজৰৰ আধীনস্থ আছিল। আব্রাছৰ দেউতাৰ নাম জনা নাযায়। পৰিয়ালটো অতি দুখীয়া আছিল আৰু দৈন্যতাৰ মাজতে দিন কটাইছিল। জীৱনৰ আদি ভাগত আব্রাছে কোনো কবিতা ৰচনা কৰা নাছিল। তেওঁৰ কাব্যিক শক্তি জাগ্ৰত হোৱাক লৈ এটি প্ৰবাদ প্ৰচলিত আছে। প্ৰবাদ মতে এদিনাখন তেওঁ ‘মাবিয়া’ নামৰ তেওঁৰ এজনী ভনীয়েকক লগত লৈ মৰুভূমিৰ মাজত থকা এটি জলাশয়লৈ ছাগলী এটাক পানী খুৱাবলৈ গৈছিল। কিন্তু অন্য সম্প্ৰদায়ৰ লোক এজনে তেওঁক সেই কাৰ্যত বাধা দিছিল আৰু তেওঁক প্ৰহাৰ কৰি তাৰ পৰা খেদি দিছিল। দুখ আৰু বেজাৰত কিছু দূৰ অহাৰ পিছত ভাগৰত ক্লান্ত হৈ তেওঁ এটি গছৰ তলত বিশ্ৰাম কৰিবলৈ লয় আৰু তাতে টোপনি যায়।  কিছু সময় পিছত তেওঁক অপমান কৰা সেই ব্যক্তিজন সেই ঠাইয়েদি যোৱাৰ সময়ত আব্রাছক দেখি নিজ ভগ্নীৰ লগত ব্যভিচাৰ কৰা বুলি দোষাৰূপ কৰি কেইটিমান অশ্লীল কবিতাৰ কলি আবৃতি কৰে। আব্রাছে এইদৰে অপমানিত হৈ মনত অতি দুখ পায় আৰু দুখন হাত ওপৰলৈ তুলি প্ৰাৰ্থনা কৰে এই বুলি, “হে ঈশ্বৰ তুমি মোক এই অপমানৰ প্ৰতিকাৰ কৰিবলৈ শক্তি দিয়া।”  এই প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ পুনৰ টোপনি যায় আৰু টোপনিত দেখে যে এজন মানুহে একোচা চুলি তেওঁৰ মুখত সুমাই দি তেওঁক টোপনিৰ পৰা সাৰ পাবলৈ কৈছে। ইয়াৰ  পিছৰ পৰাই আব্রাছে কাব্যিক শক্তি লাভ কৰে আৰু সিদিনাৰ পৰা আমৃত্যু (মৃত্যুৰ আগলৈকে) কবিতা ৰচনা কৰি থাকে।
.
পিছলৈ তেওঁ হুজৰৰ ৰাজসভাত এজন কবি, ৰাজউপদেষ্টা আৰু আছাদসকলৰ প্ৰতিনিধি হিচাপে জীৱন কটাইছিল। ৫৫৫ খ্ৰীষ্টাব্দত হুজৰৰ ৰাজসভাত তেওঁৰ মৃত্যু হৈছিল।
.
কাব্যিক প্ৰতিভাঃ আবিদ বিন আল-আব্রাছে বহুত কবিতা ৰচনা কৰিছিল । কিন্তু দুখৰ বিষয় যে এইজন কবিৰ কবিতাৰ মাত্ৰ সামান্য অংশহে পোৱা গৈছে। সেইখিনিৰ পৰা বুজা যায় যে তেওঁ এজন উচ্চ স্তৰৰ কবি আছিল। তেওঁ আৰবসকলৰ অঘৰী জীৱন শৈলী, প্ৰেম, প্ৰশংসা, প্ৰতিপক্ষক নিন্দা, মৰুভূমিৰ ৰুক্ষতা, প্ৰকৃতি  আদিৰ ওপৰত কবিতা ৰচনা কৰিছিল। অন্যান্য প্ৰাক-ইছলামী কবিসকলৰ কবিতাত থকা দৰে তেওঁৰ কবিতাত উটৰ বৰ্ণনাও পোৱা যায়। তেওঁৰ কবিতাৰ কিছু পংক্তিৰ পৰা জনা যায় যে তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল। তেওঁৰ কবিতাৰ ভাষা আছিল উন্নত আৰু তত্ত্বপূৰ্ণ। তেওঁৰ উপমা আছিল আমোদজনক আৰু আকৰ্ষণীয়। তেওঁৰ কবিতাৰ ছন্দসজ্জা আছিল মুক্ত আৰু চমু।
.
সামৰণিত ক’ব পাৰি যে আবিদ বিন আল-আব্রাছ প্ৰাক-ইছলামী যুগৰ এজন অন্যতম জনপ্ৰিয় কবি আছিল আৰু প্ৰাক-ইছলামী যুগত আৰবী কবিতা বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। ০ ০ ০.

উমাইয়া বিন আবি ছালাত (Umaiya bin Abi Salat)

চমু  পৰিচয়: উমাইয়া বিন আবি ছালাত আছিল প্ৰাক ইছলামী যুগৰ এজন অন্যতম জনপ্ৰিয় কবি। তেওঁৰ জন্মকাল জনা নাযায়। অনুমান কৰা হয় যে তেওঁ ষষ্ঠ শতিকাৰ দ্বিতীয়াৰ্ধত তাইফ চহৰত আৰবৰ ছাকিব গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম জনা নাযায়। সম্ভৱতঃ তেওঁৰ দেউতাক এজন ব্যৱসায়ী আছিল আৰু স্বচ্ছল জীৱন যাপন কৰিছিল। মাকৰ ফালৰ পৰা আবি ছালাত হজৰত মহম্মদ (ছাঃ)ৰ আত্মীয় আছিল।
উমাইয়া বিন আবি ছালাত সৰুৰে পৰা পিতাকৰ লগত ব্যৱসায়ত জড়িত হৈ পৰিছিল আৰু ইয়ামান, ছিৰিয়া, বাহৰেইন আদি দেশ ভ্ৰমণ কৰি ফুৰিছিল। তেওঁ সৰুৰে পৰাই জ্ঞান পিপাসু আৰু অনুসন্ধিৎসু প্ৰকৃতিৰ আছিল। তেওঁৰ ভ্ৰমণ কালত বিভিন্ন ঠাইত বহুতো ধৰ্মযাজক আৰু সাধু লোকক লগ ধৰিছিল। সিহঁতৰ লগত অতি আগ্ৰহেৰে মত বিনিময় কৰিছিল ধৰ্ম বিষয়ক বহু জ্ঞান লাভ কৰিছিল। তেওঁৰ ৰচনাৰ পৰা জনা যায় যে তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল আৰু মূৰ্তিপূজাৰ ঘোৰ বিৰোধী আছিল।  জনা যায় যে তেওঁৰ ভ্ৰমণ কালত ছিৰিয়াৰ সন্নাসীসকলৰ পৰা শেষ নবীৰ আগমনৰ বিষয়ে অৱগত হৈছিল আৰু নিজেই সেইজন ‘শেষ নবী’ হোৱাৰ বাসনা পোষণ কৰিছিল। কিন্তু হজৰত মহম্মদ (ছাঃ) যেতিয়া নবী বুলি প্ৰচাৰ লাভ কৰিছিল তেতিয়া তেওঁ মনত বৰ দুখ পাইছিল। এক বিৱৰণত পোৱা যায় তেওঁ হজৰত মহম্মদ (ছাঃ)ক শেষ নবী হিচাপে স্বীকাৰ কৰি লৈছিল আৰু তেখেতৰ সাক্ষাৎ লাভ কৰিবলৈ সংকল্প লৈ বদৰ প্ৰান্তলৈ আহিছিল। তেতিয়া কিছুমান বেদুইন লোকে তাত থকা এটা নাদ দেখুৱাই কৈছিল যে ইয়াৰ ভিতৰত বদৰৰ যুদ্ধত নিহত হোৱা তেওঁৰ কেইজনমান আত্মীয়ৰ মৃতদেহ পৰি আছে।  এই ভয়াবহ দৃশ্য দেখা পাই তেওঁ মনত বৰ দুখ পাইছিল আৰু শোকাকুল হৈ গাৰ বস্ত্ৰ ছিঙি বিলাপ কৰিছিল। ইয়াৰ পিছত তেওঁ নবীজীক লগ কৰিব নগৈ ঘৰলৈ উভতি গৈছিল আৰু  বেমাৰত পৰি কিছুদিন পিছত ৬২৪ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।
.
কাব্যিক প্ৰতিভাঃ উমাইয়া বিন আবি ছালাতৰ কেইশাৰী মান কবিতা পোৱা গৈছে। ইয়াৰ পৰা জনা যায়  যে তেওঁৰ কবিতা আছিল মাৰ্জিত আৰু নৈতিকতা, ধৰ্ম, পৰোপকাৰী, দয়া, মহানতা আদি গুণৰ ওপৰত তেওঁ কবিতা ৰচনা কৰিছিল । তেওঁৰ কবিতাসমূহ প্ৰধানকৈ তিনি প্ৰকাৰৰ -গৌৰৱগাঁথা, প্ৰশংসা গীত আৰু শোকগাঁথা। তেওঁৰ কবিতাৰ বিষয়বস্তুৰ লগত হাতিম ত্বাইৰ কবিতাৰ বিষয়বস্তুৰ কিছু মিল পোৱা যায়। তেওঁৰ এটি কবিতাত হজৰত ইব্রাহিম (আঃ) আৰু হজৰত ইছমাইল (আঃ)ৰ ত্যাগৰ কাহিনীৰ বৰ্ণনা আছে।
.
তেওঁৰ প্ৰকাশভংগী আছিল সহজ, শব্দ চয়ন আছিল সুন্দৰ আৰু সুস্পষ্ট। তেওঁৰ ধৰ্ম বিষয়ক কবিতা কিছুমানত দুর্বোধ্য শব্দৰ ব্যৱহাৰ দেখা যায়। ০ ০ ০.

আল-শ্বানফাৰা (Al-Shanfara)

চমু  পৰিচয়: আল-শ্বানফাৰা আছিল প্ৰাক-ইছলামী যুগৰ এজন প্ৰখ্যাত দস্যু বা যাযাবৰী কবি। ‘দস্যু কবি’ বুলিলে প্ৰাক-ইছলামী যুগৰ সেইসকল কবিক বুজোৱা হয় যিসকল কবিয়ে অন্যায়ভাৱে বা  কিবা অপৰাধৰ বাবে নিজ গোত্ৰৰ পৰা বিতাৰিত হৈ স্বাধীনভাৱে সামাজিক জীৱনৰ পৰা বিচ্ছিন্ন হৈ যাযাবৰী জীৱন যাপন কৰিছিল। এনে কবিসকলে একেজাতীয় আন কিছুমান লোকৰ লগ লাগি মৰুভূমিৰ মাজত ঘূৰি ফুৰিছিল আৰু ডকাইতি কৰি বা মানুহক ভয় দেখুৱাই বয়বস্তু লুটপাট কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ইয়াৰ কিছুমানে কবিতা ৰচনা কৰি, কবিতা আবৃতি কৰিও ধন  উপাৰ্জন কৰিছিল। আল শ্বানফাৰা আছিল তেনে কবিসকলৰ মাজৰ এজন অন্যতম কবি।
.
আল শ্বানফাৰাই দক্ষিণ আৰবৰ ইয়ামান প্ৰদেশত বসবাস কৰা বিখ্যাত আজদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ আচল নাম আছিল আমৰ বিন ৰাবিয়াহ বিন আল আওয়াছ বিন আল হুজৰ বিন আল আজদ। বহু পণ্ডিতে অনুমান কৰে যে শ্বানফাৰা আছিল তেওঁৰ উপলুঙা নাম। ‘শ্বানফাৰা’ শব্দৰ অৰ্থ  ‘বিশাল ওঁঠযুক্ত’। সম্ভৱতঃ তেওঁৰ ওঁঠযোৰ স্বাভাৱিকতকৈ ডাঙৰ আছিল বাবেই মানুহে তেওঁক ‘শ্বানফাৰা’ বুলি মাতিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আল ৰাবিয়া। তেওঁৰ মাক আছিল এজন হাবশী দাসী। তাই আছিল ফাহম বিন কায়েচ গোত্ৰৰ পালিতা কন্যা।  তেওঁ  পিতৃ বংশৰ পৰা সাহসকিতা আৰু বল-বিক্ৰম লাভ কৰিছিল আৰু মাকৰ ফালৰ পৰা লাভ কৰিছিল কৃষ্ণকায় ছালৰ আৱৰণ। তেওঁৰ দেউতাক এজন দৰিদ্ৰ লোক আছিল আৰু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা অতি কষ্টেৰে আৰু মাজে মাজে লুটপাট কৰি জীৱিকা অৰ্জন কৰিছিল।  দুখ-কষ্টৰ মাজত লালিত-পালিত হোৱা বাবে শ্বানফাৰাই কোনো বিদ্যা শিক্ষাৰ সুযোগ পোৱা নাছিল।
.
জনা যায় যে তেওঁ সৰু থাকোতে তেওঁৰ দেউতাকক কোনোবাই হত্যা কৰে। পিতৃ বিয়োগ হোৱাৰ পিছত তেওঁ মাকৰ লগত মোমায়েকৰ ঘৰত থাবিলৈ লয়। কিন্তু  ঘটনাক্ৰমে শাবাবা গোত্ৰৰ এজন লোকে তেওঁক সৰু কালতেই বন্দী কৰি লৈ যায় আৰু মুক্তিপণ হিচাপে দুশ উট দাবী কৰে। কিন্তু শ্বানফাৰাৰ পৰিয়ালৰ লোকে মুক্তিপণ দিব নোৱাৰাত তেওঁক ছালমা গোত্ৰৰ লোকসকলৰ হাতত অৰ্পণ কৰে।  তেতিয়াৰ পৰা তেওঁ ছালমা গোত্ৰত থাকিবলৈ লয়। এবাৰ তেওঁ জ্বৰত আক্ৰান্ত হৈছিল। তেতিয়া তেওঁ পালিত পিতাৰ জীয়েকক ‘ভনী’ বুলি সম্বোধন কৰি তেওঁৰ মূৰত পানী ঢালি দিবলৈ কৈছিল। এই কথাত ছোৱালীজনীয়ে ভীষণ খং কৰে। ইয়াৰ পিছত শ্বানফাৰাই তেওঁৰ পালিত পিতৃৰ ওচৰত নিজৰ আচল পৰিচয় জানিব বিচাৰে। কিয়নো ইয়াৰ আগতে তেওঁ নিজৰ বংশ পৰিচয় সম্পৰ্কে অজ্ঞাত আছিল।  পালিত পিতৃৰ পৰা নিজৰ বংশ পৰিচয় জানিব পাৰি তেওঁ অতিশয় ক্ৰোধান্বিত হয় আৰু ছালমা গোত্ৰৰ লোকসকলে তেওঁৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিশোধ হিচাপে ছালমা গোত্ৰৰ এশজন লোকক হত্যা কৰিব বুলি প্ৰতিজ্ঞা কৰে।
.
ইয়াৰ পিছত তেওঁ কিবা উপায়ে ছালমা গোত্ৰৰ পৰা মুক্ত হৈ বা পলায়ন কৰি যাযাবৰী জীৱন যাপন কৰিবলৈ লয়। এই সময়ছোৱাত তেওঁ কেইজনমান উদণ্ড যুৱকৰ লগত বন্ধুত্ব স্থাপন কৰি সিহঁতৰ লগলাগি ছালমা গোত্ৰৰ নিৰানব্বৈজন লোকক হত্যা কৰে। কিন্তু ১০০ তম ব্যক্তিক হত্যা কৰিবলৈ যাওঁতে ছালমা গোত্ৰৰ লোকসকলে অতৰ্কিতে আক্ৰমণ কৰি ৫১০ খ্ৰীষ্টাব্দত শ্বানফাৰাক হত্যা কৰি তেওঁৰ মৃতদেহটো মৰুভূমিৰ বালিৰ মাজত পেলাই থয়।
.
কথিত আছে যে শ্বানফাৰাৰ মৃত্যুৰ বহুদিন পিছত সেই ফালেদি ছালমা গোত্ৰৰ এজন লোক গৈ আছিল আৰু বাটত শ্বানফাৰাৰ কংকাল দেখা পাই ঘৃণাভাৱেৰে লাওখোলাত ভৰিৰে আঘাত কৰে। দুৰ্ভাগ্যবশতঃ লাওখোলৰ এডাল হাড় ব্যক্তিজনৰ ভৰিত সোমাই যায় আৰু সেই আঘাততে পিছত লোকজনৰ মৃত্যু হয়।  এনেদেৰে শ্বানফাৰাই ছালমা গোত্ৰৰ ১০০ জন লোকক হত্যা কৰিব বুলি কৰা প্ৰতিজ্ঞা পূৰণ হয়।
.
সামাজিক অন্যায় আৰু অত্যাচাৰৰ বলি হোৱা শ্বানফাৰাই এক প্ৰতিশোধপৰায়ণ মানসিকতাৰে দুৰ্দ্দান্ত জীৱন যাপন কৰিছিল।
.
কাব্যিক প্ৰতিভাঃ আল-শ্বানফাৰাই যৌৱনৰ প্ৰাৰম্ভিক কালৰ পৰাই কবিতা চৰ্চা আৰম্ভ কৰিছিল। সম্ভৱতঃ তেওঁ বহুত কবিতা ৰচনা কৰিছিল যদিও তাৰ সৰহখিনি কালৰ বুকুত হেৰাই গৈছে আৰু যিখিনি পিছত বিভিন্ন সংকলনত সংৰক্ষিত হৈছিল তাৰ পৰা বুজা যায় তেওঁ অপূৰ্ব কাব্যিক শক্তিৰ অধিকাৰী আছিল। তেওঁৰ সৰহভাগ কবিতাই আছিল সামাজিকি অন্যায়ৰ প্ৰতিবাদস্বৰূপ।
.
তেওঁ ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ‘লামিয়াতুল আৰব’ শিৰোনামৰ কবিতাটো বিখ্যাত। এই কবিতাটি কাছীদাধৰ্মী।  কবিতাটিত তেওঁ নিজৰ দস্যু জীৱনৰ অভিজ্ঞতা, প্ৰেম প্ৰণয়, ব্যক্তিগত হাঁহি-কান্দোন, হিংসা, প্ৰতিহিংসা, প্ৰতিশোধ, মৰুভূমিৰ জীৱন প্ৰণালী  আদি বিষয় চিত্ৰিত কৰিছে। কবিতাটিৰ এঠাইত তেওঁ লিখিছে-
.
“হে মোৰ মাতৃবংশৰ লোকসকল
নিদ্ৰাৰ পৰা জাগা আৰু জানি লোৱা
তোমালোকে মোক বহুত অসন্মান কৰিছা
মই এতিয়া তোমালোকক এৰি বহু দূৰলৈ গুচি যাম
তোমালোকে জানা মোৰ গুচি যোৱাৰ কাৰণ
জোনাক নিশাৰ দৰে উজ্জ্বল।”
.
তেওঁৰ প্ৰেমমূলক কবিতাবোৰ আছিল ৰোমান্টিকধৰ্মী। কিন্তু তেওঁৰ কবিতাত নাৰীদেহৰ কোনো অশ্লীল বৰ্ণনা পোৱা নাযায়। নাৰীক তেওঁ আদৰ্শৰ প্ৰতীক হিচাপে চিহ্নিত কৰিবলৈ চেষ্টা কৰিছিল।
.
তেওঁৰ কবিতাৰ ভাষা আছিল তেজস্বী আৰু বক্তৃতাধৰ্মী, ছন্দ আছিল অপূৰ্ব আৰু ভাবাবেগত  আছিল বাধাহীন নদীৰ দৰে, কল্পচিত্ৰ আছিল সৰল কিন্তু মনোহৰ।
.
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ কবিসকলৰ ভিতৰত শ্বানফাৰা আছিল এজন অনন্য আবেদনময়ী কবি যিজনে  অকৃত্ৰিমভাৱে নিজৰ জীৱনৰ বাস্তৱ ঘটনাৰাজিক  কাব্যিক ৰূপ দি সামাজিক অন্যায়ৰ বিৰুদ্ধে নিজৰ সজ্ঞানক সগর্বে প্ৰকাশ কৰিছিল। ০ ০ ০.

আল-ছামাওৱাল বিন আদিয়া (Al-Shamaul bin Adia) 

চমু  পৰিচয়: আল-ছামাওৱাল বিন আদিয়া আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। ইতিহাসত তেওঁ এজন ধৰ্মভীৰু, দানী, ৰাজ ভক্তিপৰায়ণ, সমাজসেৱক, প্ৰতিজ্ঞা পালনকাৰী, পিতৃভক্ত আৰু সত্যবাদী ব্যক্তি হিচাপে বিখ্যাত হৈ আছে।
.
তেওঁৰ জন্ম হৈছিল আৰবৰ হেজায প্ৰদেশৰ আউস গোত্ৰৰ এক ধৰ্মভীৰু ইহুদী পৰিয়ালত। তেওঁ মদিনাৰ ওচৰৰ আল-টামিয়াত থকা আবালাক নামৰ দুৰ্গত বসবাস কৰিছিল। তেওঁ পথিক আৰু তৃষ্ণাতুৰ লোকক পানী পান কৰোৱাৰ উদ্দেশ্যে মদিনাত এটি নাদ খনন কৰাইছিল। জনসাধাৰণৰ সুবিধাৰ অৰ্থে তেওঁ দুৰ্গৰ ভিতৰত এখন বজাৰ বহুৱাইছিল আৰু তাত জনসাধাৰণতে সহজে পাব পৰাকৈ নানা ধৰণৰ সামগ্ৰী ৰখা হৈছিল।
.
প্ৰতিজ্ঞা পালনত তেওঁ আছিল অদ্বিতীয়। এবাৰ আবৰী কবি ইমৰাউল কাইছে পিতৃ ৰাজ্য হেৰুৱাই শত্রূ সৈন্যৰ দ্বাৰা বিতাৰিত হোৱাত আল ছামাওৱালে তেওঁক আবলাক দুৰ্গৰ ভিতৰত আশ্ৰয় দিছিল। ইমৰাউল কাইছে তাত কিছুদিন অৱস্থান কৰি তাৰ পৰা গুচি যোৱাৰ সময়ত আল ছামাওৱালৰ ওচৰত উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা কেইটামান বৰ্ম ৰাখি গৈছিল। হীৰাৰ ৰজাই  ইমৰাউল কাইছৰ অৱস্থানৰ বিষয়ে জানিব পাৰি হাৰিছ বিন জালিমৰ  নেতৃত্বত এদল সৈন্য পঠায়। কিন্তু তাৰ আগতেই ইমৰাউল কাইছে সেই ঠাই এৰি যোৱাত তেওঁ তাত থৈ যোৱা বৰ্মকেইটা হাৰিছৰ হাতত অৰ্পন কৰিব লাগে বুলি ছামাওৱালক আদেশ দিয়ে। কিন্তু  আল ছামাওৱালে আনৰ গচ্ছিত বস্তু কাকো দিব নোৱাৰে বুলি সেই আদেশ অমান্য কৰিছিল। এদিনাখন আল-ছামাওৱালৰ এজন পুত্ৰ দুৰ্গৰ বাহিৰত হাৰিছৰ সৈন্যৰ হাতত বন্ধী হয়। তেতিয়া হাৰিছে আল-ছামাওৱালৰ ওচৰত চৰ্ত আৰোপ কৰে যে ইমৰাউল কাইছে তেওঁৰ ওচৰত জমা থোৱা বৰ্মকেইটা হাৰিছৰ হাতত অৰ্পণ কৰিলে তেওঁ ছামাওৱালৰ পুত্ৰক এৰি দিব। অন্যথা তেওঁক হত্যা কৰা হ’ব।  তেতিয়া ছামাওৱালে কৈছিল, “তোমালোকে মোৰ পুত্ৰক যি ইচ্ছা তাকে কবিব পৰা, মই মোৰ অতিথি বন্ধুৰ সম্পত্তি তোমালোকৰ হাতত গতাই দিব নোৱাৰো।” ইয়াৰ পিছত হাৰিছে আল-ছালাওৱালৰ পুত্ৰক কাটি দুছেৱা কৰিছিল। উক্ত ঘটনাৰ পৰা জনা যায় যে আল-ছামাওৱাল এজন সৎ আৰু সত্যবাদী লোক আছিল। তেওঁৰ সত্যবাদীতা আৰু অতিথিপৰায়ণতাৰ কাহিনীৰ বাবে ইতিহাসত আজিও অমৰ হৈ আছে।
.
৫৬০ খ্ৰীষ্টাব্দত মদিনাত তেওঁৰ মৃত্যু হয়।
.
কাব্যিক প্ৰতিভাঃ আল-ছামাওৱাল বিন আদিয়াই বহুত কবিতা ৰচনা কৰিছিল বুলি অনুমান কৰা হয়। কিন্তু দুখৰ বিষয় যে তেওঁৰ কবিতাৰাজিৰ মাত্ৰ কেইশাৰীমান কবিতাহে সংৰক্ষিত অৱস্থাত পোৱা গৈছে। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল গোষ্ঠীদ্বন্দ্ব, বংশেগৗৰৱ আৰু শত্রূৰ প্ৰতি নিন্দা। তেওঁৰ কবিতাত সত্যবাদিতা, কৰ্তব্যপৰায়ণতা, ৰাজভক্তি, দয়া, মানৱতা আদিৰ প্ৰসংগও আছে। তেওঁৰ কিছু কবিতাত ইছলামী দৰ্শন প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে তলত তেওঁৰ কেইশাৰীমান কবিতা উদ্ধৃত কৰা হ’ল-
.
“যেতিয়া এজন ব্যক্তিৰ সন্মান নীচতাৰ দ্বাৰা কলুষিত নহয়,
তেতিয়া তেওঁ যি পোছাকেই পৰিধান কৰে তাতেই সুন্দৰ দেখায়।
যদি তেওঁ কেতিয়াও নিজকে সহ্য কৰিবলৈ বাধা দিয়া নাই,
তেন্তে তাৰ বাহিৰে ভাল প্ৰশংসা পোৱাৰ কোনো পথ নাই।”
.
তেওঁৰ কবিতা আছিল সৰলতা আৰু জটিলতাৰ এক সংমিশ্ৰণ। তেওঁৰ কবিতাৰ কিছুমান পংক্তি আছিল অতি সহজে বোধগম্য আৰু কিছুমান পংক্তি আছিল জটিল আৰু আওপকীয়া। তেওঁৰ নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য প্ৰকাশ কৰিবলৈ মতা ঘোঁৰা, বৰষুণ, তাৰোৱাল আদি নানা কল্পচিত্ৰৰ আশ্ৰয় লৈছিল। উদাহৰণস্বৰূেপ তলত ছামাওৱালৰ কেইশাৰীমান কবিতাৰ উদ্ধৃতি দিয়া হ’ল-
.
“আমাৰ এটা পৰ্বত আছে য’ত বাস কৰিবলৈ অহা লোকক আমি সুৰক্ষা দিও,
ই অভেদ্য, চকুঘূৰাই যোৱা আৰু শক্তিশালী;
ইয়াৰ শিপা মাটিৰ তলত আৰু ইয়াৰ ডাল
ওপৰলৈ বাঢ়ি গৈ তৰাবোৰক স্পৰ্শ কৰে, 
ই ঢুকি পাব নোৱাৰাকৈ ওখ।”
.
সামৰণিত ক’ব পাৰি যে প্ৰাক ইছলামী যুগত আবৰী কবিতাৰ বিকাশত যিসকল কবিয়ে অৱদান আগবঢ়াইছিল সেইসকলৰ মাজত কবি আল-ছামাওৱাল বিন আদিয়াৰো এক বিশিষ্ট স্থান আছে। ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
অধ্যায়-৮

প্ৰাক-ইছলামী যুগৰ কবিতাৰ সংকলনসমূহ

প্ৰাক-ইছলামী যুগ (৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দ) ত আৰবী কাব্য সাহিত্যৰ উল্লেখযোগ্য বিকাশ হৈছিল। এই যুগত আৰবৰ অধিবাসীসকল কেইবাটাও গোষ্ঠী বা গোত্ৰত বিভক্ত আছিল আৰু প্ৰত্যেক গোত্ৰতে এক বা একাধিক কবি আৰু বক্তা আছিল যিসকলে নিজৰ কবিতা ৰচনাৰ যোগেদি নিজ নিজ গোত্ৰক প্ৰতিনিধিত্ব কৰিছিল। ফলত এই যুগত আৰবী কাব্য সাহিত্যৰ যথেষ্ট উন্নতি হয়। কিন্তু সেই সময়ত আৰবত আনুষ্ঠানিক কোনো লিখা-পঢ়াৰ ব্যৱস্থা নাছিল। সেয়ে প্ৰায় সকলো মানুহেই আছিল অশিক্ষিত আৰু সিহঁতে অশিক্ষিত হৈয়ো কাব্য চৰ্চা কৰিছিল। অৰ্থাৎ সিহঁতে মুখে মুখে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ লোক সমাগম হোৱা ঠাইত গাই ফুৰিছিল। কবিতাবোৰ মুখস্থ  বিদ্যাৰ ওপৰত ভিত্তি কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰ্তি আছিল। কিন্তু কালৰ সোঁতত সেইবোৰৰ সৰহ ভাগেই বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গৈছিল। মাথো সামান্য খণ্ড খণ্ড অংশহে পিছৰ দুটা শতাব্দীলৈ বৰ্তি আছিল। পিছত উমাইয়া যুগৰ অন্তিম ভাগত আৰু আব্বাচী যুগৰ আদি ভাগত কেইজনমান সাহিত্যপ্ৰেমী লোকে প্ৰাক-ইছলামী যুগৰ কিছু কবিতা লোকমুখৰ পৰা সংগ্ৰহ কৰি সংকলন কৰে আৰু সেই সংকলনসমূহৰ জৰিয়তে চিৰদিনৰ বাবে হেৰাই যোৱাৰ পৰা কিছু কবিতাৰ নমুনা ৰক্ষা পৰে। সেই সংকলনসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল- মুৱাল্লাকা (The Muallaqa), মুফাদ্দালিয়াত (The Mufaddaliyat), আবু তামামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam), বুহতুৰিৰ হামাছা (The Hamasa of Buhturi), জামহাৰাত অম্বা’ৰিল আৰব (Jamharat Ambaril Arab), কিতাবুল আঘানি (Kitabul Aghani) আদি উল্লেখযোগ্য। তলত এই সংকলনসমূহৰ  চমু পৰিচয় আগবঢ়োৱা   হ’ল-

মুৱাল্লাকা (The Muallaqa)

খ্ৰীষ্টীয় অষ্টম শতিকাৰ হাম্মাদ বিন আল-ৰাবি নামৰ এজন কাব্যপ্ৰিয় লোকে ‘মুৱাল্লাকা’ কাব্যপুথিখন সংকলন কৰে। এই সংকলনখনত প্ৰাক-ইছলামী যুগৰ সাতজন শ্ৰেষ্ঠ কবিৰ কবিতাৰ কিয়দাংশ সংকলিত হৈছে। ‘মুৱাল্লাকা’ শব্দৰ অৰ্থ হৈছে ওলমি থকা। উল্লেখ্য যে প্ৰাক ইছলামী যুগত ‘ওকাজ’ নামে ঠাইত প্ৰতিবছৰ এবাৰকৈ কবিতা আৰু বক্তৃতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু সেই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বুলি বিবেচিত হোৱা কবিসকলক পুৰস্কৃত কৰা হৈছিল আৰু  পুৰস্কৃত কবিতাসমূহ কাবা ঘৰৰ দেৱালত ওলোমাই ৰখা হৈছিল। এনে মুৱাল্লাকা কবিসকল হৈছে ইমৰাউল কাইছ,  জুহাইৰ বিন আবি ছালমা, ত্বাৰফা, লাবিদ বিন ৰাবিয়া, আন্তাৰা বিন শ্বাদ্দাদ, আমৰ বিন কুলছুম আৰু হাৰিছ বিন হিল্লিজা। মুৱাল্লাকা কবিতাসমূহ আছিল বৰ্ণনাত্মক। এইবোৰক ‘কাছিদা’ বুলি কোৱা হৈছিল। গোষ্ঠীদ্বন্দ্ব, গোত্ৰীয় বল-বীৰ্য, প্ৰতিদ্বন্দ্বী শত্রূৰ প্ৰতি নিন্দা- ভৰ্ৎসনা, প্ৰেম, কবিৰ পৃষ্ঠপোষকৰ প্ৰতি প্ৰশংসা আদি আছিল এই কবিতাবোৰৰ প্ৰধান বিষয়বস্তু। এই সংকলনখনত যদিও প্ৰাক-ইছলামী যুগৰ কবিতাৰ এক সামান্য অংশহে সংৰক্ষিত হৈছে তথাপি ইয়াৰ  জৰিয়তেই আমি সেই যুগৰ শ্ৰেষ্ঠ কবিসকলৰ কবিতাৰ লগত পৰিচয় হ’ব পাৰো।

মুফাদ্দালিয়াত (The Mufaddaliyat)

প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক বিখ্যাত সংকলন হৈছে মুফাদ্দালিয়াত। এইখন সংকলন কৰে মুফাদ্দাল আল-দাববী নামৰ এজন লোকে। খ্ৰীষ্টীয় অষ্টম শতিকাত খলিফা আল-মনছুৰৰ নিৰ্দেশমৰ্মে পুথিখন সংকলন কৰা হয়। গ্ৰন্থখনত ৬৭ জন কবিৰ ১২৮ টা কবিতাই স্থান পাইছে।  ইয়াৰ ৪৭ জন কবি প্ৰাক-ইছলামী আৰু ইছলামী উভয় যুগৰ। ১৮৮৫ চনত গ্ৰন্থখনৰ এক-তৃতীয়াংশ মি. থৰবেক নামৰ এজন লোকে টোকা আৰু ব্যাখ্যাৰ সৈতে ইংৰাজী অনুবাদ প্ৰকাশ কৰে।

আবু তাম্মামৰ দিৱানুল হামাছা (The Diwanul Hamasa of Abu Tammam)

আৰবী কবিতাৰ এক উল্লেখযোগ্য সংকলন হৈছে আবু তাম্মামৰ দিৱানুল হামাছা। ‘হামাছা’ শব্দৰ অৰ্থ হৈছে ‘সাহসিকতা’ বা বীৰত্ব। এই গ্ৰন্থখনৰ সংকলন কৰে আবু তাম্মাম বিন আউচ নামৰ এজন কবিয়ে। তেওঁৰ নাম অনুসৰি গ্ৰন্থখনক ‘আবু তাম্মামৰ দিৱানুল হামাছা’ বুলি কোৱা হয়।
.
এই গ্ৰন্থখন সংকলন সম্পৰ্কে এক কাহিনী প্ৰচলিত আছে। কাহিনীমতে, আবু তাম্মামে তেওঁৰ জীৱনৰ শেষ কালছোৱাত এবাৰ খুৰাচানৰ শাসনকৰ্তা আব্দুল্লা বিন জোহাইৰক লগ ধৰিবলৈ যায়। তেওঁৰ হামদান নামৰ ঠাইলৈকে যোৱাৰ পিছত শীতকাল আৰম্ভ হয়। বাট-পথত বৰফ পৰিবলৈ আৰম্ভ হোৱাত তাতে তেওঁৰ যাত্ৰা স্থগিত ৰাখে আৰু সেই অঞ্চলৰ এজন মুখীয়াল লোকৰ ঘৰত থাকিবলৈ লয়। তেওঁক আশ্ৰয় দিয়া লোকজন সাহিত্যপ্ৰিয় আছিল আৰু তেওঁৰ ঘৰত এক পুথিভঁৰাল আছিল। আবু তাম্মামে তাত থকা সময়ত সেই পুথিভঁৰালৰ পৰা কিতাপ পঢ়াৰ উপৰিও তেওঁৰ ভাল লগা কিছুমান কবিতা বা কবিতাৰ বছা বছা অংশ নকল কৰি এক সংকলন প্রস্তুত কৰে। সংকলনখনত বহুতো প্ৰাক-ইছলামী যুগৰ কবিতাৰ উপৰিও ইছলামী যুগৰ বহুতো কবিতাই ঠাই পাইছে। অৱশ্যে বহুতো কবিতাৰ ৰচয়িতাৰ নাম পোৱা নাযায়। পুথিখন দহটা খণ্ডত বিভক্ত। সেই খণ্ডবোৰ হ’লঃ
.
(১) বাব আল-হামাছা
(২) বাব আল-মাৰাছী
(৩) বাব আল-আদব
(৪) বাব আল-তাশ্ববীব
(৫) বাব আল-হিজা
(৬) বাব আল-আদয়াফ আল-মাদীহ
(৭) বাব আল-ছিফাত
(৮) বাব আল-ছাইৰ ৱাল-নুৱাছ
(৯) বাব আল-মুলাহ
(১০) বাব আল-মুজাম্মাত আল-নিছা
আৰবী কবিতাৰ বিকাশৰ ইতিহাস অধ্যয়নত পুথিখনৰ যথেষ্ট গুৰুত্ব আছে।

বুহতুৰিৰ হামাছা (The Hamasa of Buhturi)

আবু তাম্মামৰ হামাছা সংকলনৰ কিছু বছৰ পিছত বুহতুৰি নামৰ আন এজন ব্যক্তিয়ে আৰবী কবিতাৰ এক সংকলন প্ৰস্তুত কৰে। সংকলনখনক তেওঁৰ নাম অনুসৰি ‘বুহতুৰিৰ হামাছা’ বুলি কোৱা হয়। তেওঁ পুথিখন কেইবাটাও ভাগত বিভক্তি কৰি কবিতাৰ বিষয়বস্তুৰ ওপৰত চমুটোকাও সংযোজন কৰিছিল। তেওঁৰ টোকাৰ পৰা জনা যায় যে তেওঁ তেওঁৰ ৰুচি অনুসৰিহে কিবতাবোৰ মূল্যায়ন কৰিছিল। এই সংকলনখন ‘আবু তাম্মামৰ হামাছা’ৰ সমকক্ষ নহয় যদিও পুথিখন প্ৰাচীন আৰবী কবিতাৰ এক উল্লেখযোগ্য সমল হিচাপে বিবেচনা কৰা হয়।

জামহাৰাত আম্বা’ৰিল আৰব (Jamharat Ambaril Arab)

খ্ৰীষ্টীয় দশম শতিকাত আবু জায়েদ মুহাম্মদ আল-কোৰাইশী নামৰ এজন লোকে আৰবী কবিতাৰ এক সংকলন প্ৰস্তুত কৰে। পুথিখনত ইছলামী যুগৰ কবিতা থকাৰ উপৰিও প্ৰাক-ইছলামী যুগৰ ঊনপঞ্চাশটা কবিতা সন্নিবিষ্ট হৈছে।

কিতাবুল আঘানি (Kitabul Aghani)

আৰবী কবিতাৰ এক বলিষ্ঠ আৰু বহুল সমাদৃত সংকলন হৈছে ‘কিতাবুল আঘানি’। গ্ৰন্থখন আবুল ফাৰাজ ইস্পাহানী নামৰ গৱেষক এজনে আব্বাচী শাসনকালত সংকলন কৰিছিল।  গ্ৰন্থখন বহুকেইখন খণ্ডত বিভক্ত। গ্ৰন্থখনৰ প্ৰতিটো খণ্ডই একোটা সুকীয়া সুকীয়া বিষয়ৰ কবিতাৰ লগতে ইতিহাস, সংস্কৃতি, ধৰ্ম আদি বিষয়ো স্থান পাইছিল। গ্ৰন্থখন প্ৰাচীন আৰবী সাহিত্য, সংস্কৃতি, সভ্যতা, ধৰ্ম, ৰাজনীতি আদি বিভিন্ন বিষয়ৰ গৱেষণাৰ ক্ষেত্ৰত এক প্ৰধান সম্বল হিচাপে  বিবেচিত হৈ আহিছে।  ০ ০ ০.
আৰবী সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগ |
Arabi Sahityor Etihas Prak-Islami Yug
সমাপ্ত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..
Additional Searches

 

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here