ইমৰাউল কাইছ । Imraul Qays

0

ইমৰাউল কাইছ । Imraul Qays

ইমৰাউল কাইছ Imraul Qays
ইমৰাউল কাইছ

ইমৰাউল কাইছ । Imraul Qays

চমু পৰিচয়: ইমৰাউল কাইছ আছিল প্ৰাক-ইছলামী (জাহেলী) যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ, প্ৰৱীন আৰু প্ৰভাৱশালী কবি।
তেওঁৰ জন্ম কেতিয়া হৈছিল তাক সঠিককৈ জনা নাযায় যদিও তেওঁ পঞ্চম শতিকাৰ মাজভাগত দক্ষিণ আৰবৰ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম আছিল হুজৰ বিন হাৰিচ। ইমৰাউল কাইছ হুজৰৰ নুমলীয়া পুতেক আছিল। তেওঁৰ মাতৃ আছিল বিখ্যাত তাঘলিব বংশৰ নেতা মুহালহালৰ ভনীয়েক।
 
ইমৰাউল কাইছ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰি সৰুৰে পৰাই স্বাধীনতা ভোগ কৰিছিল আৰু এটা সময়ত তেওঁ উতনুৱা স্বভাৱৰ হৈ মদ আৰু নাৰীৰ প্ৰতি আসক্ত হৈ পৰে। যৌৱনত তেওঁ ‘ফাতিমা’ নামৰ এগৰাকী নাৰীৰ প্ৰেমত পৰে আৰু সেই প্ৰেমৰ কাহিনীকলৈ কবিতা ৰচনা কৰি মুকলিকৈ গাই ফুৰিবলৈ আৰম্ভ কৰে। পুতেকৰ এনে কাৰ্যত দেউতাকে অতিপাত ৰাগাম্বিত হৈ তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। ইমৰাউল কাইছে ঘৰৰ পৰা খেদা খাই আনকেইজনমান অঘৰী অঘাইতং ডেকা ল’ৰাৰ লগলাগি মৰুভূমিৰ মাজত অনাই-বনাই ঘূৰি ফুৰিবলৈ লয়। মাজে মাজে মৰুদ্যানত আশ্ৰয় লৈ চিকাৰ কৰি, কবিতা গাই পেট প্ৰৱৰ্তায়। এনেতে হঠাৎ তেওঁ ঘৰৰ খবৰ পায় যে আগৰে পৰা শত্রূতা থকা আছাদ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ দেউতাকক হত্যা কৰিছে। এই খবৰ পোৱা মাত্ৰেই তেওঁ `কৈছিল —
“মই যেতিয়া যুৱক আছিলো তেতিয়া দেউতাকে মোক নষ্ট কৰিলে। এতিয়া মই ডাঙৰ হৈছো আৰু দেউতাকে মোক প্ৰতিশোধ ল’বলৈ এৰি গ’ল। আজি সুৰা পানৰ দিন, কাইলৈ প্ৰতিশোধ।”
এই বুলি প্ৰতিজ্ঞা কৰি কাইছে সাত দিন সাত ৰাতি মদ খাই কটায় আৰু পুনৰ কয়, “মই পিতৃৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত মদ-মাংস নাখাওঁ, চুলি নোধোঁও, তেল ব্যৱহাৰ নকৰো আৰু কোনো সুন্দৰী নাৰীদেহ স্পৰ্শ নকৰো।”
 
প্ৰতিজ্ঞা পালনাৰ্থে তেওঁ যাযাবৰী জীৱন ত্যাগ কৰি ঘৰমুৱা হয়। কিন্তু তেওঁৰ   প্ৰতিজ্ঞা পূৰণ কৰিবলৈ তেওঁৰ ফৈদৰ কাৰো সমৰ্থন নাপাই বাইজানটাইনৰ সম্ৰাট জাষ্টিনিয়ানৰ ৰাজদৰবাৰলৈ যায়।  তাত তেওঁ দহবছৰ কাল কটায় আৰু কাব্য চৰ্চা কৰে। উল্লেখ্য যে এই সময়ছোৱাত সম্ৰাট জাষ্টিনিয়ানৰ জীয়েকৰ লগত তেওঁৰ গোপন প্ৰণয় হয়। পিছত সম্ৰাটে কথাটো গম পাই মনত দুখ পায় আৰু ইমৰাউল কাইছক ৰাজদৰবাৰৰ পৰা বিদায় দিয়ে। বিদায় দিয়াৰ সময়ত সম্ৰাটে কাইছক এযোৰ বিষ মিহলোৱা পোছাক উপহাৰ দিয়ে। কাইছে অতি আনন্দৰে পোছাকযোৰ পৰিধান কৰাত কেইদিনমানৰ ভিতৰতে তেওঁৰ সৰ্বশৰীৰ ঘাঁ আৰু ফোঁহাৰে ভৰি পৰে। এই বেমাৰতে তেওঁ ৫৪০ খ্ৰীষ্টাব্দত আঙ্কাৰা নামৰ ঠাইত মৃত্যু বৰণ কৰে। ফোঁহাত আক্ৰান্ত হোৱা বাবে তেওঁক ‘জুলকুৰুহ’ (ফোঁহাপীড়িত লোক) বুলি কোৱা হৈছিল। ইয়াতে উল্লেখ্য যে ইমৰাউল কাইছে সমগ্ৰ আৰব মৰুভূমি ভ্ৰমণ কৰি ফুৰিছিল বাবে তেওঁক ‘মৰুভূমিৰ অঘৰী ৰজা’ বুলিও কোৱা হৈছিল।
 
ইমৰাউল কাইছৰ কাব্য প্ৰতিভাঃ ইমৰাউল কাইছে সৰু-বৰ বহুতো কবিতা ৰচনা কৰিছিল যদিও তেওঁৰ ৰচনাৰাজিৰ মাত্ৰ সামান্য অংশহে পোৱা যায়। ‘মুৱাল্লাকা’ হৈছে তেওঁৰ বিখ্যাত কবিতা। এইটো হৈছে এটি আখ্যানমূলক কবিতা। কবিতাটিৰ একাশীটামান শাৰী পোৱা গৈছে। সম্ভৱতঃ কবিতাটো অধিক দীঘল আছিল বুলি অনুমান কৰা হয়। তেওঁৰ প্ৰাপ্ত কবিতা অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল নাৰীপ্ৰেম, দুঃসাহসিকতা, বীৰত্বৰ গুণগান, শত্রূৰ প্ৰতি নিন্দা আৰু নৈসৰ্গিক বৰ্ণনা।
তেওঁৰ ‘মুৱাল্লাকা’ কবিতাটি  নাৰীপ্ৰেমৰ কাহিনীৰে আৰম্ভ হৈছে। নাৰীদেহৰ বৰ্ণনাত তেওঁ আছিল অতি দক্ষ, সুকৌশলী আৰু স্পৰ্শকাতৰ। নাৰীৰ দৈহিক বৰ্ণনা দিবলৈ যাওঁতে তেওঁ বিভিন্ন অভিনৱ কল্পচিত্ৰৰ আশ্ৰয় লৈছে। নাৰীদেহৰ স্তন, নিতম্ব, বক্ষ, মুখমণ্ডল, চুলি, ছালৰ বৰণ, শৰীৰ তথা মুখৰ গোন্ধ আদিৰ কোনো অংগই তেওঁৰ বৰ্ণনাৰ পৰা বাদ পৰা নাই। তেওঁ নাৰীক হৰিণী, চন্দ্ৰ, পাখী আদিৰ লগত তুলনা কৰি কাব্যিক শক্তিৰ অতুলনীয় পৰিচয় দাঙি ধৰিছে। তেওঁ তেওঁৰ প্ৰেমিকাৰ মুখাবয়ক স্বৰ্ণমু্‌দ্ৰাৰ লগত, স্তনক মাইকী হৰিণীৰ নাকৰ লগত, দেহৰ পৰা নিসৃত গোন্ধক মৃগনাভীৰ লগত, মুখৰ লালটিক মৌৰ লগত তুলনা কৰি তেওঁৰ কবিতাক কালজয়ী কৰিছে।  নাৰীদেহৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল দৃষ্টান্তহীন। তেওঁৰ কবিতাৰ ভিন ভিন পংক্তিত পোৱা যায় নাৰীদেহৰ বৰ্ণনাত তেওঁৰ কাব্যিক জ্ঞান কিমান শক্তিশালী আছিল! উদাহৰণস্বৰূেপ তলত কেইশাৰীমান কবিতা উদ্ধৃত কৰা হ’ল-
 
(ক) কোনো দিনেই পদাৰ্পন হোৱা নাই কোনো পুৰুষ
যি নাৰীৰ কোঠাত
নির্বিঘ্নে  সোমাইছো তাত
কৰিছো ক’তনা খেলা।
 
(খ) তোমাৰ পোছাক খুলিলেই ওলাই আহে সৌন্দৰ্যৰ আধাৰ
ক’ত যে মণি-মকুিতা ভৰাই লওঁ দুহাত।
 
(গ) তুমি যে দেখুৱালা মোক
তোমাৰ দুগালৰ স্নিগ্ধতা লাজ ভৰা চাৱনিৰে
বনৰ হৰিনীও হাৰ মানে কি যে মনোহৰ!
 
নাৰীপ্ৰেমৰ পিছত তেওঁৰ কবিতাত ঠাই পোৱা প্ৰসংগটি হৈছে বীৰ পুৰুষসকলৰ গুণ-কীৰ্তন আৰু শত্রূৰ প্ৰতি নিন্দা। আনহাতে উটৰ লগতে মৰুভমিৰ বণৰীয়া জন্তুৰ বৰ্ণনাও তেওঁৰ কবিতাত স্থান পাইছে। তেওঁ ঘোঁৰাৰ বৰ্ণনা দিছে এইদৰে-
 
“দোকমোকালিতে ওলাই যাওঁ ঘৰৰ পৰা
বনৰ চৰাই তেতিয়াও আপোন বাঁহত
চুটি নোমধাৰী, ক্ষিপ্ৰগতিৰ, সুন্দৰ সুঠাম, 
চিকাৰত পাকৈত ঘোঁৰাৰ পিঠিত।
আগত, পিছত, সোঁফালে, বাওঁফালে সকলোতে
তীব্র তাৰ গতি।”
 
তেওঁৰ কবিতাত প্ৰকৃতিৰ নৈসৰ্গিক বৰ্ণনাও পোৱা যায়। তেওঁৰ ‘মুৱাল্লাকা’ কবিতাৰ আঠটামান শাৰীত তেওঁ মেঘ, মুষলধাৰ বৰষুণ, ধুমুহা আদিৰ চিত্ৰ ফুটাই তুলিছে।
মুঠতে কাব্যিক শক্তিত ইমৰাউল কাইছৰ কবিতা উৰ্বৰ হ’লেও আৰু প্ৰশংসা লাভ কৰিলেও তেওঁৰ কবিতাত নাৰীদেহৰ অবাদ বৰ্ণনা, নাৰীদেহৰ প্ৰতি তেওঁৰ লোভ আৰু সংযমহীনতাৰ বাবে হজৰত মহম্মদ (ছাঃ) তেওঁক ‘নৰকাগ্নিৰ নেতা’ বুলি অভিহিত কৰিছিল। আনহাতে অশ্লীলতা থাকিলেও হজৰত ওমৰ (ৰাঃ) আৰু হজৰত আলী (ৰাঃ) য়ে তেওঁৰ কাব্যিক শক্তিক প্ৰশংসা নকৰি নোৱাৰিছিল।
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগৰ আৰবী কবিসকলৰ ভিতৰত নিঃসন্দেহে ইমৰাউল কাইছ আছিল সকলোৰে উৰ্দ্ধত। সম্ভৱতঃ তেওঁৰ কবিতাৰ বাবেই জাহিলী যুগৰ কবিতাই শতাব্দীৰ পৰা শতাব্দীলৈ সমালোচকসকলৰ আলোচনাৰ বিষয়বস্তু হৈ আছে। ০ ০ ০.
ইমৰাউল কাইছ । Imraul Qays
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here