Home Literary Criticism কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Kabitar Sharir

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Kabitar Sharir

0

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Kabitar Sharir

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

‘কবিতাৰ শৰীৰ’ নামৰ কবিতাটি কবিতাৰ অবয়ৱ সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতা এটিৰ কাব্যিক  বৈশিষ্ট্য, কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্ক আৰু কবিতাই কবিক দিয়া কাব্যিক ভালপোৱা   প্ৰকাশ কৰিছে।

প্ৰথমে কবিয়ে কবিতাটিত কবিতা এটিৰ শাৰীৰিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। কিন্তু এই বৈশিষ্ট্য গোটা (concrete) নহয়; ই গুণবাচক ধাৰণাহে (abstract idea) । কবিয়ে কবিতাৰ শৰীৰ নিমজ, নিটোল, ছন্দোবদ্ধ আৰু বৰ্ণময় বুলি কৈছে। ইয়াত কবিয়ে ‘কবিতা’ এই ধাৰণাটোত সমাসোক্তি অলংকাৰ আৰোপ কৰি কবিতাক মানৱীয় গুণ সম্পন্ন কৰিছে। কবিৰ ভাষাত ঃ

“কবিতাৰ কি যে নিমজ, নিটোল, ছন্দোবদ্ধ বৰ্ণময় শৰীৰ

যেন বসন্তৰ পথাৰত জীপ দিয়া কেঁচা কোমল ঘাঁহ

জ্যোৎস্না ৰাতিৰ নীলিমা ভ’ৰা কবিতাৰ আবৰণ।”

ইচ্ছা থাকিলেও স্পৰ্শ কৰিব নোৱাৰি তাৰ নির্ভেজাল দেহ।”

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

দ্বিতীয়তে কবিয়ে কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্কৰ বিষয়ে কৈছে। কিন্তু এই সম্পৰ্কও কাব্যিক- যি সম্পৰ্ক কেৱল অন্তৰেৰেহে অনুভৱ কৰিব পাৰি। কবিয়ে কৈছে যে তেওঁ কবিতাৰ পথাৰত অবাধে বিচৰণ কৰে, তাৰ শৰীৰৰ পৰা আহৰণ কৰে কোমল সঞ্জীৱনী ৰ’দ। কেতিয়াবা কবিয়ে কবিতাৰ ৰাজ্যত নিজকে হেৰুৱাই পেলায়, কবিতাৰ স’তে সহবাস কৰে,  আকৌ কেতিয়াবা হাত ধৰি দেশ-দেশান্তৰ ভ্ৰমি ফুৰে। কবিৰ ভাষাত ঃ

“কবিতাৰ পাৰপত্ৰহীন  সীমনাত বিচৰণ কৰি মই নিজকে হেৰুৱাও

কবিতাই  মোক বিচাৰি আনি সযতনেৰে স্থাপন কৰে 

তাৰ মাধুৰী কোলাত

অন্তৰঙ্গভাৱে কবিতাৰ স’তে সহবাস কৰো, 

ক্ষণিক বিেচ্ছদ ঘটাওঁ

আকৌ কবিতাৰ স’তে হাতে হাত ধৰি পাৰ হওঁ দেশ-দেশান্তৰ।”

কেৱল কবিয়েই যে কবিতাক প্ৰেম কৰে এনে নহয়; কবিতায়ো কবিক প্ৰেম কৰে। সেয়ে বিচ্ছেদৰ বিৰতিৰ পিছত কবিতাই কবিক সম্ভাষণ যাচে, আলফুলে চুমা খায়, কেতিয়াবা কবিক ৰুকি ৰুকি কাটে, আকৌ শৰীৰত সঘনাই আঘাতো হানে।  অৰ্থাৎ কবিতাই কবিক সুখ আৰু দুখ– দুয়োটাই দিয়ে। কবিৰ ভাষাত ঃ

“বিচ্ছেদৰ বিৰতিৰ পিছত লগ পালেই কবিতাই

মোক সম্ভাষণ যাচে

আলফুলে সাৱটি চুমা খায়

হৃদয়ৰ বতৰা দিয়ে সংগোপনে।

ইমান কোমল কবিতাৰ নিৰ্মোহ মুখাৱয়ব

অথচ ভীষণ তীক্ষ্ণ তাৰ দাঁত

কবিতাই মোক ৰুকি ৰুকি কাটে

ৰৈ ৰৈ প্ৰতিদিন চোবায়

স্পৰ্শকাতৰ শৰীৰত সঘনাই হানে দুৰ্বাৰ আঘাত।”

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

ইয়াৰ পিছত কবিয়ে আকৌ কবিতাৰ সাধাৰণ বৈশিষ্ট্যলৈ ওভতিছে। কবিৰ মতে কবিতা আন্তৰ্জাতিক, কবিতা সৰ্বত্ৰ বাসোপযোগী, কবিতা জীৱনৰ অমিয়া সুৰ, সৰ্বকালৰ আৱহ সঙ্গীত। কবিৰ ভাষাত ঃ

“কবিতা মূলতঃ নির্বোধ ব্যাকৰণ

যাৰ নাই বিশেষ বিশেষণ

কবিতা সৰ্বত্ৰ বাসোপযোগী, জীৱনৰ অবিচল যাত্ৰা

অবিচলিত পথিক

কবিতা মূলতঃ জীৱনৰ অমিয়া সুৰ

ৰূপান্তৰিত কালৰ আৱহ সঙ্গীত।”

কবিতাটিৰ ভাষা গদ্যময় যদিও ইয়াত কাব্যিক স্পন্দন আছে। ইয়াৰ আটাইতকৈ আকৰ্ষনীয় দিশটো হৈছে ইয়াৰ অভিনৱ আৰু মন মোহনীয় চিত্তাকৰ্ষক কল্পচিত্ৰ। কবিতাটিৰ প্ৰতিটি স্তৱকেই কল্পচিত্ৰৰ একোজোপা ফুটন্ত ফুল- যিয়ে মন-প্ৰাণ আকৰ্ষণ কৰাৰ ওপৰিও হৃদয়ত এক কাব্যিক আনন্দৰ অনুৰণন তোলে। কবিতাটি ‘মাধুৰী কোলা’, ‘নির্বোধ ব্যাকৰণ’, ‘নিৰ্মোহ মুখাৱয়ব’ আদি অনাষক্ত বিশেষণৰ দ্বাৰা অলংকৃত। তাৰোপৰি কবিতাটিত ব্যৱহাৰ কৰা উৎপ্ৰেক্ষা অলংকাৰো বিদ্যমান। কবিয়ে কবিতাৰ শৰীৰক ‘বসন্তৰ পথাৰত জীপ দিয়া কেঁচা ঘাঁহ’ ৰ লগত তুলনা কৰি এই উৎপ্ৰেক্ষা অলংকাৰৰ সৃষ্টি কৰিছে। ০ ০ ০

কবিতাৰ শৰীৰ-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here