এন্টাৰ্কটিকা | Antarctica
এন্টাৰ্কটিকা Antarctica
এন্টাৰ্কটিকা | Antarctica
এন্টাৰ্কটিকা দক্ষিণ মেৰুত। এইটো পৃথিৱীৰ তল অংশত অৱস্থিত। এন্টাৰ্কটিকাৰ প্ৰায় গোটেইখিনি এন্টাৰ্কটিকা বৃত্তত অৱস্থিত। এন্টাৰ্কটিকা বৃত্ত হৈছে এক কাল্পনিক ৰেখা যিয়ে পৃথিৱীৰ দক্ষিণ অংশক আগুৰি আছে। এন্টাৰ্কটিকাৰ চাৰিওপিনে দক্ষিণ মহাসাগৰ। আয়তনৰ দিশত ই পৃথিৱীৰ এচিয়া, আফ্রিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পিছতেই পঞ্চম বৃহৎ মহাদেশ। এন্টাৰ্কটিকা হৈছে আটাইতকৈ শীতল, শুষ্ক আৰু বতাহযুক্ত মহাদেশ। এন্টাৰ্কটিকাত কোনো জনমানৱ স্থায়ীভাৱে বাস নকৰে। এন্টাৰ্কটিকাত বাস কৰা মানুহৰ বেছিসংখ্যকেই হৈছে বিজ্ঞানী আৰু সিহঁতৰ সহযোগীসকল।
এন্টাৰ্কটিকাক এখন মৰুভূমি বুলি বিবেচনা কৰা হয়। মৰুভূমি হৈছে এক বিশাল ভূ-অঞ্চল য’ত খুব সামান্য পানী আছে আৰু খুব কম সংখ্যক গছ-গছনিহে তাত জন্মে। বেছিভাগ মৰুভূমি বালিৰ দ্বাৰা আবৃত। চাহাৰা মৰুভূমি হৈছে তেনে মৰুভূমিৰ এটা। কিন্তু এন্টাৰ্কটিকাত কোনো বালি নাই। তেন্তে এন্টাৰ্কটিকাক কিয় এখন মৰুভূমি বুলি বিবেচনা কৰা হয়? এইটো এটা মৰুভূমি কাৰণ ইয়াত অতি কম বৰষুণ হয়। মৰুভূমি হৈছে বৰষুণহীন (শিলা-বৃষ্টিহীন) অতিপাত শুকান ঠাই। শিলা-বৃষ্টি হৈছে বৰষুণ, বৰফ ইত্যাদিৰ পৰিমাণ যি এঠাইত বৰ্ষিত হয়। এন্টাৰ্কটিকাত যিহেতু কোনো বৰষুণ নহয়, সেয়ে ইয়াক মৰুভূমি বুলি কোৱা হয়। প্ৰকৃততে ই পৃথিৱীত থকা আটাইতকৈ ডাঙৰ মৰুভূমি। এইটো পৃথিৱীৰ অতি শুষ্ক আফ্রিকাৰ চাহাৰা মৰুভূতিকৈ তাৎপৰ্যপূৰ্ণভাৱে ডাঙৰ।
দক্ষিণ মেৰুত, শীতকালত (মাৰ্চৰ পৰা আগষ্টলৈ) সূৰ্যটো দিগন্তৰ ওপৰলৈ নুঠে। গ্ৰীষ্মকালত (চেপ্তেম্ভৰৰ পৰা ফেব্রূৱাৰীলৈ) সূৰ্যটো দীৰ্ঘ সময়ৰ বাবে অস্ত নাযায়। এন্টাৰ্কটিকাৰ প্ৰায় ৯৮ শতাংশ বৰফৰ স্তৰে ঢাক খাই আছে যি এমাইলতকৈ অধিক গভীৰ। ই হৈছে পৃথিৱীৰ বৰফৰ প্ৰায় ৯০ শতাংশ। সেই সকলো বৰফ পৃথিৱীৰ পৰিষ্কাৰ পানীৰ ৭০ শতাংশ। এন্টাৰ্কটিকাৰ ভিতৰৰ গড় উত্তাপ -৬৭° ৰ পৰা -৭৬° ফাৰেনহাইট।
এন্টাৰ্কটিকাৰ জলবায়ু জীৱৰ প্ৰতিকূল; সেয়ে ইয়াত অতি কম জৈৱ-বৈচিত্ৰ আছে। তথাপি তিমিৰ কেইবাটাও প্ৰজাতি যেনে-ব্লো হোৱেল, ফিন হোৱেল, হাম্পেবক হোৱেল আৰু স্পাৰ্ম হোৱেল এন্টাৰ্কটিৰ চাৰিওপিনে থকা সাগৰত পোৱা যায়। এই বৰফময় মৰুভূমিৰ অতি বিখ্যাত বাসিন্দা হৈছে পেংগুইন। বিভিন্ন প্ৰজাতিৰ পেংগুইন ইয়াত জন্ম গ্ৰহণ কৰে। সকলো পেংগুইনৰ ভিতৰত সম্ৰাট পেংগুইন হৈছে আটাইতকৈ বিশাল প্ৰজাতিৰ পেংগুইন। পেংগুইন হৈছে উৰিব নোৱাৰা চৰাই। সিহঁতৰ ডেউকা উৰাৰ পৰিৱৰ্তে সাতোঁৰাৰ বাবেহে বিকশিত হৈছে। এন্টাৰ্কটিকাৰ প্ৰতিকূল বতাহ আৰু উষ্ণতা ধৰি ৰখাৰ বাবে সিহঁত একে ঠাইতে গোট খাই থাকে। ইয়াৰ বাহিৰেও নানা প্ৰকাৰৰ শেলুৱৈ, বেক্টেৰিয়া, ভেঁকুৰ, উদ্ভিদ, প্ৰটিষ্টা আৰু নিৰ্দিষ্ট আন আন জীৱ যেনে মাইটচ, নেমাট’ডেচ, ছীল আৰু টাৰ্ডিগ্ৰেড ইত্যাদি তাত পোৱা যায়।
এন্টাৰ্কটিকা হৈছে এনেকুৱা এটি মহাদেশ যাৰ কোনো প্ৰশাসনীয় গোট নাই। বিভিন্ন দেশে এন্টাৰ্কটিকাৰ অংশ দাবী কৰি আহিছে কিন্তু সেই দাবী অন্যান্য দেশসমূহৰ দ্বাৰা স্বীকৃতি পোৱা নাই। ‘এন্টাৰ্কটিকা চুক্তি’ৰ দ্বাৰা এন্টাৰ্কটিকা মহাদেশখনক সুৰক্ষা দিয়া হৈছে। এই চুক্তিয়ে এন্টাৰ্কটিকাৰ অংশ দাবী কৰাত দেশবোৰক বাধা প্ৰদান কৰিছে। এই চুক্তি ডিচেম্বৰ ১, ১৯৫৯ চনত চহী কৰাৰ বাবে মুকলি কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে ই ২৩ জুন, ১৯৬১ চনত কাৰ্যকৰী কৰা হৈছে। আৰম্ভণিতে বাৰখন দেশে চুক্তিখনত চহী কৰিছিল। ২০১৯ চনত ৫৪ খন ৰাষ্ট্ৰই চুক্তিখনত চামিল হৈছে। এই চুক্তিখনে ইয়াও নিশ্চিত কৰিছে যে এন্টাৰ্কটিকা অকল বৈজ্ঞানিক উদ্দেশতহে ব্যৱহাৰ কৰিব পৰা যাব।
যদিও সাম্প্ৰতিক সময়ত ই হৈছে পৃথিৱীত থকা আটাইতকৈ শীতল অঞ্চল, গৱেষকসকলে কয় যে প্ৰায় ৫০ মিলিয়ন বছৰ আগতে, এন্টাৰ্কটিকাৰ কিছুমান অংশত উষ্ণতা আছিল ৬৩° ফাৰেনহাইট বা ১৭° চেলচিয়াচ। এইটো কোৱা হয় যে তাত নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰিছিল। ইয়াৰ সকলোতে চিৰসেউজ হাবি আছিল আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তাত বাস কৰিছিল। সেই সময়ত ই আছিল বৰ্ষাৰণ্যৰ ঘৰ। দুর্ভাগ্যক্ৰমে, সময়ৰ গতিত সেইবোৰ নিম্ন চাপ আৰু বৰফৰ টুপীয়ে মচি পেলাইছিল। বিজ্ঞানীসকলে এইয়া তাত পোৱা সাক্ষ্য যেনে ঢেঁকীয়াৰ জীৱাষ্ম আৰু হাবিৰ জীৱ-জন্তুৰ দ্বাৰা প্ৰমাণ কৰিছে।
অকল্পনীয় শীতৰ বাবে আজি এন্টাৰ্কটিকা হৈছে জীৱনৰ বাবে এক প্ৰতিকূল ঠাই। কিন্তু দুঃসাহসিক অভিযান ভাল পোৱাসকলে এন্টাৰ্কটিকা উপদ্বীপৰ মাজেদি এন্টাৰ্কটিকা ভ্ৰমণ কৰে। এন্টাৰ্কটিকা উপদ্বীপক ‘বেনানা বেল্ট’ বুলিও জনা যায়। পৰ্যটকসকলে এন্টাৰ্কটিকাৰ গ্ৰীষ্মকালত এন্টাৰ্কটিকা ভ্ৰমণ কৰে। এন্টাৰ্কটিকা ভ্ৰমণকাৰীসকলৰ বাবে সদায় অনুমতি লোৱাৰ প্ৰয়োজন হয়। বহুতো মানুহে এন্টাৰ্কটিকাত অনুসন্ধান কৰিছে। এন্টাৰ্কটিকাক অবিকৃত ৰাখিবলৈ যথেষ্ট সংখ্যক নীতি-নিয়ম প্ৰনয়ণ কৰা হৈছে যাতে কোনেও এন্টাৰ্কটিকাৰ পৰিৱেশ¸ প্ৰদূষিত কৰিব নোৱাৰে। কোনেও এন্টাৰ্কটিকালৈ মাটি বা সাৰ আৰু অন্যান্য বস্তু যেনে কণী আৰু যিকোনো ধৰণৰ মাটিত বসবাস কৰিব পৰা মেৰুদণ্ডহীন লেটা কঢ়িয়াই লৈ যাব নোৱাৰে কাৰণ মাটিয়ে উদ্ভিদৰ বীজ ধাৰণ কৰিব পাৰে। ভ্ৰমণকাৰীসকলে আনকি কোনো বস্তু এন্টাৰ্কটিকাৰ পৰা বহন কৰি আনিব নোৱাৰে। প্ৰত্যেকেই সিহঁতৰ ভ্ৰমণৰ কাৰণে এটা স্মাৰক ৰাখিবলৈ ভাল পায়। এন্টাৰ্কটিকালৈ কোনো বস্তু লৈ যোৱাটো নিষিদ্ধ। এইবোৰৰ অন্তৰ্ভূক্তি হৈছে শিল, পাখি, হাড়, কণী আৰু মাটিৰ চিহ্নৰ সৈতে যিকোনো প্ৰকাৰৰ জৈৱিক পদাৰ্থ।
গ্ৰেট বৃটেইনৰ চাৰ জেমচ ক্লাৰ্ক ৰ’ছ হৈছে এন্টাৰ্কটিকা অভিযানৰ আটাইতকৈ বেছি বিখ্যাত ব্যক্তিসকলৰ ভিতৰত এজন। তেওঁক এন্টাৰ্কটিকাক এখন মহাদেশ বুলি চিহ্নিত কৰা প্ৰথম মানৱ বুলি বিবেচনা কৰা হয়। নৰৱেৰ ৰ’নাল্ড এমুণ্ডাচন, গ্ৰেট বৃটেইনৰ ৰবাৰ্ট ফেলকন স্কট, অষ্টেলিয়াৰ চাৰ ডগলাচ মাওচন, নিউ জিলেণ্ডৰ চাৰ এডমাণ্ড হিলাৰী হৈছে কেইজনমান অভিযানকাৰী যিসকলে এই বৰফময় ভূ-ভাগত পদাৰ্পন কৰিছিল।
বৰ্তমান সময়ত গোলকীয় উষ্ণতা হৈছে এক জলন্ত সমস্যা। এন্টাৰ্কটিকাত গোলকীয় উষ্ণতাৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। যোৱা ৫০ বছৰত এই বিশাল বৰফময় ভূমিত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পাইছে। উষ্ণতা বৃদ্ধিৰ পৰিণামস্বৰূপে অৱশেষত এন্টাৰ্কটিকাৰ বৰফ গলিব পাৰে যিয়ে গোলকীয় সমুদ্ৰপৃষ্ঠৰ সীমা বৃদ্ধি কৰিব পাৰে। ই গোলকীয় সাগৰৰ উপকূল জলমগ্ন কৰিব পাৰে।
এন্টাৰ্কটিকা বিজ্ঞানীসকলৰ অতি মৰমৰ যিসকলে আমাৰ মাতৃ গ্ৰহ পৃথিৱীক ভাল পায়। ই বিজ্ঞানৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইয়াক পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰীক্ষাগাৰ বুলি বিবেচনা কৰা হয়। আমাৰ পৃথিৱীখনে কিদৰে কাম কৰে আৰু প্ৰাকৃতিক পৃথিৱীত মানুহৰ কাৰ্য কলাপৰ প্ৰভাৱ কেনেকুৱা এই বিষয়ে এন্টাৰ্কটিকাই আমাক কয়। ০ ০ ০.
বিঃদ্রুঃ উক্ত ‘এন্টাৰ্কটিকা | Antarctica’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিবিধ‘ শিৰোনামৰ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়ন
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- বিবিধ (বাৰেমিহলি লিখনিৰ সংকলন)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: