Home Essay কম্পিউটাৰ ৰচনা | Computer Essay in Assamese

কম্পিউটাৰ ৰচনা | Computer Essay in Assamese

0

কম্পিউটাৰ ৰচনা

কম্পিউটাৰ ৰচনা  Computer Essay in Assamese

 

কম্পিউটাৰ ৰচনা

কম্পিউটাৰ ৰচনা | Computer Essay in Assamese

বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ। আজি বিজ্ঞানে মানৱ সভ্যতালৈ যি যি বৰঙণি  আগবঢ়াইছে, সেইবোৰৰ  ভিতৰত আটাইতকৈ বেছি বিষ্ময়কৰ আৱিষ্কাৰটো  হৈছে কম্পিউটাৰ। কম্পিউটাৰ এনে এটি যন্ত্ৰ যাৰ দ্বাৰা গণনা কৰিব পাৰি, তথ্য সংগ্ৰহ কৰিব পাৰি আৰু নিৰ্দেশ দিয়া মতে কামত ব্যৱহাৰ কৰিব পাৰি। আধুনিক সভ্যতাত কম্পিউটাৰ কাৰ্য্য পৰিসৰ যথেষ্ট বৃদ্ধি পাইছে।

কম্পিউটাৰ কোনো এজন ব্যক্তিৰ নিজস্ব আৱিষ্কাৰ নহয়। কম্পিউটাৰ আৱিষ্কাৰকসকলৰ ভিতৰত মেণ্ডেলি নামৰ বৈজ্ঞানিক এজনৰ নাম যুক্ত হৈ আছে। তেওঁ পোন প্ৰথমে ১৯৪০ চনত প্ৰাথমিক পৰ্য্যায়ৰ কম্পিউটাৰ আৱিষ্কাৰ কৰে। তেওঁৰ সেই আৱিষ্কাৰৰ লগত পিছত অন্যান্য বহুতো বৈজ্ঞানিকে নতুন প্ৰযুক্তি সংযোগ কৰি বৰ্তমানৰ সৰ্বাধুনিক কম্পিউটাৰলৈ ক্ৰম বিকশিত কৰে।

প্ৰাথমিক অৱস্থাত কম্পিউটাৰৰ দ্বাৰা সাধাৰণ গণনা আৰু দুই এটা সৰু সৰু তথ্য যোগানৰ কাম সাধন কৰিব পৰা হৈছিল যদিও বৰ্তমান ইয়াক ইমান বহুধা-বিবিধ কামত ব্যৱহাৰ কৰা হয় যে কম্পিউটাৰৰ ব্যৱহাৰৰ দিশেবাৰৰ বিষয়ে বৰ্ণাই অন্ত পেলাব নোৱাৰি। প্ৰতি দিনে ইয়াৰ কাৰ্য্য পৰিসৰ বৃদ্ধি পাই আছে। আমাৰ ভাৰতবৰ্ষত তলত দিয়া কাৰ্যক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়।

প্ৰথমতে, ইয়াক গণনা কৰা কামত ব্যবহাৰ কৰা  হয়। দ্বিতীয়তে ইয়াৰ জৰিয়তে বেংক, অফিচ, আদালত, দোকান  আদিত হিচাপ ৰখা হয়। তৃতীয়তে, যান বাহন নিয়ন্ত্ৰন , কল-কাৰখানাত  দূৰূহ  কাম-কাজসমূহ কম্পিউটাৰ ৰূপী ৰবটৰ দ্বাৰা সম্পাদন কৰা হয়। বৰ্তমান কম্পিউটাৰৰ যোগেদি বা-বাতৰি প্ৰেৰণ, কিতাপ মুদ্ৰণ, ছপাকৰণ আদি প্ৰায় নিত্য-নৈমিত্তিক প্ৰায়বোৰ কাম কৰা হয়। বিজ্ঞানৰ বিভিন্ন শাখাতো বিভিন্ন পৰীক্ষা-নিৰীক্ষা তথা মহাকাশ বিজ্ঞানতো ইয়াক প্ৰয়োগ কৰি বহিঃবিশ্বতো মানৱ সভ্যতাৰ ধবজা উৰুৱাইছে। ইয়াৰ দ্বাৰা আজি কালি মানুহৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বিধানো দিয়া হৈছে। মুঠতে কম্পিউটাৰৰ দ্বাৰা আজি প্ৰায় সকলো জটিল কাম কাজ সম্পাদন কৰা হৈ আছে।

কম্পিউটাৰৰ যিমান সুবিধা থাকক, ইয়াৰ অসুবিধাও নথকা নহয়। কম্পিউটাৰৰ দ্বাৰা আজিকালি তথ্য চুৰি কাৰ্য্যও হৈ থাকে। মানুহৰ কাম আজি কম্পিউটাৰে সম্পাদন কৰিবলৈ লোৱাত অফিচ আদালতত অতিৰিক্ত কামৰ বাবে নিয়োগ কৰা কেৰাণী, মহৰী, পিয়ন আদি পদৰ প্ৰয়োজন নোহোৱা হৈ আহিছে। ফলত নিৱনুৱা সমস্যাৰ সৃষ্টি হৈছে। আধুনিক সামৰিক বিভাগতো যুদ্ধ বিগ্ৰহৰ কাম কাজত কম্পিউটাৰ বা ৰবট ব্যৱহাৰ হৈ আছে। ফলত পৃথিৱীৰ শান্তি বিনষ্ট হোৱাৰ আশংকা  আছে।

কম্পিউটাৰে মানুহৰ শ্ৰম লাঘব কৰি আৰু সময়ৰ সদ ব্যৱহাৰ কৰাত যথেষ্ট অৱদান যোগাই  মানৱ সমাজলৈ প্ৰযুক্তিৰ দিশত বিপ্লৱৰ সূচনা কৰিছে যদিও ইয়াৰ সুবিধা আজিও গাঁৱে- ভূৱে সৰ্বসাধাৰণ নাগৰিকে লাভ কৰিব পৰা নাই। ইয়াৰ কাৰণ ইয়াৰ দাম আজিলৈ সুলভ হোৱাহি নাই। দেখা যায় ইয়াক এচাম মানুহে বিলাসীতাৰ সামগ্ৰী হিচােপ ব্যৱহাৰ কৰিছে। ফলত সমাজত বৈষম্যৰ  সৃষ্টি হৈ আছে।

আজি কম্পিউটাৰৰ সুপ্ৰয়োগৰ দ্বাৰা বিশ্ব সভ্যতালৈ উন্নয়ন আৰু শান্তি  প্ৰতিষ্ঠা  হওঁক। লগতে ইয়াৰ মূল্য সুলভ হৈ সৰ্বসাধাৰণ মানুহৰ ওচৰ পাওঁক। কামনা এয়ে। ০ ০ ০

কম্পিউটাৰ ৰচনা

বি. দ্র. উক্ত ‘কম্পিউটাৰ ৰচনা | Computer Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিতঅসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

কম্পিউটাৰ ৰচনা কম্পিউটাৰ ৰচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here