ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | Ishwarchandra Bidya Sagar
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | Ishwarchandra Bidya Sagar
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (Ishwarchandra Bidyasagar) এজন শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু বাংলা গদ্য লিখক আছিল। ১৮২০ চনৰ ২৬ ছেপ্টেম্বৰত পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ বীৰসিংহ গাঁৱত তেওঁৰ জন্ম হয়। পিতৃৰ নাম ঠাকুৰদাস বন্দ্যোপাধ্যায় আৰু মাতৃৰ নাম আছিল ভগৱতী দেৱী।
গাঁৱৰ পাঠশালাতেই প্ৰাথমিক শিক্ষা লাভ কৰি কলকাতাৰ সংস্কৃত মহাবিদ্যালয়ত কাব্য, ব্যাকৰণ, আদিত ব্যুৎপত্তি লাভ কৰে। সংস্কৃত শিক্ষাৰ লগতে ইংৰাজী ভাষাও শিকে। ১৮৩৯ চনত হিন্দু আইন সমিতিৰ পৰীক্ষাত অসাধাৰণ ব্যুৎপত্তি দেখুওৱাত তেওঁ ‘বিদ্যাসাগৰ’ উপাধি লাভ কৰে। আনুষ্ঠানিক শিক্ষা জীৱনৰ সামৰণি মাৰি ১৮৪১ চনত ফৰ্ট উইলিয়াম মহাবিদ্যালয়ত বাংলা বিভাগৰ প্ৰধান শিক্ষকৰ পদত চাকৰি জীৱনৰ পাতনি মেলে। ইয়াৰ দহ বছৰ পিছত ১৮৫১ চনত সংস্কৃত মহাবিদ্যালয়ত অধক্ষ পদত অধিষ্ঠিত হয়।
বাংলা গদ্য সাহিত্যৰ পিতৃস্বৰূপ বিদ্যাসাগৰ স্কুল পৰ্যায়ৰ সকলো স্তৰতে প্ৰযোজ্য হোৱাকৈ বহতো পাঠ্যপুথি যেনে: ‘বোধোদয়’, ‘বৰ্ণ পৰিচয়’, ‘কথামালা’, ‘চৰিতাৱলী’ আদি প্ৰণয়ন কৰে। এইবোৰৰ উপৰি তেওঁ কেইবাখনো মূল্যৱান পুথি সম্পাদনা কৰে। তেওঁৰ সম্পাদিনত গ্ৰন্থসমূহ হ’ল: ৰঘুবংশ, কুমাৰসম্ভৱ, কাদম্বৰী, মেঘদূত, উত্তৰ ৰামচৰিত, অভিজ্ঞানম শকুন্তলম আদি।
আজীৱন শিক্ষা আৰু সামাজিক কাম-কাজৰ লগত জড়িত থাকি ১৮৯১ চনৰ ২৯ জুলাইত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ পৰলোক গমন কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | Ishwarchandra Bidya Sagar‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: