Home Biographies ঈছপ | Esop

ঈছপ | Esop

0

ঈছপ | Esop | Aesop

ঈছপ  Esop

 

 

ঈছপ | Esop

ঈছপ (Esop) হৈছে প্ৰাচীন গ্ৰীচৰ এজন গল্পকাৰ। তেওঁৰ জীৱনকাল সম্পৰ্কে নিদিষ্টকৈ একো জনা নাযায়। বহুতে অনুমান কৰে যে যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় ৬২০ বছৰৰ আগেয়ে গ্ৰীচৰ এটা দৰিদ্ৰ পৰিয়ালত ঈছপৰ জন্ম হয়। কোনো কোনো পণ্ডিতৰ মতে ঈছপ আছিল আফ্ৰিকাৰ ইথিওপিয়াত জন্ম গ্ৰহন কৰা এজন  কৃষ্ণাংগ লোক ।

সৰুৰে পৰা তেওঁ সজাই-পৰাই কথা ক’ব পাৰিছিল। তেওঁ য’লৈকেৰ গৈছিল তাতে তেওঁ মনে সজা সাধু কৈ মানুহৰ অন্তৰ জয় কৰিছিল। তেওঁ কোৱা কথাবোৰ মনে সজা হ’লেও উপদেশপূৰ্ণ আৰু ৰসাল আছিল। দেখিবলৈ আপচু আছিল যদিও মানুহ হিচাপে ঈছপ আছিল অতিশয় জ্ঞানী। তেওঁ মানুহৰ আচাৰ-ব্যৱহাৰ অতি মনোযোগেৰে লক্ষ্য কৰিছিল আৰু মানুহৰ দোষ-গুণক লৈয়ে সুন্দৰ সুন্দৰ সাধু ৰচনা কৰিছিল। অৱশ্যে ঈছপে মানুহৰ অনৈতিক আচৰণ বা দোষ-ত্রূটিবোৰ মানুহৰ আগত কৈ শ্ৰোতাৰ মনত আঘাত দিব খোজা নাছিল বাবে  তেওঁ পশু-পক্ষীক তেওঁৰ সাধুকথাৰ চৰিত্ৰ হিচাপে  লৈছিল। সেয়ে  ঈছপৰ সাধুত মানুহতকৈও পশু-পক্ষীৰ কথাহে বেছিকৈ পোৱা যায়। তেওঁৰ সাধুকথাসমূহ বহু বছৰলৈকে মানুহৰ মুখে মুখে চলি আহিছিল  যদিও তেওঁৰ মৃত্যুৰ প্ৰায় চাৰিশ বছৰ পিছত সেইবোৰ লিখিত ৰূপত সংকলতি হয়। বৰ্তমান বিশ্বৰ বহুতো ভাষালৈ তেওঁৰ সাধুকথাসমূহ অনুদিত হৈছে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘ঈছপ | Esop ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here