ঈদ
ঈদ | Ed
ঈদ | Ed Essay in Assamese
পৰিচয়: ঈদ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ঈদ’ শব্দৰ অৰ্থ হ’ল আনন্দ। এবছৰত ঈদ দুটা, যেনে- ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহা বা ঈদোজ্জোহা।
বিৱৰণ: মুছলমানসকলে আৰবী ৰমজান মাহ জুৰি ৰোজা ৰাখি মাহৰ শেষত আকাশত ওলোৱা ন-জোন চাই তাৰ পিছ দিনা ঈদ-উল-ফিতৰ উৎসৱ পালন কৰে। আনহাতে আৰবী জেলহজ্জ মাহৰ ১০ তাখিৰ দিনা ঈদোজ্জোহা উৎসৱ পালন কৰা হয়।
ঈদৰ দিনা সকলো ইছলামধৰ্মী লোকসকলে ৰাতিপুৱা গা-পা ধুই নতুন কােপাৰ পিন্ধে। দুখীয়াক ফিৎৰা (দান) প্ৰদান কৰে। মিঠাই, পায়স আদি নানা ধৰণৰ সুস্বাদু খাদ্য গ্ৰহণ কৰে। সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আৰ্শীবাদ কৰে। ৰাতিপৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ঈদগাহ বা মছজিদ প্ৰাঙ্গনত সমূহীয়া নামাজ পড়ে ।
ঈদোজ্জোহাৰ দিনা সমূহীয়া নামাজৰ অন্তত ধনী লোকসকলে ভেড়া, ছাগলী, গৰু, ম’হ আদি কোৰবানী (ঈশ্বৰৰ নামত উৎসৰ্গা) কৰে। কোৰবানী কৰা প্ৰথাটো হজৰত মহম্মদৰ পূৰ্বপুৰুষ হজৰত ইব্রাহিম নামৰ পয়গম্বৰৰ পৰা আহিছে। এদিনাখন পয়গম্ব ইব্রাহিমে নিজৰ শিশু পুত্ৰ ইছমাইলক আল্লাহৰ নামত উৎসৰ্গা কৰিব লাগে বুলি আল্লাহই তেওঁক সপোনযোগে জনায়। আল্লাহৰ আদেশ পাই আল্লাহক সন্তুষ্ট কৰিবলৈ আনন্দমনে পুত্ৰ ইছমাইলক কোৰবানী কৰিবলৈ পথাৰলৈ লৈ যায়। কিন্তু আচৰিত যে কোৰবানী কৰাৰ পিছত পুত্ৰৰ সলনি এটি দুম্বা (ছাগলী জাতীয় জন্তু) পোৱা যায় । ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদে এই প্ৰথাটো সংস্কাৰ কৰি পালন কৰিবলৈ লয় আৰু তেতিয়াৰ পৰা এই প্ৰথাটো চলি আছে।
সামৰণি: ঈদ উৎসৱ হৈছে মিলা-প্ৰীতি, আনন্দ, শান্তি, একতা আৰু ভাতৃত্ববোধৰ প্ৰতীক। 0 0 0
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা