আপুনি যদি ‘ইছলাম কুইজ। ইসলামিক কুইজ Islamic Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘ইছলাম কুইজ। ইসলামিক কুইজ Islamic Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
ইছলাম কুইজ । ইসলামিক কুইজ
প্ৰঃ ইছলাম শব্দৰ অৰ্থ কি?
উঃ ইছলাম শব্দৰ অৰ্থ হ’ল শান্তি। ইয়াৰ আন এক অৰ্থ হ’ল সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা।
প্ৰঃ ধৰ্ম মানে কি?
উঃ আল্লাহ নিৰ্দেশিত এক জীৱন ব্যৱস্থা।
প্ৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ প্ৰথম মানৱ হজৰত আদম (আঃ)।
ইছলাম কুইজ, ইসলামিক কুইজ
প্ৰঃ কোনজন নবী (ৰাছুল) ৰ মাধ্যমত ইছলাম ধৰ্মই পৰিপূৰ্ণতা লাভ কৰে?
উঃ হজৰত মহম্মদ (ছাঃ)ৰ মাধ্যমত।
প্ৰঃ ইছলাম ধৰ্মৰ মূল ভিত্তি কেইটা আৰু কি কি?
উঃ ইছলামৰ মূল ভিত্তি 5 টা। যেনে– কলেমা, নামাজ, ৰোজা, জাকাত আৰু হজ্ব।
প্ৰঃ ইছলামৰ মূল কথা কি?
উঃ এক আল্লাহক বিশ্বাস কৰা।
প্ৰঃ ঈমান আৰু ইছলামৰ মাজত পাৰ্থক্য কি?
উঃ আভিধানিক অৰ্থমতে ঈমান মানে বিশ্বাস আৰু ইছলাম মানে শান্তি বা আত্মসমৰ্পন। ঈমান হ’ল ৰুহ (আত্মা) আৰু ইছলাম হ’ল জিসম (শৰীৰ)। মুঠতে ঈমানৰ অৰ্থ হ’ল শৰীয়তৰ বিধানসমূহ অন্তৰত সত্য বুলি বিশ্বাস কৰা আৰু ইছলাম হ’ল শৰীয়তৰ বিধি-বিধানসমূহ মানি চলা (কাৰ্যত পৰিণত কৰা)।
প্ৰঃ ইছলাম ধৰ্মৰ অনুসাৰীসকলক কি বোলে?
উঃ মুছলমান।
প্ৰঃ ‘মুছলমান’ নামটো কোনে ৰাখিছে?
উঃ হজৰত ইব্রাহিম (আঃ)।
প্ৰঃ এজন মুছলমানৰ ওপৰত অন্য মুছলমানৰ নিম্ন পৰ্যায়ৰ হক (প্ৰাপ্য/কৰ্তব্য) কি?
উঃ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰা।
প্ৰঃ পৃথিৱীত মুছলমানৰ ওপৰত আল্লাহৰ পিনৰ পৰা কেইটা পৰীক্ষা হয়?
উঃ প্ৰধানতঃ দুটা (ক) নিয়ামতৰ শোকৰ (আল্লাহৰ অনুগ্ৰহ স্বীকাৰ) আৰু (খ) বিপদত ধৈৰ্যধাৰণ।
প্ৰঃ ৰাছুল (ছাঃ) য়ে মুছলমানসকলক কি গছৰ লগত তুলনা কৰিছে?
উঃ খেজুৰ গছৰ লগত।
প্ৰঃ মুছলামনসকলৰ সৰ্বশ্রেষ্ঠ সম্পদ কি?
উঃ ঈমান (আল্লাহৰ একত্বত পূৰ্ণবিশ্বাস স্থাপন) আৰু আমল (ইছলামৰ বিধি-বিধান মতে কৰা কাৰ্য। ০ ০ ০
Islamic Quiz
Q. What does the word ‘Islam’ mean?
A. The word Islam means peace. Another meaning is to surrender completely to Allah.
Q. What does religion mean?
A. A system of life directed by Allah.
Q. Who is the founder of Islam?
A. The first man was Adam (pbuh).
Islam Quiz, Islamic Quiz
Q. Through which Prophet (Rasool) did Islam attain perfection?
A. Through the Prophet Muhammad (peace be upon him).
Q. What are the other basic principles of Islam?
A: There are five basic principles of Islam. These include kalema, prayer, fasting, zakat and pilgrimage.
Q. What is the essence of Islam?
A. Belief in one Allah.
Q. What is the difference between ‘Iman’ and Islam?
A. ‘Iman’ means faith and Islam means peace or surrender. Iman is the soul and Islam is the body. In short, faith means believing in the heart that the laws of Shari’ah are true and Islam is following the laws of Shari’ah.
Q. What are the followers of Islam called?
A. Muslims.
Q. Who gave the name ‘Muslim’?
A. Prophet Abraham (pbuh).
Q. What are the lower level rights (entitlements/duties) of other Muslims over one Muslim?
A. Not doing harm even if you cannot do good.
Q: How many trials are there from Allah on Muslims in the world?
A: There are two main ones: (a) grief for blessings and (b) patience in adversity.
Q. What tree does the Prophet (peace and blessings of Allaah be upon him) compare Muslims to?
A. With the date palm.
Q. What is the greatest asset of Muslims?
A. Iman (belief in the Oneness of Allah) and Amal (acts according to the rules of Islam).
নোট: যদি আপুনি উক্ত ‘ইছলাম কুইজ। ইসলামিক কুইজ Islamic Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ইছলাম কুইজ। ইসলামিক কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






