আৰ্ল ষ্টেনলি গাৰ্ডনাৰ | Erle Stanley Gradner
আৰ্ল ষ্টেনলি গাৰ্ডনাৰ | Erle Stanley Gradner
আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) এজন মাৰ্কিন ৰহস্য ঔপন্যাসিক আছিল। ১৮৮৯ চনৰ ১৭ জুলাইত আমেৰিকা যুক্তৰাষ্ট˜ৰ মাছাচুছেট্ছ প্ৰদেশৰ মালডেনাত তেওঁ জন্ম গ্ৰহণ কৰে। এজন খনি অভিযন্তাৰ পুত্ৰ গাৰ্ডনাৰে আনুষ্ঠানিক শিক্ষা শেষ কৰি কেলিফৰ্নিয়ালৈ যায় আৰু তাৰে এক আইন ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মজীৱন আৰম্ভ কৰে। ১৯২২ চনত তেওঁ নিজাকৈ ওকালতি কৰিবলৈ লয়। ১৯৪০ চনত গাৰ্ডনাৰে দুখীয়া আৰু নিৰপৰাধী অভিযুক্তসকলক সহায় কৰাৰ অৰ্থে ‘দি ক’ৰ্ট অব্ লাষ্ট ৰিজ’ৰ্ট’ নামেৰে এটা আইন সংস্থা গঠন কৰে। কেলিফৰ্নিয়াত থাকোতেই গাৰ্ডানাৰে বিভিন্ন ৰহস্য উপন্যাস লিখিবলৈ লয়। ‘পেৰি মেছন’ নামৰ এজন ৰহস্যসন্ধানী আইনজীৱীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ ৰচিত তেওঁৰ ৰহস্য-উপন্যাসবোৰ পাঠক সমাজৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৩৩ চনত গাৰ্ডনাৰৰ প্ৰথমখন ৰহস্য উপন্যাস ‘দি কে’ছ অব্ দি ভেলভেট ক্লজ’ প্ৰকাশ পায়। গাৰ্ডনাৰে প্ৰায় ১০০ খন ৰহস্য উপন্যাস ৰচনা কৰে আৰু প্ৰায় প্ৰতিখনেই সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰূপে স্বীকৃতি পায়।
১৯৭০ চনৰ ১১ মাৰ্চত আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্যু হয়। ০ ০ ০
.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: