Home Essay কলম | Kalom | Pen Essay

কলম | Kalom | Pen Essay

0

কলম

কলম Kalom Pen Essay

কলম | Kalom | Pen Essay

কলম এবিধ লেখন যতন বা সঁজুলি। কলম কেতিয়া ক’ত আৱিষ্কাৰ কৰা হৈছিল কোনেও সঠিককৈ ক’ব নোৱাৰে যদিও প্ৰাচীন গ্ৰীচত কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল বুলি প্ৰমাণ পোৱা যায়। 

কলম বিভিন্ন ধৰণৰ আছে, যেনে: ফাউন্টেইন পেন, বলেপন,  পেঞ্চিল, কাঠ পেঞ্চিল, পাখি কলম, খাগৰি কলম, বটালি কলম ইত্যাদি। এইবোৰৰ  ভিতৰত বটালি কলম অতি প্ৰাচীন বুলি ভবাৰ থল আছে। লিখন কলা আৰম্ভ হোৱাৰ আদিতে মানুহে বটালিৰ দৰে জোঙা ধাতুৰ পাত কলম হিচাপে  ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ দ্বাৰা শিল বা চেপেটা  বস্তুত বিভিন্ন তথ্য বা জ্ঞান লিখি ৰখা হৈছিল। কাগজ বা কাগজৰ দৰে বস্তু যেনে: পেপিৰাচ, গছৰ ছাল, জন্তুৰ চামৰা আদি আৱিষ্কাৰ হোৱাৰ পিছত মানুহে খাগৰি কলমৰ ব্যৱহাৰ কৰিবলৈ লয়। প্ৰাচীন ইজিপ্তত খাগৰি কলম ব্যৱহাৰৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। মানৱ সভ্যতাৰ ইতিহাসত খাগৰি কলমৰ আধিপত্য দীৰ্ঘদিনীয়া। সম্ভৱত খ্ৰীষ্টপূৰ্ব দেৰ হাজাৰ বছৰৰ পৰা উনবিংশ শতিকালৈ খাগৰি কলম বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। খাগৰি কলমত একজাতীয় শকত বনৰ ছয়-সাত ইঞ্চিমান কাটি এমূৰ জোঙা কৰি চিয়াহীত তিয়াই তিয়াই কাগজ, চামৰা, গছৰ ছাল  বা  পেপিৰাচত লিখা হৈছিল। 

খাগৰি কলমৰ পিছে পিছে আন এক প্ৰকাৰৰ কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল সেয়া হ’ল পাখি কলম। পাখি কলম বুলিলে বিশেষকৈ ডাঙৰ  ডেউকা থকা চৰাই  যেনেঃ  ঈগল, শগুণ, সাৰেং আদি চৰাইৰ পাখি উভালি এমূৰ জোঙা কৰি চিয়াহীত তিয়াই তিয়াই লিখা হৈছিল। পাখি কলমৰ ব্যৱহাৰ ভাৰতত বিংশ শতাব্দীৰ অষ্টম  দহকলৈ থকাৰ প্ৰমাণ পোৱা যায় ।

বটালি কলম, খাগৰি কলম আৰু পাখি কলমবোৰ  প্ৰাচীন যুগৰ  কলম বুলি কোৱা হয়। ঊনবিংশ শতিকাত কলমৰ পৃথিৱীত এক নতুনত্বৰ সংযোজন হয়। ১৮৮৪ চনত আমেৰিকাৰ লুইচ ওৱাটাৰমেন নামৰ এজন অভিযন্তাই ফাউন্টেইন পেন নামৰ এক প্ৰকাৰৰ কলম তৈয়াৰ কৰে। এনে কলমৰ মূৰত ধাতুৰ তৈয়াৰী নিব থাকে আৰু কলমখনৰ ভিতৰত চিয়াহী ভৰোৱাৰ ব্যৱস্থা আছে। ফাউন্টেইন পেন আৱিষ্কাৰৰ ফলত লিখা কামটো অতি সহজ আৰু সুলভ হয়। ফাউন্টেইন পেন আৱিষ্কাৰৰ লগে লগে কলমৰ ইতিহাসত আধুনিক যুগ আৰম্ভ হয়। ফাউন্টেইন পেনৰ পিচত বিভিন্ন ধৰণৰ কলমৰ আৱিষ্কাৰ হয়। সেইবোৰৰ  ভিতৰত বৰ্তমান বলপেন বা ডট পেন অতি জনপ্ৰিয় আৰু বহুল ব্যবহৃত  পেন। 

কলম বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায়। যেনে: ৰঙা, বগা, নীলা, সেউজীয়া, ক’লা, বেঙুনীয়া ইত্যাদি। কলমৰ দৈর্ঘ্য সাধাৰণতে ছয় ইঞ্চিমান হয় যদিও তিনি ইঞ্চি দৈর্ঘ্যৰ  কলমো বজাৰত পোৱা যায়। সম্প্ৰতি এফুট দৈর্ঘ্যৰ বলপেনো বজাৰত ওলাইছে। 

মানৱ সভ্যতাৰ ইতিহাসত কলমৰ অৱদান যথেষ্ট। কলমৰ প্ৰচলনৰ লগে লগে মানৱ সভ্যতাৰ বিকাশ আৰম্ভ হয় বুলি কোৱাৰ থল আছে। কাৰণ কলমৰ জৰিয়তে অতীতৰ জ্ঞান আৰু অভিজ্ঞতাসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে  লিপিবদ্ধ কৰি ৰখাত সহায়ক হয়।  

বৰ্তমান কলমৰ স্থান কম্পিউটাৰৰ কী বোৰ্ডে বহু পৰিমাণে দখল কৰিছে যদিও কলমৰ ব্যৱহাৰ আৰু প্ৰাসঙ্গিকতা সম্পূৰ্ণৰুপে  শেষ হোৱা নাই। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ‘কলম | Kalom | Pen Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here