Home Ass Grammar কাল আৰু কালৰ শ্ৰেণী বিভাগ

কাল আৰু কালৰ শ্ৰেণী বিভাগ

0

কাল আৰু কালৰ শ্ৰেণী বিভাগ

কাল আৰু কালৰ শ্ৰেণী বিভাগ

 

কাল আৰু কালৰ শ্ৰেণী বিভাগ

কাল আৰু কালৰ শ্ৰেণী বিভাগ

ব্যাকৰণৰ ভাষাত ‘কাল’ শব্দই কোনো কাৰ্য কৰা বা নকৰা বা কোনো ঘটনা ঘটা বা নঘটাৰ সময়ক নিৰ্দ্দেশ কৰে। সেয়ে ক্ৰিয়াৰ সময়কে কাল (Tense) বুলি কোৱা হয়। 

কাল প্ৰধানতঃ তিনিটা, যথা–

(১) বৰ্তমান কাল (Present Tense)  

(২) অতীত কাল বা ভূত কাল (Past Tense) আৰু

(৩) ভৱিষ্যত কাল (Future Tense)।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

কাল আৰু কালৰ শ্ৰেণী বিভাগ

বৰ্তমান কাল (Present Tense)

যি ক্ৰিয়াই  বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা বুজায় তাকে বৰ্তমান কাল বোলে। উদাহৰণ– 

মৰিয়মে পঢ়ি আছে।

আমি ভাত খাওঁ।

অসমীয়া ব্যাকৰণত বৰ্তমান কালক দুটা ভাগত ভাগ কৰা ছৈে, যথা– 

(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense) আৰু 

(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)

(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense)

যি ক্ৰিয়াই কোনো কাম নিয়ম মতে, স্বাভাৱিকভাবে বা প্ৰাকৃতিকভাবে  সদায় ঘটি থকা সময়ৰ নিৰ্দ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। উদাহৰণ– 

পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

বহাগত বৰদৈচিলা বয়।

বহাগত কুলিয়ে মাতে।

সূৰ্য পূৱপিনে উদয় হয়। ইত্যাদি। 

(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)

যি ক্ৰিয়াই  কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজায় তাকে স্বৰূপ বৰ্তমান কাল বোলে। উদাহৰণ–

সিহঁতে বল খেলি আছে।

ৰামে লিখি আছে। 

তাই ভাত খাই আছে।

কাল আৰু কালৰ শ্ৰেণী বিভাগ

অতীত কাল বা ভূত কাল (Past Tense)

যি ক্ৰিয়াৰ কাম আগতে শেষ হৈ গৈছে তাকে অতীত বা ভূত কাল বোলে। উদাহৰণ– 

সি চিঠি লিখিছিল।

আমি ভাত খাইছিলো। 

সি আহিলে ৰাঘৱ গ’লাহেঁতেন। ইত্যাদি।

অসমীয়া ব্যাকৰণত অতীত কালক তিনিটা ভাগত ভগোৱা হৈছে, যথা–

(ক) স্বৰূপ ভূত কাল (Similar Past Tense) 

(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)

(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)

স্বৰূপ ভূত কাল (Similar Past Tense)

যি ক্ৰিয়াই কোনো কাম আগতে শেষ হৈ যোৱা নিৰ্দ্দেশ কৰে তাকে স্বৰূপ ভূত কাল বোলে। উদাহৰণ–

সিহঁত এইখন বিদ্যালয়ত পঢ়িছিল। 

সি ভাত খাইছিল। 

তাই ইয়াতে বাস কৰিছিল।

অপূৰ্ণ ভূত কাল (Incomplete Past Tense)

যি ক্ৰিয়াৰ কাম অতীতত ঘটা কোনো ক্ৰিয়াৰ আগতে হোৱা বুজায় সেই ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। উদাহৰণ–

তুমি অহাৰ সময়ত মই লিখি আছিলো।

আমি স্কুললৈ যোৱা সময়ত তেওঁ দৌৰিছিল। 

সম্ভাব্য ভূত কাল (Possible Past Tense)

অতীত কালত কোনো এটা ক্ৰিয়াৰ কাম সম্পন্ন হোৱাৰ কথা আছিল কিন্তু ক্ৰিয়াৰ কাম সম্পন্ন নোহোৱাকৈ সময় অতীত হৈ গ’ল, এনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে।উদাহৰণ–

তেওঁ অহাহেঁতেন যাদৱ গ’লেহেঁতেন।

তাই অহাহেঁতেন মই কামটো কৰিলোহেঁতেন।

ভালদৰে পঢ়িলোঁহেঁতেন পাছ কৰিলাহেঁতেন।

নমিতা উপস্থিত থাকিলে আমি গীত গালোহেঁতেন।

কাল আৰু কালৰ শ্ৰেণী বিভাগ

ভৱিষ্যত কাল (Future Tense)

যি ক্ৰিয়াৰ কাৰ্য ভৱিষ্যতে বা আগলৈ কৰা হ’ব তাকে ভৱিষ্যত কাল বোলে।  উদাহৰণ–

সি ইয়ালৈ আহিব।

সিহঁত অহা কালি দিল্লীলৈ যাব।

ৰামে খেলি থাকিব।

মই চাহ খাম।

ভৱিষ্যত কাল তিনি ধৰণে প্ৰয়োগ হোৱা দেখা যায়। যেনে ঃ

(ক) নিৰ্দ্দেশক অৰ্থত: আমি বজাৰলৈ যাম। তেওঁ বিদ্যালয়লৈ যাব।

(খ) অনুজ্ঞা অৰ্থত: তুমি ডাঙৰৰ কথা মানি চলিবা। ৰ’দত দৌৰি নুফুৰিবা।

(গ) চলন্ত অৰ্থত: আমি খেলি থাকিম। সিহঁত গৈ থাকিব। 

কাল আৰু কালৰ শ্ৰেণী বিভাগ 

অনুশীলনী

(১) কাল বুলিলে কি বুজা?

(২) কাল কেই প্ৰকাৰৰ আৰু কি কি?

(৩) বৰ্তমান কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  বৰ্তমান কালক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৫)  অতীত কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  অতীত কালক কেই ভাগত ভাগ কৰা হৈছে?  উদাহৰণসহ বুজাই লিখা। 

(৭)  ভৱিষ্যত কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৮) সম্ভাৱ্য ভূত কালৰ তিনিটামান উদাহৰণ দিয়া। ০ ০ ০ 

কাল আৰু কালৰ শ্ৰেণী বিভাগ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here