Home Kabita এখন পুৰণি চিঠি | Ekhan Purani Chithi

এখন পুৰণি চিঠি | Ekhan Purani Chithi

0

এখন পুৰণি চিঠি | Ekhan Purani Chithi

এখন পুৰণি চিঠি  Ekhan Purani Chithi

এখন পুৰণি চিঠি

ৰাব্বি মছৰুৰ

 

মোৰ মানস জুপুৰিটোৰ এচুকত জমা হোৱা 

আবৰ্জনাৰ দ’মবোৰ খুচুৰি থাকোতে 

হঠাৎ পাই গ’লো 

আজিৰ পৰা দুই দহকমান আগতে লিখা 

এখন পুৰণি চিঠি।

চিঠিখন ময়েই লিখিছিলো এজন বন্ধুলৈ

চিঠিখনত আমাৰ ইয়াৰ কিছু খবৰ আছিল

আৰু আছিল কিছু নিচেই একান্ত ব্যক্তিগত কথা।

আছিল প্ৰেম আৰু ভালপোৱাৰ কথা

আছিল জুইৰ কথা, এন্ধাৰৰ কথাও তাত আছিল, 

আছিল পোহৰৰ কথাও

আছিল শতাব্দীয়ে শ্বাসৰুদ্ধ হৈ আত্মহত্যা কৰাৰ কথা।

আৰু কিছু কথা আছিল ঠিক চিঠিখনৰ শেষৰ পিনে

কথাখিনি উঁই পোকে খাই  পঢ়িব নোৱাৰা কৰিলে।

কিন্তু চিঠিখন বন্ধুলৈ পঠোৱা হোৱা নাছিল।

সম্ভৱতঃ ডাক টিকটৰ অভাৱৰ বাবে 

অথবা মোৰ বিস্মৃতিৰ বাবেই চিঠিখন তাতে পৰি আছিল।

আজিও সেই কথাখিনি দুই দহক আগৰ দৰেই প্ৰাসঙ্গিক

চিঠিখন আজিও পঠাব পাৰো

কিন্তু মই যে বন্ধুৰ ঠিকনা হেৰুৱালো! ০ ০ ০

এখন পুৰণি চিঠি | Ekhan Purani Chithi

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here