Home Quiz ইছলাম কুইজ। ইসলামিক কুইজ

ইছলাম কুইজ। ইসলামিক কুইজ

0

ইছলাম কুইজ । ইসলামিক কুইজ

ইছলাম কুইজ। ইসলামিক কুইজ

 

ইছলাম কুইজ । ইসলামিক কুইজ

প্ৰঃ ইছলাম শব্দৰ অৰ্থ কি?

উঃ ইছলাম শব্দৰ অৰ্থ হ’ল শান্তি। ইয়াৰ আন এক অৰ্থ হ’ল সম্পূৰ্ণৰূপে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা।

প্ৰঃ ধৰ্ম মানে কি?

উঃ আল্লাহ নিৰ্দেশিত এক জীৱন ব্যৱস্থা।

প্ৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন?

উঃ প্ৰথম মানৱ হজৰত আদম (আঃ)।

ইছলাম কুইজ, ইসলামিক কুইজ

প্ৰঃ কোনজন নবী (ৰাছুল) ৰ মাধ্যমত ইছলাম ধৰ্মই পৰিপূৰ্ণতা লাভ কৰে?

উঃ হজৰত মহম্মদ (ছাঃ)ৰ মাধ্যমত।

প্ৰঃ ইছলাম ধৰ্মৰ মূল ভিত্তি  কেইটা আৰু কি কি?

উঃ  ইছলামৰ মূল ভিত্তি 5 টা। যেনে– কলেমা, নামাজ, ৰোজা, জাকাত আৰু হজ্ব।

প্ৰঃ ইছলামৰ মূল কথা কি?

উঃ এক আল্লাহক বিশ্বাস কৰা।

প্ৰঃ ঈমান আৰু ইছলামৰ মাজত পাৰ্থক্য কি?

উঃ  আভিধানিক অৰ্থমতে ঈমান মানে বিশ্বাস আৰু ইছলাম মানে শান্তি বা আত্মসমৰ্পন। ঈমান হ’ল ৰুহ (আত্মা) আৰু ইছলাম হ’ল জিসম (শৰীৰ)। মুঠতে ঈমানৰ অৰ্থ হ’ল শৰীয়তৰ বিধানসমূহ অন্তৰত সত্য বুলি বিশ্বাস কৰা আৰু  ইছলাম হ’ল শৰীয়তৰ বিধি-বিধানসমূহ মানি চলা (কাৰ্যত পৰিণত কৰা)।

প্ৰঃ ইছলাম ধৰ্মৰ অনুসাৰীসকলক কি বোলে?

উঃ মুছলমান।

প্ৰঃ ‘মুছলমান’ নামটো কোনে ৰাখিছে?

উঃ হজৰত ইব্রাহিম (আঃ)।

প্ৰঃ  এজন মুছলমানৰ ওপৰত অন্য মুছলমানৰ নিম্ন পৰ্যায়ৰ হক (প্ৰাপ্য/কৰ্তব্য) কি?

উঃ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰা।

প্ৰঃ পৃথিৱীত মুছলমানৰ ওপৰত আল্লাহৰ পিনৰ পৰা কেইটা পৰীক্ষা হয়?

উঃ প্ৰধানতঃ দুটা (ক) নিয়ামতৰ শোকৰ (আল্লাহৰ অনুগ্ৰহ স্বীকাৰ) আৰু (খ) বিপদত ধৈৰ্যধাৰণ।

প্ৰঃ ৰাছুল (ছাঃ) য়ে মুছলমানসকলক কি গছৰ লগত তুলনা কৰিছে?

উঃ খেজুৰ গছৰ লগত।

প্ৰঃ মুছলামনসকলৰ সৰ্বশ্রেষ্ঠ সম্পদ কি?

উঃ ঈমান (আল্লাহৰ একত্বত পূৰ্ণবিশ্বাস স্থাপন) আৰু আমল (ইছলামৰ বিধি-বিধান মতে কৰা কাৰ্য। ০ ০ ০

ইছলাম কুইজ, ইসলামিক কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ইছলাম কুইজ। ইসলামিক কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here