ইন্টাৰনেট
ইন্টাৰনেট
ইন্টাৰনেট | ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা
‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা।ইংৰাজী ‘Interconnection of Network’ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet’ শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট। ইন্টাৰনেটৰ লগত World Wide Web (W W W) শব্দকেইটা জড়িত। World Wide Web (সংক্ষেেপ ৱেব) হৈছে পৃথিৱীব্যাপী সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। বিভিন্ন তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক অতি সহজে আহৰণ কৰিব পাৰি। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণাকেন্দ্ৰ চাৰ্নত W W W বা ৱেব -ৰ জন্ম হৈছিল।
বিংশ শতাব্দীৰ শেষ দহকত ইন্টাৰনেটৰ শুভাৰম্ভ হয় আৰু ইয়াৰ আৰম্ভণিৰ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইয়াৰ প্ৰসাৰ ইমানেই বৃদ্ধি পায় যে আজি ইন্টাৰনেট নোহোৱাকৈ এক মূহুৰ্তও চলিব নোৱাৰি। আজি আমাৰ দৈনন্দিন জীৱনৰ সকলো কাম-কাজ ইন্টাৰনেটৰ সহায়ত সম্পন্ন কৰা হয়।
ইন্টাৰনেটৰ বহুত সুবিধা আছে, যেনে:
প্ৰথমত, ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বন্ধু-বান্ধবীসকললৈ ই-মেইল পঠাব পাৰো, ভিডিঅ’ কলিং কৰিব পাৰো।
দ্বিতীয়, ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য, কিতাপ-পত্ৰ আদি পঢ়িব পাৰো।
তৃতীয়তে, ঘৰতে বহি ৰেলৰ টিকট, বিমানৰ টিকট আদি সংগ্ৰহ কৰাৰ লগতে হোটেলৰ ৰুম বুকিং আদি বহুতো কাম কৰিব পাৰো।
চতুৰ্থতে, ইন্টাৰনেটৰ জৰিয়তে আমি ভিডিঅ’ গেম খেলিব পাৰো।
পঞ্চমতে, ইন্টাৰনেটৰ জৰিয়তে গীত, চিনেমা, আদি উপভোগ কৰিব পাৰো।
ইন্টাৰনেটৰ সুবিধা অৰ্থাৎ মিঠা দিশ থকাৰ লগতে ইয়াৰ অসুবিধা বা তিতা দিশো আছে, যেনে:
প্ৰথম, ইন্টাৰনেট অধিক ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰতি ব্যৱহাৰকাৰী আসক্ত হৈ পৰে ।ফলত প্ৰধান কৰ্তব্যক পাহৰি যায়।
দ্বিতীয়ত, ইন্টাৰনেটে ব্যক্তি এজনৰ মনত পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি অৱহেলাৰ ভাৱ গঢ়ি তোল।
তৃতীয়তে, ইন্টাৰনেটত সময়ৰ অপচয় হয়। ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথি অধ্যয়ন, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ এলাগী হয়।
চতুৰ্থতে, ইন্টনেটত প্ৰচাৰ হোৱা তথ্য, বাতৰি আদি সদায় শুদ্ধ নহয়। বহু সময়ত উৰা-বাতৰিও প্ৰচাৰ হয়। ফলত মানুহৰ মাজত ভুল বুজা-বুজিৰ সৃষ্টি হৈ সমাজৰ ক্ষতি কৰে।
পঞ্চমতে, ইন্টাৰনেটত আসক্ত ছাত্ৰ-ছাত্ৰীসকলে শৰীৰচৰ্চা, খেলা-ধূলা, বন্ধু-বান্ধবীৰ লগত সম্পৰ্ক আদিৰ প্ৰতি পিঠি দিয়ে। ফলত শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়।
ইন্টাৰনেট আধুনিক সভ্যতাৰ অতি বিষ্ময়কৰ আৱিষ্কাৰ। ই মানৱ সভ্যতাৰ ৰূপ মাত্ৰ কেইবছৰমানৰ ভিতৰতে অভাৱনীয়ভাৱে সলনি কৰি দিছে। ইন্টাৰনেট ব্যৱহাৰৰ বেয়া দিশ কিছুমান আছে যদিও ইয়াৰ শুভ দিশবোৰ অতুলনীয়। ০ ০ ০
বি. দ্র. উক্ত ‘ইন্টাৰনেট | ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধা | Internet Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা