ইন্দিৰা গান্ধী। Indira Gandhi
ইন্দিৰা গান্ধী । Indira Gandhi
ইন্দিৰা গান্ধী (Indira Gandhi:1917-1984) আছিল এজনী ৰাজনীতিক আৰু স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। ১৯১৭ চনৰ ১৯ নৱেম্বৰত এলাহাবাদত তাইৰ জন্ম হয়। তাই আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কন্যা। তাইৰ মাকৰ নাম আছিল কমলা নেহৰু। পুনা, মুম্বাই আদিত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৩৪ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত ক্ৰমে ছুইজাৰলেণ্ড আৰু অক্সফোৰ্ডত পঢ়িবলৈ লয় যদিও কোনো ডিগ্ৰী নোলোৱাকৈয়ে আনুষ্ঠানিক শিক্ষাৰ সামৰণি মাৰে। তাই বৰীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাৱধানত সংগীত আৰু নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিছিল। ১৯৪২ চনত ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু ৰাজীৱ গান্ধী আৰু সঞ্জয় গান্ধী নামৰ দুজন পুত্ৰ সন্তানৰ জননী হয়।
সৰুৰে পৰা এক ৰাজনৈতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ইন্দিৰাই ১৯৩৮ চনত ২১ বছৰ বয়সত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰি ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ইয়াৰ আগতে ১২ বছৰ বয়সত গান্ধীজীৰ আঁচনিমৰ্মে ‘চৰ্খা সংঘ’ আৰু ১৪ বছৰ বয়সত ‘বানৰ সেনা’ নামে সংগঠন খুলি অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইন্দিৰাই প্ৰায় ১৩ মাহমান কাৰাবাসো খাটিবলগীয়া হৈছিল।
ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ কেইবাটাও দিশৰ পৰা উল্লেখযোগ্য। তেওঁৰ শাসন কালতে ১৯৭১ চনত স্বাধীন বাংলাদেশ ৰাষ্ট˜ সৃষ্টি হয়। তদুপৰি ১৪টা ছোভিয়েট শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি, ৰাজন্যবৰ্গৰ মাননী বিলোপ বিল উত্থাপন আৰু গৃহীতকৰণ তেওঁৰ কাৰ্যকালত সম্পাদিত হয়।
ৰাজনতিক জীৱনত নেহৰু-শাস্ত্ৰীৰ নীতি মানি চলা সুদক্ষ ৰাজনীতিবিদ ইন্দিৰা গান্ধীয়ে কৰ্ম জীৱনৰ কৃতকাৰ্যতাৰ স্বীকৃতিস্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰে। ইয়াৰ ভিতৰত ‘মাতৃ পুৰস্কাৰ’ আৰু ‘ভাৰত ৰত্ন’ উল্লেখযোগ্য।
১৯৮৪ চনৰ ৩১ অক্টোবৰত নিজৰ দেহৰক্ষী গুলীত নিহত হয়। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ইন্দিৰা গান্ধী । Indira Gandhi‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া জীবনী
- লক্ষ্মীনাথ বেজবৰুৱা
- মাধবদেব
- জীবনীমালা
- অসমীয়া আত্মজীবনী সাহিত্য