Home Essay একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ | Moi Valpoba Akhan Grantha

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ | Moi Valpoba Akhan Grantha

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ | Moi Valpoba Akhan Grantha

0

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ | Moi Valpoba Akhan Grantha

আৰম্ভণি: মই মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা সময়ৰ পৰা গ্ৰন্থৰ প্ৰেমত পৰো আৰু তেতিয়াৰ পৰাই পাঠ্যপথি পঢ়াৰ আঁৰে আঁৰে ঢৌতে খৰ মাৰি সৃষ্টিশীল সাহিত্য অধ্যয়ন কৰি আছো। এতিয়ালৈ মই বহুতো অসমীয়া, বঙালী, হিন্দী আৰু ইংৰাজী গ্ৰন্থ পঢ়ি অঁটাইছো। ইতিমধ্যে বিংশ শতাব্দীত প্ৰকাশিত প্ৰায়  দুকুৰিমান গ্ৰন্থ পঢ়াৰ মোৰ সৌভাগ্য হৈছে। মই অধ্যয়ন কৰা প্ৰায় সৰহভাগ গ্ৰন্থই মোৰ প্ৰিয় যদিও আজি মোক প্ৰিয় গ্ৰন্থ এখনৰ বিষয়ে লিখিবলৈ দিয়াত মোৰ প্ৰিয় গ্ৰন্থৰ দীঘলীয়া তালিকাৰ পৰা এখন অসমীয়া গ্ৰন্থ নিৰ্বাচন কৰি লঁলো। গ্ৰন্থখনৰ নাম ‘মই মালালাই কৈছোঁ’ আৰু লিখিকাজনীৰ নাম দিতিমণি গগৈ।

গ্ৰন্থ আৰু গ্ৰন্থখনৰ লিখিকাৰ পৰিচয়ঃ ‘মই মামলাই কৈছোঁ’ গ্ৰন্থখনৰ লিখিকা দিতিমণি গগৈ এজন সফল অসমীয়া লিখক। তেওঁৰ জন্ম হয় ১৯৭৮ চনত ডিব্রূগড় জিলাৰ মৰাণৰ আহোম গাঁৱত। তেওঁ ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কিছুদিন সাংবাদিকতা কৰি পিছলৈ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য অনুবাদক হিচাপে নিযুক্তি লাভ কৰে। ছাত্ৰ অৱস্থাৰে পৰাই সাহিত্য চৰ্চা কৰা দিতিমণি গগৈয়ে ইতিমাধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল –‘ইন্টাৰভিউত সফল হ’ব কেনেকৈ’, জীৱন আৰু স্বাস্থ্য’ আৰু ‘পল ডানৱাৰ’। দিতিমণি গগৈয়ে ‘মই মালালাই কৈছোঁ’ গ্ৰন্থখনৰ তথ্য বিভিন্ন কাকত, আলোচনী, ইন্টাৰনেট আদিৰ পৰা সংগ্ৰহ কৰাৰ লগতে খ্ৰীষ্টিনা লেম্বৰ ‘আই এম মালালা’ গ্ৰন্থৰ আধাৰত ৰচনা কৰিছে। ‘মই মালালাই কৈছোঁ’ গ্ৰন্থখন  শান্তিৰ নবেল বঁটা প্ৰাপ্ত মালালা ইউছুফজাই নামৰ এজনী পাকিস্থানী মানৱতাবাদী আৰু নাৰীবাদী বিপ্লৱী নাৰীৰ  জীৱনীমূলক গ্ৰন্থ। মালালাই হৈছে সন্মানীয় নবেল বঁটা বিজয়ী কনিষ্টতম ব্যক্তি। তাই ২০১৪ চনত মাত্ৰ সোতৰ বছৰ বয়সত এই বঁটা লাভ কৰে। গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছে ২০১৪ চনত আৰু প্ৰকাশ কৰিছে গুৱাহাটীৰ ষ্টুডেন্টচ্‌  ষ্ট’ৰচয়ে।

মই গ্ৰন্থখন ভালপোৱাৰ কাৰণ: গ্ৰন্থ এখন পঢ়ি ভালপোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। কিছুমান গ্ৰন্থ ইয়াৰ বিষয়বস্তু, দৰ্শন বা জীৱনৰ প্ৰতি প্ৰকাশ পোৱা লিখকৰ দৃষ্টিভংগীৰ বাবে ভাল লাগে। আন কিছুমান গ্ৰন্থ ইয়াৰ ভাষা আৰু শৈলীৰ বাবে পঢ়ি ভাল লাগে। আকৌ কিছুমান গ্ৰন্থ ইয়াৰ কোনো মহৎ আদৰ্শৰ  প্ৰতি অভিৰোচিত হোৱাৰ বাবে ভাল লাগে। ‘মই মালালাই কৈছোঁ’ গ্ৰন্থখনৰ বিষয়বস্ত, ভাষা-শৈলীও প্ৰশংসনীয় যদিও মই গ্ৰন্থখন ভালপোৱাৰ প্ৰধান কাৰণটো হৈছে গ্ৰন্থখনত চিত্ৰত হোৱা মালালাৰ বিল্পৱী আদৰ্শ, সংগ্ৰামী জীৱন আৰু সাহসী মানৱতাবাদী কাৰ্যকলাপ। তাই শিশু, মহিলা আৰু দৰিদ্ৰ লোকসকলৰ শিক্ষা আৰু অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰামত ৰত। গ্ৰন্থখনে শত প্ৰতিকূলতা  আৰু জীৱন নাশৰ ভাকুকি নেওচি সুসাহসেৰে কিদৰে জীৱন যুদ্ধত প্ৰবৃত হ’ব পাৰি তাৰ বাবে মোক অভিৰোচিত কৰে।

গ্ৰন্থখনৰ বিষয়বস্তু: দিতিমণি গগৈৰ ‘মই মালালাই কৈছোঁ’ গ্ৰন্থখনত মাললা ইউছুফজাইৰ জীৱনৰ প্ৰতিটো দিশৰ বিশদ বৰ্ণনা আছে। গ্ৰন্থখন তিনিশ পৃষ্ঠাৰ এক বৃহং গ্ৰন্থ। গ্ৰন্থখনত পয়ত্ৰিশটা অধ্যায় আছে। ইয়াৰ প্ৰথম অধ্যয়াৰ পৰা অষ্টম অধ্যায়লৈকে শান্তিৰ নবেল বঁটা বিজয়ী মালালাৰ প্ৰতি বিভিন্ন ব্যক্তিয়ে কৰা মন্তব্য, প্ৰতিক্ৰিয়াৰ লগতে ৰাষ্ট্ৰসংঘত দিয়া মালালাৰ ভাষণ সন্নিবিষ্ট হৈছে। ভাষণত  শিক্ষাৰ ওপৰত জোৰ দি তাই কৈছে, “এজন শিশু, এজন শিক্ষক, এখন কিতাপ, এটা কলমে সমগ্ৰ বিশ্বকে সলনি কৰি দিব পাৰে। শিক্ষাই একমাত্ৰ সমাধান। শিক্ষাই প্ৰথম চৰ্ত।’

নৱম অধ্যায়ৰ পৰা অন্তিম অধ্যায়লৈ লিখকে মালালাৰ জন্ম, পিতৃ-মাতৃ, জন্মস্থান, শিক্ষা জীৱন, শিশু আৰু নাৰী শিক্ষাৰ হকে কৰা সংগ্ৰাম আৰু কিদৰে সন্ত্ৰাসী তালিবানৰ সন্ত্ৰাসৰ বলি হ’ল আৰু মৰণৰ সতে যুঁজ দি কিদৰে পুনৰ জীৱন পালে তাৰ সুবিস্তাৰিত বৰ্ণনা আছে। বিশেষ উল্লেখ্য যে নৱম অধ্যায়ৰ পৰা লিখকে মালালাৰ জীৱন কাহিনী মালালাৰ মুখেৰে ব্যক্ত কৰিছে।

উত্তৰ-পশ্মিম পাকিস্থানৰ সুন্দৰ শ্বাত উপত্যকাৰ এখন গাওঁত তাইৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১২ জুলাইত। তাইৰ দেউতাকৰ নাম জিয়াউদ্দিন ইউছুফজাই। গাওঁখনৰ ওচৰতে আছিল আফগানিস্থানৰ গোড়া মুছলিম সংগঠন তালিবানৰ এটি ঘাটি। তালিবানীসকল নাৰীৰ আনুষ্ঠানিক শিক্ষাৰ ঘোৰ বিৰোধী। সিহঁতৰ মতে নাৰীসকল চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ পুৰুষৰ সেৱিকা হিচাপে জীৱন যাপন কৰাই নাৰীসকলৰ ধৰ্ম। প্ৰায় পাঁচ বছৰ বয়সত মালালাই ওচৰতে থকা এখন বিদ্যালয়ত ভৰ্তি হয়। তাইৰ লগত সমবয়সীয়া আন কেইজমান ছোৱালী একেলগে বিদ্যালয়লৈ অহা-যোৱা কৰি থাকে। এনদৰে মালালাৰ স্কুলীয়া সময় চলি থাকিল যদিও এদিনাখন মালালাই স্কুলৈল যোৱা এৰিব লাগে বুলি তালিবানীসকলৰ পৰা সতৰ্কবাৰ্তা পালে। কিন্তু মালালা শিক্ষা লাভৰ বাবে বদ্ধপৰিকৰ। সেয়ে তাই তালিবানীসকলৰ সতৰ্কবাৰ্তা আওকান কৰি স্কুলীয়া শিক্ষা চলাই থাকিল। কিন্তু হঠাৎ এদিন বিদ্যালয়ৰ পথত কেইজনমান বন্দুকধাৰী তালিবান নেতাই মালালাই গৈ থকা গাড়ীখন আগুৰি ধৰি মালালাৰ মূৰলৈ লক্ষ্য কৰি গুলি কৰিলে। মালালা মূহুৰ্ততে অজ্ঞান হৈ ঢলি পৰিল। বহুতে তাইৰ জীৱন নির্বাপিত হ’ল বুলি শোক কৰিব ধৰিলে। কিন্তু তেতিয়াও তাইৰ দেহত প্ৰাণ আছিল। তাইক হস্পিতালত ভৰ্তি কৰা হ’ল যদিও মূমুৰ্ষ মালালাৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা পাকিস্থানত নথকা বাবে তাইক চিকিৎসাৰ বাবে ইংলেণ্ডলৈ পঠোৱা হয়। তাতে ঈশ্বৰৰ কৃপা আৰু অভিজ্ঞ ডক্টৰসকলৰ প্ৰচেষ্টাত তাই সুস্থ হৈ উঠিল। সুস্থ হৈ তাই নাৰীৰ শিক্ষা আৰু অধিকাৰ সাব্যস্ত কৰাৰ বাবে আজীৱন কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাই নাৰীসকলক সকলো প্ৰতিকূলতা নেওচি স্কুললৈ যোৱাৰ বাবে উৎসাহ উদ্দীপনা দিয়াৰ লগতে নাৰীসকলৰ স্বাৰ্থত ‘মালালা ফাণ্ড’ গঢ়ি তোলে। মালালাৰ সাহস আৰু বিপ্লৱী আদৰ্শৰ স্বীকৃতিস্বৰূপ তাই ১৯১৪ চনত বিশ্বৰ আটাইতকৈ দামী আৰু সন্মানীয় নবেল বঁটা লাভ কৰে। তাই এতিয়া বিশ্বৰ শিশু আৰু নাৰীসকলৰ স্বাৰ্থত কাম কৰি আছে।

সামৰণি: মালালা ইউছুফজাই অকল এজনী নাৰীবাদী কৰ্মী আৰু নেত্ৰীয়ে নহয়, তাই হৈছে বিশ্বৰ কৌটি কৌটি লাঞ্চিত, বঞ্চিত, নিৰ্যাতিত, দৰিদ্ৰ-পীড়িত শিশু আৰু নাৰীৰ বাবে আশা আৰু প্ৰেৰণাৰ বন্তী। আহক আমি আটায়ে তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ মানৱ সেৱাত নিজকে নিয়োজিত কৰাৰ শপত গ্ৰহণ কৰো। ০ ০ ০

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ

বি. দ্র. উক্ত ‘একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ | Moi Valpoba Akhan Grantha’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থৰ অন্তর্গত।

একবিংশ শতিকাত প্ৰকাশিত মই ভালপোৱা এখন গ্ৰন্থ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here