Home Essay কুকুৰ | Dog Essay in Assamese

কুকুৰ | Dog Essay in Assamese

0

কুকুৰ

কুকুৰ Dog Essay in Assamese

 

কুকুৰ | Dog Essay in Assamese

আৰম্ভণি: কুকুৰ চাৰিঠেঙীয়া  জন্তু।  ই মানুহৰ অতি বিশ্বাসী জন্তু বুলি কোৱা হয়। কিছুমান মানুহে কুকুৰ পোহে ।

বিৱৰণ:  কুকুৰৰ দুখন চকু, দুখন কাণ আৰু এখন বেঁকা  নেজ আছে। ইয়াৰ চোকা দাঁত আৰু নখ আছে। এইবোৰৰ সহায়ত ই শত্ৰুৰ লগত যুঁজে।  ই এবাৰতে কেইবাটাও পোৱালি জন্ম দিয়ে। 

কুকুৰৰ বহুতো প্ৰজাতি আছে, যেনে: এলচাচিয়ান কুকুৰ, জাপানী কুকুৰ, যুঁজাৰু  কুকুৰ, চিকাৰী কুকুৰ, স্পেনিয়েল কুকুৰ ইত্যাদি। যুঁজাৰু  কুকুৰ ইয়াৰ শক্তি, সাহস আৰু আঁকোৰগোজ স্বভাৱৰ কাৰণে বিখ্যাত।  এলচাচিয়ান কুকুৰ বৰ হিংস্ৰ বুলি জনাজাত ।

কুকুৰ বহুতো বৰণৰ আৰু বহুতো আকাৰৰ আছে।  কুকুৰে আন জীৱৰ মাংস খায়, তাৰোপৰি ই মানুহে খোৱা আন আন খাদ্যও খায়। 

মানুহৰ কাৰণে কুকুৰ অতি বিশ্বাসী জন্তু । কিছুমান মানুহে ইয়াক পোহে । কুকুৰক মানুহৰ অতি বিশ্বস্ত সেৱক বুলি কোৱা হয়।  পোহনীয়া কুকুৰে কোনো বাহিৰা মানুহক ইয়াৰ গৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

কুকুৰক ছাৰ্কাচ দলতো ব্যৱহাৰ কৰা হয়। ইয়াক ভালদৰে প্ৰশিক্ষিত কৰিব পাৰি। ই নানান ধৰণৰ খেল আৰু চাতুৰী দেখুৱাব পাৰে।  ই সদায় ইয়াৰ গৰাকীক মানি চলে। কুকুৰে কেতিয়াবা কেতিয়াবা মানুহক কামুৰেও।  কুকুৰৰ কামোৰ বৰ বিপদজনক। গতিকে আমি কুকুৰৰ পৰা সাৱধানে থাকিব লাগে। ভাৰতৰ ৰাস্তা-ঘাটত বহুতো গৰাকীহীন কুকুৰপোৱা যায়।সিহঁতে বহু সময়ত বাটৰুৱাক দিগদাৰিত পেলায়।

সামৰণি: সকলো জন্তুৰ ভিতৰত কুকুৰ মানুহৰ আটাইতকৈ বেছি বিশ্বস্ত  আৰু উপকাৰী জন্তু। আমি পোহনীয়া কুকুৰৰ যত্ন লোৱা উচিত। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here