এদি আমিন। Adi Amin
এদি আমিন। Adi Amin
এদি আমিন (Adi Amin) আছিল উগাণ্ডাৰ ৰাষ্ট্ৰপতি । তেওঁৰ জন্ম হয় ১৯২৫ চনত । তেওঁ প্ৰাথমিক পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰি সৈন্যবাহিনীত যোগ দিয়ে আৰু ১৯৬৪ চনত উগাণ্ডাৰ সেনাৰ কৰ্ণেল পদ লাভ কৰে। তেওঁ আছিল তৎকালীন উগাণ্ডাৰ প্ৰধানমন্ত্ৰী মিল্টন আবেটেৰ বন্ধু আৰু তেওঁ ইদি আমিনক সৈন্যবাহিনীৰ প্ৰধানৰূপে অধিষ্ঠিত কৰে। কিন্তু পাছলৈ তেওঁলোকৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু ১৯৭১ চনত এক সামৰিক অভ্যুত্থানৰ জৰিয়তে মিল্টন আবেটেকে ক্ষমতাচ্যুত কৰি এদি আমিনে উগাণ্ডাৰ ৰাষ্ট্ৰপতি হয় আৰু দেশখনত সামৰিক একনায়কত্ববাদৰ প্ৰচলন কৰে। ৰাষ্ট্ৰপতি হৈ তেওঁ দেশখনত থকা সকলো বিদেশী ব্যৱসায় জব্দ কৰে আৰু তেওঁক বিৰোধিতা কৰা কেইবাহাজাৰো নিৰ্দোষী লোকক প্ৰাণদণ্ড দিয়ে। তেওঁৰ এই ঘোষণাই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে। ১৯৭৮ চনত এদি আমিনে টানজানিয়াৰ কাগেৰা অঞ্চল দখলৰ চেষ্টা কৰে যদিও পৰাজিত হয় আৰু ১৯৭৯ চনত ক্ষমতাচ্যুত হয়। ইয়াৰ পাচত তেওঁ লিবিয়ালৈ পলাই যায় আৰু বহুকেইখন দেশত আত্মগোপন কৰি অৱশেষত ছৌডি আৰবত বসবাস কৰিবলৈ লয়। বিশাল আৰু ভয়কৰ চেহেৰাৰ এইজন শাসকে তেওঁৰ ৮ বছৰীয়া শাসনকালত এক লাখৰো অধিক লোকক বিনাকাৰণে নিৰ্মমভাৱে হত্যা কৰে। বিশ্বই ইদি আমিনক আধুনিক বিশ্বৰ আটাইতকৈ নিষ্ঠূৰ শাসক বুলি ঘৃণাৰ চকুৰে চায়। তেওঁৰ কেইবাগৰাকী বিবাহিতা পত্নী থকাৰ উপৰিও তেওঁৰ প্ৰায় ৪০ গৰাকী উপ-পত্নী আছিল।
২০০৩ চনৰ ১৬ আগষ্টত এদি আমিনৰ মৃত্যু হয়। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘এদি আমিন । Adi Amin‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: