Home Literary Criticism উমাইয়া বিন আবি ছালাত | Umaiya bin Abi Salat

উমাইয়া বিন আবি ছালাত | Umaiya bin Abi Salat

0

উমাইয়া বিন আবি ছালাত | Umaiya bin Abi Salat

উমাইয়া বিন আবি ছালাত  Umaiya bin Abi Salat

 

উমাইয়া বিন আবি ছালাত | Umaiya bin Abi Salat

উমাইয়া বিন আবি ছালাত | Umaiya bin Abi Salat

উমাইয়া বিন আবি ছালাত: চমু  পৰিচয়:

উমাইয়া বিন আবি ছালাত আছিল প্ৰাক ইছলামী যুগৰ এজন অন্যতম জনপ্ৰিয় কবি। তেওঁৰ জন্মকাল জনা নাযায়। অনুমান কৰা হয় যে তেওঁ ষষ্ঠ শতিকাৰ দ্বিতীয়াৰ্ধত তাইফ চহৰত আৰবৰ ছাকিব গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম জনা নাযায়। সম্ভৱতঃ তেওঁৰ দেউতাক এজন ব্যৱসায়ী আছিল আৰু স্বচ্ছল জীৱন যাপন কৰিছিল। মাকৰ ফালৰ পৰা আবি ছালাত হজৰত মহম্মদ (ছাঃ)ৰ আত্মীয় আছিল।
 
উমাইয়া বিন আবি ছালাত সৰুৰে পৰা পিতাকৰ লগত ব্যৱসায়ত জড়িত হৈ পৰিছিল আৰু ইয়ামান, ছিৰিয়া, বাহৰেইন আদি দেশ ভ্ৰমণ কৰি ফুৰিছিল। তেওঁ সৰুৰে পৰাই জ্ঞান পিপাসু আৰু অনুসন্ধিৎসু প্ৰকৃতিৰ আছিল। তেওঁৰ ভ্ৰমণ কালত বিভিন্ন ঠাইত বহুতো ধৰ্মযাজক আৰু সাধু লোকক লগ ধৰিছিল। সিহঁতৰ লগত অতি আগ্ৰহেৰে মত বিনিময় কৰিছিল ধৰ্ম বিষয়ক বহু জ্ঞান লাভ কৰিছিল। তেওঁৰ ৰচনাৰ পৰা জনা যায় যে তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল আৰু মূৰ্তিপূজাৰ ঘোৰ বিৰোধী আছিল। জনা যায় যে তেওঁৰ ভ্ৰমণ কালত ছিৰিয়াৰ সন্নাসীসকলৰ পৰা শেষ নবীৰ আগমনৰ বিষয়ে অৱগত হৈছিল আৰু নিজেই সেইজন ‘শেষ নবী’ হোৱাৰ বাসনা পোষণ কৰিছিল। কিন্তু হজৰত মহম্মদ (ছাঃ) যেতিয়া নবী বুলি প্ৰচাৰ লাভ কৰিছিল তেতিয়া তেওঁ মনত বৰ দুখ পাইছিল। এক বিৱৰণত পোৱা যায় তেওঁ হজৰত মহম্মদ (ছাঃ)ক শেষ নবী হিচাপে স্বীকাৰ কৰি লৈছিল আৰু তেখেতৰ সাক্ষাৎ লাভ কৰিবলৈ সংকল্প লৈ বদৰ প্ৰান্তলৈ আহিছিল। তেতিয়া কিছুমান বেদুইন লোকে তাত থকা এটা নাদ দেখুৱাই কৈছিল যে ইয়াৰ ভিতৰত বদৰৰ যুদ্ধত নিহত হোৱা তেওঁৰ কেইজনমান আত্মীয়ৰ মৃতদেহ পৰি আছে।  এই ভয়াবহ দৃশ্য দেখা পাই তেওঁ মনত বৰ দুখ পাইছিল আৰু শোকাকুল হৈ গাৰ বস্ত্ৰ ছিঙি বিলাপ কৰিছিল। ইয়াৰ পিছত তেওঁ নবীজীক লগ কৰিবলৈ নগৈ ঘৰলৈ উভতি গৈছিল আৰু  বেমাৰত পৰি কিছুদিন পিছত ৬২৪ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰিছিল।

উমাইয়া বিন আবি ছালাত: কাব্যিক প্ৰতিভাঃ

উমাইয়া বিন আবি ছালাতৰ কেইশাৰী মান কবিতা পোৱা গৈছে। ইয়াৰ পৰা জনা যায়  যে তেওঁৰ কবিতা আছিল মাৰ্জিত আৰু নৈতিকতা, ধৰ্ম, পৰোপকাৰী, দয়া, মহানতা আদি গুণৰ ওপৰত তেওঁ কবিতা ৰচনা কৰিছিল । তেওঁৰ কবিতাসমূহ প্ৰধানকৈ তিনি প্ৰকাৰৰ -গৌৰৱগাঁথা, প্ৰশংসা গীত আৰু শোকগাঁথা। তেওঁৰ কবিতাৰ বিষয়বস্তুৰ লগত হাতিম ত্বাইৰ কবিতাৰ বিষয়বস্তুৰ কিছু মিল পোৱা যায়। তেওঁৰ এটি কবিতাত হজৰত ইব্রাহিম (আঃ) আৰু হজৰত ইছমাইল (আঃ)ৰ ত্যাগৰ কাহিনীৰ বৰ্ণনা আছে।
 
তেওঁৰ প্ৰকাশভংগী আছিল সহজ, শব্দ চয়ন আছিল সুন্দৰ আৰু সুস্পষ্ট। তেওঁৰ ধৰ্ম বিষয়ক কবিতা কিছুমানত দুর্বোধ্য শব্দৰ ব্যৱহাৰ দেখা যায়। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here