Home Biography আৰ্নল্ড যোছেফ টয়নবি | Arnold Joseph Toynbi

আৰ্নল্ড যোছেফ টয়নবি | Arnold Joseph Toynbi

0

আৰ্নল্ড যোছেফ টয়নবি | Arnold Joseph Toynbi

আৰ্নল্ড যোছেফ টয়নবি  Arnold Joseph Toynbi

 

আৰ্নল্ড যোছেফ টয়নবি

আৰ্নল্ড যোছেফ টয়নবি আছিল এজন ইংৰাজ ইতিহাসবিদ। ১৮৮৯ চনৰ ১৪ এপ্ৰিলত লণ্ডনত তেওঁৰ  জন্ম হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি, আনুষ্ঠানিক শিক্ষা জীৱনৰ অন্ত পেলাই  প্ৰথম আৰু দ্বিতীয় মহাসমৰত ব্ৰিটিছ বৈদেশিক দপ্তৰত কাৰ্যনিৰ্বাহ কৰে। বিশ্বযুদ্ধৰ অন্তত ১৯১৯-১৯২৪ চনৰ সময়ছোৱাত লণ্ডন বিশ্ববিদ্যালয়ত তেওঁ ক্ৰমে গ্ৰীক, ইতিহাস আৰু আৰ্ন্তজাতিক ইতিহাস বিষয়ৰ গৱেষক অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯২৫ চনৰ পৰা ১৯৫৫ চনলৈকে লণ্ডনৰ ‘ৰয়েল ইনষ্টিটিউট অব্‌ ইণ্টাৰনেচনেল এফেয়াৰ্ছ’ৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰে। ‘এ ছাৰ্ভে অব্‌ ইণ্টাৰনেচনেল এফয়াৰ্ছ’ শীৰ্ষক গ্ৰন্থমালাৰ কেইবাটাও খণ্ড ৰচনা আৰু সম্পাদনা কৰে। টয়নবিৰ আন আন উল্লেখযোগ্য গ্ৰন্থসমূহ  হ’ল: ‘এ হিষ্টৰিয়ান এপ্ৰোচ্চ্‌ টু ৰিলিজিয়ন’, ‘মেনকাইণ্ড এণ্ড মাদাৰ আৰ্থ’। 

১৯৭৫ চনৰ ২২ অক্টোবৰত আৰ্নল্ড যোছেফ টয়নবিৰ মৃত্যু হয়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here