Home Literary Criticism কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Kabir Chotal

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Kabir Chotal

0

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ
কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Kabir Chotal

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

‘কবিৰ চোতাল’ শিৰোনামৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকধৰ্মী কবিতা। কবিতাটি কবি হীৰেন ভট্টাচাৰ্য সমীেপষুলৈ লিখা। সম্ভৱতঃ কবি ইছমাইলে কবি হীৰেনদাৰ কোনো এক কবিতাৰ অনুপ্ৰেৰণাতে কবিতাটি লিখিছে।  কবিতাটিৰ মাজেৰে কবিয়ে শিল্প হিচাপে  কবিতাৰ প্ৰতি কবিৰ স্বভাৱিক দুবৰ্বলতা আৰু কবিয়ে কবিতাৰ প্ৰসঙ্গগত (thematic) আৰু ভাষাগত (linguistic) বৈশিষ্ট্যৰ কাব্যিক ধাৰণা আগবঢ়াইছে।

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

কবিতাটি দুটা সৰু সৰু স্তৱকৰ সমষ্টি। প্ৰথম স্তৱকত কবিয়ে কবিৰ মানসিক নাইবা পৰিৱেশিক বিপৰ্যয়ৰ বিষয়ে কৈছে যে তেওঁৰ কাব্য মানসত কাব্যস্পৃহা  অস্তমিত হওঁ হওঁ।  নিশ্চয় সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক নাইবা নৈতিক স্খলনেই ইয়াৰ কাৰণ। কিন্তু কবিয়ে কাৰণ উহ্য ৰাখিছে। বৰ্তমান সমাজৰ অৱক্ষয়ৰ প্ৰতি চকু দি কবিয়ে কাব্য প্ৰেৰণা হেৰুৱাই পেলাইছে সেয়ে তেওঁ কলম কামুৰি বহি থাকে  কবিতা এটিকে লিখিব বুলি; কিয়নো আদিম মানৱৰ যিদৰে প্ৰধান বাসনা আছিল সুস্থিৰ আৰু শান্তিৰে ভ’ৰা এটি আশ্ৰয়স্থল আৰু সেইদৰে কবিৰো প্ৰধান বাসনা কবিতা ৰাজ্য দখল কৰাটো নাইবা সফল কবিতা লিখাটো। কবিৰ ভাষাত–

“কবিৰ চোতালত

অস্ত যাওঁ যাওঁ সোণোৱালী ৰ’দ;

কলম কামুৰি বহি থাকে কবি

যিদৰে মানুহৰ আদিম বাসনা ঘৰ।”

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

এই কল্পচিত্ৰটো সম্পূৰ্ণভাৱেই প্ৰতীকধৰ্মী। ‘কবিৰ চোতাল’ প্ৰতীকে কবিৰ কবিতা ৰাজ্যৰ পটভূমি অৰ্থাৎ সমাজক ইঙ্গিত কৰিছে। ‘সোণোৱালী ৰ’দ’ প্ৰতীকে  সমাজৰ ওপৰত কবি বা কবিতাৰ প্ৰভাৱ আদৰ্শগত দিশৰ পৰা ক্ৰমে অধোঃগামী  অৱস্থাৰ কথাকে সূচাইছে।

দ্বিতীয় স্তৱকত কবিয়ে কবিতাৰ সাধাৰণ বৈশিষ্ট্যৰ আভাষ দিছে। কবিয়ে শব্দৰ কাৰুকাৰ্য খটুৱাই কবিতা ৰচনা কৰে;  কিন্তু কবি শব্দ নিৰ্বাচনত অতি সতৰ্কশীল আৰু বিবেচকী।  কবিয়ে প্ৰতিটি শব্দ মানস মনত যাতে সোৱাদ যোগাব পাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি দি নিৰ্বাচন কৰে। কবিয়ে কল্পনা ৰাজ্যৰ পৰা আঁতৰত থাকি  নিজৰ জন্মভূমিৰ পটভূমিতে তেওঁৰ কবিতাৰ বিষয়-বস্তু নিৰ্বাচন কৰে।

আপাত দৃষ্টিত কবিতাটি সৰু আৰু সহজ যেন লাগিলেও আচলতে কবিতাটি অতি তাৎপৰ্যশীল- কিয়নো কবিতাটিত কবিয়ে প্ৰতীকৰ সহায়ত নিজৰ কাব্য কাননৰ আভাস দিবলৈ চেষ্টা কৰিছে। ০ ০ ০

কবিৰ চোতাল-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here