Home Essay কুলি চৰাই | Cuckoo

কুলি চৰাই | Cuckoo

0

কুলি চৰাই

কুলি চৰাই  Cuckoo

কুলি চৰাই | Cuckoo

আমি দেখা চৰাইবোৰৰ  ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই।  ই চৰাইৰ কুকুলিফৰমিছ বৰ্গৰ অন্তৰ্গত। এই চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশত দেখা যায়। 

মতা কুলি চৰাই  দেখাত চিকচিকিয়া ক’লা যদিও  মাইকী কুলিৰ বৰণ অলপ কজলা হয়।  ই আকৃতিত কাউৰীতকৈ অলপ সৰু আৰু  ডিঙিটো কাউৰীতকৈ অলপ দীঘল। ই দীঘলে ৪০-৪৫ ছেন্টিমিটাৰ মান হয়। ইয়াৰ চকুৰ মণিবলয় ডাঠ ৰঙা ।

ই এক প্ৰকাৰৰ পৰিভ্ৰমী চৰাই । ই বসন্ত ঋতু  চলি থকা অঞ্চলত অধিক দেখা যায়। ই ‘কউ-কউ’ বুলি মাতে। ই কেতিয়াবা ‘টু টু’ বুলিও মাতে। মতা কুলিয়ে ‘কিক-কিক কিক’ বুলি মতা শুনা যায়।

বসন্ত ঋতু হৈছে ইয়াৰ প্ৰজননৰ সময়। ই এবাৰতে তিনি-চাৰিটাকৈ কণী পাৰে। কুলি চৰাইয়ে বাহ সাজিব নাজানে। সেয়ে ই চুৰ কৰি কাউৰীৰ বাহত কণী পাৰে আৰু কাউৰীয়ে নিজৰ কণী বুলি উমনি দি পোৱালি  জগায়।

কুলি চৰাই এক সুন্দৰ চৰাই নহয় আৰু ইয়াক  পোহ   মনাব নোৱাৰি যদিও বহুতো কবিয়ে  কুলি চৰাইক লৈ কবিতাও ৰচনা কৰিছে। 

গছৰ ফলমূল, শস্য, পোক-পতংগ আদি কুলি চৰাইৰ  প্ৰধান খাদ্য। ই এবিধ বনৰীয়া চৰাই যদিও মানুহৰ বসতি অঞ্চলতো দেখা যায়।

বৰ্তমান হাবি-জংগলৰ পৰিমাণ কমি অহাত কুলি চৰাইৰো সংখ্যা কমি আহিছে বুলি পক্ষীবিদসকলে ক’ব খোজে। ০ ০ ০.

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here