Home Literary Criticism কুছ বিন চৈদাহ আল আইয়াদী । Qus bin Saidah al-Iyadi

কুছ বিন চৈদাহ আল আইয়াদী । Qus bin Saidah al-Iyadi

0

কুছ  বিন চৈদাহ আল আইয়াদী

কুছ বিন চৈদাহ আল আইয়াদী । Qus bin Saidah al-Iyadi

 

কুছ বিন চৈদাহ আল আইয়াদী । Qus bin Saidah al-Iyadi

কুছ বিন চৈদাহ আল আইয়াদী: চমু  পৰিচয়

কুছ বিন চৈদাহ আল আইয়াদী (Qus bin Saidah al-Iyadi) আছিল প্ৰাক ইছলামী যুগৰ এজন প্ৰখ্যাত কবি, গদ্য ৰচয়িতা আৰু বক্তা। তেওঁ আৰবৰ নাজৰান নামে ঠাইত আইয়াদ গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম জনা নাযায়। তেওঁ সৰু কালৰ পৰাই জ্ঞান পিপাসু আছিল আৰু খ্ৰীষ্টান আৰু ইহুদী ধৰ্ম সম্পৰ্কে জ্ঞান লাভ কৰিছিল।
 
তেওঁ যৌৱন কালত ৰোমান সম্ৰাট কাইছাৰৰ ৰাজ দৰবাৰত কটাইছিল আৰু তেওঁৰ সৎ গুণাৱলী, জীৱন দৰ্শন আৰু প্ৰজ্ঞাৰ দ্বাৰা সম্ৰাটৰ প্ৰিয় পাত্ৰ হৈছিল।  এদিন সম্ৰাটে তেওঁক প্ৰশ্ন কৰিছিল, “সর্বোত্তম বুদ্ধিৰ কৰ্ম কি?” উত্তৰত তেওঁ কৈছিল, “মানুহৰ স্বকীয় জ্ঞানৰ সীমাত স্থিৰ থকা।” তেওঁ কাইছাৰৰ ৰাজসভাত বহু বছৰ কটায় আৰু বহুতো কাব্য ৰচনা কৰে আৰু বিভিন্ন প্ৰসংগত বক্তৃতা প্ৰদান কৰে। জনা যায় তেওঁ সেই যুগৰ এজন শ্ৰেষ্ঠ জ্ঞানী ব্যক্তি আছিল আৰু বহু লোকে বিবাদৰ মীমাংসা বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল।  ”কোনো বিবাদৰ মীমাংসাৰ সময়ত বাদীয়ে দোষৰ প্ৰমাণ দিব লাগিব আৰু বিবাদীয়ে সেয়া অস্বীকাৰ কৰিলে শপত গ্ৰহণ কৰিব লাগিব”– এই প্ৰথা কুছ বিন চাইদা আল আইয়াদীয়ে প্ৰৱৰ্তন কৰে। তেওঁ আৰবী ভাষাত বহু প্ৰচলিত ”আম্মা বাদ” (ইয়াৰ পিছত) কথাফাকিৰ প্ৰচলন কৰে। বৰ্তমানেও তেওঁৰ এই নিয়ম মানি চলা হয়।
 
জনা যায় প্রৌঢ় (পঞ্চাশ বছৰৰ ওচৰা-ওচৰি) বয়সত  তেওঁৰ দুজন সহোদৰ ভায়েকক হেৰুৱায় আৰু সিহঁতৰ শোকত তেওঁ মুহ্যমান হৈ পৰে। ইতিহাসত পোৱা যায় যে তেওঁ বুঢ়া বসয়ত সংসাৰিক মায়ামোহ ত্যাগ কৰি  ঈশ্বৰৰ উপাসনাত কটায়। এইজন মহান ব্যক্তিয়ে ৬০১ খ্ৰীষ্টাব্দত পৰলোক গমন কৰে।

কুছ বিন চৈদাহ আল আইয়াদী: সাহিত্যিক প্ৰতিভাঃ

কুছ বিন  চৈদাহ আল আইয়াদী আছিল একেধাৰে এজন দাৰ্শনিক, কবি, গদ্য ৰচয়িতা আৰু তেজস্বী বক্তা। ইয়াত তেওঁৰ  গদ্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হ’ল।
 
তেওঁ জনসাধাৰণক মানৱীয়, নৈতিক, ন্যায়  আৰু ধৰ্মীয় শিক্ষা প্ৰদান কৰিবলৈ বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ বক্তৃতা আছিল অতিশয় তেজস্বী আৰু আবেদনময়ী। তেওঁ বিভিন্ন জনসমাবেশত বক্তৃতা প্ৰদান কৰিছিল  আৰু উকাজ মেলাতো তেওঁক বক্তৃতা দিয়াৰ বাবে আহ্বান কৰা হৈছিল। এবাৰ উকাজৰ মেলাত হজৰত মুহাম্মদ (ছাঃ)ৰ উপস্থিতিত তেওঁ এক দাৰ্শনিক বক্তব্য প্ৰদান কৰিছিল। নবীজীয়ে তেওঁৰ বক্তব্য শ্ৰৱণ কৰি মুগ্ধ হৈছিল আৰু তেওঁক প্ৰশংসা কৰাৰ উপৰিও তেওঁৰ হকে প্ৰাণ খুলি আল্লাহৰ ওচৰত দোৱা কৰিছিল বুলি জনা যায়।
তেওঁৰ জীৱনৰ বাবে প্ৰয়োজনীয় বহু বিষয়ৰ ওপৰত গদ্যত বক্তৃতা প্ৰস্তুত কৰিছিল আৰু সেইবোৰ  জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। কিন্তু দুখৰ বিষয় তেওঁৰ বক্তৃতাসমূহ সংৰক্ষণৰ অভাৱত চিৰদিনৰ বাবে হেৰাই গৈছে। তেওঁৰ মৃত্যুৰ এক-দেৰ শতিকাৰ পিছত তেওঁৰ বক্তৃতাৰ কিয়দাংশ লোক মুখৰ পৰা উদ্ধাৰ কৰি সংৰক্ষণ কৰা হৈছিল। উকাজত দিয়া তেওঁৰ এক ভাষণৰ সামান্য অংশ তলত নমুনা হিচাপে উদ্ধৃত কৰা হ’ল-
 
“হে মানৱ সম্প্ৰদায়! তোমালোক একত্ৰিত হোৱা, শ্ৰৱণ কৰা আৰু স্মৰণ কৰা, যিজনে জন্ম গ্ৰহণ কৰিছে তেওঁ মৃত্যু বৰণ কৰিবই। যিজনে মৃত্যুৰ স্বাদ গ্ৰহণ কৰিব তেওঁ প্ৰস্থান কৰিব। যি সংঘটিত হোৱাৰ সি হ’বই। এই অন্ধকাৰ ৰজনী, এই আলোকস্নাত দিৱস, এই কক্ষ শোভিত নভোমণ্ডল, এই প্ৰদীপ্ত নক্ষত্ৰৰাজি, এই তৰঙ্গ বিক্ষুব্ধ মহাসমুদ্ৰ, এই দৃঢ় পাহাৰ-পৰ্বত, এই বিশাল বিস্তৃত সমতলভূমি, এই নিত্য প্ৰবাহমান নদ-নদী, এই কথাৰ সাক্ষ্য প্ৰদান কৰে যে অৱশ্যই মহাশূন্যত কেনো এক বিশেষ শক্তি আছে। পৃথিৱীত তাৰেই নিদৰ্শন বিদ্যমান। কোৱা এই মানুহসকল ক’ত যায় য’ৰ পৰা কোনো দিন উভতি নাহে।”
 
উদ্ধৃত গদ্য ফাকিয়ে প্ৰমাণ দিয়ে যে কুছৰ গদ্য আছিল আবেগময়  আৰু প্ৰভাৱশালী। তেওঁ সাধাৰণ সহজ সৰল শব্দ প্ৰয়োগ কৰিছে যদিও সেইবোৰৰ বিন্যাস এনেভাৱে কৰিছে যেন শ্ৰোতাৰ আবেগ অনুভূতিক জোকাৰি যায়।
 
প্ৰাক-ইছলামী যুগৰ দৰে এক অন্ধকাৰ যুগত এইজন বক্তাৰ বক্তব্য নিশ্চয় প্ৰশংসাৰ যোগ্য। কালৰ সোঁতত তেওঁৰ গদ্য ৰচনাসমূহ হেৰাই গৈছে যদিও আৰবীয় গদ্য সাহিত্যৰ বিকাশত যে তেওঁৰ গদ্যৰ বিশেষ ভূমিকা আছে সেয়া অনস্বীকাৰ্য। ০ ০ ০
কুছ বিন চৈদাহ আল আইয়াদী

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here