Home Kabita ইবন বটুটা। Ibn Battuta

ইবন বটুটা। Ibn Battuta

0

ইবন বটুটা। Ibn Battuta

ইবন বটুটা। Ibn Battuta

 

 

ইবন বটুটা। Ibn Battuta

ইবন বটুটা (Ibn Battuta) আছিল মধ্যযুগৰ মৰক্কোৰ এজন পৰ্যটক। ১৩০৪ চনৰ ২৪ ফেব্রূৱাৰীত মৰক্কোৰ  টাঞ্জিয়েৰত তেওঁৰ জন্ম হয়। টাঞ্জিয়েৰতে তেওঁ সাহিত্য আৰু আইন সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰি ১৩৫২ চনত ২১ বছৰ বয়সত দেশ ভ্ৰমণৰ প্ৰতি আগ্ৰহী হয় আৰু সুদীৰ্ঘ প্ৰায় ৩০ বছৰ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰে। সুদীৰ্ঘ কালৰ এই ভ্ৰমণত ইবন বটুতাই ইজিপ্ট, মক্কা, আৰব, ইৰাক, ইৰাণ, আজেৰবাইজান, ভাৰত, স্পেইন, চীন, বাগদাদ আদি ঠাইৰ প্ৰায় ১,২০,০০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰে। ১৩৩৩ চনত মহম্মদ  বিন টোগলকৰ ৰাজত্ব কালত তেওঁ ভাৰতলৈ আহে আৰু ১৩৫৩ চনলৈ ভাৰতত থাকে। ভাৰতত থকা কালত তেওঁ ১৩৩৪ চনৰ পৰা ১৩৪২ চনলৈ দিল্লীৰ প্ৰধান কাজী বা বিচাৰপতিৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ‘ট্রাভেলাৰ অব্‌ ইছলাম’ৰূপে খ্যাত ইবন বটুতা ১৩৫৪ চনত তেওঁ নিজ দেশ মৰক্কো লৈ ঘূৰি যায়।

নতুন দেশ তথা মানুহ সম্পৰ্কে জনাৰ প্ৰবল ইচ্ছা আৰু আগ্ৰহেই আছিল ইবন বটুতাৰ বিশ্ব ভ্ৰমণৰ প্ৰধান উদ্দেশ্য। বিভিন্ন দেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰে তেওঁ ‘ৰিহ্‌লা’ নামেৰে এখন বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰে। বৰ্তমান তেওঁৰ গ্ৰন্থখনবহুতো ভাষালৈ অনুদিত হৈছে। ১৩৬৮ চনত জন্মস্থান টাঞ্জিয়েৰতে ইবন বটুতাৰ মৃত্যু হয়। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

.

বি. দ্র. উক্ত ‘ইবন বটুটা । Ibn Battuta ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here