Home Kabita একাত্মকতা | Akatmokota

একাত্মকতা | Akatmokota

0

একাত্মকতা | Akatmokota

একাত্মকতা  Akatmokota

একাত্মকতা

একাত্মকতা

ৰাব্বি মছৰুৰ

 

আমি  শিল হৈ  আগবাঢ়ি আছো

সন্মুখত আমাৰ বিশাল নৈ

নৈখনৰ পাৰত আমি লগা-লগি হওঁ প্ৰতিৰাতি

কথা পাতো হৃদয়ৰ ভাষাৰে

কাৰো স’তে কেতিয়াও নপতা কথা।

 

আমি শিল হৈ  আগবাঢ়ি আছোঁ

আমাৰ সন্মুখত বিশাল সাগৰ

আমি প্ৰতিদিন উপকূলখনতে লগালগি হওঁ

আৰু বিনিময় কৰো আত্মীয়তা।

 

আমি শিল হৈ আগবাঢ়ি আছোঁঁ

সন্মুখত আমাৰ জ্বলামূখীৰ জুই

আমি প্ৰতি দুপৰীয়া ইয়াতে লগালগি হওঁ

বুকু ফালি  বিনিময় কৰো আত্মা।

 

আমি শিল হৈ  আগবাঢ়ি আছোঁ

সন্মুখত আমাৰ সাঁথৰ -পোহৰ আৰু এন্ধাৰৰ 

আমি ইয়াতেই লগালগি হওঁ

যেতিয়া দৌৰি পলায় সভ্যতাৰ আত্মাই।

এনেদৰেই প্ৰতিপল

আমি শিল হৈয়েই অভিসাৰ কৰো প্ৰেমৰ পথাৰত। ০ ০ ০

একাত্মকতা | Akatmokota

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here