ঐৰাম বৰি | Oiram Bori
ঐৰাম বৰি | Oiram Bori
ঐৰাম বৰি (Oiram Bori) আছিল মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণক।
ঐৰাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্ৰশাসনৰ ‘নেফা’ ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাকিৰ বৰি আৰু মঙলী বৰি।
সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নাছিল। তেওঁ নিজ গাঁৱৰ পৰা ত্ৰিছ-পঁইত্ৰিশ কিলোমিটাৰ নামনিৰ পুৰণা মুৰ্কংচেলেকৰ অন্তৰ্গত মেচাকী প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ শ্ৰেণীলৈকে লিখা-পঢ়া কৰিছিল।
১৯৫০ চনত ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বৰ্ণাঢ্য মিচিং কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ কাম আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা কৃষ্টিপ্ৰাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিঙৰ মূল্যৱান ঐ নিঃতম, চৗল্লয়া, লৗৰৗলি, লঃলে, কাবান, তৗবঃ তৗকাং, বৃনি, মিবু আঃবাং আদিৰ প্ৰণালীবদ্ধ চৰ্চা, সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত হাতে-কামে লাগে। তেওঁৰ লগত সহযোগ কৰা পোন্ধৰগৰাকীৰো অধিক ডেকা-গাভৰুৰ দল আছিল। বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্রূগড় আৰু মাজুলীলৈকে লোককৃষ্টি প্ৰদৰ্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ ঘটায়।
উল্লেখ্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ সহযোগত প্ৰণালীবদ্ধভাৱে লৃগাং-লঃলে, গুম্ৰাগ নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টিক নতুন মাত্ৰা প্ৰদান কৰে। অদুপৰি তাহানিৰ মুৰ্কংচেলেক অঞ্চলৰ পিছপৰা মিচিং গাঁওসমূহত বৰিয়ে পঢ়া-শুনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, গ্ৰাম্য সমাজত আন্তঃসহযোগিতাৰে কৰ্ম সম্পাদন কৰা, প্ৰচলিত হৈ থকা সামাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাদিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজখন সুস্থ-সবল ৰূপত জীয়াই ৰখা আদি নানা দিশত কৰ্ম-আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। তেওঁ ‘অয়ান অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভা’ৰ পৰা আদি কৰি ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈকে বহু মূল্যৱান কৰ্ম ৰূপায়ণ কৰে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ‘ঐৰাম বৰি | Oiram Bori‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: