আৰ্নেষ্ট ৰাথাৰফৰ্ড | Ernest Rutherford

0

আৰ্নেষ্ট ৰাথাৰফৰ্ড | Ernest Rutherford

আৰ্নেষ্ট ৰাথাৰফৰ্ড Ernest Rutherford

 

আৰ্নেষ্ট ৰাথাৰফৰ্ড | Ernest Rutherford

আৰ্নেষ্ট ৰাথাৰফৰ্ড | Ernest Rutherford

আৰ্নেষ্ট ৰাথাৰফৰ্ড (Ernest Rutherford) আছিল এজন ইংৰাজ পদাৰ্থ বিজ্ঞানী। ১৮৭১ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডৰ নেলছনত তেওঁ জন্ম গ্ৰহণ কৰে। নেলছন কলেজ আৰু নিউজিলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষা সাং কৰি কেমব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰে। পিছত কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰি ক্ৰমে ইংলেণ্ডৰ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেমব্ৰিজৰ কেবেণ্ডিছ বিশ্ববিদ্যালয়ৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ পৰমাণু সংগঠনত নিউট্ৰন কণিকাৰ অস্তিত্ব সম্পৰ্কে ভৱিষ্যদ্বাণী কৰে আৰু পদাৰ্থ আৰু শক্তিৰ অভিন্নতা আৰু পৰমাণুৰ বিভাজন সম্পৰ্কীয় গৱেষণাৰ ভিত্তি স্থাপন কৰে।

পদাৰ্থৰ মৌলিক গঠন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যাদিৰ আৱিষ্কাৰত তেওঁ যশস্যা  লাভ কৰে। তেওঁ তেজস্ক্ৰিয়তাৰ বিষয়ে এক উল্লেখযোগ্য তথ্যৰ আৱিষ্কাৰক কৰে। এই তথ্যমতে তেজস্ক্ৰিয়তাৰ ফলত এটা পদাৰ্থৰ পৰমাণুবিলাক আপোনা-আপোনি আন এটা পদাৰ্থৰ পৰমাণুলৈ ৰূপান্তৰিত হয়। ইয়াৰ বাবে তেওঁ ১৯০৮ চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে। ১৯১৪ আৰু ১৯৩১ চনত তেওঁ লাভ কৰে ক্ৰমে সন্মানীয় ‘নাইট’ আৰু ‘বেৰণ’ উপাধি। ৰাদাৰফোৰ্ডৰ প্ৰকাশিত গ্ৰন্থাৱলীৰ ভিতৰত ‘ৰেডিঅ’একটিভ ট্রেন্সফৰমেচন’, ‘দি ইলেকট্ৰনিক স্ট্রাকচাৰ  অব্‌ মেটাৰ’ আদি উল্লেখযোগ্য। ১৯৩৭ চনৰ ১৯ অক্টোবৰত আৰ্নেষ্ট ৰাথাৰফোৰ্ডয়ে মৃত্যু বৰণ কৰে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here